চিন্তনঃ মানৱতাৰ বধ্যভূমিত উচ্ছেদ বনাম আইন :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ  মানৱতাৰ বধ্যভূমিত উচ্ছেদ বনাম আইন   :: কিশোৰ কুমাৰ কলিতা

চিন্তনঃ মানৱতাৰ বধ্যভূমিত উচ্ছেদ বনাম আইন :: কিশোৰ কুমাৰ কলিতা

Share This

মানৱতাৰ বধ্যভূমিত উচ্ছেদ বনাম আইন,   কিশােৰ কুমাৰ কলিতা, EVICTION IN ASSAM during COVID

মানৱতাৰ বধ্যভূমিত উচ্ছেদ বনাম আইন

 কিশোৰ কুমাৰ কলিতা

কিমান বৰ্বৰ আৰু নির্দয় হলে এজন মানুহে মৃত বা মৃতপ্রায় শৰীৰৰ ওপৰত উঠি হর্ষোল্লাস প্রদর্শন কৰিব পাৰে! মানুহৰ মনত ঘৃণা কিমান পৰিমাণত পুঞ্জীভূত কৰিব পাৰিলে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ গুলীত ঢলি পৰা এজন গুলীবিদ্ধ ব্যক্তিৰ যন্ত্ৰণাত কিৰীলি পাৰিব পাৰি! ছিপাঝাৰৰ চৰাঞ্চলৰ ঢলপুৰত দৰং জিলা প্রশাসনৰ দ্বাৰা চলোৱা বেদখল উচ্ছেদৰ সময়ত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ গুলীত নিহত হােৱা এজন লােকৰ শৰীৰৰ ওপৰত এজন কেমেৰামেন যুৱকে জপিয়াই জঁপিয়াই কৰা হর্ষোল্লাস দেখি আমাৰ মনত স্বাভাৱিকতে প্রশ্ন জাগিছে। এনেধৰণৰ হিংসুক, আদিম আৰু পৈশাচিক আনন্দত তৃপ্তি লাভ কৰা লােকৰ আবিৰ্ভাৱ আমাৰ মাজত আকস্মিকভাৱে ঘটিছে নে এক ধাৰাবাহিক আৰু পৰিকল্পিত ঘৃণা সৃষ্টিৰ পৰিৱেশৰ বাবেহে আজি আমি এনে তােক দেখিবলৈ পাইছো?

মানৱতাৰ বধ্যভূমিত উচ্ছেদ বনাম আইন,   কিশােৰ কুমাৰ কলিতা, EVICTION IN ASSAM during COVID

এই প্রশ্নৰ উত্তৰত এজন প্রবীণ নাগৰিকৰ ফালৰ পৰা এক বিশ্বাসযোগ্য উত্তৰ আহিল। তেওঁ ক'লে— ‘অসম আন্দোলন, আলফাৰ উত্থান, বড়ো আন্দোলন আদিৰ বিভিন্ন সময়ত অসমৰ চুকে-কোণে অজস্র হিংসাত্মক ঘটনা ঘটিছিল। গুপ্তহত্যাৰ ঘটনাবোৰেই ইয়াৰ জলজল পটপট প্রমাণ। অসম আন্দোলনৰ সময়ছোৱাত অলেখ নিৰীহ লােকক হানি-খুঁচি হত্যা কৰা হৈছিল। আন্দোলনটো সমর্থন নকৰাৰ বাবেই এনেদৰে বৰ্বৰভাৱে আন কিছু মানুহক বিৰোধীৰ লেবেল লগাই হত্যা কৰা হৈছিল। গতিকে পৈশাচিক হত্যা, নিষ্ঠুৰভাৱে অংগক্ষত কৰা আদিৰ নিচিনা নিষ্ঠুৰ কাৰ্য আমাৰ 'অসমৰ সমাজ'ৰ বাবে বাবে একেবাৰে নতুন, আশ্চর্য হিংসুক ঘটনা নহয়। এই ইতিহাসে সৃষ্টি কৰা মনস্বতাত্বিক ফলাফল নেকি এই সাম্প্ৰতিক ঘটনাক্ৰম সেয়াও এক প্ৰশ্ন। অসমীয়া মানুহৰ মনক লৈয়ে যেন গীতিকাৰে লিখি পেলালে... 'মৃত্যু এতিয়া সহজ!!'


অৱশ্যে, এটা পার্থক্য সহজে দৃশ্যমান। এটা বিশেষ গােষ্ঠীৰ বিৰুদ্ধে পৰিকল্পিতভাৱে ঘৃণা সৃষ্টিৰ এক পৰিৱেশ লাহে লাহে সৃষ্টি কৰা হৈছে। আৰু ই সংগঠিত আৰু কেইবা তৰপীয়া ৰূপচ এক দীৰ্ঘকালীন ৰূপত ধাৰাবাহিক প্ৰচেষ্টাৰ তাৰ বাবে লোকচক্ষুৰ সমুখত প্ৰত্যক্ষ বা পৰোক্ষভাৱে চলি আহিছে। যাক হয়তো অসমীয়া সমাজে ইমানদিনে 'Ignore' কৰি আহিছিল বা সহজভাৱত লৈছিল। এনেধৰণৰ সামূহিক ঘৃণা সৃষ্টি পূর্বতে হােৱা নাছিল। এক বিশেষ ৰাজনৈতিক পৰিৱেশতহে এনেধৰণৰ সামূহিক ঘৃণা সৃষ্টিৰ পৰিৱেশ সম্ভর। হিটলাৰে এনে সামুহিক ঘৃণা সৃষ্টি কৰাত সফল হৈছিল বাবেই ফেচিষ্ট শক্তিৰ হাতলৈ ৰাজনৈতিক ক্ষমতা হস্তান্তৰিত হৈছিল। 


গৃহহীন, আশ্রয়হীন কৰা উচ্ছেদ কার্যৰ ন্যাৰ্য্যতাৰ প্ৰশ্নবোৰঃ

২০০৭ বৰ্ষত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত “Basic principles and guidelines on development-based eviction and displacement (A/HRC/418 Annex 1) শীর্ষক নথিত স্পেচিয়েল ৰেপ'ৰ্টাৰে উত্থাপন কৰা কিছু পৰামর্শ চমকৈ এনেধৰণৰ আছিল—

(ক) বিভিন্ন আন্তর্জাতিক মানৱ অধিকাৰ বিধি অনুযায়ী জোৰদবৰদস্তি উচ্ছেদ সকলো পৰিস্থিতিতে পৰিহাৰ কৰি চলিব লাগে। উচ্ছেদৰ দ্বাৰা প্ৰভাৱিত লোকৰ সম্পত্তিৰ ওপৰত অধিকাৰ আছে নে নাই, সি বিবেচনাৰ বিষয় হ'ব নালাগে। জোৰ জবৰদস্তি উচ্ছেদৰ দ্বাৰা ক্ষতিগ্রস্ত লােকসকলে যথাযথ ক্ষতিপূৰণ, মেৰামতিৰ সুবিধা লাভ কৰাৰ লগতে ঘৰ তথা উৰ্বৰ ভূমি লাভ কৰিব লাগে। 

(খ) উচ্ছেদৰ ৰাষ্ট্ৰীয় আইনসমূহে মানৱ অধিকাৰৰ সকলো নীতি-নিয়ম মানি চলিব লাগে। মানৱীয় মর্যাদাৰ প্রতি সম্মান প্রদর্শন, আৰু ন্যায়প্রাপ্তিৰ সকলাে পথ খোলা ৰাখিব লাগে। ক্ষতিগ্রস্ত হ'ব পৰা (লােকসকলৰ লগত আলোচনা কৰি উচ্ছেদৰ বিকল্প পথৰ সন্ধান কৰা, উচ্ছেদিত হলে বিকল্প গৃহ আৰু জীৱিকা লাভ নিশ্চিত কৰিব লাগে। উচ্ছেদৰ দ্বাৰা মানুহক গৃহহীন কৰিব নালাগে। 

(গ) উচ্ছেদ কার্য নোহোৱা কৰিবলৈ ৰাষ্ট্ৰই বিভিন্ন পদ্ধতি যেনে ভাড়ামূল্য সুস্থিৰকৰণ আৰু ইয়াৰ নিয়ন্ত্রণ, ভাড়া প্রদান কৰাৰ ক্ষেত্ৰত সহায়তা প্রদান, ভূমি সংস্কাৰ আদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উচ্ছেদ কার্য যদি কৰিব লগা হয়, তেন্তে তাৰ পূর্বে কৰিবলগা কিছু দায়িত্বৰ প্ৰসংগত ৰেপ'ৰ্টাৰজনে তেওঁৰ প্রতিবেদনত উল্লেখ কৰা কিছু ব্যৱস্থা চমুকৈ এনেধৰণৰ-
 
(১) সম্ভাব্য ক্ষতিগ্রস্ত লোকলৈ জাননী প্ৰেৰণ আৰু প্রস্তাবিত আঁচনি আৰু বিকল্পৰ বিষয়ত শুনানি গ্রহণ। 

(২) কর্তৃপক্ষৰ ফালৰ পৰা ভূমি নথিকে ধৰি প্রস্তাবিত বিস্তৃত বন্দৱক্তি আদি বিষয়ত আগতীয়াকৈ তথ্য অৱগত কৰাৰ ব্যৱস্থা কৰা। 

(৩) প্রস্তাৱিত আঁচনি সন্দৰ্ভত জনসাধাৰণৰ সমীক্ষা, মতামত আৰু আপত্তি প্রদর্শন কৰিবলৈ যথাযথ সময় দিয়া। 

(৪) ক্ষতিগ্রস্ত হ'ব পৰা লোকে যাতে বিধিগত কাৰিকৰী বিষয়ত পৰামৰ্শ লাভ কৰি তেওঁলোকৰ অধিকাৰ আৰু বিকল্প সম্পৰ্কত জানিব পাৰে, তাৰ ব্যৱস্থা কৰা।  

(৫) ৰাষ্ট্ৰই ‘উচ্ছেদ’ৰ বিকল্প পথৰ সন্ধান কৰিবলৈ সম্ভাব্য সকলো চেষ্টা কৰা উচিত, ইত্যাদি। 

২০২০ চনৰ ২৮ এপ্রিলত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিশেষ ব্যৱস্থাপনাৰ স্পেচিয়েল পেটাৰ (Special Rapporteur on the right to adequate housing) লেইলানি ফাৰহাই (Leilani Farha) ক'ভিডৰ সময়ত উচ্ছেদ কৰা কাৰ্যক মৃত্যুদণ্ডৰ সমান শাস্তি বুলি অভিহিত কৰিছিল- 'Evictions are not only inconsistent with the 'stay home' policy, but forced evictions are a violation of international human rights law, including the right to housing, as are any evictions that result in homelessness. In the face of this pandemic, being evicted from your home is a potential death sentence. 

মহামাৰীৰ সময়ত যাতে কোনো লোককে উচ্ছেদ কৰা নহয় আৰু মহামাৰী শেষ হােৱাৰ পাছতাে যাতে কিছুদিনলৈ উচ্ছেদকার্য গ্রহণ কৰা নহয়, তাৰ বাবে স্পেচিয়েল ৰেপটাৰজনৰ অনুমোদন আছিল যে-States must therefore take the following urgent measures, in conformity with their obligations under human rights law. (1) Declare an end to all evictions of anyone, anywhere for any reason until the end of the pandemic and for a reasonable period of time thereafter....!

মহামাৰীৰ সময়ত উচ্ছেদ কিয়?
২০২০ চনৰ ছেপ্টেম্বৰত বােম্বাই উচ্চ ন্যায়ালয়ে মহামাৰীৰ সময়ত উচ্ছেদ বা ঘৰ ভঙাৰ অনুমতি প্রদান নকৰি কৈছিল, 'similar orders have been passed by all high courts across the country. As the person who will be affected by the relaxation of our stay are not before us. We are not inclined to grant any relief as we do not want anyone to be dispossessed and without a home during the pandemic' 

প্রশ্ন হল যি সময়ত সমস্ত বিশ্ব মানৱধিকাৰ সংস্থা, আমাৰ দেশৰ ন্যায়ালয়ৰ দৰে প্রতিষ্ঠানে মহামাৰীৰ সময়ত মানুহক উচ্ছেদিত আৰু গৃহহাৰা কৰিব নালাগে বুলি মত প্রকাশ কৰিছে, সেই সময়ত অসম চৰকাৰে উচ্ছেদ কার্য চলালে কিয়? এই প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজে নিজেই বিচাৰি লব লাগিব, সেই কথাও কিন্তু নিশ্চিত।

লেখক অসমৰ এগৰাকী চিন্তাশীল নিৱন্ধকাৰ তথা পেশাগত ভাৱে অধিবক্তা। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। তেখেতৰ  e-mail: kishorassam@gmail.com. তেখেতৰ আনবোৰ প্ৰকাশিত লেখা সংৰক্ষণ কৰাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/KISHOR%20KUMAR%20KALITA

No comments:

Post a Comment