“হু ইজ অসমীয়া বে?”
ঈশানজ্যোতি বৰা
আমাৰ জনপ্ৰতিনিধিসকলে অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে৷ মহানুভৱসকলৰ জাতি-প্ৰেম আৰু দায়িত্ববোধৰ দৃষ্টান্তই আমাৰ ওচৰৰে কেইজনমানৰ সচেতন মানুহৰ গা লৰালে ৷ সেয়ে সচেতন নাগৰিকসকল মিলি এঠাইত থূপ খালে, কেৱল আৰু কেৱল এটা উদ্দেশ্য সিদ্ধিৰ বাবে ৷ অসমীয়া প্ৰকৃততে কোন ? অসমত থকা মানুহখিনি অসমীয়া হয়নে? অসমীয়া ক’ব জনাখিনি অসমীয়া হয় নে? অসমীয়া ক’ব জানে; কিন্তু লিখিব বা পঢ়িব নাজানে ৷ সেইসকল অসমীয়া হ’বনে?
অসমতে থাকে, কিন্তু ভাষা-সাহিত্য-সংস্কৃতি খায় নে কাণতেই পিন্ধে একো নিচিনে৷ সেইসকল অসমীয়া হ’বনে, ইত্যাদি কেইবাটাও বিস্ফোৰক প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই সভাৰ আয়োজন ৷ যথাসময়ত সভাপতিয়ে ভাষণ আৰম্ভ কৰিলে- -“নমস্কাৰ শ্ৰদ্ধাভাজন ৰাইজ৷ আমি আজি ইয়াত উপৱিষ্ট হৈছোঁ ‘অসমীয়া’ৰ ডেফিনিশ্যন মানে স...স...সগা বিচাৰি....” “ধেইই !আৰম্ভণিতেই কেণা লাগিলেই ৷ সভাপতিৰ মুখত কথাই নুফুটে ৷”-সভাপতিৰ ভাষণৰ নমুনাই সভাপতিৰ কাষতে বহি থকা খাৰঘৰীয়াক যেন অস্থিৰ কৰি তুলিছে ৷
-হেৰা,সগা নহয় হে ৷ সংজ্ঞা, সংজ্ঞা !! –অধৈৰ্য হৈ খাৰঘৰীয়াই চিঞৰিলে ৷
-অ’হ ছৰি !৷ সংজ্ঞা বিচাৰি ৷ ক’ৰপৰা আৰম্ভ কৰোঁ এতিয়া ! হেৰি মজুমদাৰ আপুনি কি ভাবে এই বিষয়ে ?-সমুখতে বহি থকা মজুমদাৰলৈ আমি সকলোৱে চালে ৷ কি বা কয় মহাশয়ে !
-ভাবিবলৈ কিডাল আছে আৰু ! হাৰে ভাই, হ’ল লাইফ মই অসমত কটাইছোঁ ৷ খাইছোঁ অসমীয়া খাদ্য,পিন্ধিছোঁ অসমীয়া কাপোৰ,পাতিছোঁ ৰঙালী বিহু,কঙালী বিহু ৷ এইবাৰতো ভোগালী বিহুৰ লগত ৰঙালী বিহুটো ‘মিক্স’ কৰি এটা ইউনিক বিহুয়েই খালোঁ৷ গতিকে মই দেখদেখকৈ এজন খাঁটি অসমীয়া নহ’লো জানো ?-মজুমদাৰে যুক্তি দৰ্শালে৷
-হেৰি মজুমদাৰ, লাজ নালাগে নে গোকাট মিছা কথাবোৰ এইদৰে ৰাজহুৱাকৈ কৈ থাকিবলৈ ? আপোনাৰ ল’ৰা-ছোৱালীহালক দেখোন ইংৰাজী স্কুলতহে দিলে! সেইকেইটাই দেখোন অসমীয়াত ‘মা’ বুলিবই নাজানে ৷ –মজুমদাৰৰ বাওঁকাষে বহি থকা দাধৰাই মজুমদাৰক উভতি ধৰিলে ৷
-হমম কেচটো অলপ গণ্ডগোলীয়া দেখোন ! মজুমদাৰ আপুনি খন্তেক জিৰাওক ৷ আপোনাৰ ‘অসমীয়াত্ব’ৰ পিউৰিটিখিনি পাছত চেকনিৰে চেকি চাব লাগিব ৷ এইবাৰ ‘নেক্সট্’ কোনে ক’ব? গোঁহাইয়ে কওক-সভাপতিয়ে মজুমদাৰক বহিবলৈ নিৰ্দেশ জাৰী কৰি শেষৰ বেঞ্চত বহি থকা গোঁহাইক বক্তব্য ৰাখিবলৈ অনুমতি দিলে ৷
-গোঁহাইয়ে কি ক’ব নো ? সৌসিদিনাখন মাত্ৰ বিদেশৰ পৰা আহি অসম সোমাইছেহি ৷ যিটো মানুহৰ জন্ম বিদেশত,হাৱা-পানী বিদেশৰ,পত্নী বিদেশৰ-সেইজন কেনেকৈ অসমীয়া হ’ব পাৰে হে ? অসমৰ জিলা কেইখন কওকচোন৷
ত্ৰিভুৱন মহন্ত খঙাল সিংহ এটাৰ দৰে গৰজি উঠিল ৷ মাই ডিয়েৰ লেডিছ এণ্ড জেন্টলমেন, প্লিজ ডু নট মেক নয়চ৷-গোঁহাইয়ে কিবা এটা ক’বলৈ মুখখন মেলিছিল ৷ সেইয়া তেওঁৰ ভাষাও বিদেশী ৷ তেনেতে চুকত অকলশৰে বহি থকা বেজবৰুৱাৰ উপলুঙাসূচক কথাষাৰ শুনি তেওঁ পুনৰ চকিত বহি থাকিল ৷
-বেজবৰুৱা,আপুনিয়েই কওক অসমীয়া কোন?
-বেজবৰুৱাই কি ক’ব ! মই কৈছোঁ শুনক৷
-বেজবৰুৱাই তত্বগধুৰ বক্তব্য এটা দিয়াৰ মানসেৰে আসনৰ পৰা থিয় হৈ চোলাটো জাৰি-জোকাৰি প্ৰায় সাজু হৈছিলেই৷ তেনেতে পিছফালৰ পৰা অহা গহীন মাতটোৱে তেওঁৰ শুভযাত্ৰাত ব্যাঘাত জন্মালে ৷ বেজবৰুৱাৰ লগতে সকলোৱে পিছফালে ঘূৰি চালে,মানুহ এজন সম্ভ্ৰমেৰে আগুৱাই আহিছে ৷ ওঁঠৰ ফাঁকত বিড়ি এটা ৷
“হেৰৌ ! তই কেতিয়াৰপৰা অসমীয়া হ’লি ? কাঁটা তাৰ পাৰ হৈ অসমত দুদিনমান থাকিয়েই তই নিজকে অসমীয়া বুলি ক’ব পৰা হৈ গ’লি ! কোন ক’ত আছ এইটোক দেচোন দুপাতমান ৷ অসমৰ মাছ খাই ইয়াৰ তেল ফাটিছে ৷”-উগ্ৰসেন বুলি জনাজাত বীৰণে দত্তই চকু ৰঙা কৰি ঘোপাকৈ আগন্তুকৰ ফালে চালে৷
“মা কচম ! এইকেইজনৰ কথা শুনা ! তোমালোকৰ মানুহ এজন সেইদিনা মোৰ চিনাকি ল’বলৈ গৈছিল ৷ কিবা বোলে বিদেশী চিনাক্তকৰণ কৰিব৷ সিপিনে মোৰ গাত অকণো বিদেশীৰ চিন-চাব নাই ৷ তেওঁক মই বুজালোঁ-হেৰি ডাঙৰীয়া, কিমান সলসলীয়াকৈ মই অসমীয়া কৈ আছোঁ দেখা নাই ! আমাৰ পূৰ্বপুৰুষ এজন কোন কাহানিবাই দহ টকা এটা দি তাঁৰ পাৰ হৈ অসম সোমোৱাৰ কথাটো সঁচা ৷ মই তেখেতৰ ল’ৰাই ৷ কিন্তু এতিয়া চাওকচোন আপোনালোকৰ কৃপাতেই অসমীয়া ক’ব পৰা হ’লো,বিহুৰ দিনা লুংগী নাচ নাচিব পৰা হ’লো,ল’চালি কেইটাও লিপষ্টিক-কাজল নাচি যোৱা এক সপ্তাহ সংস্কৃতি বচায়েই আছে৷
বাকী খেতি কৰা, মাছৰ বেপাৰবোৰৰ কথা নকলোয়েইবা ৷ বুজিছে ডাঙৰীয়া আমি নহ’লে আপোনালোকে এতিয়া এটা ভৰিও ইফাল-সিফাল কৰিব নোৱাৰে৷ পান কাৰ্ড,আধাৰ কাৰ্ড,ৰেচন কাৰ্ড,ভোটাৰ কাৰ্ড-এইবোৰতো দেখিছেই এজ এ প্ৰুফ ৷ চ’ হোৱাতচ দা প্ৰবলেম !” বুজিছে ডাঙৰীয়াসকল, মোৰ অকাট্য যুক্তি শুনি তেওঁলোকে মোক বিদেশী বুলি চিনাক্ত নকৰি খাঁটি অসমীয়া বুলি চিনাক্ত কৰিলে৷ আৰু তেতিয়াৰপৰাই মইয়ো আপোনালোকৰ মাজৰে এজন অসমীয়া হৈ পৰিলোঁ৷ এতিয়া কওকচোন, হু ইজ অসমীয়া?” সভাপতি, মজুমদাৰ, দাধৰা, বেজবৰুৱাই চকু বহল কৰি ‘অসমীয়া’জনলৈ চোৱাত লাগিল ৷ যেন মানুহজন ‘মানুহ’ নহৈ দিনতে দেখা দিয়া ভূতহে......
No comments:
Post a Comment