সামাজিক সমস্যাৰ সমাধান সূত্ৰৰে
"আজৰি পৰৰ গদ্য"
"আজৰি পৰৰ গদ্য"
চৰিফুল ইছলাম

লেখাবোৰত বিভিন্ন বিষয়ৰ লগতে মানুহ বিষয়ক মৌলিক কিছু মতামতো আছে। লেখকে কৈশোৰৰ জটিলতা আৰু সংঘাত, পিতৃ মাতৃৰ সৈতে সন্তানৰ পৱিত্ৰ সম্পৰ্কৰ অৱক্ষয়, নিচাসক্তিৰ ভয়াবহতা, ডিপ্ৰেছন বা গভীৰ দুখানুভূতিৰ পৰা মুক্তিৰ উপায়, ফেচবুক – টুইটাৰে সমাজত সৃষ্টি কৰা বেমেজালি, বৃদ্ধকালত সন্মুখীন হোৱা নি:সঙ্গতা আৰু একাকী জীৱনৰ বেদনা, ঘৰুৱা হিংসাৰ বলি নাৰীৰ বেদনা, সাফল্যৰ স্বৰ্ণ শিখৰত উপনীত হোৱা মানুহৰ আত্মহত্যাৰ বাসনা আদিৰ দৰে স্পৰ্শকাতৰ বিষয়ত মতামত যুক্তিসহকাৰে পাঠকে বুজিব পৰাকৈ দাঙি ধৰিছে।
সেইদৰে সামাজিক আৰু ৰাজনৈতিক দুৰ্নীতি, কৰ্মস্থানত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সলনি হৈ থকাৰ আঁৰৰ কথা, শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ভৱিষ্যৎ, ভুৱা বিত্তীয় প্ৰতিস্থানৰ লুণ্ঠনৰ কাৰচাজি, হালধীয়া সাংবাদিকতা আৰু টেলিভিচন চেনেলৰ দৌৰাত্ম্য আদি বিভিন্ন প্ৰয়োজনীয় বিষয়ত লেখকে মনোগ্ৰাহী ৰচনা লিখিছে। বিহুমঞ্চত হিন্দী গীত, কৰ্মদক্ষ বিদেশী নাগৰিকৰ অসমীয়া মানুহৰ জীৱিকা অধিগ্ৰহণ আদি বিবদমান বিষয়তো লেখকে নিজৰ মতামত ব্যক্ত কৰিছে।
দীপাংকৰ মল্ল বৰুৱাৰ ৰচনাশৈলীৰ প্ৰতিটোৱেই চিন্তা উদ্ৰেককাৰী তথা সবল যুক্তিসমৃদ্ধ। বিশিষ্ট বুদ্ধিজীৱি তথা সাহিত্যিক হোমেন বৰগোহাঞিয়ে বৰুৱাক অসমৰ এজন বিশিষ্ট চিন্তাশীল লেখক হিচাপে স্বীকৃতি দিয়াই নহয়, লেখক হিচাপে যে তেওঁৰ এটা উজ্জ্বল ভৱিষ্যৎ আছে তাকো স্বীকাৰ কৰিছে। ভাবৰ গভীৰতা, মানৱ জীৱনৰ প্ৰতি সচেতনতা আৰু সময়সাপেক্ষ বিষয়বস্তু সংযোজনৰ বাবে ‘আজৰি পৰৰ গদ্য’ই পাঠকৰ দ্বাৰা সমাদৃত হ’ব বুলি আমাৰ গভীৰ বিশ্বাস জন্মিছে। বৌদ্ধিক মহলতো গ্ৰন্থখনে আলোড়নৰ সৃষ্টি কৰিব বুলি ধাৰণা হয়। গ্ৰন্থখনত সন্নিবিষ্ট আটাইবোৰ লেখাই বৰ্তমান সমাজৰ প্ৰেক্ষাপটত বিশেষভাৱে গুৰুত্বপূৰ্ণ।
No comments:
Post a Comment