লোকেল গুজৱ.কম
১. অসমৰ খেতিয়কৰ পাম্পচেট চোৰাংকৈ বিক্ৰী কৰা কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাত সদৌ অসম সচেতন নাগৰিক সন্থাৰ সন্তোষ প্ৰকাশ। ইতিমধ্যেই কমিচনৰ সীমাহীন কেলেংকাৰীৰ মাজেৰে যেনেতেনে পাৰ হৈ অহা পাম্পচেটক আকৌ পুনৰ চোৰাং বেহাৰে বিক্ৰী কৰাটো কোনো পধ্যেই সহ্য কৰিব নোৱাৰি বুলি সন্থাই স্পষ্ট ভাৱে প্ৰকাশ কৰিছে।একেটা গৰুকে সাত বেচন দিয়াৰ দৰে কাম নকৰিবলৈ কৃষি বিভাগত বাহিৰা বেপাৰৰ লগত জড়িত সকলক সন্থাই সঁকিয়নীও প্ৰদান কৰিছে।
২. ধুবুৰী আৰু গুৱাহাটীত ঘোঁচ লৈ থাকোতে একে দিনাই দুটাকৈ স্থানত হাতে লোটে বিষয়া-কৰ্মচাৰী ধৰা পৰাৰ ঘটনাই সংবাদ শিৰোনামত স্থান লাভ কৰিছে। সাংবাদিক, গোপন কেমেৰা, পুলিচ আদিৰ পৰা অতি সাৱধান হৈহে ঘোঁচৰ ধন খাবলৈকো লক্ষ্মীপ্ৰিয় বিষয়া সন্থাই সদস্য সকললৈ আহ্বান জনাইছে। ইমান দুঃসাহস দেখুৱাই সন্থাৰ নাক কান নাকাটিবৰ বাবেও স্পষ্ট ভাষাৰে আহ্বান জনোৱাৰো বিবৃতিৰ কপি আমাৰ হাতত পৰিছেহি।
৩. সদৌ অসম টিভি চেনেল সন্থাই ক্ৰিকেট, ফুটবল, ৰাজনীতি, নিৰ্বাচন আদি বিষয়ত সিদ্ধহস্ত জ্যোতিষী সকলক নিজৰ বিশেষজ্ঞ পেনেলত অন্তৰ্ভুক্ত কৰিবৰ বাবে বিশেষ নখ বাচনি পৰীক্ষাৰ আয়োজন কৰিছে। এই পৰীক্ষাত পাৰদৰ্শিতা দেখুওৱা সকলকহে অনাগত দিনবোৰত খেল, নিৰ্বাচন আদিৰ আগতে ষ্টুডিঅ’ত জ্যোতিষী লাইভ যোগে ধামাকা দিবলৈ সুযোগ দিয়া হব বুলিও জানিব পৰা গৈছে।
৪. সমানউজ্জ্বল বৰদেউতাই অৱসৰ লব বুলি কোৱাৰ পৰাই সদৌ অসম চেঙেলীয়া ছাত্ৰ সন্থাৰ ভিতৰচৰাত খলকনি লাগিছে বুলি জানিব পৰা গৈছে। ইফালে বৰদেউতাৰ লিগেচী চাৰ্টিফিকেট, অসমত প্ৰৱেশৰ তাৰিখৰ বাবেও সদৌ বাংলাদেশী প্ৰেমী ৰাজনীতিক সন্থাই আবেদন কৰাৰ বাতৰিয়ে খলকনি তুলিছে।
৫. অসমত পুনৰ অভিলেখ গঢ়াৰ বতৰৰ আগমন ঘটিব বুলি জানিব পৰা গৈছে। এইবাৰ হস্ত তাঁত বিভাগৰ উদ্যোগত তাঁতত বিশ্বৰ দীৰ্ঘতম বাংলাদেচী লুঙি বোৱাৰ জৰিয়তে আন্তৰ্জাতিক ভাৱে অসমৰ নাম উজ্বলাই তুলিবলৈ উদ্যোগ গ্ৰহণ কৰিবলৈ লোৱাৰ কথা পাঙি থকাৰ কথাও জানিব পৰা গৈছে।
৬. বিগত চৈধ্য বছৰে কইনাধৰাত ধনবাস কৰি থকা ৰসাল গগৈ চাৰে আকাশ মাৰ্গত ধূলি উৰুৱাবলৈকে প্ৰায় ৯কোটি টকা খৰছ কৰাৰ বাতৰি প্ৰকাশ পাইছে। এয়া মাত্ৰ আকাশৰে হিচাব, মৰ্ত্যত গাড়ীৰ শোভাযাত্ৰাৰে কৰা খৰছেও বিশ্ব অভিলেখ গঢ়া বুলিও সদৌ অসম আৰটিআই সংস্থাই সন্দেহ প্ৰকাশ কৰিছে। বিশ্বৰ ভিতৰতে চাৰে উপৰে-তলে দুয়ো ক্ষেত্ৰতে আগৰণুৱা আৰু ৰাইজৰ ধনেৰে বিলাসিতাত বিশেষজ্ঞ ৰূপেও আন্তৰ্জাতিক স্বীকৃতি পাব পৰা লেখৰ বুলিও গুজৱ ওলাইছে।
৭. খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ ধাৰণ কৰিব খোজা সকলৰ বাবে চৰকাৰে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। অসমীয়া বা আন জনজাতীয় বা গোষ্ঠীগত দোৱান বা মাতৃভাষাত নিজৰ সতি-সন্ততিয়ে লিখিত আৰু কথিত পৰীক্ষাত পাছ কৰিলেহে এই ৰক্ষা কৱচ পুৰস্কাৰ হিচাবে প্ৰদান কৰা হব বুলিও কঠোৰ সিদ্ধান্ত লবলৈ গুণাগঁথা কৰাৰ গুজৱ ওলাইছে। এই সিদ্ধান্ত প্ৰকৃত খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী আৰু ষড়যন্ত্ৰমূলক বুলি এতিয়া কমেও এসপ্তাহ অসম বন্ধ দিয়াৰ সম্ভাৱনা থকা বুলিও আমাৰ নখ বাচনি বিশেষজ্ঞই প্ৰকাশ কৰিছে।
৮. অসমত বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্য সমূহৰ বয়সৰ উচ্চ-সীমা বৃ্দ্ধি কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। সদৌ অসম বয়োজ্যেষ্ঠ ছাত্ৰ সংস্থাৰ পৰা ৰিটায়াৰ হোৱা বয়সৰ ভিত্তিতে এই বয়সো নিৰ্ধাৰণ কৰিলেই ভাল হব বুলি মুখ্য উপদেষ্টাই মত প্ৰকাশ কৰিছে। নিজা মানুহ থাকিলে এই সীমা অসীম কৰি স্বৰ্গৰ দুৱাৰদলি পৰ্যন্ত কৰি দিলেও আপত্তি নাই বুলি বুঢ়া অধ্যাপক সন্থাই মত দিয়া বুলিও জানিব পৰা গৈছে।
৯. কাজিৰঙাত থলুৱা নে বিদেশীয়ে মাটি দখল কৰিছে তাকে লৈ হাবিবন বিভাগে অলৌ-গুটি তলৌ গুটি ভিত্তিত এক খেলৰ আয়োজন কৰাৰ খবৰ আহিছে। এই ফৰ্মূলাৰে অচিৰেই কাজিৰঙাৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণপ্ৰণে চেষ্টা চলাব বুলিও মন্ত্ৰীৰাম দদাইদেৱে প্ৰকাশ কৰিছে।
১০. অসমত এতিয়া বঁটাৰ বতৰ। ৰসাল গগৈ চাৰে প্ৰতিদিনে কমেই দুটাকৈ বঁটা বিতৰণ নকৰিলে খানা হজম নোহোৱাৰ বেমাৰে উক দিয়া বুলি ৰান্ধনি দিলবৰে এচএমএচ যোগে প্ৰকাশ কৰিচে।
১০. অসমত এতিয়া বঁটাৰ বতৰ। ৰসাল গগৈ চাৰে প্ৰতিদিনে কমেই দুটাকৈ বঁটা বিতৰণ নকৰিলে খানা হজম নোহোৱাৰ বেমাৰে উক দিয়া বুলি ৰান্ধনি দিলবৰে এচএমএচ যোগে প্ৰকাশ কৰিচে।
No comments:
Post a Comment