জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মৌসনা অথচ জ্বলা স্বাদৰ মচমচীয়া আলু
Crispy Honey chilly potato
ৰুমঝুম শইকীয়া

উপকৰণঃ
আলু- ডাঙৰ ২টা ৷
ময়দা- টেবুল চামুচৰ ৪ চামুচ৷
কৰ্ণফ্লাৱাৰ- টেবুল চামুচৰ ৪ চামুচ৷
নিমখ- জোখমতে৷
চয়াচচ্- টেবুল চামুচৰ ১ চামুচ৷

টমেট' চচ্-টেবল চামুচৰ ১ চামুচ ৷
১টা পিয়াজ, ৬ কোঁহ নহৰু, আন্দাজমতে ধনীয়াপাত আৰু পিয়াজপাত সৰু সৰুকৈ কাটি লব৷

ৰন্ধন-প্ৰণালীঃ
আলু দুটা ফ্ৰেন্সফ্ৰাই কৰোতে কটাৰ দৰে অলপ মোটাকৈ কাটি সামান্য সিজাই লব৷ অলপ টান হৈ থাকোতেই ডাঙৰ চাকনি এখনত নমাই ঠাণ্ডা পানীৰে ঠাণ্ডা কৰি লব৷এটা পাত্ৰত ২চামুচ কৰ্ণফ্লাৱাৰ আৰু ২চামুচ ময়দাৰ লগত ১টেবুল চামুচ ৰিফাইন আৰু নিমখ ভালদৰে শুকানকৈ সানি লব৷ 

আন এটা পাত্ৰত একেই পৰিমাণৰ ময়দা, কৰ্ণফ্লাৱাৰ, নিমখ আৰু ৰিফাইনদি পানীৰ সৈতে মিহলাই থপথপীয়া কৰি লব৷ এতিয়া প্ৰথমে শুকান মিশ্ৰণখিনিৰ লগত আলুখিনি সানি লব৷তাৰপৰা এটুকুৰ এটুকুৰকৈ আলু লৈ গুলি থোৱা মিশ্ৰণটোত ডুবাই গৰম তেলত ডুবি যোৱাকৈ মচ্ মচীয়াকৈ ভাজিব৷ টুকুৰাবোৰ লাগি ধৰিলে নমোৱাৰ পিচত এৰুৱাই লব৷এতিয়া কেৰাহীত টেবুল চামুচৰ ৩চামুচমান তেল দি তাত কুটি থোৱা পিয়াজ নহৰু দি সামান্য ভাজ খাবলৈ দিয়ক৷ লগে লগে চয়াচচ,টমেট'চচ কুটি থোৱা ধনীয়া আৰু পিয়াঁজপাত খিনি দি দিব৷এগিলাচ পানীত ১চামুচ কৰ্ণফ্লাৱাৰ গুলিলৈ কেৰাহীৰ সামগ্ৰীখিনিত ঢালি তাতে টেবুল চামুচৰ এচামুচ মৌ-জোল দি লৰাই জুইৰপৰা নমাই থব৷শেষত আলুখিনি দি লাহে লাহে ভালদৰে ভাঙি নোযোৱাকৈ মিলাই ওপৰত বগা তিল কেইটামান ছটিয়াই দিব৷ 

এইবিধ ডিচ পোলাও বা পৰঠাৰ লগত খাবলৈ বৰ ভাল ৷

No comments:

Post a Comment