সামূহিক উন্নতিৰ জখলা আৰু ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত মালিকানাৰ প্ৰশ্ন
শৈলেন বৰকটকী
পুঁজিবাদী বা ধনতান্ত্রিক সমাজবর্তি থাকে ব্যক্তিগত সম্পত্তি (পুঁজি) আৰু শ্রমজীৱী জনগণৰ কায়িক শ্ৰমৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ব্যক্তিগত উদ্যোগ-প্রতিষ্ঠানৰ ওপৰত। কোৱা বাহুল্য যে ব্যক্তিগত সম্পত্তি আহৰণৰ তীব্র প্রতিযোগিতাৰ ফলতেই সমাজত নানা সমস্যা আৰু বৈষম্যৰ সৃষ্টি হয়। ইতিহাস অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ যে সামন্তবাদী সমাজৰ পৰা পুঁজিবাদী সমাজলৈ উৰণ ঘটাৰ সময়ত পুঁজিবাদে এক প্রগতিশীল, উদাৰ, গণতান্ত্রিক, মানৱীয় প্রমূল্যবোধ সমাজত সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু লাহে লাহে পুঁজিবাদে তাৰ বিকৃত, ভয়ংকৰ স্বৰূপ প্ৰকাশ কৰিবলৈ ধৰিলে।
সামন্তীয় সমাজৰ ধ্যান-ধাৰণা, মতান্ধতা, কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰা পুঁজিবাদে মানৱ সমাজক মুক্তি দিলে ঠিকেই, কিন্তু সেই পুঁজিবাদৰ পৰা সৃষ্টি হোৱা অবাধ শোষণ-লুণ্ঠনে মানৱ সমাজক পুনৰ বন্দিত্বৰ কুঠৰীলৈ ঠেলি দিলে। কেঁচামালৰ সমস্যা আৰু চাহিদাতকৈ অধিক পণ্য উৎপাদনৰ সমস্যাৰ বাবে পুঁজিপতি গোষ্ঠীসমূহৰ মাজত বজাৰ দখলক লৈ তীব্র প্রতিদ্বন্দ্বিতা হোৱাত বিশ্বৰ প্রান্তে প্রান্তে এক অশান্তিময় পৰিস্থিতিৰ উদ্ভৱ হ'ল। যাৰ ফলত দুখনকৈ বিশ্বযুদ্ধ হোৱাৰ পৰৱতী কালতো কেইবাখনো যুদ্ধ দেশসমূহৰ মাজত সংঘটিত হৈ অগণন মানুহৰ মৃত্যু আৰু পংগু হ'বলগীয়া হৈছে। পুঁজিপতি মহলৰ এই সম্পদ লুণ্ঠন আৰু শ্রম শােষণৰ মাত্রা আজি আগতকৈ বেছি ভয়ংকৰ হৈ পৰিছে। মুক্ত বাণিজ্য অর্থনীতিৰ ফলত বহুজাতিক কোম্পানীসমূহে বিশ্বৰ চুকে-কোণে জাল বিস্তাৰ কৰি সিহঁতৰ শোষণ-লুণ্ঠন অবাধে চলাই যাবলৈ ধৰিছে। সিহঁতৰ পৰামর্শ মতে সিহঁতৰ বহতীয়া দালাল জাতীয় চৰকাৰসমূহে নিজ নিজ দেশত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰিৱর্তে ব্যক্তিগত খণ্ডৰ উদ্যোগ স্থাপন কৰাত অধিক মনোনিৱেশ কৰিবলৈ ধৰিছে। মন কৰিবলগীয়া যে বহুজাতিক কোম্পানীসমূহৰ লগত জাতীয় বুর্জোৱা চৰকাৰৰ এক বৃহৎ অংকৰ টকাৰ লেনদেন হয়। এনদৰেই ৰাজহুৱা ধনৰ এক বৃহৎ অংশ সিহঁতৰ মাজত ভাগ-বাটোৱাৰা হয়।
মার্ক্সে উদ্বৃত্ত মূল্য (Surplus Value) তত্ত্বৰ যোগেদি বিশ্লেষণ কৰি দেখুৱাইছে যে কোনো উদ্যোগ-প্রতিষ্ঠানৰ পুঁজিপতিয়ে শ্ৰমিকৰ শ্ৰম শোষণ কৰি যি অতিৰিক্ত পণ্য উৎপাদন কৰে, সিয়ে এক বৃহৎ পুঁজিৰ সৃষ্টি কৰে। এনে সঞ্চিত পুঁজিৰ যোগেদি সিহঁতে বলীয়ান হৈ বিশ্বত বিশাল বজাৰ গঢ়ি তুলিবলৈ যত্ন কৰে। লেনিনে এই সম্পৰ্কত এঠাইত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। এইদৰে— ‘শ্ৰমিকৰ পৰিশ্ৰমৰ দ্বাৰা সৃষ্টি হােৱা পুঁজিয়ে ক্ষুদ্র মালিকসকলক ধ্বংস কৰি আৰু নিবনুৱা বাহিনী সৃষ্টি কৰি শ্ৰমিকৰ ওপৰত হেঁচা দিয়ে। শিল্পক্ষেত্ৰত বৃহদাকাৰ উৎপাদনৰ বিজয় ততালিকে চকুত পৰে; কিন্তু কৃষিক্ষেত্ৰতো সেই একে ঘটনাকে আমি দেখিবলৈ পাওঁ বৃহদাকাৰ পুঁজিবাদী কৃষিৰ শ্ৰেষ্ঠতা বৃদ্ধি পায়; যন্ত্ৰৰ ব্যৱহাৰ বাঢ়ি যায়, কৃষক অর্থনীতি, মুদ্রা পুঁজিৰ (Money Capital) জালত পৰে, ইয়াৰ অৱনতি ঘটে, ইয়াৰ পশ্চাৎপদ কলা-কৌশলৰ বোজাত পৰি ধ্বংসৰ মুখত পৰে। কৃষিৰ ক্ষেত্ৰত ক্ষুদ্রাকাৰ উৎপাদনৰ অৱনতিয়ে বিভিন্ন ৰূপ লয়। কিন্তু অৱনতি যে ঘটিব, সি নিশ্চিত।
‘ক্ষুদ্রাকাৰ উৎপাদনৰ ধ্বংস সাধন কৰি পুঁজিয়ে শ্ৰমৰ উৎপাদন ক্ষমতা সৃষ্টি কৰাৰ ফালে ঢাল লয়। উৎপাদন ব্যৱস্থাই ক্রমান্বয়ে সামাজিক ৰূপ লয়- এটা সুশৃংখল অর্থনৈতিক সংগঠনত হেজাৰে হেজাৰে, লাখে লাখে লোক একেলগে সাঙোৰ খাই পৰে, কিন্তু এই সামূহিক পৰিশ্ৰমৰ ফল ভােগ কৰে এমুঠি পুঁজিবাদীয়ে। উৎপাদনত অৰাজকতা বৃদ্ধি পায়, লগে লগে বাঢ়ে সংকট, বজাৰৰ কাৰণে তমোময় দৌৰ আৰম্ভ হয় আৰু ব্যাপক জনসাধাৰণৰ জীৱনৰ অস্তিত্ব বিপন্ন হয়। অৱশ্যে লেনিনৰ যুগৰ সাম্রাজ্যবাদে এতিয়া নতুন ৰূপ লৈছে। সি হ’ল বিশ্বায়ন। বর্তমান বহুজাতিক কোম্পানীসমূহৰ আৱির্ভাব আৰু মুক্ত বজাৰ অৰ্থনীতিৰ ফলত পূর্বৰ পণ্য ৰপ্তানিৰ ঠাইত পুঁজি ৰপ্তানিহে অধিক গুৰুত্ব লাভ কৰিছে। পুঁজি ৰপ্তানিয়ে এনে গুৰুত্ব পোৱাৰ কাৰণ হ'ল পৃথিৱীৰ বিভিন্ন অনুন্নত আৰু উন্নয়নশীল দেশসমূহ আন্তর্জাতিক পুঁজিবাদী ব্যৱস্থাৰ লগত যুক্ত হৈ পৰিছে। এইবোৰ দেশত যেনেকৈ কেঁচামাল আৰু সস্তা শ্রমিক আছে, তেনেকৈ এখন স্থানীয় বজাৰো আছে। গতিকে এনেবোৰ দেশত পুঁজি বিনিয়োগ কৰিলে ধনকুবেৰ সকলৰ মুনাফাৰ হাৰ তুলনামূলকভাৱে বহু বেছি হয়। এইবোৰ দেশৰ কেঁচামাল আৰু শ্রমশক্তিক অবাধে আৰু সাতে লুণ্ঠন কৰি সাম্রাজ্যবাদীসকলে তেওঁলোকৰ নিজৰ পুঁজিৰ বিশ্বব্যাপী পৰিমাণক আৰু বঢ়াই তুলিবলৈ সক্ষম হৈছে।
বর্তমান বিশ্বায়নৰ যুগত পুঁজিৰ বিশ্বব্যাপী বাধাহীন চলাচলৰ দাবী কৰা হৈছে। উন্নত পুঁজিবাদী দেশসমূহে উৎপাদনৰ খৰচ কমাবৰ বাবে অনুন্নত আৰু উন্নয়নশীল দেশসমূহত পুঁজি বিনিয়োগ কৰাত অধিক জোৰ দিছে। সিহঁতক পূর্ণ সহযােগিতা আগবঢ়াইছে সেই অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ বুর্জোৱা দালাল চৰকাৰসমূহে। ইয়াৰ ফলত বহুজাতিক কোম্পানীসমূহে তেনে দেশবিলাকৰ পৰা কেৱল সম্পদসমূহেই লুণ্ঠন কৰা নাই, আনকি সেই দেশসমূহক অধিক ঋণগ্রস্তও কৰি তুলিছে। কিন্তু ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে সর্বসাধাৰণ জনতাই। ঋণৰ বোজা পাতলাবলৈ গৈ দেশীয় বুর্জোৱা চৰকাৰসমূহে জনসাধাৰণৰ ওপৰত নির্বিচাৰে কৰ-কাটল প্রয়োগ কৰি তেওঁলোকৰ জীৱন বিপর্যস্ত কৰি তুলিছে। সি যি কি নহওক, পুঁজিবাদৰ অধীনত ব্যক্তিৰ অৱমূল্যায়ন ঘটে; আমাৰ সংবেদনঅনুভূতি পণ্যলৈ ৰূপান্তৰিত হৈ যায়। পুঁজিবাদী সমাজত মানুহৰ শ্ৰম হৈ পৰে পণ্য। কেৱল পণ্যৰহে যেন অস্তিত্ব আছে, বাকী সকলো অস্তিত্বই যেন মিছা। পণ্যই যেন একমাত্র স্বাধীন আৰু জীৱন্ত শক্তি।
পুঁজিবাদী সমাজে আজি গঢ়ি তুলিছে এক বিশাল পণ্যময় পৃথিৱী। এই পৃথিৱীত মানুহ হৈ পৰিছে পণ্যৰ দাস। পণ্যৰ প্রতি এই অন্ধ ভক্তি দেখুওৱাৰ ফলত মানুহে তাৰ স্বাধীন সত্তাটোকেই পাহৰি পেলাইছে। পুঁজিবাদী-বুৰ্জোৱা সমাজত পণ্যৰ এই সর্বগ্রাসী আৰু সর্বনাশী প্রভাৱৰ কথা মার্ক্সে তন্ন তন্নকৈ আমাক বুজাই গৈছে। পণ্যৰ প্রতি মানুহে দেখুওৱা এই অন্ধ আনুগত্যক মার্ক্সে ‘অন্ধৰতি’ (Fetishism) ৰূপে অভিহিত কৰিছে। আনহাতে পণ্যপ্রধান বুর্জোৱা সমাজত পণ্যৰ মূল্য প্রকাশিত হয় অর্থৰ যোগেদি। এনে সমাজত টকাৰ বলতেই সকলো কাম কৰিব পাৰি। মাটি ঘৰ আদিকে ধৰি পদমর্যাদা, ৰাজপদ, দেশপ্রেম, মান-সম্মান, বিবেক, ইচ্ছাঅনিচ্ছা, স্বামী-স্ত্রী-সন্তান, শ্রম, শৰীৰ, প্রেম-ভালপোৱা, অনুভূতি-সহানুভূতি এই সকলোবোৰেই আজি টকাৰে কিনিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। মার্ক্সে কিন্তু তেতিয়াতেই বুৰ্জোৱা সমাজৰ এনে অর্থমোহৰ দানৱীয় চৰিত্ৰৰ কথা মর্মে মর্মে উপলব্ধি কৰি শ্লেষপূর্ণভাৱে বৰ্ণনা কৰিছিল এনেদৰে- মোৰ ক্ষমতা আচলতে অর্থৰেই বিৰাট ক্ষমতা। অর্থৰ প্রয়ােজনীয় গুণ আৰু ক্ষমতা মোৰেই ক্ষমতা, কাৰণ সেই অর্থ মোৰেই। মোৰ ব্যক্তিত্বই মোৰ পৰিচয়ক থিৰাং নকৰে, বৰং মই কি অধিকাৰত আছে, সিয়েহে মোৰ ব্যক্তিত্বক থিৰাং কৰে। মই দেখাত কুৎসিত হ'ব পাৰোঁ, কিন্তু পৃথিৱীৰ সকলো সুন্দৰী ৰমণীকেই মই কিনি ল'ব পাৰোঁ আৰু মই এতিয়া কুৎসিত নহয়; কাৰণ অৰ্থৰ বলত মই কুৎসিতৰ পৰা মুক্ত। মই খোৰা হ'ব পাৰোঁ, কিন্তু টকাৰ জোৰত মই ছয়খন ভৰিৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু সেয়েহে মই এতিয়া খোৰা নহয়। মই অসৎ চৰিত্ৰৰ হ'ব পাৰোঁ, কিন্তু টকাই মােৰ বাবে সম্মান নিশ্চিত কৰে।...
মন কৰিবলগীয়া যে পুঁজিবাদীসমাজত শ্রমজীৱী লোকসকলৰ দ্বাৰা যি পণ্য উৎপাদিত হয়, সেই পণ্যৰ পৰা দুর্ভাগ্যজনকভাৱে শ্রমজীৱী লোকসকল আৰু তেওঁলোকৰ শ্ৰম বিচ্ছিন্ন হৈ পৰে আৰু পণ্য নিজেই এক স্বাধীন সত্তালৈ ৰূপান্তৰিত হয়। অথচ আমি দেখিছে যে শ্ৰম আৰু পণ্য দুয়ো বিচ্ছেদিত অর্থাৎ পৃথক সত্তা নহয়। শ্রম অবিহনে পণ্যৰ সৃষ্টি হ'ব নোৱাৰে; ইহঁত দুয়োটাৰে মাজত এক ওতঃপ্রোত সম্বন্ধ আছে। কিন্তু পুঁজিবাদী সমাজত পণ্যৰ সৃষ্টিৰ ক্ষেত্ৰত শ্ৰমৰ ভূমিকাৰ কথা অস্বীকাৰ কৰা হয়, পক্ষান্তৰে পণ্যক ভগৱানৰ ৰূপত উপস্থাপন কৰা হয়। ইয়াৰ ফলত শ্রমজীৱী লোকসকল এক বিচ্ছিন্নতাবোধত ভোগে। পণ্যপ্রধান ভোগবাদী সমাজত মানুহ কেৱল পণ্যৰ পৰাই বিচ্ছিন্ন হৈ নপৰে, সি তাৰ মানৱিক সত্তাৰ পৰাও বিচ্ছিন্ন হৈ পৰে। শ্রমেই হৈ পৰে তেওঁৰ জীৱনৰ-সর্বস্ব। তেওঁৰ হাঁহি কান্দোন, সুখ-দুখ, তেওঁৰ দৈহিক-মানসিক-বৌদ্ধিক তথা আর্থিক বিকাশ— এই সকলােবোৰেই তেওঁৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল। মানুহে পাহৰি যাবলৈ বাধ্য হয় যে তেওঁৰ এক স্বাধীন সত্তা আছে। তেওঁ হৈ পৰে আত্মবিচ্ছিন্ন। এনে আত্মবিচ্ছিন্ন মানুহ স্বাভাৱিকতেই তেওঁৰ সামাজিক-মানৱীয় সম্পৰ্কসমূহ পৰা, তেওঁৰ প্ৰতিৱেশীসকলৰ পৰা, আনকি নিজ পৰিয়াল, জ্ঞাতি কুটুম্বৰ পৰাও বিচ্ছিন্ন হৈ পৰে। অৱশ্যে বাহ্যিক দৃষ্টিত মানুহৰ লগত এইবােৰৰ সু-সম্পর্ক থকা যেন লাগিলেও সি একান্তই যান্ত্রিক, কৃত্রিম ৰূপেহে আমাৰ আগত দেখা দিয়ে। পুঁজিবাদী সমাজত মানুহৰ এনে বিচ্ছিন্ন, অসহায় অৱস্থাটোকেই মার্ক্সে ‘বিচ্ছিন্নতাবোধ’ (Alienation) বুলি অভিহিত কৰিছে।
বিচ্ছিন্নতাৰ তত্ত্বৰ যোগেদি মার্ক্সে পুঁজিবাদী সমাজত উদ্ভৱ হোৱা যিবোৰ মানৱতাবিৰোধী সমস্যা সেইবােৰ যথাযথভাৱে আমাৰ আগত উদঙাই দেখুৱাইছে। এইসমস্যাবোৰৰ সৃষ্টিৰ আঁৰত থকা পুঁজিবাদী সমাজৰ ওপৰত মার্ক্সে যিবোৰ প্রশ্ন উত্থাপন কৰিছিল, সেইবোৰৰ প্ৰাসংগিকতা আৰু গুৰুত্ব আজিও হেৰাই যােৱা নাই। বৰং আজিৰ বিশ্বায়নৰ যুগত সেইবোৰৰ গুৰুত্ব আৰু প্রাসংগিকতা অধিক বাঢ়িছেহে। আজি সমগ্র পৃথিৱী হৈ পৰিছে অমানৱিক পৃথিৱী আৰু তেনেদৰে মানুহ হৈ পৰিছে অমানৱিক মানুহৰ ব্যক্তিত্ব আজি পণ্য আৰু অৰ্থৰ মাজেদিহে প্রকাশিত হয়। ব্যক্তিগত সম্পত্তি মােহৰ পৰা মুক্ত হ'ব পাৰিলেহে মানুহে তাৰ মানৱিক সংবেদন আৰু গুণাৱলীসমূহ পুনৰ ঘূৰাই পাব।
পুঁজিবাদৰ ঘোৰ সমর্থকসকলে আজি ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহে প্রাকৃতিক আৰু মানৱ জগতত যি পাৰাপাৰহীন সমস্যাৰাজিৰ সৃষ্টি কৰি আহিছে, সেই কথা অতি গোপনে ৰাখিবলৈ যত্ন কৰে। এই উদ্যোগ-প্রতিষ্ঠানসমূহে জনকল্যাণমূলক যিবোৰ কাম কৰে, সেইবোৰ ক'বলৈ গ'লে এপাচি শাকত এটি জালুক দিয়াৰ দৰে। সমাজৰ উন্নতিত তাৰ কোনো বিশেষ প্রভাৱ নাই। তাৰ বিপৰীতে চৰকাৰে নাকী লগাব নোৱাৰা বা সিহঁতৰ কথা মতে চৰকাৰ উঠা-বহা কৰা এই ব্যক্তিগত উদ্যোগ প্রতিষ্ঠানসমূহে প্রাকৃতিক পৰিৱেশ ধ্বংস কৰিছে, জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, মানুহৰ স্বাস্থ্যৰ প্ৰতি সংকট কঢ়িয়াই আনিছে, মানুহৰ নিৰাপত্তা আৰু সুৰক্ষা নোহোৱা কৰিছে, মানৱীয় মূল্যবোধ আৰু সামাজিক সম্পর্ক নোহোৱা কৰিছে বা সামজিক সম্পর্ক এক কৃত্রিম আৰু যান্ত্রিক ৰূপ দিছে। তদুপৰি তেনে প্রতিষ্ঠানৰ মালিক শ্রেণীয়ে কম দৰমহাত কৰ্মচাৰীক কামত খটুৱাই অধিক শ্রম শোষণ কৰি মুনাফা লুটি আছে। অথচ সেই মালিক গোষ্ঠীয়ে নিজ খেয়ালখুচি মতে হেজাৰ হেজাৰ কৰ্মচাৰীক কামৰ পৰা বৰ্খাস্ত কৰি এক বিশাল নিবনুৱা বাহিনী সৃষ্টি কৰা কথাটো আজি সকলোৱেই লক্ষ্য কৰিছে। আন্তর্জাতিক শ্রম সন্থাৰ সমীক্ষা অনুসৰি ২০২০ বৰ্ষৰ বিশ্বত তেনে ব্যক্তিগত উদ্যোগ-প্রতিষ্ঠানত কাম কৰা ১৪৪ বিলিয়ন কৰ্মচাৰী কর্মচ্যুত হৈ নিবনুৱা হৈপৰিছে। বর্তমান কৰোনাকালত এইসংখ্যা ভয়ানকৰূপে বৃদ্ধি পাইছে। ইয়ে প্রমাণিত কৰে ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্রতিষ্ঠানত কর্মচাৰীৰ জীৱনৰ তথা আৰ্থিক অৱস্থাৰ কোনো নিৰাপত্তা নাই।
ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্রতিষ্ঠান সম্পৰ্কত আলোচনা কৰিবলৈ যাওঁতে আমি এনেবােৰ দিশ আলােচনাৰ মাজলৈ আনিলেহে সমূচিত বিচাৰ কৰা হয়। তাকে নকৰি এনেবোৰ বিপজ্জনক দিশ নেতিবাচক চিন্তা’ বুলি আওকাণ কৰাসকল হয় উৰুলি পুঙা মূর্খ পণ্ডিত,নহয় ধনতন্ত্রবাদৰ একনিষ্ঠ ভক্ত। শ্রেণীস্বার্থ সুৰক্ষিত কৰাই হ’ল এওঁলোকৰ মূল লক্ষ্য। কোৱা বাহুল্য যে ব্যক্তিগত উদ্যোগ-প্রতিষ্ঠানসমূহে সৃষ্টি কৰা সমস্যাসমূহৰ বিষয়ে শ শ বছৰ ধৰি বিস্তৰ আলোচনা-বিলোচনা হৈ আহিছে। ৰাশি ৰাশি গ্রন্থ প্রকাশ হৈছে। নানা প্রতিবাদ আন্দোলন-বিপ্লৱ সংঘটিত হৈছে। কিন্তু বিশ্বৰ সন্মিলিত পুঁজিপতি গোষ্ঠীয়ে সেইবোৰলৈ কর্ণপাত নকৰি নিজৰ মুনাফা লুটাত ব্যস্ত হৈ মানৱ সমাজলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে।
সম্প্রতি ভাৰত চৰকাৰেও ৰাজহুৱা খণ্ডৰ পৰিৱর্তে ব্যক্তিগত খণ্ডতহে উদ্যোগ স্থাপনৰ বাবে অধিক সক্রিয় হৈ পৰিছে। পূর্বৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ লােকচান হােৱা দেখুৱাই লাহে লাহে ব্যক্তিগত উদ্যোগপতিলৈ সেইবোৰ হস্তান্তৰ কৰিবলৈ ধৰিছে। ইয়ে প্রতিপন্ন কৰে যে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বৃহৎ পুঁজিপতি, মুনাফা-বলিয়া বহুজাতিক কোম্পানীসমূহৰ স্বাৰ্থতেই কাম কৰি আহিছে। ভাৰতৰ ৰুগ্ন হৈ পৰিবলৈ ধৰা বা মৃত্যুমুখী ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ পুনৰ কার্যক্ষম কৰি তুলিবলৈ চেষ্টা নকৰি চৰকাৰে ব্যক্তিগত খণ্ড উদ্যোগৰ প্রতি মনোযোগ দিয়াৰ অর্থই হ’ল ব্যক্তিগত মুনাফা, বৃহৎ অর্থ লেনদেন। সেয়েহে গোপীনাথ বৰদলৈৰ বিমান বন্দৰ, জীৱন বীমা নিগম, তৈলক্ষেত্র, বিদ্যুৎ বিভাগ, বেংক আদি ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্রতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ নিয়া কার্য কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে। ভাৰত ৰাষ্ট্রযন্ত্রই এতিয়া জনতাৰ স্বাৰ্থ ৰক্ষাৰ কথা নেভাবে। গণস্বার্থক গৌণ কৰি বৃহৎ পুঁজিপতি-বণিয়াগোষ্ঠীক ৰঙা দলিচা পাৰি ভাৰত চৰকাৰে ব্যক্তিগত খণ্ডত উদ্যোগ স্থাপনৰ বাবে যি জোৰদাৰ প্রচেষ্টা চলাইছে, তাৰ ফল ভৱিষ্যতে অতি ভয়াৱহ হ’বলৈ গৈ আছে। ৰেলৱেৰ মাটি বহু পৰিমানে লীজত লোৱা চৰকাৰী লাভজনক কোম্পানীক বনিয়াৰ হাতলৈ তুলি দি ৰেলৱে বিভাগৰ কোটি কোটি টকীয়া ভূ-সম্পত্তি তেওঁলোকক পানীৰ দৰত কেইবাদশকলৈ বাণিজ্যিক কামত ব্যৱহাৰ কৰিবলৈ দিয়াৰ বাবে পদক্ষেপ লোৱাৰ কথাও প্ৰকাশ পাইছে।
ইতিমধ্যেই বহুজাতিক কোম্পানী আৰু বৃহৎ উদ্যোগপতিক সন্তুষ্ট কৰিবলৈ গৈ মোদী চৰকাৰে জনতাৰ মূৰৰ ওপৰত এটাৰ পাছত এটা কৰৰ বোজা জাপি দিছে। ভাৰত চৰকাৰৰ এই গণবিৰোধী উদ্যোগ নীতিক সমাজৰ সৰ্ব-স্তৰতে প্রতিবাদ হোৱা উচিত। জনগণৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত ভাৰত চৰকাৰে ব্যক্তিগত খণ্ডৰ উদ্যোগৰ পৰিৱর্তে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠাৰ প্ৰতিহে অধিক মনোনিৱেশ কৰিব লাগে। পূর্বৰ ৰাজহুৱা উদ্যোগসমূহ কি কাৰণত ৰুগ্ন হৈ পৰিছে, তাৰ যথাযথ অনুসন্ধান কৰি, দোষীক শাস্তি বিহি সেইবােৰক পুনৰ কার্যক্ষম কৰি তুলিব লাগে। সেইটো বাস্তৱিক প্ৰত্যাহ্বানহে কিয় মোদী চৰকাৰে গ্ৰহণ নকৰে, সেয়াহে আজিও ৰাইজৰ অবোধ্য হৈ ৰৈছে!!
লেখকৰ ফোনঃ ৯৮৬৪০-২৬৩৯১, লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment