পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা প্ৰৱৰ্তিত কালিচৰণ ব্ৰহ্ম বঁটা পৰহি বিশিষ্ট ভাষাবিদ, গৱেষক, শিক্ষাবিদ ডঃ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীক প্ৰদান কৰা হয়। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২. আজিৰে পৰা আৰম্ভ হব অসম বিধান সভাৰ বাজেট অধিবেশন। আৰম্ভণিৰ দিনা ৰাজ্যপাল পি বি আচাৰ্যই ভাষণ পাঠ কৰিব। সৰ্বত্ৰ গা কৰা দুৰ্নীতি, চৰকাৰী ধনৰ অপচয়, প্ৰশাসনৰ স্থবিৰতা আদি বিষয়ক লৈ বিৰোধীয়ে এইবাৰ চৰকাৰ ঘেৰিবলৈ ৰণ কৌশল তৈয়াৰ কৰা বুলি জানিব পৰা গৈছে আৰু এই উদ্দেশ্যে বিধায়িনী দলৰ বৈঠক সমূহৰো আহ্বান কৰা হৈছে। অহা ১০ মাৰ্চত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিত্তমন্ত্ৰী হিচাবে বাজেট উত্থাপন কৰিব।

৩. অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত গ্ৰাহক আন্দোলনৰ সৈতে জড়িত স্বেচ্ছাসেৱী সংগঠন সমূহৰ এখন কৰ্মশালা অহা ১৪ মাৰ্চত গুৱাহাটীত আয়োজিত হৈছে। দেশৰ আগশাৰীৰ গ্ৰাহক সংস্থা সমূহৰ যৌথ মঞ্চ কনজিউমাৰ কোঅৰ্ডিনেশ্যন কাউন্সিল, নতুন দিল্লী আৰু কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ’ৰামৰ সহযোগত আৰু কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ’ৰামৰ উদ্যোগত গ্ৰাহক সুৰক্ষাৰ বিভিন্ন সমস্যা আৰু সমাধান সূত্ৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হব। গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত স্বেচ্ছাসেৱী সংস্থা সমূহক ৯৮৫৪৬-৩৯৩২১ ফোন নম্বৰত সবিশেষ জানি লৈ যোগদানৰ বাবে আহ্বান জনোৱা হৈছে।

৪. প্ৰবীণ চিত্ৰকৰ, ভাস্কৰ্য শিল্পী প্ৰয়াত আদ্য শৰ্মালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে কালি নলবাৰীৰ পাগলীদিয়া নৈৰ বালিচৰত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনু্ষ্ঠান। কলা পৰিষদ, নলবাৰীৰ উদ্যোগত নলবাৰী আৰ্ট স্কুলৰ অধ্যক্ষ গুৰুজীৰ বলুকা ভাস্কৰ্য নৈৰ বালিৰে গঢ়ি তুলি তিনি গৰাকী শিষ্যই জনালে বিশেষ শ্ৰদ্ধাঞ্জলি।

৫. “আইনা” নামৰ সামাজিক সংস্থাৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অসমীয়া নলিনীধৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঞি, অৰুণ শৰ্মা, ডঃ চন্দ্ৰমোহন শৰ্মা আৰু বীৰুবালা ৰাভাক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ সুখবৰ। ছৈয়দ আব্দুল মালিক আৰু ডঃ মহম্মদ তাহেৰলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয়। এই সভাত অসমবাসীক ভাৰতীয় বুলি গণ্য নকৰে নৰেন্দ্ৰ মোদীয়ে, বুলি চিন্তাবিদ হোমেন বৰগোহাঞিয়ে মত প্ৰকাশ কৰাৰ কথাও সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

৬. মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে দেখুৱালে দ্বায়িত্ববোধ! তেখেতে দেশত ছোৱাইন ফ্লু'ৰ ফলত এহাজাৰতকৈ বেছি লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত বেচৰকাৰী হাস্পতাল সমূহৰ য়োগেদিও বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে এনে কেচ পালে পইচা নোলাৱাকৈ চিকিৎসা প্ৰদানৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহলৈ নিৰ্দেশ জাৰি কৰিছে আৰু সেই খৰছ চৰকাৰে বহন কৰিব বুলিও চৰকাৰী দ্বায়িত্ববোধৰ এক সুন্দৰ নিৰ্দশন আগবঢ়াইছে।
৭. টিহুৰ মাখিবাহাত কালি উন্মোচিত হয় কবি নাৰায়ণ মজুমদাৰৰ তৃতীয়খন কাব্যগ্ৰন্থ “মৰিশালী নহয় টোপনিৰ বৰঘৰ”। গ্ৰন্থখনি উন্মোচন কৰে যশস্বী শিক্ষাবিদ, লেখক, গৱেষক জীৱন কৃষ্ণ পাত্ৰই।

৮. অসমৰ সত্ৰ সমূহৰ মাটিত বেদখল কৰা তথা সন্দেহজনক নাগৰিকসকলক উচ্ছেদ কৰি মাটি মোকোলাই দিয়াৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে লব বুলি কালি ঘোষণা কৰিলে দেশৰ খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। তেখেতে যোৰহাটত অসম সত্ৰ মহসবাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি সত্ৰ সমূহৰ এই দীৰ্ঘ-দিনীয়া দাবীৰ সমাধান কৰাৰ বাবে এইদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ সুখবৰ।

৯. বাইহাটা চাৰিআলি প্ৰেছ ক্লাৱত দেওবাৰে উন্মোচিত হ’ল “পূৱ কামৰূপ কলেজৰ ছৱেটাৰ নিপিন্ধা ছোৱালীজনী” শীৰ্ষক কাব্য সংকলনখনি। প্ৰেছ ক্লাৱৰ সভাপতি লক্ষ্মী ডেকাৰ সভাপতিত্বত উদীয়মান কবি লেখ প্ৰসেনজিত ডেকাৰ কবিতা পুথিখন উন্মোচন কৰা হয়। ৩৩টা কবি সন্নিবিষ্ট কবিতাপুথি খন প্ৰকাশ কৰিছে গুৱাহাটীৰ বেলতলাৰ উত্তৰণ প্ৰকাশনে।

১০. পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী সমিতিৰ সৌজন্যত স্থানীয় বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি। দেৰগাঁৱৰ “টীমৱৰ্ক” নামৰ নাটখন শ্ৰেষ্ঠ বিবেচিত হোৱা উপৰিও নাটকখনৰ পৰিচালক তথা নাট্যকাৰৰ শ্ৰেষ্ঠ বঁটাও লাভ কৰে দেবব্ৰত মহন্তই। ৯টা দলে অংশ লোৱা নাট প্ৰতিযোগিতাখনত বিহগুৰিৰ জ্ঞানাংগ নাথে শ্ৰেষ্ঠ অভিনেতা আৰু বিশ্বনাথ চাৰিআলিৰ মূৰ্ছনা নাট্যগোষ্ঠীৰ প্ৰিয়াশ্ৰী হাজৰিকাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ নাট্য দললৈ হিৰণ্যপ্ৰভা মহন্ত সোঁৱৰণী বঁটা আৰু নগদ ৫৫৫৫ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ নাট্যদললৈ সোমদেৱ গোস্বামী সোঁৱৰণী বঁটা আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদললৈ মীৰা কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।

No comments:

Post a Comment