হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. অশিক্ষিত অসমীয়াৰ বাবে মহাগুৰু সুবুস্বামীৰ আশ্ৰমত বিশেষ জ্ঞানদান শিবিৰৰ আয়োজন কৰা হৈছে। সেই শিবিৰত ধৰ্ম ভেটিত ঘৃণাৰ খেতি কৰাৰ এশ এটা উপায়ৰ বিশেষ প্ৰশিক্ষণ দিয়া হব বুলিও জানিব পৰা গৈছে। সিদ্ধাৰ্থ বুদ্ধ ভট্টলৈ এই কৰ্ছৰ বাবে বিশেষ নিমন্ত্ৰণী পঠোৱা হৈছে বুলিও আশ্ৰমৰ ফালৰ পৰা টুইটাৰযোগে প্ৰকাশ কৰিছে। 

২. শ্ৰমিক কল্যাণৰ নামত অহা ৩০০কোটি টকাৰ এটকাও খৰছ নকৰি অভিলেখ গঢ়িলে গগৈ চৰকাৰে। মালিকবোৰৰ কল্যাণ কৰিয়ে আহৰি নোপোৱা বাবেই শ্ৰমিক সকলৰ কল্যাণ কৰিব নোৱাৰা বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে। লগতে কল্যাণকাৰী কামত ধনৰ অপচয় ৰোধ কৰাৰ বাবে দিল্লীৰ চতুৰ চৰকাৰেও গগৈৰ গুণবখানি এতিয়া টুইট কৰিব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে। 

৩. দুধনৈৰ পাৰত বুঢ়াভকত ছাত্ৰ সংস্থাৰ অধিবেশন অনুষ্ঠিত কৰিবলৈ লোৱা বুলি খবৰ ওলাইছে। পিছে বয়সে ভাটি দিলেও বুঢ়াভকত সকলে ৰিটায়াৰ লবনে নতুন টায়াৰ লগাই আৰু কিছুদিন খীৰতি গাইৰ বেপাৰত বলেৰ’ গাড়ীত ঘূৰিব তাকে লৈ এতিয়া হিৰো ইয়ঙেও ভৱিষ্যতবাণী কৰিবলৈ অমান্তি হৈছে বুলিও গুজৱ ওলাইছে।

৪. হাতী পাৰ্টিৰ মঞ্চত পুনৰ “সভাপতি-সভাপতি” নামৰ নৃত্য নাটিকাখন আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। সৰুকন তুলতুল বৰাই মনপ্ৰফুল্ল মহন্তক গাদীখন লৈ এতিয়া চৌঠেঙীয়া কৰাৰ খবৰেও পাইজে গুজৱ নিউজত সংবাদ শিৰোনামত স্থান। মায়েঙৰ বেজেহে যদি তুলতুলৰ পৰা সভাপতিৰ গাদী মনপ্ৰফুল্লক দিব পাৰে বুলিও খাৰখোৱা পৰ্যবেক্ষক চৌধুৰীয়ে মত প্ৰকাশ কৰিছে।

৫. ভূমিকাইৰ ফাৰ্ম হাউচত উপস্থিত হৈ গুঞ্জন দত্তই ভতিজা বৰ্মনক টিকট দিব বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। ৰজাৰ পুতেকক ৰজা পতাটোৱেই হাতোৰা পাৰ্টিৰ গণতান্ত্ৰিক পৰম্পৰা বুলি স্পষ্ট কৰি দিলে গুঞ্জন দত্তই। সাধাৰণ মানুহে ৰজা হোৱাৰ সপোন দেখাতকৈ লেমটৌ, তোষামোদকাৰী আদি পদৰ বাবে আবেদন কৰিয়েই সন্তোষ পাবলৈকো তেখেতে আহ্বান জনায়। 

৬. অভয়াপুৰী চিত্ৰগৃহত সিদিনা অসমৰ ৰাইজৰ বাবে মুক্তি দিয়া হয় “য়ে দোস্তী(খাৰখোৱা সংস্কৰণ)”। বুলেটত উঠি প্ৰফুল্ল মনেৰে পদ্মৰ সৈতে গোৱা মিলন সংগীত উপভোগ কৰি ৰাইজেও সন্তোষ পোৱা বুলি চিত্ৰসমালোচকে মত প্ৰকাশ কৰিছে। এই ছবিখনেই হাতী চিনেমা প্ৰডাকচনলৈ সুদিন কঢ়িয়াই আনিব পাৰিব বুলিও গণক শৰ্মাই মঙল চাই মত প্ৰকাশ কৰিছে।

৭. কৃষককান্ত গগৈয়ে এইবাৰ ৰাজনৈতিক দোকান উন্মোচনৰ বাবে দিনবাৰ ঠিক কৰিছে। দোকানৰ নাম, উন্মোচনীৰ সময়, বিক্ৰী বাৰ্তাৰ বাবে বস্তু আনি সকলো ৰেডি কৰাৰ পাছতো কিন্তু মিটিঙত ভীষণ আলোচনা হব, ৰাইজে মত দিলেহে দোকান খুলিব ধৰণৰ আগতীয়া ফটকা আদি ফুটাই থকা বুলিও খবৰ ওলাইছে। সকলো নিজে স্থিৰ কৰে, প্ৰতিবাদ কৰিলেই ক্লাৱৰ পৰা উলিয়াই দিয়া বুলি বদনাম গগৈয়ে অনাগত দিনত কেনে দোকানদাৰ হিচাবে পৰিগণিত হয়, সেয়া লক্ষণীয় হব বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে। 

৮. “নহৰুলৰ দেশী ৰান্ধনী” নামৰ নাটক এখন প্ৰযোজনা কৰিবলৈ ওলাইছে কইনাধৰা প্ৰডাকচনে। মায়ঙৰ বেজৰ হতুৱাই নিশ্চিত হোৱাৰ পাছতে ৰসাল গগৈয়ে এই নাটকখনৰ চিত্ৰনাট্য চূড়ান্ত কৰা বুলিও জানিব পৰা গৈছে।

৯. পাঠ্যক্ৰমৰ বহিৰ্ভূত প্ৰশ্ন কাটি অভিলেখ গঢ়িলে অসমৰ উচ্চ শিক্ষা পৰীক্ষা পতা বিভাগে। এতিয়াৰ পৰা শাস্তিমূলক হিচাবে তেওঁলোকৰ পুত্ৰ-কন্যাৰ বহী বিতৰ্কিত স্বাধ্বী বাইদেউ সকলৰ দ্বাৰা পৰীক্ষা কৰাবলৈ দাবী তুলিলে সদৌ অসম ভুক্তভোগী শিক্ষাৰ্থী সংঘই। 

১০. সদৌ অসম চোৰাং বনজ সম্পদ ব্যৱসায়ী সংঘই সঘন মন্ত্ৰী বদলিৰ প্ৰসংগত চু্প্ৰিম কৰ্টলৈ যাব বুলি ঘোষণা কৰিছে। তেওঁলোকৰো পা-পৰিয়াল থকা বুলি উল্লেখ কৰি বাৰে বাৰে কমিচনৰ অংক মিলাই থাকিব লাগিলে ব্যৱসায় কেতিয়া কৰিব বুলি জনহিতকৰ আবেদন লৈ ন্যায়ালয়ত মানৱ-অধিকাৰ হননৰ অভিযোগ দিবৰ বাবেও যো-জা কৰা বুলি চোৰাং সূত্ৰত প্ৰকাশ পাইছে।

No comments:

Post a Comment