সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বচ্ছ ভাৰতৰ সপোন আৰু লুপ্তপ্ৰায় শগুন

ডাঃ বিৰাজ কুমাৰ শৰ্মা
আজি কিছুদিন আগত অসমৰ ঢকুৱাখানা অঞ্চলত ২৯টাকৈ শগুনৰ মৃত্যু হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমী সকলক ব্যথিত কৰি তুলিছে । অকল মাত্ৰ ঢকুৱাখানাই নহয়, চলিত বৰ্ষত ২৩ জানুৱাৰীৰ পৰা ১৫ মাৰ্চ তাৰিখলৈ এই ৫০ দিনত ১৯৩ শগুনৰ ৰাজ্যখনত মৃত্যু হোৱাৰ খবৰটো গভীৰ উদ্বেগৰ বিষয় | অৰ্থাৎ গড় হিচাবত দৈনিক চাৰিটাকৈ শগুনৰ মৃত্যু হ’ল ৰাজ্যখনত | তথাপিও যেন কানসাৰ নাই ৰাজ্যৰ বন বিভাগৰ | চলিত বৰ্ষটোতে শিৱসাগৰৰ ডিমৌত ২৩ জানুৱাৰীত ৫০ টা, ২৫ ফেব্ৰুৱাৰীত শিবসাগৰৰে কোঁৱৰপুৰৰ পাৰাখোৱাত ২০ টা, ৩ মাৰ্চত ঢকুৱাখানাৰ কোঁৱৰবাৰী দলনিত ৩১ টা, ৪ মাৰ্চত তিনিচুকীয়াৰ চেঙেলীগাৱঁত ২৮ টা, ৮ মাৰ্চত শিৱসাগৰৰ কোঁৱৰপুৰ লাহনগাঁৱত ৩০টা, ১১ মাৰ্চত কামৰূপ জিলাৰ পলাশবাৰীত ২১ টা আৰু ১৩ মাৰ্চত শদিয়াত ৮ টা শগুনৰ মৃত্যু হোৱাৰ তথ্য বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন “পাটকাই টেকাৰ্চ” ৰ পৰা এক সূত্ৰত প্ৰকাশ পাইছে | ইয়াৰে বেছিভাগেই বিষক্ৰিয়াত মৃত্যু হোৱা বুলি তথ্য আহিছে | বন বিভাগৰ শিথিলতা আৰু এচাম মানবীয় মূল্যবোধ নথকা মানুহৰ জিঘাংসাৰ বাবেই ৰাজ্যখনত প্ৰায় প্ৰতিদিনেই শগুনৰ মৃত্যু হ’বলৈ ধৰিছে | একমাত্ৰ গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী ৰাণীত “ব’ম্বে নেচাৰেল হিষ্ট্ৰী চ’চাইটি”ৰ অধীনত শগুনৰ এটি সংৰক্ষন আৰু প্ৰজনন কেন্দ্ৰ থকাৰ বাহিৰে ৰাজ্যখনত নাই শগুনৰ সংৰক্ষনৰ বাবে আন কোনো চৰকাৰী প্ৰচেষ্টা |

শগুন এক উপকাৰী প্ৰাণী । শ ভক্ষনেৰে শগুনে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অষ্ট্ৰেলীয়া আৰু এন্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ সকলোবোৰ দেশতে কম বেছি পৰিমানে শগুন পোৱা যায় | প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্ত্ত ভক্ষন কৰি শগুনে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে | পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি অহাৰ পিছতো ইয়াৰ কিম্ভুত কিমাকাৰ দেহৰ গঠনৰ বাবে বহুতে ইয়াক এক লুভীয়া, হ্ৰিংসুক তথা ভয়ংকৰ চিকাৰী চৰাই হিচাবে অপবাদ দি অহাৰ হেতুকে বহুক্ষেত্ৰত ই মানুহৰ ৰোষৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হৈছে |

ইয়াৰোপৰি বহুতো চিত্ৰশিল্পত শিল্পীসকলে খৰাং তথা দূৰ্ভিক্ষপিড়িত অঞ্চলত হাড়-চাল ওলোৱা কিছুমান মানৱ দেহৰ ওচৰত এজোপা লঠঙা গছত শগুনে বহি অপেক্ষা কৰা দৃশ্যই যেন শগুনৰ প্ৰতি মানুহৰ মনত এক ভ্ৰান্ত ধাৰণা তথা অহেতুক ভয়ৰ বীজ ৰোপন কৰিছে আৰু যাৰ বাবে শগুনক আজিও আমাৰ সমাজত এক অস্পৃশ্য তথা ভয়ংকৰ প্ৰাণী হিচাবে গ্ৰহন কৰি অহা হৈছে যেন অনুমান হয় | অকল ইংৰাজী সাহিত্যৈ নহয়, বহুতো ক্ষেত্ৰত শগুনক যেন চয়তানৰ লগত তুলনা কৰি এই নিৰীহ প্ৰাণীটোৰ প্ৰতি অন্যায় কৰা হৈছে | কিন্তু কোনো কোনো ক্ষেত্ৰত শগুনে পৌৰানিক আখ্যানতো স্থান পাইছে | হিন্দু ধৰ্মৰ পৌৰানিক আখ্যান ৰামায়নত শগুনক জটায়ু, সম্প্ৰীতি আদিৰ ৰূপত উপস্থাপন কৰিব বিচৰা হৈছে যে কেনেদৰে বিপদৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি জটায়ুৱে ৰাৱনৰ কবলৰ পৰা সীতাক উদ্ধাৰৰ বাবে চেষ্টা কৰি প্ৰাণ দিছিলে আৰু যাৰ দ্বাৰা ইয়াৰ উপকাৰীতাৰ সম্পৰ্কে যেন আভাস দিবলৈ চেষ্টা কৰা হৈছিলে | আনহাতে ইজিপ্তৰ পুৰণি সংস্কৃতিটো শগুনক ৰক্ষাকৰ্তাৰ ৰূপত উপস্থাপন কৰা হৈছিলে | পাৰ্চি সকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছত মৃতদেহ শগুনে ভক্ষন কৰিলে মৃত্যু সাৰ্থক হয় | তিব্বতীয়া জনবিশ্বাসমতে শগুনক স্বৰ্গৰ দূত ৰূপে বিশ্বাস কৰে যিয়ে মৃত্যুৰ পিছত মৃতকৰ আত্মাক স্বৰ্গলৈ লৈ যায় | আজি কেইবছৰমান আগলৈকে আমাৰ গ্ৰাম্যঞ্চলৰ আকাশত জাক জাক শগুনৰ পৰিভ্ৰমন এক চিৰপৰিচিত দৃশ্য আছিল। যিয়ে বাৰ্তা কঢ়িয়াইছিল কোনো পশু তথা জীৱ-জন্তুৰ মৃত্যু হোৱাৰ বাতৰি । কিন্ত্ত সেই দৃশ্য আজিৰ দিনত দূৰ্লভ । কাৰণ প্ৰকৃতি ধ্ধংস আৰু জীৱশ্ৰেষ্ট মানুহৰ অবিবেচক কৰ্মকাণ্ডই এই উপকাৰী প্ৰানীটোৰ অস্হিত্ত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু যাৰ বাবে আজি পৃথিৱীত ইহঁতৰ সংখ্যা ভয়াবহ ভাৱে হ্ৰাস পাইছে আৰু পৃথিৱীৰ পৰা ইহঁতৰ ৯৫ শতাংশই লুপ্ত হৈছে ।

আজিৰ পৰা প্ৰায় কিছুবছৰ আগলৈকে অসমৰ আকাশত শগুন দেখা মানেই কোনো পশুৰ মৃত্যুৰ তথ্য কঢ়িয়াই আনিছিল | ভাৰতত পোৱা ৯ টা প্ৰজাতিৰ শগুনৰ ৫ টা প্ৰজাতিয়েই অসমত পোৱা যায় কিন্ত্ত ইহঁতৰ সংখ্যা দ্ৰুতগতিত কমি আহিবলৈ ধৰিছে | তথ্য অনুসৰি আজিৰ তাৰিখত অসমত শগুনৰ সংখ্যা মাত্ৰ ৬০০ মানহে হ’বগৈ | অন্যহাতে ১৯৮০ চনৰ আগলৈকে ভাৰতবৰ্ষত ৮০ নিযুত শগুন আছিল যদিও দেশত এতিয়া মাত্ৰ কেইহাজাৰমানহে বাছি আছেগৈ | আনহাতে শগুনৰ বংশবৃদ্ধিৰ হাৰ অতি ক’ম | এবছৰত এহাল প্ৰাপ্তবয়স্ক শগুনে মাত্ৰ এটা কণীহে দিবলৈ সক্ষম হয় আৰু পোৱালী জগাবলৈ যথেষ্ঠ আহুকালৰ সন্মুখীন হ’ব ল’গা হয় | আৰু কিবা কাৰণত কণীটো নষ্ট হ’লে বছৰটোৰ বাবে শগুনহালে আৰু বংশবৃদ্ধি মুদা পৰে | আনহাতে অৰণ্য ধ্ধংসৰ ফলস্বৰূপে ইহঁতৰ বাবে প্ৰয়োজনীয় আবাসস্থলী তথা বিশ্ৰামৰ বাবে ব্যবহৃত ওখ গছসমূহৰ সংখ্যা কমি অহাৰ হেতুকে ইহঁতৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পেলাইছে |শগুনৰ বংশৰক্ষা কৰিবলৈ হ’লে ইহঁতৰ বাবে এক সুস্থিৰ পৰিবেশ গঠনৰ বাবে বদ্ধ পৰিকৰ হ’ব লাগিব |

পশুচিকিৎসাত বহুলভাবে ব্যবহৃত “ডাইক্ল’ফেনেক” নামৰ ঔষধবিধৰ বিষক্ৰিয়াৰ বাবেই শগুনৰ মৃত্যু হোৱা বুলি প্ৰমান পোৱা গৈছে আৰু যাৰ বাবে “ডাইক্ল’ফেনেক” ব্যবহাৰ পশুচিকিৎসাত নিষিদ্ধ যদিও মৃত জীৱ-জন্ত্তৰ দেহত মানুহে অবিবেচক ভাবে প্ৰয়োগ কৰা বিভিন্ন ৰাসায়নিক দ্ৰব্য তথা এনে মৃতদেহবোৰ শগুনে খাদ্য হিচাবে গ্ৰহন কৰাৰ হেতুকে এইবোৰ শগুনৰ বিষক্ৰিয়াৰ অন্য এক কাৰণ হৈ পৰিছে | ভাৰতকে ধৰি সমগ্ৰ দক্ষিন-পূব এছিয়াত প্ৰায় ৯৯ শতাংশ শগুনেই কমি গৈছে আৰু নেপালত যিহেতু শগুন নাই বুলি ক’লেও ভুল কোৱা নহয়, শগুনৰ সংখ্যা হঠাতে এনেদৰে উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ মূল কাৰণ হিচাবে চিহ্নিত হৈছে “ডাইক্ল’ফেনেক ছ’ডিয়াম”ৰ বিষক্ৰিয়া | আজি নেপালৰ আকাশৰ পৰা শগুন বিলুপ্ত হোৱাৰ বাবে নেপালে ইয়াৰ প্ৰতিফল ভোগ কৰিব ল’গা হৈছে আৰু ইয়াৰ বাবে নেপালৰ জনসাধাৰণৰ স্বাস্থ্য সমস্যাই দেখা দিছে বুলি অভিযোগ আহিছে | কিয়নো শগুনে মৃতদেহ খাই পৰিবেশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিছিল যদিও শগুন নোহোৱা হোৱাৰ হেতুকে এন্দুৰ, নিগনি, কুকুৰ, শিয়াল আদিয়ে মৃতদেহ খাই নানা ৰোগ বিয়পাইছে আৰু ল’গতে বহুক্ষেত্ৰত মৃতদেহবোৰ গেলি-পছি নৈৰ পানী প্ৰদূষিত কৰাৰ ল’গতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে | যিহেতু শগুনে শ বোৰ ভক্ষন কৰি প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে, শগুনৰ সংখ্যা হ্ৰাস হৈ অহাৰ ফলত অদূৰ ভবিষ্যতে এই শ বোৰ গেলি-পচি ৰোগ বিয়পোৱাৰ লগতে পানীত মিহলি হৈ পানী প্ৰদুষিত কৰি তুলিব | সকলোপক্ষ সচেতন হোৱাৰ প্ৰয়োজন | ইয়াৰ বাবে লাগিব চৰকাৰৰ সদিচ্ছা আৰু সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সহায় আৰু সহযোগিতা | ইয়াৰ অন্যথাই পৃথিৱীৰ বুকুৰ পৰা ডাইন’ছৰ বিলুপ্ত হোৱাৰ লেখিয়াকৈ শগুনবোৰো পৃথিৱীৰ বুকুৰ পৰা সম্পূৰ্ণৰূপে লুপ্ত হ’বলৈ বেছি পৰ নালাগিব |

No comments:

Post a Comment