পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১) 'ভোটাৰ পৰিচয়-পত্ৰ আৰু ‘আধাৰ কাৰ্ড’ৰ প্ৰয়োগেৰ জৰিয়তে চলিত বৰ্ষৰ ভিতৰত ভাৰতৰ ভোটাৰ তালিকাৰ পৰা নকল বা ভুৱা ভোটাৰৰ তথ্য নোহোৱা কৰা হ'ব। ‘বায়'মেত্ৰিক পদ্ধতি’ৰে ভোটাৰ তালিকা সম্পূৰ্ণৰূপে নিকা কৰি তোলা হ'ব। ভোটাৰ তালিকাত কোনো ভুৱা ভোটাৰ নথকা ভাৰত হ'ব বিশ্বৰ একমাত্ৰ দেশ।' এই মন্তব্য দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ।

২) অসমৰ লগতে উত্তৰ-পূবৰ ৫খন ৰাজ্যত অহা ২৫ আগষ্টৰ ভিতৰত আধৰুৱা হৈ থকা 'আধাৰ কাৰ্ড'ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য। যোৱা কালি নিজ জন্মঠাই কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ থুৰিবাৰীস্থিত নিজৰ জন্ম ঠাই পৰিদৰ্শন কৰাৰ সময়ত ঘোষণা কৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অসম সন্তান হৰিশংকৰ ব্ৰহ্মই। 

৩) সুদীৰ্ঘ কাল অপেক্ষাৰ অন্তত অৱশেষত যোৱাকালি দক্ষিণ অসমৰ বৰাক উপত্যাকাৰ সৈতে ব্ৰডগজ ৰেলৰ সংযোগ ঘটিল এখন বিশেষ ৰেলগাড়ীৰ জৰিয়তে। গুৱাহাটীৰ কামাখ্যাৰ পৰা যোৱা শনিবাৰে নিশা এঘাৰ বজাত শিলচৰ উদ্দেশ্যে ৰাওনা হোৱা এই বিশেষ পৰীক্ষামূলক ৰেলগাড়ীখন যোৱাকালি দুপৰীয়া শিলচৰত উপস্থিত হয়। 

৪) নগাঁও জিলাৰ বিশিষ্ট সাহিত্যক সুশীল বৰাৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে মহাপুৰুষ গোপাল দেৱ আৰু তেখেতৰ জীয়ৰী তথা অসমৰ প্ৰথম মহিলা কবি, গীতিকাৰ, সুৰকাৰ, পদ্মাপ্ৰিয়াৰ গীত সন্নিবিষ্ট আঠোটি গীতৰ এটা অডিঅ' চিডি উন্মোচন কৰা হয়। তৰালী শৰ্মা আৰু বিদ্যাসাগৰৰ লগতে বহুতো ন-পুৰণি শিল্পীয়ে গীত কেইটাত কন্ঠদান কৰিছে। 

৫) দেশৰ জেষ্ঠ বিজ্ঞানী তথা হাৰিয়ানাৰ গুৰগাঁওৰ 'নেশ্যনেল ব্ৰেইন ৰিছাৰ্চ চেন্টাৰ'ৰ অতিৰিক্ত অধ্যাপক ড৹ অনিৰ্বান বসুৰ ২৬ মাৰ্চত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিলৈ আগমন ঘটিব। সেইদিনা পুৱা ১১বজাত তেখেতে পূব কামৰূপ মহাবিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিদ্যা বিভাগৰ দ্বাৰা আয়োজিত 'Host Pathogen Interaction in Viral Encephalitis' শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব।

৬) মাজুলীৰ কমলাবাৰী সত্ৰৰ উদ্যোগত আৰু মাজুলী সাংস্কৃতিক দৃশ্যপট পৰিচালনা কৰ্তৃপক্ষৰ সংযোগত যোৱাকালিৰে পৰা মাজুলী মিলন সংঘৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ ব্ৰজাৱলী ভাষাৰ আলোচনা চক্ৰ অনু্ষ্ঠিত হৈ আছে। 

৭) অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পৰম্পৰাগত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগতে কাৰুশিল্পক এখন ভাল বজাৰ দিয়াৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ-পূৰ্ব ক্ষেত্ৰীয় সাংস্কৃতিক কেন্দ্ৰই এখন বিশেষ উৎপাদনমূলক মেলাৰ আয়োজন কৰিছগে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত 'শিল্পগ্ৰাম'ত। 

৮) ১৯৯১ চনত আৰম্ভ হোৱা 'বিশ্ব সাধুকথাৰ দিন' সমগ্ৰ বিশ্বৰ লগতে অসমত ২০০৯ চনত আৰম্ভ হয়। বিশ্ব সাধুকথাৰ দিনৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস ২৬মাৰ্চলৈ ইউনিচেফ (UNICEF)ৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ আছে। 

৯) সাহিত্য একাডেমী আৰু অসম নাট্য সন্মিলনৰ যৌথ উদ্যোগত অহা ২৯মাৰ্চত অসমৰ সুসন্তান প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ এশ বছৰীয়া জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্যিক সংগ্ৰহালয়ত এক আলোচনা চক্ৰ আয়োজন কৰিছে। আলোচনাৰ বিষয় হ'ব- লক্ষ্যধৰ চৌধুৰী আৰু তেওঁৰ সমকালীন নাট্যচৰ্চা'। দুলাল ৰয়ে মূল ভাষণ দিবা লগীয়া এই অনুষ্ঠানত সঞ্চালনা কৰিব ড৹ ৰমেশ পাঠক দেৱে। আলোচক হিচাপে ভাগ ল'ব- ড৹ অমৰজ্যোতি চৌধুৰী, অৰুণ শৰ্মা, ড৹ ৰমেশ পাঠক, ড৹ শৈলেন ভৰালী, ৰত্ন ওজা আৰু খগেন তালুকদাৰে। 

৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে তিনিদিনীয়াকৈ আয়োজন কৰা 'কমুনিকা-২০১৫' যোৱাকালি সামৰণি পৰে। অন্তিম দিনা 'কামৰূপীয়া ঢুলীয়া'ই এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে দীপক শৰ্মাৰ বাঁহীবাদন আৰু বশিষ্ঠ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ অনুষ্ঠানে সকলোকে মোহিত কৰি ৰাখে। 


১০) মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত গেৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে ২০মাৰ্চত অনুষ্ঠিত হয়। আজি এই অনুষ্ঠানৰ সামৰণী পৰ্ব চলি আছে।

No comments:

Post a Comment