আজিৰ ভাল খৱৰবোৰ
১) দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ-শাস্ত্ৰ বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে 'উত্তৰ-পূৱ অধ্যয়ন'(North East Studies Programme) নামৰ এটা বিশেষ বিষয়। এই পাঠ্যক্ৰমত উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক, ভৌগোলিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনক ভাৰতবৰ্ষৰ লগতে আন্ত:ৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে । পাঠ্যক্ৰমটোৰ অন্তৰ্ভূক্তিৰ বাবে দিল্লী বিশ্ববিদ্যালয়ে বহু গৱেষণা আৰু অধ্যয়ন কৰিব লগীয়া হৈছিল । দিল্লী প্ৰশাসন, দিল্লী আৰক্ষী আৰু শৈক্ষিক সমাজৰ উমৈহতীয়া এই প্ৰচেষ্টাক সুধীসমাজে আদৰণি জনাইছে।
২) বিশেষ অৱদান আগবঢ়াই যোৱা অসমীয়া সমাজ-জীৱনৰ উল্লেখনীয় নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু অমলপ্ৰভা দাসৰ স্মৃতিত সমাজহিতৈষী নাৰীৰ প্ৰতি অসম চৰকাৰে আগবঢ়াই অহা ২০১০ বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা ডঃ সুখ বৰুৱা আৰু মিনাক্ষী ভূঞাঁই লৈ যুটীয়া ভাৱে আগবঢ়োৱা হৈছে। ২০১৩ বৰ্ষৰ অমলপ্ৰভা দাস বঁটা লাভ কৰিছে ক্ৰমান্বয়ে এলি আহমেদ আৰু মিলাদৈ মেলকে। এই বঁটা কাইলৈ ৰবীন্দ্ৰ ভৱনত এক অনুষ্ঠানত অসমৰ সাস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে প্ৰদান কৰিব ।
৩) কলিয়াবৰত অনুষ্ঠিত সাহিত্য সভাৰ অধিবেশনত প্ৰদৰ্শিত হোৱা শ্ৰীমন্ত শংকৰদেৱৰ 'গুণমালা' পুথিভাগ আশী ফুট দৈৰ্ঘ্যৰ মুগা কাপোৰত বৈ উলিয়াইছিল মৰাণৰ অভয়পুৰীয়াৰ হেমপ্ৰভা চুতীয়াই। হেমপ্ৰভাৰ এই সাফল্যৰ প্ৰতি স্বীকৃতি জনাই অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে আৰু পুথিভাগ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰাৰ দিহা কৰিছে।
৪) ১৪ বছৰ বা তাৰ তলৰ শিশুসকলৰ ৰক্তজনিত ৰোগ আৰু থেলাছেমিয়াত আক্ৰান্ত শিশুসকলৰ বাবে অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অহা ৭ মাৰ্চ তাৰিখে আয়োজন কৰিছে বিশেষ চিকিৎসা শিবিৰৰ । অধিক তথ্য আৰু পঞ্জীয়নৰ বাবে উদ্যোক্তাসকলক ৭৮৯৬৬৭৬৭৬৩ নম্বৰত যোগাযোগ কৰিব পৰা যাব ।
৫) ১২ টা হিন্দু বাঙালী সন্থাৰ ঐক্য মঞ্চ 'ভাৰতীয় লোকমঞ্চ'ৰ এটা প্ৰতিনিধি দলে দিল্লীত কেন্দ্ৰ চৰকাৰৰ বিষয়ববীয়া সকলক লগ ধৰিছে আৰু চৰকাৰে হিন্দু বাঙালী সকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত বিচাৰ-বিবেচনা কৰি আছে বুলিও প্ৰতিনিধি দলটোৱে জানিব পাৰিছে ।
৬) গুৱাহাটী দূৰদৰ্শনে এই মাহৰ ১৬ তাৰিখে বিয়লি ৩.৩০ বজাৰ অনুষ্ঠানত বিশিষ্ট অভিনেতা আদিল হুছেইনৰ লগত হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব । অন্যহাতে, ৬ আৰু ১৩ তাৰিখে বিয়লি ৩.৩০ বজাত মাহটোৰ অতিথি শিতানত কথা বতৰা হ'ব বিশিষ্ট সাহিত্যিক গৱেষক ড০ প্ৰফুল্ল মহন্তৰে সৈতে ।
৭) দিল্লীস্থ 'নেশ্যনেল স্কুল অৱ ড্ৰামা' নামৰ খ্যাতনামা অভিনয় শিক্ষানুষ্ঠানটোৰ অহা ২০ জুলাইৰ পৰা হ'বলগীয়া এবছৰীয়া আৱাসিক পাঠ্যক্ৰমৰ বাবে উপযোক্ত প্ৰাৰ্থীসকলৰপৰা আৱেদন-পত্ৰ বিচৰা হৈছে। প্ৰাৰ্থী নিম্নতম উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ , ৩০ বছৰৰ তলৰ বয়সৰ আৰু হিন্দী তথা ইংৰাজী ভাষা জনা হ'ব লাগিব । সৱিশেষ পাব www.nsd.gov.in ৱেবচাইটত।
৮) অহা ৪ মাৰ্চ তাৰিখৰ পৰা পাঁচদিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা হৈছে বৰপেটা দৌল মহোৎসৱ । এই উপলক্ষে সত্ৰনগৰী বৰপেটাত উৎসৱ-মুখৰ পৰিৱেশে বিৰাজ কৰিছে ।
৯) শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উদযাপিত হ'বলগীয়া দৌল উৎসৱ উপলক্ষে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত থান প্ৰাংগন আৰু নগাওঁ চহৰত অৱস্থিত তোৰণসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবৰ বাবে কালি সমূহীয়াভাৱে ৰাইজে শ্ৰমদান কৰে ।
১০) লক্ষিমপুৰৰ গহপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম কলাবাৰী গাওঁ পঞ্চায়তৰ আউনীবাৰী ৰাইজৰ গঞাঁই চৰকাৰৰ কামৰ বাবে হাত সাৱতি বহি নাথাকি নিজা দান -বৰঙনি আৰু শ্ৰমদানেৰে বৰনৈৰ ওপৰত থকা প্ৰায় দুই কিলোমিটাৰ জুৰি থকা ছিগা বান্ধটো মেৰামতি কৰি লয়। অঞ্চলটোৰ ৰাইজৰ এনে সৎ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।
-যুগুতালে অৰুণজ্যোতি দাসে
No comments:
Post a Comment