সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আছুৰ অধিবেশন আৰু কেৰিয়াৰ পৰামৰ্শৰ প্ৰস্তাৱ
ড° বুলজিৎ বুঢ়াগোহাঁই 
মাননীয় সম্পাদক মহোদয়, 
সদৌ অসম ছাত্র সন্থাৰ ষষ্ঠদশ অধিৱেশনখন ২৩মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দুধনৈত অনুষ্ঠিত হ’ব । আমাৰ মনলৈ অহা কিছু কথা এই অধিৱেশনত আলোচনা কৰিবলৈ অনুৰোধ কৰি এই মুকলি চিঠিখন লিখিছোঁ । আমি বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে মাজে অংশ গ্রহণ কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১-৮৮৬৩০) যোগে বিনামূলীয়াকৈ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ দি এটা কথা জানিব পাৰিছোঁ যে আমাৰ ৰাজ্যখনৰ বহুতো ছাত্ৰ -ছাত্ৰীয়ে কেৰিয়াৰ সম্পৰ্কীয় বহুত কথাই নাজানে। এই সমস্যাৰ সমাধানৰ ক্ষেত্রত সদৌ অসম ছাত্র সন্থাই বিশেষ পদক্ষেপ গ্রহণ কৰিব পাৰে ।

সদৌ অসম ছাত্র সন্থাৰ বিভিন্ন শাখা , যেনে- আঞ্চলিক, মহকুমা তথা জিলা শাখাবোৰে বিভিন্ন উপলক্ষে আয়োজন কৰা সকলো অনুষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰ লগতে “কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা” বাধ্যতামূলক কৰিব লাগে আৰু বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বছৰৰ বাৰ মাহে প্ৰশিক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব লাগে । আশা কৰিছোঁ সদৌ অসম ছাত্র সন্থাৰ ষষ্ঠদশ অধিৱেশনখনত এই বিষয়ত প্ৰস্তাৱ গ্রহণ কৰিব ।

No comments:

Post a Comment