পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. টাইমছ-জব.কম তথা ৰি-ইউনাইট ডাটাৰ শেহতীয়া সমীক্ষাত উত্তৰ-পূৰ্বাঞ্চলত চাকৰি সৃষ্টিৰ বিকাশৰ হাৰ বিভিন্ন ক্ষেত্ৰত ৫-৩০ শতাংশ বুলি প্ৰকাশ পাইছে। তাৰ বিপৰীতে মেট্ৰ’ চহৰ সমূহত এই বিকাশৰ হাৰ মুঠেই দুই শতাংশ বুলিও তথ্য প্ৰকাশ পাইছে। উত্তৰ-পূৱৰ ৰাজ্য কেইখনত গঢ়ি উঠা সুষম যোগাযোগ, টেলিকমিউনিকেশ্বন, মটৰ গাড়ীৰ ব্যৱসায়, তথ্য-প্ৰযুক্তি, উপভোগ্য সামগ্ৰী আৰু বিশেষকৈ বিত্তীয়খণ্ডত নতুন নতুন কোম্পানীৰ আগমনে অঞ্চলটোত চাকৰিৰ প্ৰচুৰ সুযোগৰ সৃষ্টি কৰিছে। নিকট ভৱিষ্যতে দেশৰ তথ্য-প্ৰযুক্তি সেৱাখণ্ডৰ হাব’ হিচাবে পৰিগণিত হব বুলিও সমীক্ষাত আশাপ্ৰদ ইংগিত উজ্বলি উঠিছে। কানাডাই উত্তৰ-পূৱত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সেই উদ্দেশ্যি কানাডাৰ উচ্চায়ুক্ত নাডিৰ পেটেলে দুগৰাকী উদ্যোগপতি মুকুণ্ড পুৰোহিত আৰু বিক্ৰম খুৰানাৰ সৈতে ড’নাৰ মন্ত্ৰীক সাক্ষাত কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

২. অসমত নতুন ৰাজনৈতিক শক্তি হিচাবে আত্মপ্ৰকাশ কৰাৰ লক্ষ্যৰে আজিৰে পৰা মৰাণৰ দিৰৈ ৰাঙলীৰ দিচাও-বটুৱা খেলপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশন। অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভৱিষ্যত নিৰ্ধাৰণত এই অধিবেশন অতি গুৰুত্বপূৰ্ণ হব বুলি শিৱসাগৰত সংবাদমেলত কালি ঘোষণা কৰিলে অখিল গগৈয়ে। অধিবেশনত মুখ্য অতিথি ৰূপে আন্না হাজাৰেই আৰু সাংস্কৃতিক অনুষ্ঠানত শিল্পী নচিকেতাই অংশ লব বুলিও বাতৰি প্ৰকাশ পাইছে।

৩. ভাৰতীয় ষ্টেট বেংকে মিৰ্জাৰ মণিয়াৰি তিনিআলিত বিশেষ অৰ্থনৈতিক সাক্ষৰতা আৰু ঋণ সজাগতা শিবিৰ অনুষ্ঠিত কৰে। মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুম্বাইৰ কৰ্পৰেট কেন্দ্ৰৰ উপ-পৰিচালন সঞ্চালক ডঃ এম জি বৈদ্যই। উপায়ুক্ত ডঃ জে বালাজী বিশিষ্ট অতিথি হিচাপে উপস্থিত তখা অনুষ্ঠানটোতে দহ কোটি টকাৰ ঋণ হিতাধিকাৰী সকলক মোকোলাই দিয়ে। এই ঋণৰ ভিতৰত ২৩খন ট্ৰেক্টৰ, পাঁচখন ট্ৰাক, ৫০ গৰাকী পিএমইজিপি হিতাধিকাৰী আৰু দুটাকৈ পেট্ৰ’ল পাম্পৰ বাবে ঋণো আছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত উপযুক্ত কৃষক সকললৈ ঋণ প্ৰদানৰ বাবে ষ্টেট বেংক দ্বায়বদ্ধ বুলি ডঃ বৈদ্যই নিজৰ ভাষণত প্ৰকাশ কৰে।

৪. বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু বিশিষ্ট নৃত্যাংগনা কৃষ্ণা দাস নাথৰ নেতৃত্বত অহা ২৯ মাৰ্চত মুম্বাইৰ আন্ধেৰীস্থিত বিখ্যাত এছপিচিই সাংস্কৃতিক কেন্দ্ৰত ডঃ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিক গীত আৰু নৃত্যৰে সজাই তুলিব তেজপুৰৰ কৰুণাময়ী কলা নিকেতনৰ ৩৪জনীয়া এটি শিল্পীৰ দলে। গীত কেইটিৰ সৃষ্টিৰ অন্তৰালৰ কাহিনী আৰু ভূপেনদাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ গজালি মেলা তেজপুৰৰ ইতিহাসো প্ৰজেক্টৰৰ জৰিয়তে উপস্থাপন কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৫. সোণাপুৰৰ জনগোষ্ঠীয় লোক সকলৰ মাজত বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিলে কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্বন ফ’ৰাম আৰু গ্ৰাহক সুৰক্ষা সংস্থা, গুৱাহাটীয়ে। ডিমৰীয়া আঞ্চলিক পঞ্চায়ত ভৱনত গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ প্ৰদত্ত অধিকাৰ সমূহৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় হাজৰিকাই।

৬. নুমলীগড় শোধনাগাৰে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ পৰা কোক উতপাদন আৰু পেট্ৰ’লিয়াম শোধন খণ্ডৰ বাবে “ক” শাখাত ২০১৪ চনৰ সন্মানীয় সৰ্বশ্ৰেষ্ঠ সুৰক্ষা পুৰস্কাৰৰ স্বৰ্ণ ট্ৰফী লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। দিল্লীত হোৱা এক অনুষ্ঠানত শোধনাগাৰ সুৰক্ষা পৰিচালন প্ৰক্ৰিয়াত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী বন্দৰু দত্তট্ৰেৱাই।

৭. আছু সহ অসমৰ ২৬টা সংগঠনে অসমীয়াৰ সংজ্ঞা আৰু সাংবিধানিক সুৰক্ষাৰ বাবে “খিলঞ্জীয়া” বিষয়ক স্পষ্ট কৰিলে মতামত। ১৯৫১চনৰ নাগৰিকপঞ্জীত নাম থকা সকলোৱেই অসমীয়া আৰু খিলঞ্জীয়া অসমীয়াই সাংবিধানিক ৰক্ষা কৱচ পাবই লাগিব বুলিও সংগঠনকেইটাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে।

৮. অসমত হৈ থকা অবিৰত গঁড় হত্যাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ সাংসদসকলো। সংসদৰ চলিত অধিবেশনতে বন মন্ত্ৰীয়ে এনে চোৰাং চিকাৰ ৰোধৰ বাবে বন্যপ্ৰাণী সংৰক্ষণ আইনৰ সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিব বুলি সদনক জানিবলৈ দিছে। গঁড় নিৰাপত্তা বাহিনী নিয়োগ তথা বনকৰ্মীক উন্নত সা-সুবিধা প্ৰদান কৰাৰ কথাও মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে সদনক কালি জানিবলৈ দিয়ে।

৯. পোন প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰই প্ৰতিপালন কৰা দুটা গঁড়ক গতিবিধি নিৰীক্ষণ কৰিব পৰাকৈ ৰেডিঅ’ কলাৰ সংযোগ কৰি কাজিৰঙাত মুকলি কৰি দিয়াৰ সুখবৰ। বানপানীৰ সময়ত উদ্ধাৰ হোৱা গঁড় দুটা সীমিত পৰিবেশত অতি কম বয়সৰ পৰা ডাঙৰ হোৱা বাবেই মুকলি ঠাইত বসবাসত কেনেদৰে বসবাস কৰে তাক নিৰীক্ষণ কৰিবলৈকে এই ৰেডিঅ’ কলাৰ পদ্ধতিৰ অৱলম্বন কৰা হোৱা বুলিও জানিব পৰা গৈছে।

১০. অসমৰ শিক্ষাকৰ্মী, কমিউনিটী ভলণ্টিয়াক সকলৰ চাকৰি স্থায়ী কৰা হব বুলি শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে প্ৰকাশ কৰিচে। সৰ্বশিক্ষা-১ আৰু বিকলাংগ স্বেচ্ছাসেৱকৰ ক্ষেত্ৰতো একে সিদ্ধান্ত লব বুলিও আশাপ্ৰদ খবৰ তেখেতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment