চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গণ মুক্তি সংগ্ৰামঃ কিছু চিন্তা-দুঃচিন্তা
ডাঃ অজিত কুমাৰ পটংগীয়া
অসমত ইতিমধ্যে আঞ্চলিক ৰাজনৈতিক দল হিচাবে অসম গণ পৰিষদ এটা অসফল ৰাজনৈতিক দল হিচাবে প্ৰতিপন্ন হোৱাৰ পাচত ব্যৱস্থা পৰিবৰ্তন জৰিয়তে নতুন সমাজ গঢ়াৰ সংকল্পৰে পুনৰ আন এটা বিকল্প আঞ্চলিক ৰাজনৈতিক দল গণ মুক্তি সংগ্ৰাম , অসম কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঠন কৰিলে বুলি জানিব পৰা গৈছে। কোৱা হৈছে বৈজ্ঞানিক সমাজতন্ত্ৰ প্ৰতিষ্ঠা এই দলৰ লক্ষ্য হ'ব। অসম গণ পৰিষদ অসফল হ'ল বাবেই আন এটা আঞ্চলিক দল অসমত গঢ়ি তুলিব লাগে আৰু সেই দলটোৱে অসমৰ জনগণৰ আঞ্চলিকতাবাদী ভাবাবেগক কামত লগাই ক্ষমতালৈ আহি আকৌ পুনৰ অসমবাসীক প্ৰবঞ্চনা কৰিব সেইয়া আমি কামনা নকৰো।

আজি কংগ্ৰেছ, বিজেপি, সমাজবাদী পাৰ্টি, জনতা দল আদি ৰাষ্ট্ৰীয় দলবোৰে কেনেদৰে ভাৰতৰ বৃহৎ একচেটীয়া পুঁজিপতি-কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষাৰ কৰি আহিছে সেইয়া সকলোৱেই দেখিছে। চিপিআই, চিপিএময়েও একো শক্তিশালী প্ৰতিৰোধ গঢ়িব নোৱাৰি, সোঁতৰ সৈতে উটি যোৱাৰ উপক্ৰম হোৱাৰ ফলত এতিয়া নিজ দলীয় অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হৈছে।

এটা কথা আমি বুজিব লাগিব যে, পুঁজিবাদৰ অসমতাৰে বিকাশ হোৱা ভাৰতবৰ্ষৰ দৰে এখন পিচপৰা পুঁজিবাদী দেশত আঞ্চলিক দ'লবোৰৰ কাম হৈছে একচেটীয়া পুঁজিপতি-কৰ্পৰেটৰ লগত প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি সংকটত ভোগা আঞ্চলিক পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰা। এতিয়া অসমৰ থলুৱা শোষিত-নিস্পেষিত কৃষক-শ্ৰমিকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ, তেওঁলোকৰ অগ্ৰগামী অংশ (vanguard)হিচাবে সঠিক সচেতন ভূমিকা পালন কৰিবলৈহে এটা ৰাজনৈতিক দলৰ প্ৰয়োজন। প্ৰাথমিক বিদ্যালয়ত পঢ়াৰে পৰা আজিলৈকে মই মাৰ্স্কবাদ-লেনিনবাদ-মাওঁ-চে গুৱাভাৰাৰ আদৰ্শ অধ্যয়ণ কৰি আহিছো। আমেৰিকা, কানাডাৰ পৰা চৌদি আৰব পৰ্য্যন্ত পৃথিবীৰ বিভিন্ন দেশত মই পঢ়া-শুনা কৰোতে, থাকোতে বা কাম কৰোতেও মই মোৰ এই আদৰ্শৰ ওপৰত ভৰষা এৰি দিয়া নাই। কাৰণ মই জানো এতিয়ালৈকে পৃথিবীত এক সুন্দৰ শোষণহীন সমাজ গঢ়াৰ বাবে শ্ৰমজীৱি জনগণৰ বাবে সমাজৰ বৈপ্লৱীক ৰূপান্তৰত বিশ্বাসী চিন্তাবিদ সকলে আগবঢ়োৱা সকলো আদৰ্শৰ মাজত ইয়েই এতিয়ালৈকে শ্ৰেষ্ঠতম কাৰ্য্যকৰী আদৰ্শ তথা অস্ত্ৰ।

মাৰ্স্কবাদ-লেনিনবাদে আমাক শিকাইছে এটা বিপ্লৱী দল অবিহনে যেনেকৈ বিপ্লৱ সম্ভৱ নহয়, তেনেকৈ এটা সঠিক বিপ্লৱী আদৰ্শ অবিহনে এটা সঠিক বিপ্লৱী দল গঢ়ি উঠিৱ নোৱৰে। মই পঢ়ি থকা অৱস্থাত তেতিয়াৰ আলফাৰ প্ৰচাৰ সচিব সিদ্ধাৰ্থ ফুকনে অসম বাণী বাতৰি কাকতত আলফাৰ হৈ দিয়া এটা সাক্ষ্যাতকাৰত কৈছিল আলফাৰ আদৰ্শ দন্দমূলক বস্তুবাদ (তেওঁলোকে হয়তো মাৰ্স্কবাদী দলবোৰক তীব্ৰ বিৰোধিতা কৰা অসম বিদেশী বহিস্কৰণ আন্দোলনৰ খোলাটোৰ পৰা ওলাই অহাৰ বাবে পোন-পটীয়াকৈ তেওঁলোকৰ আদৰ্শ মাৰ্স্কবাদ বুলি কোৱা নাছিল)। মই আকৰ্ষিত হৈছিলো যদিও তেওঁলোকে কঠিন আদৰ্শগত সংগ্ৰাম চলোৱা আৰু জনমত সংগঠিত কৰা বা সাংস্কৃতিক বিপ্লৱৰ পৰিবৰ্ত্তে ব্যক্তিহত্যাৰ হঠকাৰী ৰাজনীতিৰ ফালে অগ্ৰসৰ হোৱাত মোৰ তেওঁলোকৰ প্ৰতি থকা মোহ ভঙ্গ হয়।

আমেৰিকাৰ দৰে এখন দেশত য'ত এসময়ত পুঁজিবাদৰ বিৰোধিতা কৰিলে সমাজবাদী বা সাম্যবাদী বুলি পৰিচয় দিলে জেললৈ যাব লগা হৈছিল, সেই দেশত আজি কৰ্পৰেটৰ তীব্ৰ শোষণৰ ফলত অৰ্থনৈতিক সঙ্কটত জৰ্জৰিত হৈ সাধাৰণ মানুহে ৱাল-ষ্ট্ৰীট দখলৰ সময়ত চিঞৰি উঠিছে পুঁজিবাদ নিপাত যাওঁক (Down with Capitalism)। ইংলেণ্ড, জাৰ্মানী, গ্ৰীচ, পৰ্তুগালসহ কেইবাখনো দেশত একেই অৱস্থা। সেই দেশৰ সমাজ সচেতন মানুহে যুবক-যুবতীচামে সমস্যা সমাধানৰ উপায় বিচাৰিছে। আজি সেইবোৰ দেশত বুজক নুবুজক মাৰ্স্কবাদীৰ কিতাপ, কমিউনিষ্ট মেনিফেষ্টো, ডাচ কেপিটেল আদিৰ মাজত মানুহে সমস্যাৰ সমাধান বিছাৰিছে, সেইবোৰৰ বিক্ৰী বাঢ়িছে। "Lets go back to Marx" এই আৱাজ তুলি আজি সেইবোৰ দেশত যুব চামে সকলো ধৰণৰ শোষণৰ পৰা মুক্তি বিছাৰিছে, সমাজৰ পৰিবৰ্ত্তন বিছাৰিছে। ইন্টাৰনেটত বিচাৰি চালেই তাৰ উমান পোৱা যায়। 

সম্প্ৰদায়, ধৰ্ম্ম, জাত-পাত আদিত বহধা বিভক্ত অসমৰ পৰিস্থতি আজি বৰ জটিল। নকলেও হ'ব ই ভাৰতবৰ্ষৰ বুৰ্জোৱা ৰাজনৈতিক দলবোৰৰ ভাগ কৰা আৰু শাসন কৰা (Divide and Rule) নীতিৰ ফচল। অসমৰ প্ৰতিবাদী কন্ঠক দূৰ্ব্বল কৰিবলৈ অসমৰ খণ্ডিতকৰণ প্ৰক্ৰিয়া চলি থকাতো সিহঁতৰ কাম্য। সমগ্ৰ ভাৰতবৰ্ষৰ পটভূমিত ক্ষুদ্ৰ অসমীয়া উপজাতিৰ ওপৰত বৃহৎ হিন্দীভাষী উপজাতিৰ শোষণ প্ৰকৃততে হিন্দীভাষীক পুঁজিপতিৰহে শোষণ। কোনো খাতিখোৱা দুখীয়া-নিচলা হিন্দীভাষীকে অসমীয়া থলুৱা কৃষক-শ্ৰমিকক শোষণ কৰা নাই। যিদৰে কোনো দুখীয়া অসমীয়াভাষীলোকে কোনো দুখীয়া বড়োভাষীলোকক শোষণ কৰা নাই। কৰিছে যদি ধনী অসমীয়াভাষীলোকেহে কৰিছে। এজন শোষিতই অন্য এজন শোষিতক শোষণ কৰিব নোৱাৰে। এই বিষয়ে ইতিমধ্যে মই সাদিন বাতৰিকাকতৰ পাতত "অসমখন কোনে খালে" শীৰ্ষক লিখাৰ জৰিয়তে আলোচনা কৰিছো।

সেয়েহে ইয়াৰ দ্বাৰা মই অসমত কৃষক-শ্ৰমিকৰ শোষণমুক্তিৰ বাবে সমমৰ্যাদা আৰু সমঅধিকাৰে এটা দীৰ্ঘ আৰু জটিল সংগ্ৰাম পৰিচালনাৰ বাবে এটা নতুন বিকল্প ৰাজনৈতিক দল গঢ়িব বিচৰা সকলক তেওঁলোকৰ আদৰ্শগত অস্ত্ৰপাত আগতে ঠিক কৰি অসমৰ সমাজব্যৱস্থা বিশ্লেষণ কৰি লবলৈ আহ্বান জনাইছো, নহ'লে সাম্যবাদৰ পতাকা উৰুৱাই এই নতুন দলটো সঠিক দৃষ্টিভঙ্গী, বিচাৰ বিশ্লেষণ আৰু প্ৰয়োগ পদ্ধতিৰ অভাবত সদস্যসকলত জ্ঞাতসাৰেই হওঁক বা অজ্ঞাতসাৰেই হওঁক অসমৰ থলুৱা শোষিত-নিস্পেষিত কৃষক-শ্ৰমিকৰ স্বাৰ্থ ৰক্ষা কৰাৰ পৰিবৰ্ত্তে বৃহ্য পুঁজিপতি-কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষা কৰা অন্য এটা সুবিধাবাদী ৰাজনৈতিক দলতহে পৰিণত হ'ব। ইয়াৰ বেদনাদায়ক পৰিণাম বহন কৰিব লাগিব নিপিড়ীত অসমীয়াই। সুপৰিকল্পিত ভাবে আগুৱাই নগলে আলফাৰ দৰে বিপ্লৱ বিচাৰিলেই, বিপ্লৱৰ বাবে আকূতি থাকিলেই বিপ্লৱ নাহে।

No comments:

Post a Comment