পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তত্বাৱধানত অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত অসম সাহিত্য সভাৰ এক সঁজাতি দলে নাগৰিকপঞ্জীৰ দায়িত্ব পোৱা শীৰ্ষ আমোলা প্ৰতীক হাজেলাৰ সৈতে আলোচনাত মিলিত হৈ এই বিষয়ে সবিশেষ বুজ লোৱাৰ সুখবৰ। এই সঁজাতি দলক নেতৃত্ব দিয়ে অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই।

২. গুৱাহাটীত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা গুৱাহাটী ফুড এৱাৰ্ড ২০১৫ কালি গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ৰেডিচন ব্লু'ত প্ৰদান কৰা হয়। মহানগৰীৰ খাদ্য উদ্যোগক এক স্বীকৃতি তথা সন্মানিত কৰাৰ বাবেই এই বঁটা প্ৰৱৰ্তিত হৈছে। বাৰ্বি কিউব নেচন বৰ্ষশ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট, কিৰণশ্ৰী চুইটচে শ্ৰেষ্ঠ মিঠাই বিপনী, অসমীয়া খাদ্যৰ শ্ৰেষ্ঠ ৰেষ্টুৰা পেৰাডাইজে আৰু পপুলাৰ চইচ এৱাৰ্ড ম’ম’ ঘৰে লাভ কৰা বুলি জানিব পৰা গৈছে। বৰ্ষশ্ৰেষ্ঠ খাদ্যদ্যোগী বঁটা চেফ অতুল লহকৰ আৰু বৰ্ষশ্ৰেষ্ঠ চেফৰ বঁটা ৰাহুল মাৰ্ক বৰুৱাই লাভ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. ৰাজহুৱা বৈৰীতা প্ৰদৰ্শনৰ বাবে সততে সংবাদ শিৰোনামা লাভ কৰা অগপ দলৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত আৰু পদ্ম হাজৰিকাই কালি অভয়াপুৰীৰ মাণিকপুৰৰ এক দলীয় কৰ্মশালাত একেলগে একেখন বাইকত উঠি পদাৰ্পণ কৰি ৰাইজলৈ এই বৈৰীতাৰ অৱসানৰ ইংগিত দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে। প্ৰতিটো বিধানসভা সমষ্টিতে অগপই দলীয় কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে আয়োজন কৰাৰ সুখৰ খবৰ।

৪. মোদী চৰকাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ কৰা অৰ্থনৈতিক বঞ্চনাৰ নীতিৰ বিৰুদ্ধে প্ৰগতিশীল জাতীয় নাগৰিক মঞ্চই গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰে এখনি গণ অভিবৰ্তনৰ। এই অভিবৰ্তনত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সংগ্ৰামী সংস্থা, দলৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। বিশিষ্ট বুদ্ধিজীৱি অদীপ ফুকন, হাইদৰ হুছেইন শিক্ষাবিদ ডঃ দীনেশ বৈশ্য, প্ৰবীণ বামপন্থী ভোগেশ্বৰ দত্ত, নৰেন বৰা, অগপৰ সত্যব্ৰত কলিতাৰ উপৰিও সমাজবাদী পাৰ্টি, চৰ-চাপৰি সাহিত্য পৰিষদ, সত্ৰ-মহাসভা আদিৰ নেতৃত্বই ইয়াত অংশ গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ পোষকতা কৰে।

৫. যোৰহাটৰ বাঘচোং অঞ্চলৰ তিমতিমিয়া গাঁৱত কালি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মোমাই তামুলী বৰবৰুৱা কৃষক বন্ধু আঁচনি আৰু চলাৰ পাম আঁচনিৰ শুভ উদ্বোধন কৰে। দুতৰপীয়া কৃষি শস্যক্ৰমৰ প্ৰৱৰ্তনৰ বাবে এই আঁচনিখনে অসমৰ কৃষক ৰাইজক সহায় কৰিব বুলিও ভুঁই ৰোবলৈ বুটজোতা পিন্ধি বোকাত নমা মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।

৬. অহা ২৩মাৰ্চৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশন আৰম্ভ হব দুধনৈত। ২০০৫চনত মৰাণ অধিবেশনত নেতৃত্ব গ্ৰহণ কৰা দশকজোৰা পুৰণি নেতৃত্ব এইবাৰ সলনি হোৱাৰ সম্ভাৱনা থকা বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

৭. নলবাৰী জিলাত দলীয় সভাত অংশ লৈ ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা ভিত্তিক টে’ট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে। দলীয় প্ৰাৰ্থীৰ বিষয়ে তৃণমূলৰ পৰা ফেচবুকত মতামত লৈ প্ৰাৰ্থী দিব বুলিও প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্তই।

৮. সুৰা তথা মাদক দ্ৰব্যৰ অবাধ প্ৰচল ৰোধ কৰিবলৈ অসমত মদৰ বিপণীসমূহৰ বিয়লি চাৰি বজাৰ পৰা ৰাতি দহ বজালৈকেহে খোলা ৰাখিবলৈ দাবী তুলি সাতদফীয়া দাবীৰে স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীক দিলে মাদক দ্ৰব্য নিবাৰণী মঞ্চই। নতুন অনুজ্ঞা পত্ৰ দিয়া বন্ধ কৰা, বিশেষ প্ৰতিষ্ঠান আদিৰ পৰা নিৰ্দিষ্ট দূৰলৈ বিপনীৰ স্থানান্তৰণ, ক্ৰয়ৰ বাবে নুন্যতম সীমা ২৫বছৰ কৰা, কোৱাটাৰ বটল বন্ধ কৰা আদিও স্মাৰক পত্ৰত থকা বুলি জানিব পৰা গৈছে।

৯. ঢকুৱাখনাৰ প্ৰসিদ্ধ ম’হঘূলি চাপৰিত কেন্দ্ৰীয়ভাৱে দুদিনীয়াকৈ উদযাপিত হয় ২৩তম আলিঃ আয়েঃ লিগাঙ। “মিচিং সমাজৰ অন্ধবিশ্বাস আৰু বৰ্তমানৰ শিক্ষা-ব্যৱস্থা” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে প্ৰাক্তন শ্ৰম আয়ুক্ত গোবিন টাইদে। দ্বিতীয় দিনা অনাতাঁৰ শিল্পী তৰাৱতী মিলি বড়ীয়ে উন্মোচন কৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মোহিত কৰাৰো সুখৰ খবৰ।

১০. দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত পলাশবাৰী সাহিত্য সভাৰ উদ্যোগত মিৰ্জাস্থিত সাহিত্য ভৱনত কালি প্ৰতিভা সম্পন্ন লেখিকা কল্যাণী মালীৰ সাতখনকৈ গ্ৰন্থ উন্মোচিত হোৱাৰ সুখবৰ। বৈবাহিক জীৱন আৰু যৌথ পৰিয়াল, কাহিনীৰ আঁৰৰ কাহিনী, প্ৰকৃত বন্ধুত্ব, ধেমালি কৰো আহক, অকণিৰ সাধুৰ কলি, টাইম পাছ আৰু এমুঠি কবিতা নামৰ সাতোখন গ্ৰন্থ উন্মোচিত হয়

No comments:

Post a Comment