ন্যায়ৰ আশা বনাম বিচাৰ ব্যৱস্থাঃ
ভুক্তভোগীৰ কথা আমি কেতিয়া ভাবিম?
ভাস্কৰজ্যোতি মহন্ত
যি কোনো ঘটনাৰ ক্ষেত্ৰতে প্ৰথম ধাৰণাই শেষ কথা নহবও পাৰে। আৰু তেনে হোৱা দেখা যায় বহু কেচত আৰক্ষীয়ে কৰা তদন্তৰ ক্ষেত্ৰত। কিছুদিন আগৰ কথা। কোকৰাঝাৰত দুগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৃতদেহ দুটা একেডাল গছতে চিপ লৈ থকা অৱস্থাত পোৱা গৈছিল আৰু আপাত দৃষ্টিত সেয়া এক আত্মহত্যাৰ ঘটনা বুলিয়েই ভবা হৈছিল। প্ৰাৰম্ভিক অৱস্থাত দূৰৈৰ পৰা মৃতদেহ উদ্ধাৰৰ বিৱৰণী শুনি আমিও সেয়া এক আত্মহত্যাৰ ঘটনা বুলিয়েই ভাবিছিলো যদিও মূৰকত, যাৱতীয় অনুসন্ধানৰ অন্তত জানিবলৈ পোৱা গ'ল যে সেয়া প্রকৃততে আত্মহত্যাৰ ঘটনা নহয়, গাৰ নোম শিঁয়ৰি উঠা এক হত্যাকাণ্ডহে।
এইক্ষেত্ৰত মুখ্যমন্ত্রী মহোদয়েও প্ৰাৰম্ভিক অৱস্থাতে ঘটনটোৰ সঠিক পূর্বানুমান কৰি আমাক বিষয়টো সহজভাৱে নল'বলৈ কৈছিল আৰু এয়া যে এক সাধাৰণ আত্মহত্যাৰ ঘটনা নহয়,সেই সন্দেহ ব্যক্ত কৰিছিল। ক্ষিপ্রতাৰে আমাৰ অনুসন্ধান চলিল। আমি ম'বাইল ফৰেনছিকৰ ওপৰত বিশেষভাৱে দৃষ্টি নিবদ্ধ কৰিলো। প্রথমে ম'বাইল ফোনৰ জৰিয়তে কোনে কাৰ লগত যোগাযোগ কৰিছিল, সেয়া উলিওৱা হ’ল, তাৰ ভিত্তিত সন্দেহযুক্ত ব্যক্তিক আটক কৰা হ'ল, সিহঁতক সোধা-পোছা কৰা হ’ল। কিন্তু, দোষ স্বীকাৰ কৰিবলৈ অমান্তি হোৱাত সিহঁতৰ সন্মুখত সিহঁতৰ বক্তব্যৰ বিসংগতিবোৰ দাঙি ধৰা হ'ল আৰু অৱশেষত সিহঁতৰ মুখৰ মাত হৰিল। সিহঁতে স্বীকাৰ কৰিলে যে সেই দুৰ্ভগীয়া যুৱতী দুগৰাকীক প্ৰকৃততে বলাৎকাৰ কৰি হত্যা কৰা হৈছে আৰু ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ অপচেষ্টাহে কৰা হৈছিল। ঘটনাটোৰ সৈতে জড়িত তিনিজনক মূল অভিযুক্ত হিচাপে আৰু চাৰিজনক সহ অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। অভিযুক্ত দোষী বুলি প্ৰমাণ কৰিবলৈ প্রয়োজন হোৱা তথ্য-পাতিবোৰ যাতে নিখুঁত হয়, নিকপকপীয়া হয়, শক্তিশালী আৰু সুৰুঙাবিহীন হয়, তাৰ বাবে আমি যিমানখিনি কৰিব লাগে, কৰিছো। কেৱল অন্তর্বাসৰ ওপৰতে গুৰুত্ব সীমাবদ্ধ নাৰাখি আমি অভিযুক্ত আৰু ঘটনাৰ বলি হোৱা উভয়ৰে শৰীৰৰ বিভিন্ন অংশৰ পৰা নমুনা সংগ্রহতো বিশেষ গুৰুত্ব আৰোপ কৰিছো, যাতে ডি এন এ আৰু ফিংগাৰ প্ৰিণ্টৰ জৰিয়তেও অভিযুক্ত অপকর্ম প্রমাণ কৰিব পৰা যায়। অভিযুক্তই আৰক্ষীৰ চকুত ধূলি মাৰি তথ্য-প্রমাণ নোহোৱা কৰাৰ লক্ষ্যৰে ম'বাইলৰ বিভিন্ন তথ্য ডিলিট কৰিছিল। সেইসমূহ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰা হৈছে। অনুসন্ধান প্রক্রিয়াৰ অন্যতম এক গুৰুত্বপূর্ণ অংশ ক্রাইম ছিন ৰি-কনষ্ট্রাকচন, অর্থাৎ ঘটনাস্থলীলৈ গৈ অভিযুক্তই ঘটনাটো কেনেদৰে সংঘটিত হৈছিল, সেয়া দেখুৱাই দিয়া কার্য ভিডিঅ’গ্রাফী কৰা হৈছে। সাক্ষী, দণ্ডাধীশ, ফৰেনছিক বিশেষজ্ঞ আদি উপস্থিতিত এই প্রক্রিয়া সম্পন্ন কৰা হৈছে। সন্তুষ্টিৰ কথা এয়ে যে ইতিমধ্যে নির্দিষ্ট সময়সীমাৰ পূর্বেই আৰক্ষীয়ে এই ঘটনাৰ অভিযোগনামা দাখিল কৰিছে। এয়া এটা ঘটনা সংঘটিত হোৱাৰ পিচত আৰক্ষীয়ে পালন কৰিবলগীয়া ভূমিকাৰ এক আভাসহে।
(২)
বর্তমান আমাৰ সমাজত প্ৰচলিত যি ‘ক্রিমিনেল জাষ্টিচ ছিষ্টেম’, অর্থাৎ ‘অপৰাধী ন্যায় প্রণালী অথবা অপৰাধী বিচাৰ ব্যৱস্থা’ চলি আছে, তাত অপৰাধীয়ে তেওঁ যে অপৰাধ কৰা নাই, সেয়া প্রমাণ কৰাৰ প্ৰয়োজন নাই। তেওঁ যে অপৰাধ কৰিছে, সেয়া তথ্য-প্রমাণসহ পানী নসৰাকৈ প্রমাণ কৰাৰ, প্রতিপন্ন কৰাৰ দায়িত্ব প্রচিকিউচনৰ, অর্থাৎ অভিযোগকাৰী পক্ষৰ। এইক্ষেত্ৰত তথ্য-প্রমাণ যোগাৰ কৰে আৰক্ষীয়ে। বিভিন্ন নীতি-নিয়ম আৰু প্ৰক্ৰিয়াৰ মাজেৰে গৈ আৰক্ষীয়ে এই তথ্যপ্রমাণ যোগাৰ কৰিবলগীয়া হয়। কেৱল সিমানেই নহয়, সংগৃহীত তথ্য-প্রমাণখিনি শৃংখলাবদ্ধভাৱে সজাই-পৰাই দাখিল কৰাৰ দায়িত্বও ন্যস্ত থাকে আৰক্ষীৰ ওপৰত। এইখিনি কৰোতে আৰক্ষীয়ে স্বাস্থ্য বিভাগকে ধৰি সংশ্লিষ্ট অন্যান্য বিভাগসমূহৰ অনুসন্ধানকৃত প্রতিবেদনৰ সহায় ল'বলগীয়া হয়। যেনে মৰণোত্তৰ প্রতিবেদন, এম ভি আই প্রতিবেদন আদি। ইয়াৰ বাবে আৰক্ষীকে ধৰি সংশ্লিষ্ট অন্যান্য বিভাগসমূহৰ ক্ষেত্ৰত পর্যাপ্ত সময়, মানসিক প্রস্তুতি, বিজ্ঞানসন্মত অনুসন্ধানৰ সম্যক জ্ঞান আদি থকাটো অতি আৱশ্যক। কিন্তু বাস্তৱ ক্ষেত্ৰত এয়া সম্ভৱনে? যি সময়ত গোচৰৰ সংখ্যাই উৰ্ধ্বমুখী গতিৰে হেজাৰৰ পৰা লাখৰ সীমা অতিক্রম কৰে, সেই সময়ত পর্যাপ্ত বিষয়া-কৰ্মচাৰী আৰু যাৱতীয় আন্তঃগাঁথনিৰ অভাৱত থকা বিভাগসমূহে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিব নােৱৰাটোৱেই স্বাভাৱিক। ফলত এক ধৰণৰ বিশৃংখল পৰিবেশ তথা বেমেজালিৰো সৃষ্টি হয়।
ইপিনে, অভিযুক্তৰ বিৰুদ্ধে যোগাৰ কৰা তথ্যপ্রমাণসমূহ হ'ব লাগিব সন্দেহাতীত; বিয়ণ্ড ৰিজনেবল ডাউট। প্রশ্ন হয়, সন্দেহাতীত মানে কি? কি পর্যায়ত সংগৃহীত তথ্য-প্রমাণখিনিক সন্দেহাতীত বুলি ক'ব পৰা যায় ? সংগৃহীত তথ্য-প্রমাণখিনি সন্দেহাতীত হয় নে নহয়, সেয়া কোনে নির্ধাৰণ কৰিব? যিয়ে নির্ধাৰণ কৰিব, তেৱোঁ জানো তেজ-মঙহেৰে গঢ়া মানুহ নহয় ? সকলো মানুহৰে শিক্ষাগত অৰ্হতা, মেধাশক্তি, বৌদ্ধিক সততা, দক্ষতা আৰু দৃষ্টিভংগী বেলেগ বেলেগ। এনে অৱস্থাত সন্দেহাতীত, সন্দেহযুক্ত অথবা সন্দেহহীন জাতীয় শব্দবোৰ বহুক্ষেত্ৰত আহুকলীয়া হৈ পৰে আৰু সামগ্রিক ধাৰণাটো হৈ পৰে আপেক্ষিক। সহজ ভাষাত ক'বলৈ গ'লে অভিযুক্তৰ বিৰুদ্ধে সন্দেহাতীত বুলি ভাবি অথবা দাবী কৰি যোগাৰ কৰা অথবা দাখিল কৰা তথ্য-প্রমাণসমূহ নৈর্ব্যক্তিক নহ'বও পাৰে।
অপ্রিয় সত্য এয়ে যে বর্তমান আমাৰ সমাজত চলি থকা ‘অপৰাধী বিচাৰ ব্যৱস্থাত যদি অপৰাধী আৰু অপৰাধৰ বলি হােৱা জনক তুলাচনীত তোলা হয়, তেন্তে সদায় অপৰাধীৰ পক্ষ ভাৰী হয়। অপৰাধীজনক সহায় কৰিবৰ বাবে সমগ্র ছিষ্টেমটো, অর্থাৎ সমগ্ৰ ব্যৱস্থাটো উঠিপৰি লগাৰ উপৰি ব্যৱস্থাটোৰ বাহিৰৰ কেতবোৰ উপব্যৱস্থা ক্রিয়াশীল হৈ পৰা দেখা যায়। অপৰাধীৰ প্রতি অহেতুক প্রীতিত সমগ্ৰ ব্যৱস্থাটো ব্যস্ত হৈ পৰা সময়ত আমি দুর্ভাগ্যজনকভাৱে পাহৰি থাকো অপৰাধৰ বলি হােৱা দুৰ্ভগীয়াজনৰ অথবা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মনৰ অসহনীয় বেদনাবোৰ, তেওঁলোকে সন্মুখীন হােৱা সমস্যাবোৰ, তেওঁলোকৰ যন্ত্রণাদগ্ধ সময়বোৰ। ব্যৱস্থাটো ড্ৰাগছ সৰবৰাহকাৰীজনৰ পক্ষত থিয় হওঁতে, ড্রাগছৰ কবলত পৰি শেষ হৈ যোৱা সম্ভাৱনাময় জীৱনবোৰৰ কথা, স্বপ্ন হেৰুওৱা হেজাৰ হেজাৰ ডেকা-গাভৰুৰ কথা, সুখ-শান্তিহীন এক দুর্বিষহ জীৱন কটাবলৈ বাধ্য হোৱা তেওঁলোকৰ পৰিয়ালবোৰৰ কথা কোনােবাই চিন্তা কৰেনে? ব্যৱস্থাটো ডকাইতজনৰ পক্ষত থিয় হওঁতে, ডকাইতিৰ ফলত কষ্টোপার্জিত সা-সম্পদ হেৰুৱাই সর্বস্বান্ত হােৱা দুৰ্ভগীয়া পৰিয়ালটো অথবা চিৰদিনলৈ ঘূণীয়া হোৱা ভুক্তভোগীজনৰ কথা কোনোবাই চিন্তা কৰেনে ? ব্যৱস্থাটো বলাৎকাৰীজনৰ পক্ষত থিয় হওঁতে, বলাৎকাৰৰ বলি হোৱা দুৰ্ভগীয়া মহিলাগৰাকীৰ আদালতত জবানবন্দি দিয়াৰ যি মানসিক যন্ত্রণা, সমাজৰ কৌতূহলী দৃষ্টিৰ পৰা আঁতৰি জীৱন নির্বাহ কৰাৰ যি কষ্ট, সেইবোৰৰ বিষয়ে কোনোবাই চিন্তা কৰেনে? ব্যৱস্থাটো মানৱ সৰৱৰাহকাৰীৰ পক্ষত থিয় হওঁতে, হাতত স্মার্টফোন নথকা বাবেই অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈ কর্মসংস্থাপনৰ আশাত মানৱ সৰবৰাহকাৰীৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালৰ সেই ফুলকুমলীয়া ল'ৰাছােৱালীহঁতৰ কথা কোনোবাই চিন্তা কৰেনে?
(৩)
No comments:
Post a Comment