চিন্তনঃ দেশী অভিভাৱকৰ বিদেশী সন্তান :: ডাঃ নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ দেশী অভিভাৱকৰ বিদেশী সন্তান  :: ডাঃ নভনীল বৰুৱা

চিন্তনঃ দেশী অভিভাৱকৰ বিদেশী সন্তান :: ডাঃ নভনীল বৰুৱা

Share This
দেশী অভিভাৱকৰ বিদেশী সন্তান
ডাঃ নভনীল বৰুৱা
দেশী অভিভাৱকৰ বিদেশী সন্তান ডাঃ নভনীল বৰুৱা
আমি খবৰৰ শিৰোনামত যেতিয়াই কিছু ঘটনা দেখো, তেতিয়াই কিছু কথা সদায়েই আলোচিত হয়। ঠিক তেনে ধৰণৰ আলোচনাই গুৱাহাটীৰ এক প্রৌঢ় দম্পতীৰ হত্যাৰ পাছত আকৌ সাৰ-পানী পাইছে। মূলতঃ আলোচনা এনে ধৰণৰ যে পিতৃ-মাতৃয়ে গোটেই জীৱন কষ্ট কৰি পঢ়াই-শুনাই মানুহ কৰা সন্তানে বুঢ়া বয়সত পিতৃ-মাতৃক নাচায়, লগত নাৰাখে ইত্যাদি। অকল যে হত্যাজাতীয় ঘটনা হ'লেহে এনে আলোচনা হয় তেনে নহয়।
দেশী অভিভাৱকৰ বিদেশী সন্তান ডাঃ নভনীল বৰুৱা
কেতিয়াবা পিতৃ-মাতৃ বৃদ্ধাশ্ৰমত থাকিলেও তেনে কথা ওলায়। কেতিয়াবা কোনো বৃদ্ধ-বৃদ্ধা গৃহহীন হলেও তেনে কথা ওলায়। তেনে সময়ত এনে ধৰণৰ বহু কথা আলোচিত হয়। এই আলোচনাবোৰত এটা কথা সর্বসম্মত যে সকলাে ক্ষেত্ৰত দোষী কিন্তু সন্তানহে, পিতৃ-মাতৃ ‘ধোৱা তুলসী পাত’! কথাষাৰ কিমান যুক্তিসংগত ? 

এই সমস্যাৰ গুৰিলৈ যাবলৈ হ'লে যোৱা ৩-৪ দশকৰ অসমীয়া মধ্যবিত্তৰ পৰিয়াল তথা সমাজ ব্যৱস্থাত অহা পৰিৱৰ্তনৰ কথা উনুকিয়াব লাগিব। যোৱা পাঁচ দশকমানৰ পৰাই অসমীয়া যৌথ পৰিয়াল প্রথাত ঘূণে ধৰিছে। গুৱাহাটী বা আন চহৰ বাদেই, আনকি গাঁৱতে যৌথ পৰিয়াল কমি সকলো ভাগে ভাগে থকাৰ নিউক্লিয়াৰ পৰিয়াল' প্রথা এতিয়া সহজলভ্য। কথাটো ভাল নে বেয়া সেইটো বিচাৰ নকৰিলেও এটা কথা সত্য যে যৌথ পৰিয়ালত যেনেকৈ ইজনে সিজনক আপদে-বিপদে ধৰি ৰাখে, সেইটো নিউক্লিয়াৰ পৰিয়ালত নাই। যৌথ পৰিয়ালত নিজৰ সন্তান লগত নাথাকিলেও, ভাগিন-ভতিজাহঁতে ঘৰখনৰ কৰণীয়খিনি সহজেই কৰি দিয়ে আৰু অসুবিধা নােহোৱাকৈ চলি যায়। কিন্তু স্বাভাবিকতে, পৰিয়ালসমূহৰ যেতিয়া পাৰিবাৰিক খেতিৰে ঘৰ নচলা হল, যেতিয়া অসমীয়া মধ্যবিত্ত চাকৰিপ্ৰধান হ'ল তেতিয়া ভাই-ককাইৰ মাজত অর্থনৈতিক অৱস্থাৰ পাৰ্থক্য আহিল। তাতে জীৱনশৈলীৰ পৰিৱর্তন, মূল্যবৃদ্ধি ইত্যাদি যৌথ পৰিয়ালৰ ব্যৱস্থাটোৰেই বিৰোধী হৈ উঠিল। 

প্রথমতে পাকঘৰ বেলেগ আৰু তাৰ পাছত ঘৰখনেই বেলেগ হ'ল। তাতে চাকৰি সূত্রে যদি বসতিস্থান বেলেগ বেলেগ হয়, তেনেহ'লে বেলেগকৈ থকাটো নিতান্তই স্বাভাবিক হৈ পৰিল। এই নিউক্লিয়াৰ পৰিয়াল প্রথায়েই হৈছে আজিৰ অকলশৰীয়া বৃদ্ধাৱস্থাৰ মূল কাৰণ! নিউক্লিয়াৰ পৰিয়াল ব্যৱস্থা আপাত দৃষ্টিত সুখকৰ। পিতৃ-মাতৃ, সন্তানেৰে গঠিত এক সংসাৰ। যেনেকৈ মন গৈছে তেনেকৈ খাইছে, যি মন যায় কৰিছে, যেনেকৈ মন যায় ফুৰিছে। অর্থাৎ, পৰিয়ালৰ নিজৰ ইচ্ছাতেই চলি থাকে, অন্য কোনোবাই বেয়া পাব বুলি একো সলনি কৰিব লগা নহয়। 

মধ্যবিত্ত নিউক্লিয়াৰ পৰিয়ালে সাধাৰণতে কেইটামান একেই কথাতে মনোনিৱেশ কৰে। প্ৰথমতে ঘৰ-মাটি, তাৰ পাছত গাড়ী আৰু তাৰ পাছত কিছু দীর্ঘম্যাদী সঞ্চয়। এটা কথা সকলোতে দেখা পোৱা যায় যে সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত যথাসম্ভব খৰচ কৰাত অলপো কৃপণালি কৰা নহয়। প্রয়োজন সাপেক্ষে আনকি বেংকৰ ঋণ লৈও সন্তানক উচ্চ শিক্ষা দিয়াত কার্পণ্য নকৰে। প্ৰথমতে এখন ভাল স্কুলেৰে আৰম্ভ হয়। কিছুৱে আকৌ চহৰৰ স্কুলত নপঢ়াই বর্ডিং স্কুলত দিয়ে। স্কুলৰ অন্তত নিজৰ সামর্থ্য অনুযায়ী দিল্লী-বেংগালুৰু আদিত আৰু আন চহৰৰবােৰে গুৱাহাটীত। তাতোকৈ বেছি সামর্থ্য থকাৰবাৰে আজিকালি প্রায়েই কলেজ শিক্ষাৰ বাবে বিদেশলৈ পঠিয়াই দিয়ে। স্নাতক অৱস্থাত নহ'লেও স্নাতকোত্তৰ অবস্থা পঠিওৱাটো এতিয়া সুলভ। আৰু অকলশৰীয়া বৃদ্ধাবস্থা সমস্যাৰ গুৰি তাতেই! 

এজন ছাত্রই যেতিয়া ভাল শিক্ষানুষ্ঠানত পঢ়াশুনা কৰে, তেতিয়া তেওঁৰ চিন্তাৰ পৰিসৰ বহল হৈ পৰে। নানা ধৰণৰ সহপাঠী লগ পায়, নানা ধৰণৰ সপোন দেখিবলৈ শিকে। নিজৰ চহৰ বা গাওঁখনৰ বাহিৰত পঢ়িলে, সেই ঠাইখনৰ প্রতি স্বাভাবিকতে এটা আকর্ষণ গঢ়ি উঠে। কালক্ৰমত সেই ঠাইতেই চাকৰি বা জীবিকা বিচাৰি লয়। একেই কথা বিদেশত পঢ়াসকলৰ বাবেও প্রযোজ্য। এতিয়া, আমি যদি নির্মোহ বিশ্লেষণ কৰি চাওঁ, তেতিয়া দেখিম যে নিজ সন্তান বৃদ্ধাৱস্থাত লগত নথকাৰ বীজ কিন্তু পিতৃ-মাতৃয়েই ৰোৱে। সমাজত ফেৰ মৰাৰ প্রবৃত্তি, সন্তানৰ যােগেদি নিজৰ উচ্চাকাংক্ষা পূৰণ আৰু সন্তানৰ প্রতি স্নেহেই নিজৰ বৃদ্ধাৱস্থাৰ অসহায় অবস্থাৰ কাৰণ হৈ পৰে। 

সমাজ, বৈদ্যুতিন তথা ছপা মাধ্যম বা সামাজিক মাধ্যম সকলোৱে কিন্তু তৎক্ষণাত অসহায়, দুর্বল, বৃদ্ধ পিতৃ-মাতৃৰ পক্ষ লৈ বাহিৰত থকা সন্তানক দোষী সজাই গৰিহণা দিবলৈ এবাৰো চিন্তা নকৰে। কেতিয়াবা আমি সন্তানসকলৰ দৃষ্টিকোণেৰে সমস্যাটো অনুধাৱন কৰিবলৈ চেষ্টা কৰিছেনে? এজন চিকিৎসক হিচাপে মই এই সমস্যাৰ মুখামুখি আজি বহু দিনৰ পৰা আৰু বহু ওচৰৰ পৰাই হৈ আহিছো বার্ধক্যজনিত ৰোগ, যেনে স্ট্রোক আদিত আমাৰ হাস্পতালত প্ৰায়েই বৃদ্ধ ৰোগী ভর্তি হয়। সাধাৰণতে ওচৰ-চুবুৰীয়া বা সম্পৰ্কীয়ই হাস্পতালত ভৰ্তি কৰায় আৰু সন্তানে প্রথমতে ফোনেৰে ডাক্তৰৰ লগত কথা পাতে। কেতিয়াবা বাহিৰৰ ডাক্তৰৰ মতামতক লৈ আমাক যথেষ্ট বিৰক্ত কৰে। পাছলৈ তেওঁলোক আহি পায় আৰু হাত খুলি টকা খৰচ কৰে। যেতিয়া খৰচ আৰু সময় দুয়োটা বাঢ়ি যায়, তেতিয়াই সমস্যা আৰম্ভ হৈ যায়। টকা খৰচ কৰিব পাৰিলেও সন্তানসকলৰ বাবে অনির্দিষ্ট কাললৈ মাক বা দেউতাকৰ লগত গুৱাহাটীত সোমাই থকাটো সম্ভৱ নহয়। তেওঁলোকৰ নিজা এটা চাকৰি আছে, য'ৰ পৰা আৰু ছুটি পোৱা সম্ভৱ হৈ নাথাকে। তাতে সেই বিদেশত তেওঁলোকৰ এখন নিজা সংসাৰো থাকে, যাক বহুদিন এৰাটো সম্ভৱ নহয়। আৰু সেই সময়তেই তেওঁলোকৰ খং বা বিৰক্তি সাধাৰণতে চিকিৎসক বা চিকিৎসালয়খনৰ ওপৰত জাহিৰ কৰা হয়। এতিয়া চিন্তা কৰক যে সন্তানগৰাকীৰ মাক-দেউতাকক দিব নোৱাৰা সময়ৰ বাবে কোন দায়ী? পিতৃ-মাতৃৰ প্রতি দায়িত্বৰ স্বাৰ্থত নিজৰ চাকৰি আৰু নিজ পৰিয়ালৰ স্বাৰ্থ বিসর্জন দিবনে? চাকৰি এৰিলে কি কৰি খাব? বা মাক-দেউতাকক চাই থাকোতে তেওঁৰ নিজৰ সন্তানক কোনে চাব? 

কোনোবাই হয়তো ক'ব যে বাহিৰত চাকৰি কৰাৰ কি দৰকাৰ? কথা হ’ল, বাহিৰত চাকৰি নকৰি অসমলৈ সকলো ঘূৰি আহিলে কেইজনে নিজৰ ডিগ্রী বা মেধা অনুযায়ী চাকৰি পাব? আৰু এই সন্তানসকলৰো জানো নিজৰ জীৱন সুন্দৰকৈ জীয়াবলৈ অধিকাৰ নাথাকিব? অন্যফালে পিতৃ-মাতৃৰাে নিজ সন্তানক ভাল শিক্ষা দিয়াৰ অধিকাৰ থাকে, তেওঁলোকক লৈ সপােন দেখাৰ অধিকাৰ থাকে। তেনে পৰিপ্ৰেক্ষিতত এই কথাষাৰ ধ্রুৱ-সত্য যে মাকদেউতাকে ল'ৰা-ছােৱালীক বাহিৰত পঢ়ুৱাবই, ল'ৰা-ছোৱালীয়ে বাহিৰত চাকৰি বা বিবাহসূত্রে থাকিবই আৰু নিউক্লিয়াৰ পৰিয়ালৰ বৃদ্ধ-বৃদ্ধা সকল অকলশৰীয়া হ'বই! সেয়া মোৰ নিজৰ ক্ষেত্ৰতো হব আৰু আজি হায়ৈ-বিয়ৈ কৰা বহুতৰে ক্ষেত্ৰত হ'ব। তেনেহ'লে সমস্যাটোৰ সমাধান কত? 

যিহেতু আধুনিক পৰিয়ালত এই অকলশৰীয়া বৃদ্ধাবস্থা অবশ্যম্ভাৱী, সেয়ে ইয়াৰ সমাধানো সমাজেই বিচাৰিব লাগিব। আমি বৃদ্ধাশ্রম বুলিলেই এক নেতিবাচক ছবি মনলৈ আনো। সেই চিন্তা সলনি কৰিব লাগিব। এক অত্যাধুনিক সুবিধাপূর্ণ বৃদ্ধাশ্রমে সমাজৰ এই জ্যেষ্ঠসকলক সসম্মানে জীয়াই থকাৰ সামর্থ্য দিব পাৰে। আজিৰ ভিডিঅ’ কলিঙৰ যুগত তেওঁলোকে পৰিয়ালৰ লগত যােগাযোগ ৰক্ষা কৰি লগৰবোৰৰ লগত সুখ শান্তিৰে থাকিব পাৰে। মাজে মাজে সন্তানসকলে নিজৰ লগত ৰাখিব পাৰে বা নিজৰ ঘৰলৈ ফুৰাবলৈ লৈও যাব পাৰে। তেনে কৰিলে এই জ্যেষ্ঠসকলে আমনি নোহোৱা জীৱনো পাব আৰু সন্তানসকলৰ লগত সংযুক্ত হৈ থাকিব পাৰিব। 

আন এক উপায় হৈছে এক স্বাধীন কিন্তু একেলগে থকা আবাস সৃষ্টি কৰাটো। এনে আৱাসসমূহক ‘গেটেড কমিউনিটি’ বুলি কোৱা হয়। সকলোৱে নিজৰ সামর্থ্য অনুযায়ী এটা এটা ফ্লেট লৈ থাকিব, যাৰ আকাৰ বা সা-সুবিধা নিজ ইচ্ছা বা সামর্থ্য অনুযায়ী হ'ব। এই ফ্লেটসমূহত সকলোৰে হৈ কাম কৰা কিছু কর্মচাৰী আৰু কিছু ব্যক্তিগত কর্মচাৰী থাকিব। ওচৰৰ চিকিৎসালয়ৰ লগত এটা আনুষ্ঠানিক সম্পর্ক থাকিব আৰু সেই চিকিৎসালয়ে স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা—সকলো কৰিব।এই আবাসসমূহ নিজাও হ'ব পাৰে বা কোনোবাই ভাৰাও দিব পাৰে। দিল্লী আদিত আকৌ সকলো দায়িত্ব এক নির্দিষ্ট মাহিলী খৰচৰ বিনিময়ত কিছু সংস্থায়ো লয়। মই ভাবোঁ যে সেই একেই কাৰ দোষ, কোন দায়ী’ জাতীয় কথাৰ সলনি কৰি সমস্যাটোৰ ব্যৱহাৰিক সমাধান সূত্র উলিওৱাহে শ্রেয়। চৰকাৰ আৰু সমাজৰ আগৰণুৱাসকলে বা কি ভাৱে ? দেশত বৰ্ধিত গড় আয়ুসৰ সৈতে বৰ্ধিত বৃদ্ধ-বৃদ্ধাৰ যতনৰ দিশতো এতিয়া সহানুভূতিৰে এক বাস্তৱিক সমাধানৰ দিশে এক সু-সংগঠিত পদক্ষেপ গ্ৰহণ কৰাৰ সময় যে আহিল, সেই কথাও কিন্তু নিশ্চিত।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ ই-মেইলঃ navanilbarua@rediffmail.com, লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
https://www.xukhdukh.com/search/label/DR-NAVANIL-BARUAH

No comments:

Post a Comment