গ্ৰন্থ আলোচনাঃ অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন  :: ড° অখিল ৰঞ্জন দত্ত

গ্ৰন্থ আলোচনাঃ অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন :: ড° অখিল ৰঞ্জন দত্ত

Share This

অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন  ড° অখিল ৰঞ্জন দত্ত

অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন

ড° অখিল ৰঞ্জন দত্ত 

বন্ধু সকলে ইতিমধ্যে গম পাইছে যে মোৰ শেহতীয়া ইংৰাজী গ্ৰন্থ 'Hindutva Regime in Assam: Saffron in the Rainbow' আন্তৰ্জাতিক প্ৰকাশনগোষ্ঠী Sage-য়ে প্ৰকাশ কৰিছে। ক’ভিড পৰিস্থিতিৰ বাবে গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচন এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই। গ্ৰন্থখন যিহেতু ইংৰাজী ভাষাত প্ৰকাশিত হৈছে, আৰু অসমৰ সকলো ঠাইতে গ্ৰন্থখন উপলদ্ধ নহয় আৰু গ্ৰন্থ প্ৰকাশৰ খবৰ পাই মোৰ শুভাকাংক্ষী সকলে শুভেচ্ছাৰে উপচাই পেলাইছিল, সেয়েহে গ্ৰন্থখনৰ কিছু আভাস বন্ধু সকলৰ জ্ঞাতাৰ্থে দাঙি ধৰি খুজিছোঁ।

অসমত হিন্দুত্বৰ উত্থান আৰু 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখন  ড° অখিল ৰঞ্জন দত্ত

যোৱা ইং ১৯ ছেপ্তেম্বৰ ২০২১ তাৰিখে গ্ৰন্থখনৰ ওপৰত ৱেবিনাৰ যোগে এক দীঘলীয়া আলোচনাও অনুষ্ঠিত হৈ গ'ল। দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক মনোৰঞ্জন মোহান্তি, কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সমীৰ কুমাৰ দাস, পুনে বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক সুহাস পালছিকাৰ আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অনুপমা ৰায়ে গ্ৰন্থখনৰ ওপৰত আগবঢ়োৱা সমালোচনাত্মক আলোচনাৰ বিষয়ে কেতিয়াবা বহলাই লিখিম। 


কিন্তু মোৰ গ্ৰন্থখনৰ বিষয়ে কোৱাৰ আগেয়ে দুটামান প্ৰাসংগিক কথা কৈ ল’ব খুজিছোঁ । চুবুৰীয়া পশ্চিমবংগত সাধাৰণতে ইংৰাজীত লিখা এখন গ্ৰন্থ বাঙালী ভাষালৈকো সোনকালেই অনুদিত হয়। আমি এই ক্ষেত্ৰত বহু পিছপৰা। ইতিহাসবিদ ড° অমলেন্দু গুহৰ ১৯৭০ৰ দশকতে প্ৰকাশিত‘প্লেণ্টাৰৰাজ টু স্বৰাজ’ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ হবলৈ কেইবা দশকো লাগিল । অথচ অসমৰ ঔপনিবেশিক ইতিহাসৰ ই এখন আন্তৰ্জাতিকভাৱে সমাদৃত গ্ৰন্থ। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা আৰু অধ্যাপক হেৰম্বকান্ত বৰপূজাৰীৰ নেতৃত্বত প্ৰণীত অসমৰ ৰাজনৈতিক ইতিহাসৰ খণ্ড কেইটাৰ অসমীয়া অনুবাদো এতিয়ালৈকে হোৱা নাই। ঠিক সেইদৰে ড° প্ৰফুল্ল মহন্তৰ ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখনিৰ ইংৰাজী অনুবাদ এতিয়ালৈকে পাঠকৰ হাতত পৰা নাই । অসম আন্দোলনৰ প্ৰাৰম্ভিকতে অসমৰ জাতীয়তাবাদৰ প্ৰশ্নটোক কেন্দ্ৰ কৰি আন্তৰ্জাতিক পৰ্যায়লৈকে সমাদৃত Economic and Political Weekly গৱেষণা আলোচনীত যি উচ্চ পৰ্যায়ৰ বিতৰ্ক হৈছিল আৰু যি বিতৰ্কই অসমৰ জাতীয়তাৰ সংকট আৰু দণ্ডক বিশ্বৰ সমাজ বিজ্ঞানী সকলৰ সমূখত তুলি ধৰিছিল তাৰো অসমীয়া অনুবাদ হোৱা নাই । আন্তৰ্জাতিকভাৱে স্বীকৃত আৰু আমেৰিকাৰ বাৰ্ড কলেজৰ অসমীয়া সমাজ বিজ্ঞানী অধ্যাপক সঞ্জীৱ বৰুৱাৰ গ্ৰন্থ সমূহে অসম আৰু উত্তৰপূৱ ভাৰতৰ ৰাজনৈতিক প্ৰশ্ন সমূহক বিশ্বৰ ৰাজনৈতিক বিশ্লেষকৰ সমূখত ডাঙি ধৰিছে। তেখেতৰ আটাইকেইখন গ্ৰন্থই আন্তৰ্জাতিক ভাৱে সমদৃত। অথচ তাৰ অসমীয়া সংস্কৰণ নাই। উদয়ন মিশ্ৰৰ ‘Periphery Strrikes Back’ অথবা ‘Burden of History’ ৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। সঞ্জয় হাজৰিকাৰ গ্ৰন্থ কেইখনৰ ক্ষেত্ৰতো একেই কথা কব পাৰি । উল্লিখিত প্ৰায় সকল লেখকে যিহেতু কেৱল ইংৰাজীতহে লিখে গতিকে গৱেষক সকল অথবা ইংৰাজীত দখল থকা সকলৰ বাহিৰে অন্য সকলে তেওঁলোকৰ চিন্তাৰ উমান নাপায় । এই ক্ষেত্ৰত ব্যতিক্ৰম ড° হীৰেন গোহাঁই । কাৰণ তেখেতে ইংৰাজী আৰু অসমীয়াত সমানে লিখে- আচলতে ইংৰাজীতকৈ অসমীয়াতহে বেছিকৈ লিখে। সেয়েহে ড° গোহাঁইৰ চিন্তা বা দৰ্শন অসমীয়া আৰু ইংৰাজী উভয় পাঠকৰ বাবে উপলব্ধ। অসমীয়া পাঠকৰ সাহিত্যৰ চিন্তাক গভীৰৰ পৰা গভীৰতালৈ লৈ যাব পৰা ড° গোহাঁইৰ যি নিৰলস প্ৰয়াস সেইবোৰ প্ৰধানত: অসমীয়া ভাষাত। আত্ম জীৱনী বিষয়ক চাৰিওটা খণ্ডও অসমীয়া ভাষাতেই লিখা। কিন্তু অসমৰ জাতীয় ৰাজনৈতিক প্ৰশ্ন সমূহক তেখেতে ইংৰাজী আৰু অসমীয়া উভয় ভাষাতে সমানে লিখিছে। কিন্তু ড° গোহাঁইয়ে লিখা অসমীয়া আৰু ইংৰাজী লিখাৰ মাজত কিছু দৃষ্টিভংগীৰ পাৰ্থক্য আছে। কাৰণ অসমীয়াত লিখা লেখাবোৰত তেখেতে প্ৰধানত: অসমৰ বৃহত্তৰ সমাজখনৰ অগণতান্ত্ৰিক আৰু অসংবেদনশীল প্ৰায় সকলোবোৰ দিশৰ ক্ষুৰধাৰ সমালোচনা কৰি আহিছে, অন্যহাতে ইংৰাজী লেখবোৰত অসমীয়া জাতি আৰু জাতিসত্বাৰ পক্ষে ওকালতি কৰি আহিছে। অৱশ্যে সমালোচনাত্মক দৃষ্টিভংগীৰে। 


ধৰক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰশ্ন। এই প্ৰশ্নত ড° গোহাঁইয়ে অসমৰ বৃহত্তৰ সমাজখনক ১৯৭১ ৰ পুৰ্বে অহা পুৰ্ববংগীয় মুছলমানক গণতান্ত্ৰিক দৃষ্টিভংগীৰে আৰু উদাৰ ভাৱে গ্ৰহণ কৰা কথাটোত অধিক গুৰুত্ব দি আহিছে আৰু এই বিষয়ে অসমীয়াত নিৰন্তৰভাৱে লিখি আহিছে। যাৰবাবে তেওঁক বহুতেই পুৰ্ব-বংগীয় মুছলমানৰ প্ৰবক্তা বুলিও কব খোজে। কিন্তু ইংৰাজী লেখাবোৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু অসমীয়া জাতীয়তাৰ উদাৰতাৰ কথাটোক শক্তিশালীভাৱে উপস্থাপন কৰা বাবে তেওঁক ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱতাবাদৰ প্ৰবক্তা সকলে জাত্যাভিমানী আৰু পূৰ্ব-বংগীয় মুছলমানৰ দুৰ্দশাক যথাযথভাৱে অনুধাৱন কৰিব নোৱাৰা বুদ্ধিজীৱি বুলি অভিযোগ কৰে । ‘The Wire’ শীৰ্ষক ৱেব কাকতত হোৱা বিতৰ্ক তাৰ অন্যতম সাক্ষী । সেয়েহে ড° গোহাঁইৰ ইংৰাজী লেখাবোৰৰ অসমীয়া অনুবাদ আৰু অসমীয়া লেখাবোৰৰো ইংৰাজী অনুবাদ লাগে। 


অসমৰ এদল অতি তীক্ষ্ণধী যুৱ গৱেষকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে । তেওঁলোকৰো এই প্ৰশ্নসমূহত নিজৰ মতামত আছে আৰু ‘Economic and Political Weekly’ অথবা ‘দ্যা হিন্দু’ কাকতকে প্ৰমূখ্য কৰি বিভিন্ন কাকতত তেওঁলোকে যথেষ্ট লিখা মেলা কৰিছে । সেই সম্পৰ্কেও আমি বৰকৈ অৱগত নহয় । তাৰ বিপৰীত কথাটোও সত্য। ধৰক অম্বিকাগিৰী ৰায় চৌধুৰী অথবা পৰাগ কুমাৰ দাসে অসমৰ জাতীয় চিন্তাৰ ধাৰাটোক যিধৰণে উপস্থাপন কৰিছিল সেইবোৰৰো ইংৰাজী অনুবাদ অত্যন্ত প্ৰয়োজনীয় কথা । 


মোৰ সদ্য প্ৰকাশিত গ্ৰন্থখনৰ কথা কবলৈ গৈ ইমান দীঘলীয়া পাতনি লিখাৰ কাৰণ এইটোহে যে ৩৬০ পৃষ্ঠাৰ এই গ্ৰন্থখনত মই অসমত হিন্দুত্বৰ ৰাজনীতি, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা নাগৰিকত্ব সংশোধনী বিধেয়ক/আইনৰ কথাটো যিমান বহলকৈ আৰু পুংখানুপুংখভাৱে আলোচনা কৰিছো অসমীয়া ভাষাত ইমান বহলকৈ এতিয়ালৈকে আলোচনা কৰা নাই। তাৰ অন্যতম কাৰণ এইটোও যে এই প্ৰশ্নবোৰক লৈ অসমীয়াত মই নিয়মীয়াকৈ বক্তব্য ৰাখি আহিছোঁ। তাৰ পিছতো ভাৱহয় যে এই কিতাপখনৰ অসমীয়া সংস্কৰণৰো প্ৰয়োজন। সেই কাম যে সোনকালে হৈ উঠিব সেই আশা অৱশ্যে মই কৰা নাই। সেয়েহে কিতাপখনৰ এক সম্যক ধাৰণা পাঠকৰ আগত তুলি ধৰিবৰ বাবেই আৰু দেশ-বিদেশৰ কেইবা গৰাকীও সমাজ বিজ্ঞানীয়ে গ্ৰন্থখন সম্পৰ্কত কি মন্তব্য আগ বঢ়াইছে সেই কথা বন্ধু সকলক অৱগত কৰিবৰ বাবেই এই লেখা প্ৰস্তুত কৰিছোঁ। অহমিকা প্ৰদৰ্শন বা স্ব-প্ৰশস্তি তাৰ লক্ষ্য নহয় । 


এই কথা কৈ থোৱা ভাল হ’ব যে ৩৬০ পৃষ্ঠা দৈৰ্ঘ্যৰ গ্ৰন্থখন মই উচৰ্গা কৰিছো ড° হীৰেন গোহাঁই ছাৰৰ নামত। ড° গোহাঁই ছাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মই লিখিছোঁ ‘'To, Professor Hiren Gohain-an unwavering custodian of the people’s conscience, whose writings and social commitments have had an immense bearing on my intellectual pursuits.'


গ্ৰন্থখন প্ৰকাশৰ পূৰ্বে আৰু পৰবৰ্তী সময়ত আন্তৰ্জাতিক খ্যাতি সম্পন্ন বহু কেইগৰাকী সমাজ বিজ্ঞানীয়ে গ্ৰন্থখন পঢ়িছে। ভাৰতবৰ্ষৰ ৰাজনীতিক প্ৰায় তিনিটা দশকৰো অধিক কাল ধৰি অধ্যয়ন কৰি অহা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিষয়ে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰা আমেৰিকাৰ জন হ'পকিনছ্ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৱাল্টাৰ এণ্ডাৰছেনে গ্ৰন্থখন পঢ়ি উঠি লিখিছে: 'I very much enjoyed reading the book both because of its clarity and because it addresses core political science concepts. Once started, I could not put it down. I learned a lot about Assam and appreciate the insights you provided.' (Prof. Walter Andersen, Johns Hopkins University, USA)


এই গ্ৰন্থৰ সুদীৰ্ঘ পাতনি লিখিছে দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক মনোৰঞ্জন মোহান্তিয়ে । তেখেতে পাতনিতে লিখিছে: ‘This is an important book which convincingly explains the nature and dynamics of politics in contemporary India. Through an in-depth analysis of the rise of the BJP to power in Assam, it tells the story of present-day India where Hindutva politics builds a brand of cultural nationalism while doggedly pursuing a neoliberal economic agenda.' (Manoranjan Mohanty, Distinguished Professor & Editor, Social Change (SAGE), Council for Social Development, New Delhi, India; Former Professor & Head, Department of Political Science, University of Delhi; Former Chairperson & Director, Institute of Chinese Studies, New Delhi)


কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজনীতিৰ এগৰাকী গৱেষক ড° সমীৰ কুমাৰ দাসে লিখিছে: 'As I read Akhil Ranjan Dutta’s Hindutva Regime in Assam: Saffron in the Rainbow, I am reminded of the glorious tradition of writing buranjis -or current histories in Assam. The book effectively infuses politics with history—long lost especially in political writings.' (Prof. Samir Kumar Das, Professor in Political Science, University of Calcutta, India; Former Vice-Chancellor, University of North Bengal, Siliguri, India)


ভাৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতিৰ এগৰাকী অগ্ৰণী বিশ্লেষক আৰু গৱেষক তথা আন্তৰ্জাতিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত বহু কেইখন গ্ৰন্থৰ প্ৰণেতা আৰু পুনেৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ অধ্যাপক সুহাস পালছিকাৰে লিখিছে: 'Akhil Ranjan Dutta’s competent work provides detailed assessment of the BJP’s politics as the ruling party of Assam. 'Hindutva Regime in Assam: Saffron in the Rainbow' is an important contribution because it meticulously shows how the BJP ruptured the consensus on key issues. The book is also important for the assessment of governance that predominantly operates in the dual universe of Hindutva and neoliberalism.' (Prof. Suhas Palshikar, Chief Editor, Studies in Indian Politics, Former Professor in Political Science, Savitribai Phule University, Pune, India)


জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আৰু নাগৰিকত্ব বিষয়ৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষক অনুপমা ৰয়ে লিখিছে:  'Akhil Ranjan Dutta’s ‘Hindutva Regime in Assam: Saffron in the Rainbow’ is a meticulously researched book on politics in contemporary Assam. With the help of logical and intelligently crafted arguments, Dutta takes the reader along the different routes through which the BJP amassed power in Assam, riding on a populist strategy of appealing to an Assamese pride which overwhelmed the promised ‘rainbow’ with saffron nationalism.' (Prof. Anupama Roy, Professor, Centre for Political Studies, School of Social Sciences, Jawaharlal Nehru University, New Delhi)


‘Hindutva Regime in Assam: Saffron in the Rainbow’ গ্ৰন্থখনে প্ৰধানত: অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পৰা- অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈকে- এই পাচঁ বছৰৰ অসমৰ ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে বহলাই আলোচনা কৰিছে । উপ শিৰোনাম লক্ষ্য কৰিলেই হয়তো বুজিব পাৰি যে গ্ৰন্থখনৰ এক নিৰ্দিষ্ট দৃষ্টিভংগী আছে। ২০১৬ চনত ৰামধেনু সদৃশ মিত্ৰজোঁটৰ কথা কোৱা চৰকাৰখন লাহে লাহে হিন্দুত্বৰ মূল দৰ্শনটোলৈ ঘূৰি গ’ল । অৰ্থাৎ সাতোৰঙী ৰামধেনুত লাহে লাহে এই নিৰ্দিষ্ট ৰঙৰ প্ৰলেপ সানিব খুজিলে। সেয়েহে আমি ২০১৪ চনৰ লোক সভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচন আৰু ২০১৯ চনৰ লোক সভা নিৰ্বাচন আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ৰণ কৌশল আৰু বাগধাৰাৰ মাজত বিপুল পৰিবৰ্তন লক্ষ্য কৰোঁ।


২০১৬-২০২১- এই সময়ছোৱা  অসমৰ ৰাজনীতিত এক উত্তাল সময়, আশা আৰু আশাভংগৰ সময়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক/আইনৰ বিতৰ্কই ৰাজ্যৰ ৰাজনীতি তোলপাৰ কৰি ৰাখিলে । ২০১৪ আৰু ২০১৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া মানুহৰ মনত প্ৰৱল আশাৰ সঞ্চাৰ কৰিছিল। নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ড° ভূপেন হাজৰিকাৰ বহু গীতৰ কলিৰে নিৰ্বাচনী ভাষণ আৰম্ভ কৰিছিল । জয়ন্ত হাজৰিকাৰ সেই প্ৰখ্যাত গীত ‘আকৌ নতুন প্ৰভাত হ’ব’- ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী শ্ল’গান আছিল । কিন্তু লাহে লাহে ই হতাশাত পৰিণত হ'ল। কিন্তু এনে হতাশাই ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী যাত্ৰাত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰিলে । প্ৰৱল গণ বিতুষ্টিৰ পিছতো ২০১৯ ৰ লোক সভা নিৰ্বাচন আৰু ২০২১ ৰ বিধান সভা নিৰ্বাচনত এই দলে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিলে।


প্ৰশ্ন হয়, এইটো কেনেকৈ সম্ভৱ হ'ল? হিন্দুত্বৰ ৰাজনীতিৰ কি চমকে এই সফলতা সুনিশ্চিত কৰিলে? অসমৰ নৃগোষ্ঠীয় ৰাজনীতিক ভাৰতীয় জনতা পাৰ্টীয়ে কেনেকৈ নিজৰ শিবিৰত অন্তৰ্ভুক্ত কৰিলে আৰু তাক ধৰি ৰাখিব পাৰিলে? অসম গণ পৰিষদৰ নিৰ্বাচনী ভেঁটি কেনেকৈ ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ দখললৈ নিলে? অসমৰ জাতীয়তবাদী চিন্তা আৰু হিন্দুত্বৰ ৰাজনীতিৰ মিত্ৰতা কেনেকৈ সম্ভৱ হৈ উঠিল? হিন্দুত্বৰ ৰাজনীতি যে কেৱল মন্দিৰ কেন্দ্ৰিক হৈ থকা নাই- পৰিচয় কেন্দ্ৰিক নৃ-গোষ্ঠীয় ৰাজনীতি আৰু নব্য উদাৰতাবাদৰ সীমাহীন হিতাধিকাৰী আঁচনিৰ সমন্বয়েৰে ভাৰতীয় জনতা পাৰ্টীয়ে অতি প্ৰতিযোগিতামূলক নিৰ্বাচনী কৌশল নিৰ্মাণ কৰি তুলিছে- তাৰ সূক্ষ্ম বিশ্লেষণ অবিহনে নিৰ্বাচনী ৰাজনীতিত এই দলৰ সাফল্য বুজিব নোৱাৰি । ২০১৪, ২০১৯, ২০১৬ আৰু ২০২১- এই চাৰিওটা নিৰ্বাচনত এই দলৰ কৌশলৰ পুনৰীক্ষণ আৰু নতুন বাগধাৰাৰ আগমন লক্ষণীয়। উল্লিখিত গ্ৰন্থত মই তাৰ বহল আলোচনা কৰিছো।


এই সময়ছোৱাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এক জটিল পৰিক্ৰমাৰ মাজেৰে গতি কৰিলে। প্ৰথমাৱস্থাত চৰকাৰে যথেষ্ট উৎসাহ দেখুৱাইছিল, কিন্তু লাহে লাহে নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিলে আৰু শেষত পাভলুটি মাৰিলে। আন্তৰ্জাতিক পৰ্যায়ত নাগৰিক পঞ্জীক লৈ বিপুল বিতৰ্ক আৰু বিভ্ৰান্তি সৃষ্টি হ'ল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খচৰা প্ৰকাশৰ মূৰ্হুত্বত আন্তৰ্জাতিক গণ-মাধ্যমৰ প্ৰতিনিধি গৈ নেলীত উপস্থিত হৈছিল গৈ। নাগৰিক পঞ্জী বিছৰাৰ বাবে অসমৰ মানুহক বৰ্হি: বিশ্বই জাত্যাভিমানী আৰু অসহিঞ্চু আখ্যা দিলে। এই পঞ্জীৰ তিনিওখন তালিকা প্ৰকাশৰ সময়ত বিশ্বৰ আগশাৰীৰ বাতৰি কাকত সমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি আৰু ফটো সমূহ আছিল অত্যন্ত প্ৰৰোচনামূলক।  আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ পৰা প্ৰকাশিত ‘নিউয়ৰ্ক টাইমছ’ৰ দৰে কাকতত তাৰ ওপৰত বিতৰ্ক হৈছিল আৰু সম্পাদকীয় পৃষ্ঠাত এই সম্পৰ্কে প্ৰবন্ধ প্ৰকাশ হৈছিল । ‘আলজাজিৰা’ত প্ৰকাশিত বাতৰিয়ে অসমত বিতৰ্কৰ জোৱাৰ তুলিছিল। অসম আন্দোলনৰ সময়ত অসমৰ জাতীয় উদ্বিগ্নতাক অতি শক্তিশালীভাৱে তুলি ধৰা অধ্যাপক সঞ্জীৱ বৰুৱাই কিন্তু নাগৰিক পঞ্জীক অতি সমালোচনাত্মক দৃষ্টিভংগীৰে আলোচনা কৰিছিল। ‘এই পঞ্জী প্ৰকাশৰ পিছত ‘দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত সঞ্জীৱ বৰুৱাই এই সম্পৰ্কে কেইবাটাও প্ৰবন্ধ প্ৰকাশ কৰিছিল । ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহত ড° হীৰেন গোহাঁইৰ ‘The Cudgel of Chauvinism’ শীৰ্ষক প্ৰবন্ধটোৰ আলমতেই ইতিমধ্যে উল্লিখিত ‘Economic and Political Weekly’ আলোচনীত অসম আন্দোলন সম্পৰ্কে সুদীৰ্ঘ বিতৰ্কৰ সূত্ৰপাত হৈছিল । এই বিতৰ্কৰ শিৰোনাম আছিল ‘Little Nationalism Turned Chauvinist’ . ড° হীৰেন গোহাঁইৰ প্ৰবন্ধটো প্ৰকাশৰ পিছতেই অসম আন্দোলন সম্পৰ্কে ড° অমলেন্দু গুহই লিখা সুদীৰ্ঘ প্ৰবন্ধৰ শিৰোনামেৰেই এই বিতৰ্ক চলিছিল । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল অসম আন্দোলন সম্পৰ্কে ড° গোহাঁইয়ে নিজৰ দৃষ্টিভংগীৰ পুনৰীক্ষণ কৰিলে । ১৯৮৫ চনত প্ৰকাশিত তেখেতৰ ‘Assam: A Burning Question’ আৰু ২০১৯ বৰ্ষত প্ৰকাশিত ‘Struggling in A Time Warp’ গ্ৰন্থত সন্নিৱিষ্ট আৰু প্ৰায় চাৰিটা দশকত প্ৰকাশিত তেখেতৰ লেখা সমূহত এই পুনৰীক্ষণ স্পষ্ট । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সপক্ষে বক্তব্য ৰখাৰ বাবেই তেখেতক ‘Intellectual Racist’ বুলিও অভিহিত কৰা হ’ল।


আমি সকলোৱে জানো যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশিত হ’ল উচ্চতম ন্যায়ালয়ৰ তদাৰকীত।   উচ্চতম ন্যায়ালয়ৰ বাবেও ই আছিল এক প্ৰত্যাহ্বানমূলক প্ৰক্ৰিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা এক বিশেষ ৰায়ে নাগৰিক পঞ্জী প্ৰকাশৰ ক্ষেত্ৰত নতুন প্ৰশ্নৰ অৱতাৰণা কৰিলে। বিভিন্ন মুহূৰ্তত উচ্চতম ন্যায়ালয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও বাধাৰ সমূখীন হ’ল।  নাগৰিক পঞ্জীৰ বাবে উচ্চতম ন্যায়ালয়ত ন্যায়িক যুঁজ আৰম্ভ কৰা Assam Public Work ৰ অভিজিত শৰ্মাই শেষত গৈ নাগৰিক পঞ্জীক বিৰোধিতা কৰাৰ বিপৰীতে অভিজিত শৰ্মাক নাগৰিক পঞ্জীৰ বাবে উচ্চতম ন্যায়ালয়ত যুঁজ কৰিবলৈ সমস্ত ধনৰ যোগান ধৰা প্ৰদীপ ভূঞাই নাগৰিক পঞ্জী সমৰ্থন কৰিলে। সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি  অস্পষ্ট হৈ পৰিল । বিদেশত গৱেষণা কৰি থকা এদল অসমীয়া যুৱকে তীক্ষ্ণ  যুক্তিৰে নাগৰিক পঞ্জীৰ বিৰোধিতা কৰিলে। পূৰ্ববংগীয় মুছলমানৰ চিন্তাশীল মহলতো মতৰ বিভাজন হ’ল। শাসনাধিষ্ঠিত চৰকাৰে এই পঞ্জীক লৈ বহুবাৰ পাভলুটি মাৰিলে। সদ্য প্ৰকাশিত গ্ৰন্থত মই এই গোটেই বিতৰ্কসমূহক তুলি ধৰিবলৈ যত্ন কৰিছোঁ। এই পঞ্জীক সমৰ্থন কৰি মই যুক্তি দৰ্শাইছো যে অৱশেষত আমি এই নাগৰিক পঞ্জীত নামভৰ্তিৰ বাবে আবেদন জনোৱা সকলোকে নাগৰিকত্ব দিব লাগিব  কাৰণ বাংলাদেশৰ লগত ভাৰতৰ প্ৰত্যাৱৰ্তন চুক্তি নাই আৰু দক্ষিণ এছিয়াৰ পৰিবৰ্ত্তিত ৰাজনৈতিক প্ৰেক্ষাপট, বিশেষকৈ এই অঞ্চলত চীনৰ ক্ৰমবৰ্দ্ধিত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ কোনো চৰকাৰে বাংলাদেশ চৰকাৰক নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰি যোৱা সকলক ওভটাই লবলৈ হেঁচা দিয়াৰ সম্ভাৱনা নাই। কাৰণ দক্ষিণ এছিয়াত ভাৰতবৰ্ষৰ নিকট-আত্মীয় ৰাষ্ট্ৰ কেৱল বাংলাদেশ। তাৰ উপৰিও আন্তৰ্জাতিক নজৰৰ বাবে ভাৰত চৰকাৰে তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰাখিব নোৱাৰে । গতিকে অসমৰ বৃহত্তৰ নাগৰিক সমাজে এই ক্ষেত্ৰত এক গঠনমূলক ভূমিকা পালন কৰিব লাগিব । অন্যথা আমি বিদেশী বনাম নাগৰিকত্বৰ বেহুৰ পৰা ওলাই আহি উন্নয়নৰ কথা কেতিয়াও ভাৱিব নোৱাৰিম । 


নাগৰিকত্ব সংশোধনী বিধেয়কৰ যাত্ৰা দীঘলীয়া। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যি সকল শৰণাৰ্থীৰ বাবে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰা হ’ল তেওঁলোকে কিন্তু নাগৰিকত্ব দাবী কৰা নাছিল। তেওঁলোকে নাগৰিকত্ব আইন আৰু নিয়মাৱলীয়ে প্ৰৱৰ্তন কৰা প্ৰতিষ্ঠান সমূহ সক্ৰিয় আৰু সংবেদনশীল হৈ উঠা কথাটোতহে গুৰুত্ব দিছিল। এই আইনৰ মূল কথা সেয়েহে হিন্দুত্বৰ ৰাজনীতি। যৌথ সংসদীয় কমিটিয়ে প্ৰস্তুত কৰা সূদীৰ্ঘ প্ৰতিবেদন পঢ়িলেই এইবোৰ কথা স্পষ্টকৈ ধৰিব পাৰি। এই প্ৰতিবেদনত অসম চুক্তিৰ প্ৰশ্নটোক বিশদ ভাৱে আলোচনা কৰা হৈছে । এই প্ৰতিবেদনে চাৰিটা কেন্দ্ৰীয় প্ৰশ্ন আলোচনা কৰিছে- তাৰে তিনিটা নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰিক আৰু আনটো হ’ল অসম চুক্তি বনাম এই বিধেয়ক। এই চাৰিটা প্ৰশ্নৰ ভিতৰত দুটা প্ৰশ্ন তন্ন-তন্নকৈ আলোচনা কৰা হৈছে- তাৰে প্ৰথমটো হ’ল এই বিধেয়কে ভাৰতীয় সংবিধানৰ মৌলিক প্ৰমূল্যক প্ৰত্যাহবান জনাব নেকি, আৰু আনটো হ’ল এই বিধেয়কে অসম চুক্তি আৰু এই চুক্তিৰ আধাৰত সংযোজন কৰা ভাৰতীয় নাগৰিকত্ব আইনৰ ৬(ক) দফাক কিদৰে প্ৰত্যাহবান জনাব । কোনো পক্ষ নোলোৱাকৈ কোনোবাই যদি এই প্ৰতিবেদন পঢ়ে তেন্তে তেওঁ এই বিধেয়কক সমৰ্থন কৰিব নোৱাৰে। অথচ যৌথ কমিটিয়ে এই বিধেয়কৰ সপক্ষে অনুমোদন আগবঢ়ালে। উত্তৰপূৱ ভাৰতৰ পৰাই যৌথ সংসদীয় কমিটিয়ে সৰ্বাধিক স্মাৰক পত্ৰ লাভ কৰিলে আৰু এই স্মাৰক পত্ৰ সমূহে অতি স্পষ্টভাৱে এই বিধেয়কৰ বিৰোধিতা কৰিলে। সংসদীয় কমিটিয়ে বিধেয়কৰ সপক্ষে ৰায়দান দিওঁতে ন্যায়ালয়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ ৰায়ৰ প্ৰসংগও টানি আনিছে । কিন্তু অনুপমা ৰায়কে প্ৰমূখ্য কৰি বহু বিশ্লেষকে আঙুলিয়াই দিছে যে সেই বিশেষ ৰায় সমূহৰ সঠিক বিশ্লেষণ কৰা নাই সংসদীয় কমিটিয়ে। এই আটাইবোৰ দিশৰ উপৰিও বিধেয়কে আইনৰ ৰূপ পোৱাৰ পিছত অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে এই গ্ৰন্থত বিশদ আলোচনা আগবঢ়োৱা হৈছে । ২০১৫ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহলৈকে- অৰ্থাৎ ক’ভিদ মহামাৰীয়ে সমাজ জীৱন অচল কৰি তোলালৈকে- এই প্ৰায় পাঁচটা বছৰত নাগৰিকত্ব সংশোধনী বিধেয়ক/আইনক লৈ অসমত সৃষ্টি হোৱা গোটেই ঘটনা প্ৰবাহক তুলি ধৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। কৈ থোৱা ভাল হ’ব যে বিশ্লেষণৰ সমান্তৰালভাৱে তথ্য আৰু ঘটনা প্ৰবাহক ক্ৰমানুসাৰে তুলি ধৰা কথাটোত মই গুৰুত্ব প্ৰদান কৰিছোঁ । 


ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত নব্য-উদাৰ অৰ্থনীতিৰ খোলাটোত অসমৰ অৰ্থনীতি আৰু অধিকভাৱে সোমাই পৰিল। হিতাধিকাৰী আঁচনিয়ে নতুন নতুন চমক সৃষ্টি কৰিলে । সোণোৱাল চৰকাৰৰ বিত্তমন্ত্ৰী আৰু অসমৰ বৰ্ত্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ত অসমৰ অৰ্থনীতি পুনৰ নিৰ্মাণত চৰকাৰৰ সফলতা সম্পৰ্কে যি ধৰণে ঢাক ঢোল বজালে তাৰ প্ৰকৃত প্ৰাপ্তিনো আচলতে কি? ক্ষমতালৈ আহিয়েই অসমৰ অৰ্থনীতিৰ ওপৰত প্ৰকাশ কৰা শ্বেতপত্ৰ কিমান বগা আৰু কিমান ক'লা আছিল? মোৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নটো আছিল এই চৰকাৰে কেৱল সপোনহে বিক্ৰী কৰিলে নেকি? Is it a Dream Seller’s Economy? অসম চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদন সমূহ বিশ্লেষণ কৰিলে দেখা যায় যে এই চৰকাৰৰ দিনত আমাৰ ৰাজ্যখন আচলতে দেশৰ অন্য ৰাজ্যৰ তুলনাত পূৰ্বৰ তৰুণ গগৈ চৰকাৰে এৰি যোৱা স্থানতে থাকিল । এই চৰকাৰে অসমৰ কৃষিখণ্ডত বিপ্লৱৰ সূচনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু যোৱা সময়ছোৱাত খেতিৰ ভুমিও বৃদ্ধি নাপালে আৰু প্ৰতি হেক্টৰ মাটিত শস্যৰ উৎপাদনো নাবাঢ়িল । খাদ্য ভৰাঁলত মজুত থকা খাদ্যৰ পৰিমাণো বৃদ্ধি নাপালে। প্ৰস্তাৱিত বাজেট ব্যয় ঠিকেই বৃদ্ধি পালে, কিন্তু প্ৰকৃত বাজেট ব্যয় পূৰ্বৰ চৰকাৰৰ দিনত হোৱাৰ দৰে প্ৰায় ৬০ শতাংশতে সীমাবদ্ধ হৈ ৰ’ল ।। ২০১৬ চনত ক্ষমতালৈ আহিয়েই প্ৰকাশ কৰা ‘শ্বেতপত্ৰ’ত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ বাজেটক ফুলা বেলুন আখ্যা দিছিল। তাৰ কাৰণ দেখুৱাই কোৱা হৈছিল যে বাজেট প্ৰস্তাৱ আৰু বাজেট ব্যয়ৰ মাজত বিপুল ব্যৱধান । তাৰ অন্তৰালৰ কাৰণো হ’ল প্ৰস্তাৱিত বাজেট ৰূপায়নৰ বাবে চৰকাৰৰ ৰাজহৰ অভাৱ। একেই কথা সোণোৱাল চৰকাৰৰ ক্ষেত্ৰটো প্ৰযোজ্য। চৰকাৰৰ আভ্যন্তৰীণ ৰাজহ কিছু পৰিমাণে বৃদ্ধি পালে। কিন্তু  বাজেটত প্ৰস্তাৱ কৰা ধৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজহ লাভ নকৰিলে। তাৰ পিছতো চৰকাৰে চমক সৃষ্টি কৰিলে নতুন নতুন হিতাধিকাৰী আঁচনিৰ জৰিয়তে। লক্ষণীয় কথাটো হ’ল এনে আঁচনিয়ে আমাৰ জন-নিৰাপত্তাৰ মৌলিক দিশ সমূহত কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে । চৰকাৰী প্ৰতিবেদনতে স্পষ্ট হৈ উঠিল যে ৰাজ্যত নিবনুৱাৰ শতাংশ পূৰ্বতকৈ বৃদ্ধি পালে । আটাইতকৈ দুখৰ ছবিখন দেখা পোৱা গ’ল Sustainable Development Goal ৰ বেলিকা । এই ক্ষেত্ৰত অসমৰ প্ৰাপ্তি অতি শোচনীয় হৈ ৰ’ল । আটাইতকৈ দুখ লগা ছবি খন Health and Wellbeing শিতানত । চৰকাৰৰ প্ৰাপ্তিৰ সীমাবৰ্দ্ধতা চৰকাৰৰ প্ৰতিবেদনতেই স্পষ্ট। 


সোণোৱাল চৰকাৰৰ শাসনকালত সংঘটিত ৰাজনৈতিক ঘটনা সমূহৰ ভিতৰত অন্যতম আছিল কাজিৰঙাৰ বেদখল উচ্ছেদ অভিযান । এই অভিযান চলিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ ভিত্তিত। ২০১৫ চনতে প্ৰদান কৰা ৰায়টোক ৰূপায়িত কৰাত প্ৰাথমিকতা প্ৰদান কৰিলে ২০১৬ চনৰ মে’ মাহত ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰে তাৰ বিৰুদ্ধে কাজিৰঙাত প্ৰৱল গণ প্ৰতিবাদ গঢ়ি উঠিল। এই প্ৰতিবাদে দুটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰি দিলে- (১) মূল সুঁতিৰ অসমীয়া জাতীয়তাবাদৰ যি জাত্যাভিমানী ৰূপ তাৰ এক ধৰ্মাভিমানী সংকীৰ্ণতাও আছে। বেদখল উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে জাতীয় সংগঠন সমূহে চৰকাৰক বাহ: বাহ: দিয়াৰ লগে লগে কাজিৰঙাক তৎকালে বাংলাদেশীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ দাবী জোৰদাৰ হৈ উঠিল। অথচ যিবোৰ গাওঁত উচ্ছেদ অভিযান হৈছিল সেইবোৰৰ স্থাপিত হৈছিল স্বাধীনতাৰ আগে পিছে। সেইবোৰত জনজাতীয় লোকৰ বসতিও আছিল । এই প্ৰশ্নবোৰক জাতীয় সংগঠন সমূহে গুৰুত্বই নিদিলে। ফলত চৰকাৰৰ উচ্ছেদ বিৰোধী অভিযানে ৰাজনৈতিক বৈধতা লাভ কৰিলে । (২) দ্বিতীয় প্ৰশ্নটো হ’ল পৰিবেশ বা অভয়াৰণ্যৰ মূল্য মানুহৰ মূল্যতকৈ বেছি নেকি। উন্নয়ন আৰু পৰিবেশতন্ত্ৰৰ মাজত চলি থকা যুঁজখনত আৰু এটা দিশ সংযোজিত হ’ল। অৰ্থাৎ উন্নয়নে পৰিবেশ পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰাতো যি দৰে ভয়াৱহ কথা ঠিক সেইদৰে পৰিবেশ ৰক্ষাৰ নামত মানুহৰ বসতি- বিশেষকৈ সাধাৰণ মানুহৰ বসতি আৰু জীৱন-জীৱিকা উচ্ছেদ কৰাটোও ভয়াৱহ কথা। ঠিক এনে সময়তেই বি বি চিৰ কাজিৰঙা বিষয়ক ডকুমেণ্টাৰী ‘Killng for Conservation’ বিতৰ্কইও এক জোকাৰণি তুলিলে। বিতৰ্কৰ পৰিপ্ৰেক্ষিতত বিবিচিয়ে এই ডকুমেণ্টাৰী প্ৰদৰ্শন বন্ধ কৰিলে সঁচা- কিন্তু বিবিচিৰ দক্ষিণ    এছিয়াৰ সাংবাদিক Justin Rowlatt ৰ  ‘Kaziranga: The Park that shoots people to protect Rhinos’ শীৰ্ষক প্ৰবন্ধ প্ৰকাশ পালে ১০ ফেব্ৰুৱাৰী ২০১৭ তাৰিখে । সেই প্ৰবন্ধ এতিয়াও বিবিচিৰ ৱেব পেইজত উপলবদ্ধ। এই আটাইবোৰে কাজিৰঙা সংৰক্ষণ আৰ্হিটো সম্পৰ্কত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিলে। উচ্ছেদ বিৰোধী অভিযানৰ বিৰিদ্ধে গঢ়ি উঠা গণ আন্দোলনক নেতৃত্ব দিবলৈ গৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ জেইলত সোমালেগৈ ।

 

এনে বিতৰ্কৰ মাজতে অখিল গগৈক ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হ’ল। কিন্ত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ মুক্তিৰ সপক্ষে দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোৱে দেশৰ নিৰাপত্তাৰ নামত চৰকাৰে কিদৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অপ-প্ৰয়োগ কৰিছে সেই কথা বিস্তাৰিতভাৱে প্ৰকাশ কৰিলে আৰু অখিল গগৈক জামিন দিলে। প্ৰায় ৭০ পৃষ্ঠা দৈৰ্ঘ্যৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায় গণতান্ত্ৰিক ৰাজনীতিৰ বাবে এক ঐতিহাসিক ৰায় । 


নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি উঠা ব্যাপক গণ আন্দোলনে চৰকাৰৰ বৈধতাক প্ৰত্যাহবান জনাই প্ৰায় স্ববিৰ কৰি তোলা অসমৰ ৰাজনীতিক ক'ভিড মহামাৰীয়ে হঠাৎ সলনি কৰি দিলে আৰু অসমৰ ৰাজনীতিত সক্ৰিয় হৈ থকা ধৰ্মীয় মেৰুকৰণে বৃহত্তৰ সমাজখনকে ছানি ধৰিলে আৰু চৰকাৰৰ প্ৰতি গণ বৈধতা নিৰ্মাণ কৰি দিলে। সেই অৰ্থত ক’ৱিড মহামাৰী শাসনাধিষ্ঠিত চৰকাৰখনৰ বাবে ৰাজনৈতিক আশীৰ্বাদ হৈ উঠিল। গণ প্ৰতিবাদৰ অন্ত পৰিল আৰু ক’ভিড বিৰোধী যুঁজখনত ৰাজ্যৰ সাধাৰণ জনতা হৈ পৰিল চৰকাৰৰ সহঃযোগী। ‘আৰোগ্য নিধি’লৈ ৰাজ্যৰ কৰ্মচাৰীকে প্ৰমূখ্য কৰি সাধাৰণ নাগৰিকে এশ কোটিতকৈও অধিক পুঁজিৰ অৰিহণা যোগালে। এই সংকটৰ সময়ত ক’ভিড আক্ৰান্ত সকলৰ ধৰ্ম পৰিচয়টো  সমুখলৈ আহিল, বিশেষকৈ মাৰ্চ-এপ্ৰিল ২০২০ ৰ প্ৰথম ঢৌৰ সময়ত । আৰু এই গোটেই ঘটনা প্ৰবাহৰ মাজেৰেই ৰাজ্যখন আগবাঢ়িল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনলৈ। 


২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনত সভ্যতাৰ সংকটৰ বাগধাৰা প্ৰৱল হৈ উঠিল। বিৰোধী মহাজোঁটৰ সম্ভাৱনাক নৱ গঠিত দুই ৰাজনৈতিক দলেও প্ৰত্যাহবান জনালে । বিজেপি আৰু এ আই ইউ ডি এফ ইটো সিটোৰ পৰিপূৰক হৈ উঠিল আৰু নিৰ্বাচনী সফলতাত আন দলতকৈ আগবাঢ়িল। মুখ্যমন্ত্ৰী পদৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা বাচনিত উঠিল। তাৰ অন্যতম কাৰণ এইয়ে যে ড° শৰ্মাই দুটা কাম সমানে কৰি নিজৰ কৃৰ্তিত্ব প্ৰতিপন্ন কৰিলে- এফালে ধৰ্মৰ ভিত্তিত ৰাজনৈতিক বাগধাৰা নিৰ্মাণৰ কৌশল আৰু অন্য হাতে নব্য-উদাৰ অৰ্থনীতিয়ে অপৰিহাৰ্য কৰি তোলা সীমাহীন লোকৰঞ্জনবাদী নীতিৰ জৰিয়তে সৃষ্টি কৰা গণ চমক। সমান্তৰালভাৱে পুৰ্ববংগীয় মুছলমানৰ বিৰুদ্ধে চাহ জনগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টীয়ে ভোট বেংক হিচাবে নিৰ্মাণ কৰিলে। হিন্দুত্ববাদ আৰু নব্য উদাৰতাবাদৰ মাজত গঢ়ি উঠা মিত্ৰতা অসমৰ ৰাজনীতিত স্পষ্টভাৱে প্ৰতিফলিত হ’ল। এই আটাইবোৰ দিশৰ তথ্যভিত্তিক আলোচনাকেই সাঙুৰি লৈছে 'Hindutva Regime in Assam: Saffron in the Rainbow' গ্ৰন্থখনে। 

শেষত কব খুজিছোঁ মইনো এই গ্ৰন্থখন কিয় লিখিলো সেই বিষয়ে । অধ্যাপক সমীৰ কুমাৰ দাসে এই গ্ৰন্থখনক বুৰঞ্জী অৰ্থাৎ Current History বুলি কৈছে। বুৰঞ্জী হ’ল বৰ্তমানৰ ইতিহাস। ঘটি থকা ঘটনাবোৰকেই এনে ইতিহাসে ধৰি ৰাখে। সেইবাবে এনে গ্ৰন্থৰ বহুবোৰ প্ৰত্যাহবান আৰু সীমাবদ্ধতা আছে। বিশেষকৈ ই নিৰ্ভৰ কৰে সাংবাদিকে যোগান ধৰা খবৰৰ ওপৰত। নিৰ্মোহ বিশ্লেষণতকৈও নিজৰ ৰাজনৈতিক দৃষ্টিভংগীৰ এক ডাঙৰ প্ৰভাৱ ৰৈ যায় এনে গ্ৰন্থত। তথাপিও মই ‘Current History’ বৰ প্ৰাসংগিক বুলি ভাৱো, কাৰণ ইতিহাস লিখাৰ বাবে ই হৈ পৰে গুৰুত্বপূৰ্ণ সমল। আহোম সকলে আৰম্ভ কৰা বুৰঞ্জী লিখা পৰম্পৰা লাহে লাহে নোহোৱা হ’ল। ফলত আমি আমাৰ সামগ্ৰিক ইতিহাস লিখাৰ ক্ষেত্ৰতো নানান প্ৰত্যাহবানৰ সমূখীন হৈছো। ধৰক গোপীনাথ বৰদলৈৰ সময়ৰ কথা। আমি গোপীনাথ বৰদলৈৰ কথা ভাৱিলেই কি কথা মনলৈ আহে- মুছলীম লীগ আৰু কেবিনেট মিশ্যনৰ বিৰুদ্ধে তেওঁ নেতৃত্ব দিয়া যুঁজখন, শৰণাৰ্থীৰ প্ৰশ্নত নেহেৰু আৰু কেন্দ্ৰীয় চৰকাৰৰ স’তে হোৱা মতানৈক্য আৰু সংবিধান সভাত, বিশেষকৈ ষষ্ঠ অনুসূচী তৈয়াৰ কৰাত তেওঁৰ ভূমিকা । কিন্তু সেই সময়ত, বিশেষকৈ স্বাধীনতা লাভৰ ঠিক পিছতেই অসম চৰকাৰে অসম নিৰ্মাণৰ বাবে কি নীতি গ্ৰহণ কৰিছিল, বিধান সভাত কি কি আইন প্ৰণয়ন হৈছিল, চৰকাৰৰ কৃষি আৰু উদ্যোগিক নীতি কি আছিল, ১৯৫০ ৰ বৰ ভূঁইকপ কি দৰে মোকাবিলা কৰিছিল, বাজেটকে প্ৰমুখ্য কৰি বিধান সভাৰ গুৰুত্বপূৰ্ণ বিতৰ্ক কি আছিল, Public Maintenance Order Act কিয় কৰিবলগীয়া হৈছিল, বিৰোধীৰ ভূমিকা কি আছিল- ইত্যাদি দিশবোৰৰ সামগ্ৰিক আলোচনা পাবলৈ নাই। বিষ্ণুৰাম মেধি অথবা পৰৱৰ্তী সময়ৰ অসমৰ ৰাজনীতিৰ সামগ্ৰিক চিত্ৰনো আমাৰ হাতত নাই।  আমাৰ গৱেষণা হৈ পৰিছে প্ৰশ্ন ভিত্তিক- ভাষা, প্ৰব্ৰজন, নৃগোষ্ঠীয় আন্দোলন ইত্যাদি। সেয়েহে নিজৰ সময়ক সীমাবদ্ধতাৰ মাজেৰে হ’লেও সামগ্ৰিক ৰূপত ধৰি ৰখাটো জৰুৰী। আৰু সেই দিশটো মনত ৰাখিয়েই মই এই গ্ৰন্থ প্ৰণয়ন কৰিছোঁ । নিজৰ সীমাবদ্ধতা সম্পৰ্কে মই অৱগত।  


নিজৰ গ্ৰন্থৰ বিষয়ে ইমান দীঘলীয়াকৈ লিখাটো বৰ সুখদায়ক কথা নহয় । তথাপিও সকলোৱে যিহেতু এই গ্ৰন্থখন নপঢ়ে আৰু গ্ৰন্থখনো যিহেতু সকলোতে উপলবদ্ধ নহয় সেয়েহে কোনো পাঠক বা গৱেষকৰ বাবে গ্ৰন্থখন প্ৰয়োজন হ'লে তেওঁলোকে যাতে গ্ৰন্থখন ক্ৰয় কৰাৰ আগেয়ে গ্ৰন্থখনৰ বিষয়ে এক সম্যক ধাৰণা কৰিব পাৰে তাৰ বাবেই এই পৰিচয় ডাঙি ধৰিলো।

লেখকৰ আনবোৰ লেখা অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ একত্ৰ লিংকঃ  https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA

No comments:

Post a Comment