পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দুধনৈত সমন্বয়ৰ বাণীৰে সফলভাৱে সামৰণি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ ষষ্ঠদশ অধিবেশনৰ। আছুৰ পতাকাৰ তলত সংঘবদ্ধ হোৱা ২৬টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বতে অসমত তৃতীয় বিকল্পৰ সূচনা কৰিবলৈ আহ্বান জনালে উপস্থিত বিশিষ্ট অতিথি সকলে। জনগোষ্ঠী সমূহৰ স্বকীয় পৰিচয় অক্ষুন্ন ৰাখিও অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ঐক্যবদ্ধ ভাৱে সকলো সংগঠনে কাম কৰিব বুলিও মত প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই বিশেষ অতিথি ৰূপে সাৰুৱা ভাষণেৰে মুকলি সভা জীপাল কৰি তোলে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দুখনকৈ স্মৃতিগ্ৰন্থ “গ্যাল্লিট্টিপকৰ ৰেঙনি” আৰু “দুধনৈ” উন্মোচন কৰা হয়।

২. পাপৰি কবি গনেশ গগৈৰ স্মৃতিত ২০০৯চনৰ পৰা অসম চৰকাৰে প্ৰৱৰ্তন কৰা গনেশ গগৈ বঁটা ২০১৪ৰ বাবে বিশিষ্ট সাহিত্যিক মহিম বৰাৰ নাম মনোনীত কৰাৰ সুখবৰ। অহা ২৮ মাৰ্চত নগাঁৱত খগেন মহন্ত প্ৰেক্ষাগৃহত অসমৰ মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক বিভাগৰ এই বঁটাটি প্ৰদান কৰিব।

৩. অসম বিধান সভাৰ অধ্যক্ষৰ সৈতে খিলঞ্জীয়াৰ সংজ্ঞা সন্দৰ্ভত বুদ্ধিজীৱি সকলে এক বৈঠকত মিলিত হয়। কনকসেন ডেকা, লক্ষ্মীনাথ তামুলী, অদীপ ফুকন, ননীগোপাল মহন্তকে ধৰি বিশিষ্ট লোক সকলে ১৯৫১চনৰ ভিত্তিবৰ্ষৰে সেই বৰ্ষৰ নাগৰিকপঞ্জীত নাম সন্নিবিষ্ট সকল বা তেওঁলোকৰ সতি-সন্ততিক খিলঞ্জীয়া ৰূপে নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ দিয়ে।

৪. ডঃ ভূপেন হাজৰিকাৰ নামত তেজপুৰৰ শালিনীবাৰীৰ বিমান বন্দৰৰ নামাকৰণৰ বাবে অগপৰ প্ৰবীণ হাজৰিকাই দিয়া প্ৰস্তাৱৰ সন্দৰ্ভত বিধান সভাৰ অধ্যক্ষই বেচৰকাৰী প্ৰস্তাৱ উত্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ সুখবৰ।

৫. অসমৰ বিভিন্ন মহাবিদ্যলয়ত কৰ্মৰত ১৩০০ আণ্ডাৰ কোৱালিফাইড শিক্ষকৰ চাকৰি প্ৰৱক্তা ৰূপে নিয়মীয়া কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে পৰামৰ্শ কৰি শিক্ষামন্ত্ৰীয়ে এই শিক্ষক সকলক প্ৰয়োজনীয় অৰ্হতা আহৰণৰ বাবে পাঁচ বছৰৰ সময় দিয়াৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

৬. গুৱাহাটীৰ ধৰ্মীয় পৰ্যটনৰ বাটকটীয়া অনুষ্ঠান তপোবন-য়ে ভাৰতৰ বিভিন্ন তীৰ্থস্থান সমূহ ভ্ৰমণৰ বাবে কম ব্যয়ৰ আঁচনি যুগুত কৰি উলিয়াইছে। এই আঁচনিৰ অধীনত ৯৯৯৯টকাৰ পৰা-১৪৯৯৯ টকালৈকে খৰছৰ ভিতৰত দেশৰ বেছিভাগ তীৰ্থস্থান ভ্ৰমণ কৰিবৰ বাবে সুবিধা ৰাইজলৈ আগবঢ়োৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৭. ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উপলক্ষে নগাঁও জিলা সাহিত্য সভাই চকলাঘাটত সাহিত্য দিৱস আজি উদযাপন কৰিছে। দিনজোৰা কা্ৰ্যসূচীৰে আয়োজিত এই দিৱসত বিভিন্ন প্ৰতিযোগিতাৰ উপৰিও বেজবৰুৱাৰ সৃষ্টি “দুই বুধিয়ক”ৰ নাট্য ৰূপো প্ৰদৰ্শন কৰা হব।

৮. ফটো নথকা লোক সকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হব বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এশ শতাংশ ফটোযুক্ত আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ বাবেই এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে।

৯. স্পন্দনৰ চতুৰ্থ বাৰ্ষিক অধিবেশনত যোৱা দেওবাৰে স্পন্দন বঁটাৰে কবি কৌস্তুভমণি শইকীয়া দত্ত আৰু কবি নিশংক মিলনক প্ৰদান কৰে বিশিষ্ট কবি হীৰেন্দ্ৰ নাথ দত্তই। সন্মিলনখনতে মুখপত্ৰ “স্পন্দন”ৰো উন্মোচন কৰা হয়।

১০. দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক কাইলৈ ঘৰতে প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ সুখব। খবৰ অনুসৰি প্ৰটক’ল ভাঙি ৰাষ্ট্ৰপতিয়ে তেখেতেৰ ঘৰত উপস্থিত হৈ এই সন্মান প্ৰদান কৰিব।

No comments:

Post a Comment