পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. ৰাজ্য চৰকাৰে অৱশেষত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে ৩০কোটি টকাৰ আবণ্টন দিছে। ধেমাজিৰ বিষ্ণুপুৰত এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে ঠিকা কামৰ আবণ্টন দিয়াৰ লগতে স্থানীয় বিধায়িকা তথা মন্ত্ৰী সুমিত্ৰা পাতিৰেও সেই স্থানত উপস্থিত হৈ এই কামৰ শুভাৰম্ভ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

২. ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ শাস্ত্ৰীয় সংগীতৰ বাদ্যযন্ত্ৰ শিতানৰ বিশেষজ্ঞ সমিতিৰ সন্মানীয় সদস্য হিচাপে নিৰ্বাচিত হৈছে অসমৰ বিশিষ্ট শিল্পী, প্ৰসিদ্ধ সৰোদবাদক তথা ষ্টেট বেংকৰ বিষয়া তৰুণ কলিতা। শাস্ত্ৰীয় সংগীতৰ প্ৰতি দেশৰ নৱ-প্ৰজন্মক আকৰ্ষণ কৰাৰ বাবে কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ে আগবঢ়োৱা জলপাণিৰ বাবে শিল্পী নিৰ্বাচনৰ গুৰুদায়িত্ব বহন কৰিব শাস্ত্ৰীয় সংগীতৰ বৃত্তি প্ৰদান বিশেষজ্ঞ সমিতিয়ে।

৩. গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ নীলিমা ভাগৱতীলৈ আগবঢ়োৱা হৈছে “অৰিয়িণ্টেল নেশ্বনেল এৱাৰ্ড”। যোৱা ১৪ মাৰ্চত বিহাৰৰ দাৰভাংগাস্থিত অৰিয়েণ্টেল কলেজ অৱ টীচাৰ এডুকেচনত হোৱা অনুষ্ঠানত শৈক্ষিক ক্ষেত্ৰলৈ ৩০বছৰীয়া অৱদানৰ স্বীকৃতি স্বৰূপেই এই বঁটা প্ৰদান কৰা হয়। 

৪. মৰাণৰ দিৰৈ-ৰাঙলীৰ প্ৰণৱ বড়ো ক্ষেত্ৰত অনুষ্ঠিত কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ অধিবেশনত ৰাজনৈতিক দল ৰূপে আত্মপ্ৰকাশ কৰাৰ কুচকাৱাজ দ্ৰুত কৰি তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কংগ্ৰেছ, বিজেপি, অগপ, এ.আই.ইউ.ডি.এফৰ কৱলৰ পৰা অসমক উদ্ধাৰ কৰিবলৈকে বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজন বুলি প্ৰকাশ কৰে অখিল গগৈয়ে। উল্লেখযোগ্য যে এই অধিবেশনলৈ লক্ষাধিক লোকৰ সমাৱেশ ঘটিছে বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৫. দেৰগাঁও ৰঙালী বিহু উদযাপন সমিতিয়ে ২০০৬চনৰে পৰা প্ৰদান কৰি অহা ডাঃ উপেন কাকতি বঁটা এইবাৰ কণ্ঠশিল্পী দীপেন বৰুৱালৈ আগবঢ়োৱা হৈছে। আনহাতে যশস্বী শিল্পী ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত ২০০৮চনৰে পৰা প্ৰদান কৰি অহা বঁটাটোৰ বাবে লোকগীতৰ শিল্পী তৰাৱতী বড়িক নিৰ্বাচন কৰা হৈছে। অহা ২৭ এপ্ৰিলত মহাৰজত জয়ন্তীবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ সন্ধিয়াতেই এই বঁটা প্ৰদান কৰা হব।

৬. শোণিতপুৰ জিলাত ঢেকীয়াজুলিৰ স্বেচ্ছাসেৱী সংস্থা শোণিপুৰ ধাত্ৰী সেৱা সমিতিয়ে সমাজৰ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে আলমা টাইমছ গোষ্ঠীয়ে এক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। যোৱা ২২ ফেব্ৰুৱাৰীত ইন্দোৰত এই বঁটা প্ৰদান কৰা হয়।

৭. নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা তিনিদিনীয়া উদ্যান শস্য মেলা আৰু প্ৰদৰ্শনীৰ পোন্ধৰ মাৰ্চত পৰিছে সফল সামৰণিৰ। দহটা কৃষি চক্ৰ, ছখন নাৰ্চাৰী, কৃষি বিজ্ঞান কেন্দ্ৰ, আদৰ্শ প্লাণ্ট প্ৰজেক্ট, জি এছ ইণ্ডাষ্ট্ৰিছ, গ্লিপ্মছ আদি সংস্থাই অংশগ্ৰহণ কৰে। বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু চন্দন নাৰ্ছাৰীলৈ শ্ৰেষ্ঠ নাৰ্ছাৰীৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

৮. ৰাজ্যৰ সাহিত্য, সংস্কৃতি, ক্ৰীড়া, সাংবাদিকতা আদিৰ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ৬৫ গৰাকী ব্যক্তিক কালি মাহেকীয়া বাতৰি কাকত মৰমলেণ্ড নিউজৰ প্ৰথম বাৰ্ষিক “মৰমলেণ্ড নিউজ বঁটা-২০১৫” প্ৰদান কৰা হয়। গুৱাহাটীৰ জিলা পুথিভঁৰালত হোৱা অনুষ্ঠানত এই বঁটা সমূহ প্ৰদান কৰাৰ সুখবৰ।

৯. সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মণিমাধৱ মহন্তৰ দুখনকৈ গ্ৰন্থ কালি উন্মোচিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আলোচনা গৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মহন্তৰ কবিতা সংকলন “এজাক ৰ’দ লাগে” আৰু “প্ৰজন্মঃ এক যাত্ৰা” শীৰ্ষক প্ৰৱন্ধ সংকলন উন্মোচন কৰে উপাচাৰ্য ডঃ মৃদুল হাজৰিকা আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া নাৰায়ণ কোঁৱৰে।

১০. বিশ্বকাপ ক্ৰিকেটৰ কোৱাটাৰ ফাইনেলত শ্ৰীলংকাৰ বিপক্ষে সহজ জয় সাব্যস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে দক্ষিণ আফ্ৰিকাই। শ্ৰীলংকাৰ ছাংগাকাৰা আৰু মহেলা জয়বৰ্ধনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বৰ্ণিল কেৰিয়াৰো এই খেলতে সমাপ্তিৰ কৰিলে ঘোষণা। আজিৰ কোৱাটাৰ ফাইনেলত ভাৰতে বাংলাদেশৰ সৈতে মুখামুখি ৰণত অৱতীৰ্ণ হৈছে।

No comments:

Post a Comment