আজিৰ ভাল খবৰবোৰ
১) অসমৰ ফুটবলাৰ হলিচৰণ নাৰ্চাৰীয়ে এ.এফ.চি. অনুৰ্ধ ২৩ চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে এই চেম্পিয়নশ্বিপখন ২০১৬ বৰ্ষৰ ডোহাত হ'বলগীয়া ৰিঅ' অলিম্পিকৰ প্ৰাথমিক পৰ্যায়ৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতা হিচাপে চিহ্নিত । গতিকে নাৰ্চাৰীৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁ অলিম্পিকত খেলিবলৈ পাব নে নাপায় সেই বিষয়টোৱে ।
২) ইং. ২০১৪ বৰ্ষৰ দাদা-চাহেৱ ফাল্কে বঁটা লাভ কৰিছে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা প্ৰখ্যাত অভিনেতা শশী কাপুৰলৈ । কলিকতাত জন্মলাভ কৰা আৰু বৰ্তমানে ৭৭ বছৰত ভৰি দিয়া এই প্ৰবীণ অভিনেতাগৰাকীয়ে চাৰি বছৰ বয়সতে অভিনয় জগতত খোজ দিছিল । ২০১১ বৰ্ষত ভাৰত চৰকাৰে তেখেতক 'পদ্ম ভূষণ' বঁটাৰে সন্মানিত কৰিছিল ।
৩) সুদক্ষ অভিনয়ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে 'জীৱনজোৰা সাধনা বঁটা 'ৰে সন্মানিত হৈছে যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়া ।'সাগৰলৈ বহু দূৰ', বৃষ্টি, সংস্কাৰ,বসুন্ধৰা, লাজ, বান্ধোন, কণিকাৰ ৰামধেনু,পানী আদিৰ দৰে বিখ্যাত চলচ্চিত্ৰৰ অভিনেতাগৰাকীয়ে কালি সন্ধিয়া ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰাগ-চিনে-এৱাৰ্ডছৰ এই অনুষ্ঠানটোত বঁটা গ্ৰহণ কৰি অসমীয়া চলচ্চিত্ৰত উত্তৰোত্তৰ কামনা কৰে । অনুষ্ঠানটোত এই বছৰৰ শ্ৰেষ্ঠ ছৱি হিচাপে মানস শইকীয়াৰ 'নৰ্থ-বেংক', শ্ৰেষ্ঠ জনপ্ৰিয় ছৱি হিচাপে 'অহেতুক', শ্ৰেষ্ঠ অভিনেতা হিচাপে অৰূপ বৈশ্যই(অথেলো) আৰু শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে অমৃতা গগৈ(অহেতুক) বিবেচিত হয় ।
৪) অসম চৰকাৰে 'কৃষকৰ দোকান' নামৰ এক আঁচনিৰ জৰিয়তে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ কৃষকসকলৰ পৰা শাক-পাচলি উচিত দামত ক্ৰয় কৰি প্ৰথম অৱস্থাত গুৱাহাটীৰ বিভিন্ন স্থানত বিক্ৰী কৰাৰ বাবে বন্দোৱস্ত কৰিছে । ইয়াৰ দ্বাৰা খেতিয়ক সকলে কম মূল্যত বেচিবলগীয়া হোৱা বা কিনোতাৰ অভাৱত শাক-পাচলি নষ্ট হৈ যোৱা ঘটনাৰ পুণৰাবৃত্তি নহ'ব বুলি আশা কৰা হৈছে ।
৫) যোৱা ২৩ মাৰ্চ তাৰিখে দুধনৈৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ বহু প্ৰতীক্ষিত ষষ্ঠদশ অধিৱেশন । সেই উপলক্ষে সমগ্ৰ গোৱালপাৰাবাসীৰ মাজতে উচাহ-উদ্দীপনা পৰিলক্ষিত হৈছে আৰু বৰ্তমানে 'জয় আই অসম' ধ্বনিৰে গুঞ্জৰিত হৈছে দুধনৈৰ আকাশ-বতাহ ।
৬) ছুপাৰ ব্ৰেইন কিডছ, অসমৰ উদ্যোগত আৰু ব্ৰেইনেন্স ইণ্ডিয়াৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে যোৱা ২১ আৰু ২২ মাৰ্চ তাৰিখে দিছপুৰত অনুষ্ঠিত হয় মগজুৰ ব্যৱহাৰৰ উন্নিতকৰণ সন্দৰ্ভত এটি কৰ্মশালা । এই কৰ্মশালাত ১৬ টি শিশুক প্ৰশিক্ষণ দিয়া হয় মগজুৰ মধ্য অংশক জাগৃত কৰি কিদৰে চকু বন্ধা অৱস্থাতে বস্তুৰ ৰং চিনিব পাৰি বা অন্য পঢ়া-শুনা বিষয়ত কিদৰে একাগ্ৰতা বঢ়াব পাৰি । অহা ৪ আৰু ৫ এপ্ৰিলত উদ্যোক্তাসকলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিব ।
৭) প্ৰায় ৮০০ ফুট ব্যাসাৰ্ধৰ এটা প্ৰকাণ্ড সৰুদৈয়া জাপি যোৱা দেৰ বছৰৰ অশেষ প্ৰচেষ্টাৰ বলত মৰিগাওঁ জিলাৰ ভুৰবন্ধা বিদ্যালয় খেলপথাৰত নিৰ্মাণ কৰি উলিয়াইছিল শিল্পী সুভাষ মেধিয়ে । 'ৱৰ্ল্ড এমেজিং ৰেকৰ্ড' আৰু 'ৱৰ্ল্ড ৰেকৰ্ড অৱ ইণ্ডিয়া' নামৰ দুটি সংস্থাই ইতিমধ্যে তেখেতৰ এই প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে মানপত্ৰ আৰু মেডেল প্ৰদান কৰিছে । ইয়াৰোপৰি এই অভিলেখ প্ৰত্যক্ষ কৰিবলৈ গীনিজ 'বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ' প্ৰতিনিধি দল এটাই অহা এপ্ৰিল মাহত ভুৰবন্ধালৈ আহিব ।
৮) ভাৰত চৰকাৰৰ ৰসায়ন আৰু পেট্ৰকেমিকেল বিভাগৰ অধীনস্থ 'চিপেট'(CIPET) নামৰ সংস্থাটোৰ ইম্ফলত অৱস্থিত কাৰ্যালায়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ নিয়োগৰ সুবিধা থকা কিছুমান পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ কাৰ্যসূচী ঘোষণা কৰিছে । এই প্ৰশিক্ষণৰ অন্তৰ্গত 'মেছিন অপাৰেছন' পাঠ্যক্ৰমৰ বাবে নিম্নতম অৰ্হতা হ'ল দশম শ্ৰেণী উত্তীৰ্ণ আৰু 'কম্পিউটাৰৰ যোগেৰে প্লাষ্টিক সামগ্ৰীৰ ডিজাইন' পাঠ্যক্ৰমৰ বাবে ন্যুনতম আই.টি.আই.উত্তীৰ্ণ হ'ব লাগিব । ছমহীয়া এই পাট্যক্ৰমটোৰ বাবে আৱেদন-পত্ৰ গ্ৰহণ কৰাৰ শেষ তাৰিখ হৈছে ৪ এপ্ৰিল। ইচ্ছুকসকলে ৯৮৬৪২৭৪১৫০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে ।
৯) স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সঁহাৰি জনাই ঠায়ে ঠায়ে ডাস্টবিন স্থাপন কৰা আৰু জাৱৰ-জোঁথৰ চাফা কৰাৰ বাবে ব্যৱহৃত কৰিবৰ বাবে কালি অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটীৰ পাইপলাইনৰ মু্খ্য কাৰ্যালয়ে তেখেতসকলৰ জনকল্যাণমূলক আঁচনিৰ অধীনত ২৫ লাখ টকাৰ চেক এখন গুৱাহাটী পৌৰ নিগমৰ হাতত তুলি দিয়ে ।
১০) কাজিৰঙাকে ধৰি অসমৰ বিভিন্ন বনাঞ্চলসমূহত সঘনাই হৈ থকা গঁড় হত্যাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সঠিক পদক্ষেপ ল'বৰ বাবে কালি ইং. ২৩ মাৰ্চ,২০১৫ তাৰিখে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত গঠিত হ'ল এটি প্ৰকৃতিপ্ৰেমী সংগঠন 'ছেভ ৰাইনো অৱ অসম' । এই সংগঠনত উপদেষ্টা হিচাপে বনমন্ত্ৰী এটোৱা মুণ্ডাক ৰখা হৈছে ।
-যুগুতালে অৰুণজ্যোতি দাসে
No comments:
Post a Comment