হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. কালি দিয়া কেন্দ্ৰীয় বাজেটত অসমৰ বান আৰু গৰা-খহনীয়াক এলাগী কৰাৰ প্ৰতিবাদত অসমতো ৰাজ্যিক পদুম সংঘৰ পৰা খহনীয়া নোহোৱাত সকলো জাতীয়তাবাদী অসমপ্ৰেমীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। আচলতে এই সংঘৰ মজিয়াত গোট খোৱা সকলৰ বেছি ভাগেই দল-বদলু আৰু সুবিধাবাদী হোৱাৰ পৰিপ্ৰেক্ষিততে এনে স্থিতি গ্ৰহণ কৰিব পৰা নাই বুলি বতৰ বিজ্ঞানী হিৰো ইয়ঙে প্ৰকাশ কৰিছে। বান, খহনীয়াৰ ক্ষেত্ৰতো পদুম দলে ইউ-টাৰ্ণ পদ্ধতিৰ অৱতাৰণা কৰাটো তেওঁলোকৰ স্বভাৱগত দোষ হিচাবে গণ্য কৰি ৰাইজে মাফ কৰি দিবই বুলিও গৌতম ভট্টাচাৰ্যই দৃঢ়তা প্ৰকাশ কৰিছে।

২. বিধান সভা দখল অভিযানত অংশ লবলৈ সদৌ অসম সুবিধাবাদী ৰাইজক পদুম সংঘৰ বাকৰিলৈ আহিবলৈ আহ্বান জনাইছে গৌতম ভট্টই। ধন শক্তি, জন শক্তি থকা যি কোনো দগাবাজ, দুৰ্নীতিগ্ৰস্ত নেতায়ো এই মিছনত সহায় কৰিবলৈ আহিলে সাত-খুন মাফ কৰি দিব বুলিও প্ৰকাশ কৰিছে। তেওঁ এতিয়া কাৰো দোষ-গুণ নেদেখে আৰু অৰ্জুনৰ দৰে কেৱল গাদীখনৰ খুঁটি কেইটাতহে দৃষ্টি নিবদ্ধ কৰি লৈছে বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৩. "দালাল কোন" নামৰ এখন ভ্ৰাম্যমাণ নাটক অহাবাৰ ৰাজগাদী থিয়েটাৰে মঞ্চস্থ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাংস্কৃতিক দালাল ডাঙৰ নে কৃষকৰ দালালৰ ভূমিকা ৰাজ্যখনত ডাঙৰ সেই বিতৰ্কটোকে ৰাইজৰ মাজলৈ তুলি নিবলৈ এই নাটকখন যোগে চেষ্টা কৰা হব বুলিও নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই প্ৰকাশ কৰিছে। মূল নাটৰ আগে আগে "মৰমী নাচনী বনাম অধ্যাপিকা" নামৰ হাস্য-মধুৰ গীতি-নৃত্য নাটিকাই মঞ্চস্থ কৰা হব বুলি গুজৱ ওলাইছে।

৪. বিশ্বকাপ উপলক্ষত সদৌ অসম চোৰাং চিকাৰী সন্থাইও স্কৰ কৰিবলৈ সক্ষম হোৱা বুলি খবৰ পোৱা গৈছে। হাবি-বন মন্ত্ৰী কাজিৰঙাত বহি থাকোতেই এনেকৈ গঁড় হত্যাৰ স্কৰ কৰাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীলৈ সন্মান জনাই অন্তত তেখেতে বাহৰ কৰি থকা সময়ত এনে খোল্লম খোল্লা ৰঙ-ৰহইচ কৰি মন্ত্ৰীৰ ভাৱমূৰ্তিত কালিমা নাসানিবলৈকো গঁড়় চিকাৰী সংঘক কাজিৰঙাৰ চাল ডাঠ বিষয়া সংঘই আহ্বান জনাইছে।


৫. বাজেটত অসমলৈ ললিপপ দিয়া বুলি মতামত দিছে কৃষক গগৈয়ে। তাৰ বিপৰীতে ক'লা ধনৰ মালিক সকলক "ধনৰ ঘৰ বাপচি" কৰিবলৈ সুবিধা দিয়া বুলিও আঙুলিয়াই দি এইবাৰ সোণৰ বিস্কুটৰ প্ৰেমত চৰকাৰ বলিয়া হোৱা বুলিও আঙুলিয়াই দিছে। এইবাৰ সোণৰ গহণা কাণ-নাকৰ পৰা নি বেংকত থৈ সুত খাব পৰা ব্যৱস্থালৈ চাই ডুপ্ৰিকেট গহণাৰ মাৰ্কেটখনলৈ জান আহিব বুলিও অৰ্থনীতিবিদ লক্ষ্মীপ্ৰিয় বৰবৰাই মত প্ৰকাশ কৰিছে।


৬. অসমত অচিৰেই দহ হাজাৰ লালটুপিৰ চাকৰি বজাৰলৈ আহিব বুলি সুখবৰ প্ৰকাশ পাইছে। এতিয়াৰ পৰাই গোপন বুকিংৰ বাবে চেনেল লগাবলৈকো সচেতন নাগৰিক সংঘই চাকৰি-প্ৰয়াসী সকলক আহ্বান জনাইছে। সময়ৰ শৰ সময়ত মাৰিব নোৱাৰিলে কিন্তু পুলিচ হৈ ইলিচ খোৱাৰ সপোন দেখা মিছা বুলিও সংঘই স্পষ্ট কৰি দিছে। সদৌ অসম দালাল সংঘই এইবাৰ খিলঞ্জীয়া সকললৈ ৰেহাই মূলত চাকৰি নিশ্চিতিৰ অফাৰ দিব বুলিও গুণাঁগথা কৰাৰ কথাও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৭. "জনতাক মাধমাৰ" নামৰ বাজেট ভিত্তিক এখন নাটক কালি লিখি উলিয়াইছে অসমৰ দ্ৰুততম নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। জীয়াই থাকিবলৈ দৰৱ, ডিঙিত ঢালিবলৈ মিনাৰেল ৱাটাৰ, সুৰা, ধোঁৱা উৰুৱাবলৈ চিগাৰেট, ধুনীয়া হবলৈ বিউটি পাৰ্লাৰ, ঠাণ্ডা পানীকন খাও বুলিলে ফ্ৰীজ, খাবলৈ হোটেল আদি সকলোবোৰ দাম বৃদ্ধি কৰাৰ ওপৰত লটিঘটি হোৱা সাধাৰণ মানুহৰ কথাৰেই এই সামাজিক নাটকখন লিখি উলিওৱা হৈছে বুলি জানিব পৰা গৈছে। ইণ্টাৰনেট, ফেচবুক কৰাৰ খৰছ বৃদ্ধিৰ ফলত জীয়েক-পুতেকৰ লটিঘটিক লৈও এখন গীতি-নৃত্য নাটিকাৰ প্ৰস্তুতি চলোৱা বুলিও ভট্টাচাৰ্যদেৱে প্ৰকাশ কৰিছে।

৮. আমাৰ ৰসাল গগৈৰ ৰাজভঁড়ালৰ পৰা খৰছ হোৱাৰ কেৱল ১২,০০০,০০,০০,০০০ টকাৰ হিচাপ নিমিলা বুলি জানিব পৰা গৈছে। গগৈ চাৰে এনেকুৱা খুচুৰীয়া খৰছৰ চোৰাং গতিৰ কথা কেনেকৈনো জানিবাহে, হেঃ হেঃ মিচা ক'লে কিডাল হব বুলিহে সাংবাদিক সকলক ওলোটাই সোধা বুলিও খবৰ ওলাইছে। ইমানৰ পাছতো হাঁহি বন্ধ নোহোৱা ৰসাল গগৈৰ মগজুক লৈ বিশ্ব স্তৰৰ গৱেষণাৰো বিশেষ প্ৰয়োজন আছে বুলি নিউৰ' বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰা বুলিও গোপন খবৰ!

৯. আমাৰ জালুকবৰীয়া শৰ্মাদাই এইবাৰ ফেচবুকতে জনসভা, ভাষণ, প্ৰচাৰ, জনকল্যান আদিৰ কাম হাতত লৈছে। তেওঁ দেখা সপোনবোৰৰ কথা এইদৰে সোঁৱৰাই নাথাকিলে, ৰাইজেই তেওঁক পাহৰি যাব বুলি জ্যোতিষ সম্ৰাজ্ঞী বনাৱতীয়ে দিয়া পৰামৰ্শৰ পাছতে তেখেতে ফেচবুকতে মনোনিৱেশ কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে। ইফালে বাইদেউৰ সৈতে চিবিআই ফেন ক্লাৱৰ সাক্ষাতকাৰ কলকতাত শেষ হ'লনে নাই সেই বিষয়েহে তেওঁ ষ্টেটাচ নিদিয়াত ফেন ক্লাৱে অসন্তোষ প্ৰকাশ কৰিছে।

১০. নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰা নেতা সকলক বিচাৰি বিচাৰি কমদামতে জোতাৰ মালা পিন্ধাবৰ বাবেই জোতা, চেণ্ডেলৰ দাম হ্ৰাস কৰা হৈছে বুলিও জানিব পৰা গৈছে। এলচিডি, এলইডি টিভি আদিৰ দাম কম কৰি দেশৰ কৃষক, শ্ৰমিক, দৰিদ্ৰ জনগণলৈ বিশেষ সকাহ দিয়া বুলি প্ৰকাশ পাইছে। লগতে দাম কমোৱা সোণ, ৰূপ, পেকেটৰ ফলৰ ৰস আদি কিনি মনোৰঞ্জন লভিবলৈকো দেশৰ বিপিএল কাৰ্ড হল্ডাৰ সকললৈ টুইটাৰ যোগে বিশেষ নিবেদন জনোৱা বুলিও খবৰ ওলাইছে!

1 comment: