চন্দন নগৰৰ হত্যা আৰু নিংসগ বাৰ্দ্ধক্য
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
চন্দন নগৰৰ বৃদ্ধ দম্পতিৰ নৃশংস হত্যাকাণ্ডই মৰ্মমূললৈ কঁপাই দিছে৷ ই কেৱল নিঃসঙ্গ এহাল বৃদ্ধ দম্পতিৰ মৃত্যুৰ খবৰ হৈ থকা নাই ৷ ই তাতোকৈও ভয়াৱহ এটা হত্যাকাণ্ড ৷ সেই হত্যাকাণ্ড হ’ল বিশ্বাসৰ - যাক সাৰথি কৰি মানুহৰ সৈতে মানুহৰ সম্পৰ্ক গঢ় লৈ উঠে , যাক সাৰথি কৰি এটা পৰিয়াল বাচি থাকে ,যাৰ ওপৰত বৰ্তি থাকে সকলো সামাজিক বান্ধোন৷ সকলো বিশ্বাসঘাটকতাই প্ৰকৃততে একোটা নৃশংস হত্যাকাণ্ড , কিন্তু যেতিয়া সেই হত্যাকাণ্ড সংঘটিত কৰে এনে কোনোবাই যাক নিজতকৈও অধিক বিশ্বাস কৰি খামুচি ধৰা হয় , তেতিয়া তেনে হত্যাকাণ্ডই সমাজখনৰে ভেটি থৰকবৰক কৰি দিয়ে ৷ চন্দন নগৰৰ হত্যাকাণ্ড তেনে এক ভেটি কঁপাই দিয়া হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডই নিঃসঙ্গ বাৰ্দ্ধক্যৰ সমস্যাটোও ধীৰে ধীৰে কেনে ভয়াৱহ হৈ উঠিছে ,তাক আঙুলিয়াই দি কিবা এটা কৰাৰ বাবে আহ্বান জনাইছে ৷ অকল সুৰক্ষায়েই নহয় ,সমগ্ৰ বাদ্ধৰ্ক্য অৱস্থাটোৱে এক সামাজিক সমস্যা হিচাপে লোৱাৰ চিন্তা-চৰ্চা কৰাৰ বাবে আমাক বাধ্য কৰিছে ৷
মোৰ মা-পিতাৰ বৃদ্ধাৱস্থাৰ কথা মনলৈ আহিছে ৷ তেওঁলোকৰ বাদ্ধৰ্ক্যৰ সময়ত মই জীৱিকাসূত্ৰে উজনিৰ দুলীয়াজানত থাকিলো আৰু মা-পিতাই নিঃসঙ্গ জীৱন পাৰ কৰিলে নামনিৰ জন্মস্থানত ৷ পিতাৰ মৃত্যুৰ কাৰণ আছিল পেটৰ কোনো নাড়ীত হোৱা ঘা ৷ চিকিৎসকক সুধিছিলোঁ- কিয় হয় এই ঘা ? চিকিৎসকে মোৰ মুখৈলে চাই উত্তৰ দিছিল - বহু কাৰণ থাকে ৷ সাধাৰণতে বৃদ্ধ বয়সত নিঃসঙ্গতাত ভুগিলে এনেধৰণৰ ঘা হ’ব পাৰে ৷ বুকুখনৰ কৰবাত ঢক কৈ উঠিছিল - পৰোক্ষভাৱে পিতাৰ মৃত্যুৰ বাবে আমি দায়ী নেকি ? আজিও পিতাৰ সেই অসুখৰ কথা মনত পৰিলে বুকুখন কৰবাত বিষায় ৷
হেম বৰুৱা আৰু অনু বৰুৱাৰ জীৱনৰ অন্তিম সময় ছোৱাৰ কিছু কথাও বহু দিনৰ মূৰত পুনৰ মনলৈ আহিছে ৷ এটা সময়ত সমাজত দপদপাই উজলি থকা হেম বৰুৱা এটা অনুজ্জল কোঠালিৰ বিচনা এখনত শয্যাশায়ী, জীৱন আৰু মৃত্যুৰ সীমাৰেখাত ওলমি থকা এটা যন্ত্ৰণাদগ্ধ শৰীৰ, যেন জীৱন্ত এক নৰকঙ্কাল ৷ তেখেতৰ কাষৰ বিচনাখনত আন এগৰাকী মৃত্যুপথৰ যাত্ৰী ৷ তেখেতৰ জীৱন সঙ্গিনী ৷ অসমৰ প্ৰথিতযশা লেখিকা অণু বৰুৱা ৷ এটা সময়ত একেলগে সমগ্ৰ বিশ্ব ভ্ৰমি ফুৰা মানুহ দুগৰাকী দুখন বেলেগ বেলেগ বিচনাত পৰি আছে , এজনেও বিচনাৰ পৰা উঠি গৈ আনজনৰ যন্ত্ৰণাৰ সময়ত কপালত হাত থৈ সান্ত্বনা দিব নোৱাৰে ৷ তেখেতসকলে মাথো যন্ত্ৰণাৰ সমুদ্ৰত ডুব গৈ অকলে অ্কলে মৃত্যুৰ বাবে অপেক্ষা কৰিব পাৰে ৷ কোনোবা খবৰ লবলৈ আহিছে ৷ অসম গৌৰৱ সেই দুগৰাকী ব্যক্তিৰ অন্তিম কালৰ যন্ত্ৰণা সহিব নোৱাৰি হাতেৰে মুখ বন্ধ কৰি বাহিৰলৈ দৌৰি ওলাই আহিছে আৰু বাহিৰত হুক হুকাই কান্দিছে ৷ কিয়েই বা কৰিব পাৰে ৷ অসম গৌৰৱ সেই দুগৰাকী ব্যক্তিৰ অন্তিম সময়ত এটাই সান্ত্বনাঃ অন্ততঃ দুয়োগৰাকীয়ে একেটা কোঠালিৰ ভিতৰতে মৃত্যুৰ বাবে অপেক্ষাৰত৷ মানুহৰ জীৱনৰ অন্তিম কালছোৱা কেতিয়াবা এনে যন্ত্ৰণাৰে ভৰা হয় যে ভগৱানক প্ৰাৰ্থনা কৰিবৰ মন যায়ঃ হে ভগৱান তেওঁলোকক মৃত্যু দিয়া ৷ মৃত্যুয়েই শান্তি ৷
জীৱনৰ বিয়লি বেলাত মই মৃত্যৰ বাবে হয়তো অপেক্ষা কৰিব লাগিব এখন মহানগৰীত , যেহেতু চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিচত আমি এতিয়া গুৱাহাটী মহানগৰীৰ স্থায়ী বাসিন্দা হৈ পৰিছো ৷ বয়স বাঢ়ি যোৱাৰ লগে লগে মহানগৰৰ নিৰ্দয় ৰূপ এটা ধীৰে ধীৰে দুচকুৰ সল্মুখত উন্মোচিত হবলৈ আৰম্ভ কৰে ৷ ৰাস্তাত দ্ৰুতবেগে অবিৰাম অহা-যোৱা কৰা গাড়ীবোৰ , বজাৰৰ গিজ গিজ ভীৰ , ৰাস্তা পাৰ হবলগীয়া হ’লে আতঙ্কত কপি উঠা বুকু , ম্যলবোৰৰ উঠা-নমা কৰা এচকেলেটৰ ,বহুতল ঘৰৰ উশাহ-নিশাহ বন্ধ হৈ যাব খোজা লিফ্টবোৰ , অফিচ-কাছাৰীত দিশহাৰা অৱস্থা হস্পিতেলৰ দীঘলীয়া শাৰী ইত্যাদি ৷ চৌদিশে যৌৱনৰ উন্মাদ আনন্দময়তাই যেন জীৱনৰ বিয়লি বেলাত উপনীত হোৱা লোকসকলক প্ৰতিটো মূহুৰ্ততে সকীয়াই থাকে -এই মহানগৰ তোমালোকৰ বাবে নহয় ৷ মহানগৰত যৌৱনৰ একচেটিয়া অধিকাৰ ৷ উভটি যাও গাৱলৈ ? তাত কোনে চাব ? লৰা-ছোৱালীৰে ভৰি থকা ঘৰবোৰ নোহোৱা হৈ গৈ আছে ৷ সন্তান -সন্ততি লগত নাথাকে৷ জীৱিকাৰ বাবে কোনোবা যদি বিদেশত , কোনোবা মুম্বাই, বাঙ্গালোৰ, দিল্লীত ৷ বোৱাৰীও ঘৰত নাথাকে ৷ দুয়োজনে চাকৰি কৰে ৷ লৰা-বোৱাৰীৰ সৈতে প্ৰজন্মৰ অলঙঘনীয় ব্যৱধান ৷ সন্তানৰ সংখ্যাও কমি গৈছে ৷ ঘৰৰ কাৰ সময় আছে এখন্তেক সঙ্গ দিয়াৰ এয়া যেন বাদ্ধৰ্ক্যৰ অভিশাপ -ধীৰে ধীৰে মানুহ নিঃসঙ্গতাত ডুব গৈ থাকে সকলোৰে অলক্ষিতে ৷
গোলকীয় অৰ্থনৈতিক বাতাবৰণে অকস্মাতে ঘৰৰ লৰা-ছোৱালীৰ স্বপ্ন আৰু সুযোগৰ জগতখন সলনি কৰি দিছে ৷ লগতে বহুতৰ বাবে এই সুযোগে নতুন প্ৰজন্মৰ ওচৰত এক চৰ্তও আৰোপ কৰিছে ৷ এই সুযোগৰ সদব্যৱহাৰ কৰি জীৱনত সাফল্য অজৰ্ন কৰিবলৈ তেওঁলোকে নিজৰ পৰিয়াল, জন্মস্থান আনকি মাতৃভুমিৰ পৰাও আঁতৰি গৈ বিশ্বৰ যিকোনো দেশতে যিকোনো কাম কৰিবলৈ প্ৰস্তুত থাকিব লাগিব৷ নতুন সুযোগে আমাৰ বহুতৰ লʼৰা-ছোৱালীলৈ আৰ্থিক স্বচ্ছলতা কঢ়িয়াই আনিলে, মাক-দেউতাক-শহুৰ-শাহুৰ পৰা আঁতৰত স্বাধীনভাৱে এখন নিজৰ ঘৰত থকাৰ সুবিধাও কৰি দিলে, মাক-দেউতাকৰ ‘লৰাক লৈ গৌৰৱ কৰাৰ এটা কাৰণও উপহাৰ দিলে, হযতো কেতিয়াবা দেশ-বিদেশ ঘুৰি অহাৰ সুবিধাও দিলে ৷ তাৰ বাবে তেওঁলোকক দোষ দি লাভ নাই ৷তেওঁলোকও পৰিবৰ্তিত সময়ৰ চিকাৰ৷ কিন্তু বাস্তৱৰ সত্যটো হ‘ল -নিজৰ ল্যৰা-ছোৱালী দূৰলৈ আতৰি যোৱাৰ বাবে ¸ মাক-দেউতাকে এতিয়া পাৰ কৰে এক নিঃসঙ্গ জীৱন ৷ কেতিয়াবা দূৰাৰোগ্য ৰোগত তেওঁলোক আক্ৰান্ত হৈছে ৷ লৰা-ছোৱালীয়ে চিকিৎসাৰ ব্যৱস্থাও হয়তো কৰিছে, হয়তো কোনোবোই চোৱা-চিতা কৰিবলৈ নাৰ্চ বা মানুহ এগৰাকীও ৰাখি দিছে ৷ কিন্তু মৃত্যুৰ অপেক্ষাত থকা মাক-দেউতাকৰ মনত হয়তো প্ৰশ্ন এটা বুকুৰ ভিতৰৰ পৰা উঠি আহি মনৰ ভিতৰতে মাৰ গৈছে -তেওঁলোকে এই সময়ত কি বিচাৰে? এইবাৰ প্ৰকাশিত হ’বলগীয়া মোৰ ‘প্ৰেম-গাঁথা’ নামৰ সঙ্কলনখনত সন্নিবিষ্ট কৰা এটা কাহিনীত ঠিক সেই নিৰ্মম প্ৰশ্নটোৰে সমিধানৰ সন্ধান কৰিছোঁ ৷
মই নিজেও এতিয়া অনুভৱ কৰোঁ বাদ্ধৰ্ক্য চুপ -চাপ অথচ নিশ্চিতভাৱে মোৰ কাষ চাপি আহি আছে ৷ মোৰ মনটোৱে নকলেও মোৰ শৰীৰৰ ক্লান্ত কোষবোৰে অথবা ভাগৰুৱা হৃৎপিঁণ্ডই মোক কানৰ কাষত ফুচফুচাই কয়ঃ বাদ্ধৰ্ক্য আহি পালেহি ৷ বাদ্ধৰ্ক্যক আদৰিবলৈ মোৰ দুই ধৰণৰ সাহসৰ প্ৰয়োজন হব ৷ প্ৰথম -মৃত্যুক গ্ৰহণ কৰাৰ সাহস ৷ দ্বিতীয় -শৰীৰৰ সত্যক আৱিষ্কাৰ কৰাৰ সাহস ৷ শৰীৰৰ সময়ে আনি দিয়া দূৰ্বলতাৰ পৰা মুক্তি পাম বুলি আশা কৰাটো অৰ্থহীন কিন্তু তাৰ সীমা মই আৱিষ্কাৰ কৰিব পাৰিব লাগিব ৷ বাদ্ধৰ্ক্যত উপনীত হোৱা মানুহে মৃত্যুতকৈও অধিক ভয় কৰে বাদ্ধৰ্ক্যৰ যন্ত্ৰণাক৷ বাদ্ধৰ্কই তেওঁলোকৰ পৰা নিৰ্দয়ভাৱে কাঢ়ি লৈ যায় স্বাধীনতা, শৰীৰৰ সন্মান আৰু গোপনীয়তা , কাঢ়ি লৈ যায় এটা এটাকৈ অঙ্গ -প্ৰত্যঙ্গৰ শক্তি, কাঢ়ি লৈ যায় স্মৃতিৰ ওপৰত বিশ্বাস, আনকি একেলগে জীৱনটো পাৰ কৰা বন্ধু সকলকো কাঢ়ি লৈ যায় ৷ ঔপন্যাসিক ফিলিপ ৰথে সেয়েহে কৈছিল - Old age is not a battle, Old age is a massacre , মই মৃত্যুক ভয় নকৰো, কিন্তু ভয় কৰো বাদ্ধৰ্ক্যক ৷ বিশেষকৈ শয্যাশায়ী মোৰ কোনো অগ্ৰজৰ খবৰ লবলৈ গ’লে তেওঁলোকৰ যি অসহায় যন্ত্ৰণাৰ মুখামুখি হও, সেই যন্ত্ৰণাত মোৰ ভৱিষ্যতৰ প্ৰতিফলন মই দেখা পাওঁ আৰু শঙ্কিত হৈ পৰো ৷ হয়তো মৃত্যুক মানুহে এদিন পৰাজিত কৰিব, কিন্তু বত্ৰ্মানৰ মানুহৰ বাবে এয়াই সত্য যে আমি যিমানেই আমাৰ স্বাস্থ্যৰ যতন নলও কিয়, যিমানেই উন্নত চিকিৎসা আমি লাভ নকৰো কিয় , আমাৰ এদিন মৃত্যু হবই ৷ হয়তো মৃত্যুৰ আগতে বাদ্ধৰ্ক্যৰ কালছোৱাত আমাৰ অঙ্গ-প্ৰত্যঙ্গ ধীৰে ধীৰে বিকল হৈ আমাক অসহায় আৰু পৰনিৰ্ভৰ কৰি তুলিব ৷ এয়াই জীৱনৰ সত্য ৷ তাক মানসিকভাৱে মানি ললেও আমি বাদ্ধৰ্ক্যৰ বহু হতাশাৰ পৰা মুক্ত হৈ থাকিব পাৰিম ৷
সামাজিক পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত পৰিয়ালৰ বিলুপ্তিৰ সম্ভাৱনা প্ৰকট হৈ আহিছে ৷ এই সম্ভাৱনাই পূৰ্বতে পৰিয়ালৰ মাজতে আৱদ্ধ থকা এটা সমস্যাক এটা গুৰুতৰ সামাজিক সমস্যালৈ ৰূপান্তৰিত কৰিছে ৷ সেই সমস্যা হ’ল -ঘৰে ঘৰে বাদ্ধৰ্ক্যৰ যন্ত্ৰণা আৰু বৃদ্ধলোকৰ সুৰক্ষা ৷ প্ৰতিগৰাকী মানুহকে এটা যন্ত্ৰণাহীন ,সন্তুষ্টি আৰু আৰামদায়ক মৃত্যুৰ অভিমুখে আগবঢ়াই লৈ যোৱাটো আৰু অপঘাত মৃত্যুৰ পৰা বচাই ৰখাটো এখন সভ্য সমাজৰ নৈতিক দায়িত্ব ৷বৃদ্ধাবাসৰ বিষয়টো এক নতুন দৃষ্টিভঙ্গীৰে আমি চাব লাগিব ৷ নিজৰ বুলি এটা ঘৰ নিৰ্মাণ কৰাৰ কথা যিদৰে মানুহে চিন্তা কৰে , সেই দৰে যৌৱন কালতে বৃ্দ্ধাবাস নিৰ্বাচন কৰি যাতে আগতীয়াকৈ বুক কৰি থব পাৰে ,তেনে এক সামাজিক ব্যৱস্থা বাস্তৱত উপলব্ধ কৰাৰ কথাও চৰকাৰ তথা সমাজখনে গুৰুত্ব সহকাৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিব লাগিব ৷ ই হৈ পৰিব এক নতুন উদ্যোগ ,সমাজৰ এক অপৰিহাৰ্য্য অঙ্গ ৷ এখন আধুনিক ,মানৱীয় ,সভ্য পৃথিৱীত বাদ্ধৰ্ক্য এক ব্যক্তিগত বা পাৰিবাৰিক সমস্যা নহয়ঃ ই এক গুৰুত্বপূৰ্ণ সামাজিক সমস্যা৷ বাদ্ধৰ্ক্যক সহনশীল আৰু সুন্দৰ কৰি তোলাৰ দায়িত্ব সেয়েহে সমাজৰ৷ বাদ্ধৰ্ক্যৰ চিৰন্তন স্বাভাৱিক সমস্যাৰ লগতে চন্দন নগৰৰ ঘটনাটোৱে এটা নতুন সমস্যা যোগ দিলেঃ তেওঁলোকৰ নিঃসঙ্গতা আৰু অসহায়তাৰ বাবে সুযোগ ল’বলৈ খাপ পাতি থকা মানুহৰ পৰা সুৰক্ষা ৷ বাদ্ধৰ্ক্যৰ স্বাভাৱিক সমস্যাতকৈ এই সমস্যা যে অধিক ভয়াৱহ হৈ উঠিছে .সেই কথা যেন চন্দন নগৰৰ ঘটনাটোৱে চকুত আঙুলি থৈ আমাক দেখুৱাই দিলে ৷লগতে পুনৰায় আৰম্ভ কৰিলে এক দাৰ্শনিক জিজ্ঞাসা- মানুহক কিদৰে মানুহৰ বিশ্বাসযোগ্য কৰি তুলিব পাৰি ৷
আহক বাদ্ধৰ্ক্যক এটা ব্যক্তিগত ,পৰিয়ালকেন্দ্ৰিক সমস্যা বুলি নধৰি আমি এক সামাজিক সমস্যা হিচাপে গণ্য কৰোঁ আৰু সৰল বিশ্বাসক মৰ্যাদা দিয়াৰ মানসিকতাৰ সৃষ্টি কৰোঁ ৷
No comments:
Post a Comment