পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত কালি মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচনে পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ আৰু ৰামনাথ বিশ্বাস স্মৃতি সাহিত্য বঁটা প্ৰদান কৰে ক্ৰমে অসমীয়া কবি ভবেন বৰুৱা আৰু বাংলা ভাষাৰ কৰিব শ্যামলকান্তি দাশক। এই বঁটাত অৰ্থমূল্য ৫১হাজাৰ টকাৰ লগতে মানপত্ৰ, সন্মান-স্মাৰক আৰু বিশেষ মুগাৰ বস্ত্ৰ প্ৰদান কৰা হয়।


২. লণ্ডনৰ পাৰ্লিয়ামেণ্ট স্কোৱাৰত মহাত্মা গান্ধীৰ এটি ব্ৰঞ্জৰ মূৰ্তি কালি উন্মোচন কৰা হয়। এই প্ৰতিমূৰ্তি ৱিনষ্টন চাৰ্চিল আৰু নেলচন মেণ্ডেলাৰ প্ৰতিমূৰ্তিৰ কাষতে স্থাপন কৰা হৈছে।এই সন্মান পোৱা তেখেতেই একমাত্ৰ ভাৰতীয় আৰু কোনো চৰকাৰী পদবী গ্ৰহণ নকৰা অথচ এনে প্ৰতিমূৰ্তি স্থাপিত হোৱা বিশ্বৰ একমাত্ৰ ব্যক্তি।

৩. সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন কালিৰে পৰা বিলাসীপাৰাৰ বাঙালীপাৰাৰ হাই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হৈছে। পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভৰ কৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি চহিৰ ভূঞাই।

৪. গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট ভাষাবিদ ডঃ দীপাংকৰ মৰলৰ সপ্তম মৃত্যু-বাৰ্ষিকী উপলক্ষে বিভাগটোৱে যোৱা ২৮ ফেব্ৰুৱাৰীত এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বিভাগটোৰ মূৰব্বী ডঃ দীপ্তি ফুকন পাটগিৰীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত মূল বক্তৃতা প্ৰদান কৰে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অজিত কুমাৰ বৈশ্যই।

৫.সংগীত নাটক অকাডেমীৰ উত্তৰ-পূৱৰ মাণ্ডলিক কাৰ্যালয় স্থানান্তৰিত হব বুলি বাতৰি-কাকতত প্ৰকাশিত বাতৰিৰ প্ৰসংগত এই স্থিতি স্পষ্ট কৰিছে অসমৰ সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈয়ে। এই কেন্দ্ৰ স্থানান্তৰিত নহয় আৰু ই গুৱাহাটীতে থাকিব বুলিও কেন্দ্ৰই জনোৱা বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে।

৬. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চতুৰ্থ বাৰ্ষিক মৰাণ অধিবেশনত অহা ২০মাৰ্চত ঘোষণা কৰা হব ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত। এই দলৰ নাম “সংগ্ৰামী ৰাজনৈতিক দল” হব বুলিও সংবাদ পত্ৰই প্ৰকাশ কৰিছে। এই অধিবেশনত প্ৰখ্যাত শিল্পী নচিকেতায়ো সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশনৰ বাবে আহিব বুলিও প্ৰকাশ পাইছে।

৭. কামৰূপ-কমতাৰ ঐতিহ্য সুঁৱৰি সম্প্ৰীতিৰ সেতুবন্ধ ২০১৫ শীৰ্ষক কাৰ্যসূচী কালিৰে পৰা অনুষ্ঠিত কৰিছে অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিমবেলাৰ স্মৃতি বিজড়িত ধুবুৰী জিলাৰ শ্ৰীশ্ৰী ৰামৰায়কুঠী সত্ৰৰ নৰনাৰায়ণ ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই সমন্বয়ৰ বিশেষ অনুষ্ঠান। 

৮. জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ নাম ভূমিকাত অভিনয় তথা গীত সমৃদ্ধ ছবি “গানে কি আনে” ছবিৰ গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত উন্মোচন কৰে প্ৰবীণ অভিনেতা নিপন গোস্বামীয়ে। মুম্বাইৰ প্ৰযোজক ৰাজেশ ৰাজপাল, অসমৰ গৌতম চক্ৰৱৰ্তী, সুনিল গগৈ আৰু জুবিন গাৰ্গৰ প্ৰচেষ্টাত নিৰ্মিত ছবিখনত ৭টাকৈ গীত সন্নিবিষ্ট হৈছে আৰু জুবিনৰ জীৱনৰ সৈতে সাদৃশ্য থকা কাহিনীৰে ছবিখন অচিৰেই মুক্তি লাভ কৰিব বুলিও জানিব পৰা গৈছে।

৯. ৰমন পৰিঘটনাৰ সোঁৱৰণত ভাৰতত পালিত হোৱা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠানত নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে দুগৰাকী অসমীয়াই। ডঃ ৰমেশ চন্দ্ৰ গোস্বামী আৰু অভিজিত শৰ্মা বৰুৱাক বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা দেশৰ কেইবাগৰাকী প্ৰখ্যাত বিজ্ঞান কৰ্মীৰ সৈতে প্ৰদান কৰা হয়। এক লাখ টকাৰ চেক আৰু অভিনন্দন পত্ৰ সহ এই বঁটা আগবঢ়ায় ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে।

১০. কালি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বাবে ১১৩৪ গৰাকী চিকিতসক আৰু চিকিতসা কৰ্মীক নিযুক্তি পত্ৰ আনুষ্ঠানিকতাৰে প্ৰদান কৰে। ইয়াৰে ভিতৰত ১৬২ গৰাকী চিকিতসক, ৪৩গৰাকী দন্ত চিকিতসক, ৭৬৫ গৰাকী ষ্টাফ নাৰ্ছ, ১৪২ গৰাকী লেব’ৰেটৰী টেকনিচিয়ান আৰু ৫গৰাকী স্পীচ থেৰাপিষ্ট, ৫গৰাকী মনোৰোগ বিশেষজ্ঞ আৰু ১১ গৰাকী জিলা কাৰ্যসূচী সমন্বয়কৰ নিযুক্তি প্ৰদান কৰি স্বাস্থ্য সেৱা উন্নীতকৰণৰ প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment