পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ধৰ্ষণৰ বাবে মহিলাই জগৰীয়া নেকি?
দীপাংকৰ মল্ল বৰুৱা
“এজনী ছোৱালীৰ ধৰ্ষণৰ বাবে জগৰীয়া ছোৱালীজনী নিজেই। এজনী ভাল ছোৱালীয়ে ৰাতি ৯ বজাৰ পিছত বাটত অকলে ঘূৰি নুফুৰে। ছোৱালীৰ কাম হ’ল ঘৰত থাকি ঘৰৰ কাম বন কৰা। ৰাতি ডিস্কো আৰু বাৰত ঘূৰি ফুৰি বেয়া কাম কৰা আৰু বেয়া কাপোৰ পিন্ধা ছোৱালীৰ ধৰ্ষণ হ’বই লাগে”। এই কথাখিনি কৈছে দিল্লীত সংঘটিত ২০১২ চনৰ ১৬ ডিছেম্বৰৰ নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত মুকেশ সিঙে। ব্ৰিটিছ চলচিত্ৰ নিৰ্মাতা লেজলী উডৱিনে নিৰ্ভয়া কাণ্ডৰ বাবে নিৰ্মাণ কৰা ‘India’s Daughter’ নামৰ তথ্যচিত্ৰ খনৰ বাবে দিয়া এটা সাক্ষাত্কাৰত মুকেশে এই মন্তব্য কৰিছে। মুকেশে নিৰ্ভয়াৰ বিষয়ে কৈছে, “সেই ৰাতি তাই ধৰ্ষণৰ সময়ত আমাক সহযোগ কৰাহে উচিত আছিল। তাই মনে মনে থাকি ধৰ্ষণ উপভোগ কৰা হ’লে আমি তাইক ক’ৰবাত ভালদৰেই নমাই থৈ আহিলোঁহেতেন”। এখন সভ্য দেশৰ এজন নাগৰিকে এনে কথা ক’ব পাৰে বুলি কোনোবাই বিশ্বাস কৰিব পাৰেনে?

অপৰাধী মুকেশৰ মাকৰ সৈতে
বিতৰ্কিত তথ্যচিত্ৰখনৰ নিৰ্মাতা
লেছলি উডৱিন
মুকেশ সিঙৰ এই স্বীকাৰোক্তিয়ে মহিলাৰ প্ৰতি সমাজৰ একাংশ নাগৰিকৰ ভয়াবহ মনোবৃত্তি উদঙাই দেখুৱাইছে। ভাৰতৰ তথাকথিত সভ্য সমাজত এতিয়াও যে মহিলাক উপভোগৰ সামগ্ৰী বুলি গণ্য কৰা হয়, ৰাতি ন বজাৰ পিছত বাটত দেখা পোৱা সকলো মহিলাকে নষ্ট চৰিত্ৰৰ বুলি ধৰি লোৱা হয় আৰু সুবিধা পালেই মহিলাৰ ওপৰত যৌন আতিশয্য চলোৱাতো পুৰুষৰ জন্মস্বত্ব অধিকাৰ বুলি মান্যতা দিয়া হয়, সেই নাঙঠ সত্য মুকেশ সিঙৰ এই স্বীকাৰোক্তিয়ে প্ৰতিপন্ন কৰিছে।
সময়ে সময়ে বিভিন্ন নেতাৰ মুখতো ধৰ্ষণৰ বাবে মহিলাই দায়ী জাতীয় মন্তব্য শুনিবলৈ পোৱা যায়। মুলায়ম সিং যাদৱে বডাঁউৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিষয়ে মন্তব্য কৰিছিল, “ডেকা ল’ৰাৰ কেতিয়াবা ভুল হৈ যায়। ইয়াৰ বাবে মৃত্যুদণ্ড দিয়াটো উচিত নহয়”। মধ্য প্ৰদেশৰ এজন নেতা বাবুলাল গৌড়ে কৈছিল, “ধৰ্ষণ বন্ধ কৰিবলৈ হ’লে মহিলা সকলে খেলা ধুলাত ৰুচি ল’ব লাগিব”। ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ নেতৃ আশা মিৰ্জাই কৈছিল, “অশোভনীয় সাজ পোচাক পৰিধান কৰা আৰু অশোভনীয় ব্যৱহাৰ কৰা মহিলা সকলো ধৰ্ষণৰ বাবে দায়ী”।

কথাতে কয় বোলে হৰিণৰ মাংসই বৈৰী। আমাৰ দেশত যেন মহিলা হোৱাটোৱেই দোষ আৰু মহিলা হোৱাৰ বাবেই তেওঁলোকৰ ওপৰত কটু মন্তব্য দিবলৈ, বাটে ঘাটে যৌন উত্পীড়ন কৰিবলৈ, সুবিধা পালে ধৰ্ষণ কৰিবলৈ সকলো পুৰুষৰে অবাধ অধিকাৰ আছে। এই অধিকাৰ অকল সমাজৰ নিম্ন বা মধ্যবিত্ত শ্ৰেণীৰ পুৰুষেই নহয়, সমাজৰ শিক্ষিত, প্ৰতিস্থিত, মুধাফুটা ব্যক্তি সকলেও সমানেই উপভোগ কৰে। নোবেল বটাৰে সন্মানিত বিশ্ববিখ্যাত পৰিৱেশ বিজ্ঞানী ৰাজেন্দ্ৰ পাচৌৰি তলতীয়া কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযুক্ত হৈছে। সেইদৰে বিখ্যাত সাংবাদিক তৰুণ তেজপালে এগৰাকী সাংবাদিকক যৌন অনুগ্ৰহৰ বাবে জোৰ জুলুম কৰাৰ বাবে জেলৰ ভাত খাব লগীয়া হৈছে।

এনেবোৰ দুই এটা উদাহৰণ মাজে সময়ে সংবাদ মাধ্যমত প্ৰকাশিত হয় যদিও প্ৰকৃত ছবিখন হয়তো আৰু ভয়লগা। ভাৰতীয় সমাজত মহিলাই সামাজিক ভাৱে নিগৃহীত হোৱাৰ শংকাত দৈনন্দিন জীৱনত সন্মুখীন হোৱা এনে যৌন আতিসহ্যৰ ঘটনা সমুহৰ সাধাৰণতে অভিযোগ নকৰে। পুৰুষ শাসিত সমাজত শক্তিশালী আৰু প্ৰভাৱশালী পুৰুষৰ বিৰুদ্ধে অভিযোগ দিবলৈ যোৱা মানেই নিজৰ বিপদ মাতি অনা। সেয়েহে লোকচক্ষুৰ আঁতৰত, সংবাদ মাধ্যমৰ পৰিধিত পৰা নিলগত এনে ঘটি থকা এনেবোৰ কাৰ্যৰ ভূ কোনেও নাপায়।

এতিয়া এগৰাকী ব্ৰিটিছ চলচিত্ৰ নিৰ্মাতাই ভাৰতীয় সমাজৰ এই ভয়ংকৰ সত্যৰ মুখা খুলি দিবলৈ ওলোৱাত চৰকাৰে তথ্যচিত্ৰ খন ভাৰতত প্ৰদৰ্শন হোৱাত বাধা নিষেধ আৰোপ কৰিছে। সংসদতো প্ৰতিবাদৰ ঢৌ উঠিছে। ভাৰতৰ মান মৰ্যদা এই তথ্যচিত্ৰখনে ধুলিস্যাৎ কৰিব বুলি হাহাকাৰ লাগিছে। কিন্তু ভাৰতৰ পুৰুষ কেন্দ্ৰিক সমাজৰ একাংশৰ মনোবৃত্তিৰ পৰিৱৰ্তনৰ আৱশ্যকতাৰ কথা কোনেও যেন অনুভৱ কৰা নাই। এতিয়া অপৰাধ প্ৰমাণ হৈ কাৰাবাস খটা অপৰাধীৰ মুখৰ কথাক লৈ সমাজ চলিব নে আধুনিক মানসিকতাৰে নতুন ভাৰত গঢ়িব সেয়াই সমাজৰ সমুখত নতুন প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।

No comments:

Post a Comment