বিশ্লেষণঃ 'ডলাৰ জেহাদ'ৰ পৰা যুদ্ধবাজীলৈ, পিষ্টভূমি আফগানিস্থানঃ ভৱিষ্যত কোন দিশে? .... ::ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ 'ডলাৰ জেহাদ'ৰ পৰা যুদ্ধবাজীলৈ, পিষ্টভূমি আফগানিস্থানঃ ভৱিষ্যত কোন দিশে? ....  ::ইন্দ্ৰজিত বৰা

বিশ্লেষণঃ 'ডলাৰ জেহাদ'ৰ পৰা যুদ্ধবাজীলৈ, পিষ্টভূমি আফগানিস্থানঃ ভৱিষ্যত কোন দিশে? .... ::ইন্দ্ৰজিত বৰা

Share This
মৌলবাদী জেহাদ আৰু যুদ্ধবাজীত পিষ্ট আফগানিস্থানঃ অতীতৰ পৰা ভৱিষ্যতলৈ, TALIBAN & AFGHANISTAN, WHAT WILL BE THE FUTURE
'ডলাৰ জেহাদ'ৰ পৰা যুদ্ধবাজীলৈ, পিষ্টভূমি আফগানিস্থানঃ ভৱিষ্যত কোন দিশে? 
ইন্দ্ৰজিত বৰা
ইচলামিক মৌলবাদ, জেহাদ আৰু যুদ্ধবাজ হ’ল সাম্প্ৰতিক আফগানিস্থানৰ জনজীৱনৰ কিছুমান দুখজনক বাস্তৱ। এনে প্ৰতিক্ৰিয়াশীল পৰিণতিৰ ঐতিহাসিক বিশ্লেষণ লাগিব । আফগানিস্থানত প্ৰধানকৈ শাসকীয় হস্তক্ষেপেৰে কৰা সামাজিক সংস্কাৰৰ দীঘলীয়া ইতিহাস আছে । তাৰ সমান্তৰালকৈ আছে প্ৰত্যক্ষ আৰু পৰোক্ষ বৈদেশিক হস্তক্ষেপৰো কদৰ্য ইতিহাস । এই উত্থান-পতনৰ ইতিহাসত আফগানিস্থানৰ জনগনৰ মুক্তিৰ প্ৰচেষ্টাও অব্যাহত আছিল । এই প্ৰচেষ্টাই যুদ্ধোন্মাদ পৰিস্থিতিৰ মাজতেই কেতিয়াবা আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আৰু কেতিয়াবা প্ৰতিহত হৈছিল । কিন্তু তৃণমূল পৰ্যায়ৰ পৰা আফগানিস্থানৰ সাধাৰণ জনগণৰ কোনোধৰণৰ গণতান্ত্ৰিক ভূমিকা লক্ষ্য কৰা নাযায় । তাৰ বিপৰীতে যোৱা সময়ছোৱাত তেওঁলোক বিভিন্ন শাসক আৰু মৌলবাদী ফৈদবোৰৰ স্বেচ্ছাচাৰিতাৰ বলি হৈছে । যুদ্ধবাজ ফৈদবোৰে নিয়োগ কৰি যুদ্ধক্ষেত্ৰতো ব্যৱহাৰ কৰিছে । যুদ্ধবাজী প্ৰতিপক্ষৰ সংঘৰ্ষত হয় প্ৰাণ হেৰুৱাইছে, নহয় চুবুৰীয়া দেশলৈ পলায়ন কৰি আশ্ৰয় শিবিৰত বসতি কৰিবলগীয়া হৈছে ।
মৌলবাদী জেহাদ আৰু যুদ্ধবাজীত পিষ্ট আফগানিস্থানঃ অতীতৰ পৰা ভৱিষ্যতলৈ, TALIBAN & AFGHANISTAN, WHAT WILL BE THE FUTURE
ভৌগোলিক অৱস্থানৰ ফালৰ পৰা আফগানিস্থান হ’ল এচিয়া আৰু ইউৰোপ মহাদেশৰ সংযোগী পথ । উনৈশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰা আফগানিস্থানৰ সৈতে আৰম্ভ হোৱা ৰাচিয়াৰ কূটনৈতিক সম্পৰ্কৰ মূল উদ্দেশ্য আছিল ৰাচিয়াৰ ঔপনিৱেশিক স্বাৰ্থ । ইয়েই ব্ৰিটিছ ঔপনিৱেশিক স্বাৰ্থৰ লগত সংঘাতৰ সৃষ্টি কৰিছিল আৰু ব্ৰিটিছ-আফগান যুদ্ধৰ সূত্ৰপাত হৈছিল । প্ৰথম বিশ্বযুদ্ধৰ প্ৰাক-মুহুৰ্তত হোৱা তৃতীয়খন ব্ৰিটিছ-আফগান যুদ্ধত ৰাচিয়া সমৰ্থিত আফগান সৈন্য বিজয়ী হৈ স্বাধীন ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰে । এই স্বাধীনতাৰ মূল বৈশিষ্ট্য আছিল ই কোনো ধৰণৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাট মুকলি কৰা নাছিল, বৰঞ্চ এক নতুন ৰূপত ৰাজতন্ত্ৰই অব্যাহত আছিল । অৱশ্যে এই ৰাজতন্ত্ৰৰ মাজত কুৰি শতিকাৰ বৈশিষ্ট্য বিদ্যমান আছিল । উল্লেখযোগ্য যে বিংশ শতিকাৰ আৰম্ভণিতে তুৰস্কৰ মুস্তাফা কামাল আতাতুৰ্কৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰজা আমানুল্লাহে আফগানিস্তানৰ আধুনিকীকৰণৰ চেষ্টা কৰিছিল । লয়া জিৰগাৰ দৰে সংৰক্ষণশীল পৰিষদৰ ক্ষমতা হ্ৰাস কৰিছিল আৰু প্ৰশাসনিক ক্ষেত্ৰত আধুনিকীকৰণ আৰু সংস্কাৰৰ কাম হাতত লৈছিল । তাৰ প্ৰতিক্ৰিয়া হিচাবে আভ্যন্তৰীণভাৱে বিভিন্ন বিদ্ৰোহী যুঁজাৰু গোষ্ঠীৰ সৃষ্টি হৈছিল আৰু যুদ্ধোন্মাদ অব্যাহত আছিল ।

এইটো স্পষ্ট যে কোনো ৰজাই সফলতাৰে আধুনিকীকৰণ কৰাটো ঐতিহাসিকভাৱেই নাভ্ৰুত-নাশ্ৰুত কথা । ইউৰোপৰ দৰে ঔদ্যোগিক বিপ্লৱ সংঘটিত কৰি এক আধুনিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব পৰাকৈ শক্তিশালী পুঁজিপতি শ্ৰেণী তেতিয়া আফগানিস্থানত নাছিল আৰু তেনে এটা শ্ৰেণী সতকাই গঠন হোৱাৰো সম্ভাৱনা নাছিল । তাৰোপৰি আফগানিস্থানৰ ওপৰত অহৰহ সাম্ৰাজ্যবাদী আক্ৰমণ চলিয়েই আছিল । গতিকে তেনে ঐতিহাসিক সন্ধিক্ষণত কোনো ৰাষ্ট্ৰই যেতিয়া সামাজিক সংস্কাৰৰ কাৰ্যসূচীৰে গাঁথনিগত পৰিৱৰ্তনৰ চেষ্টা কৰে, তেতিয়াই সমাজৰ পৰম্পৰাগত ৰক্ষণশীল গোষ্ঠীবিলাকে নিজৰ স্বাৰ্থ অক্ষুন্ন ৰাখিবলৈ প্ৰতিক্ৰিয়াশীল হৈ উঠে । এই সংস্কাৰশীল মুষ্টিমেয় আৰু প্ৰতিক্ৰিয়াশীল গোষ্ঠীবিলাকৰ অস্তিত্ব সম্পূৰ্ণকৈ পৃষ্টপোষক শক্তিবিলাকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে । তেতিয়াৰ আফগানিস্থানৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত পুঁজিবাদী বিকাশ হোৱা নাছিল বাবে এই প্ৰতিক্ৰিয়াশীল গোষ্ঠীবিলাকৰ অস্তিত্ব সম্পূৰ্ণকৈ বৈদেশিক শক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল । তেনেকৈ এদিন আমানুল্লহক খেদি জাহিৰ শ্বাহ ৰজা হৈছিল আৰু তাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্থানক ৰাষ্ট্ৰ হিচাবে স্বীকৃতি দিয়ে ।

১৯৫৩ চনত ৰজাৰ ভতিজা মহম্মদ ডাউড খান প্ৰধান মন্ত্ৰী হৈ চোভিয়েট ৰাচিয়াৰ পৰা অৰ্থনৈতিক আৰু সামৰিক সাহাৰ্য বিচাৰে । ৰাচিয়াৰ সান্নিধ্যলৈ আহি তেওঁ মহিলাসকলক ৰাজহুৱা স্থানত প্ৰৱেশৰ অনুমতি দিয়া, বিশ্ববিদ্যালয়ৰ শিক্ষা প্ৰদানৰ অনুমতি আৰু কৰ্মক্ষেত্ৰত নিযুক্তি দিয়াকে ধৰি বহুতো সামাজিক সংস্কাৰ হাতত লয় ।

ছোভিয়েট ইউনিয়নৰ তাত্ত্বিক ৰেখা অনুসৰণ কৰি ১৯৬৫ চনৰ ১ জানুৱাৰীত নুৰ মুহাম্মাদ তাৰাকাইৰ নেতৃত্বত পিপলছ ডেমক্ৰেটিক পাৰ্টি অফ আফগানিস্থান গঠন হয় । পিছে দলটোৱে ১৯৬৭ চনত মুখ্যতঃ ৰজাৰ বিৰোধিতাৰ প্ৰশ্নত বিভাজনৰ সন্মুখীন হৈছিল। তাৰে এটা গোট আছিল পাৰ্চাম, যাৰ মূখ্য আধাৰ নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত আছিল আৰু তেওঁলোকৰ কাম সশস্ত্ৰ বাহিনীত অধিক কেন্দ্ৰীভূত আছিল। আনটো গোট আছিল খালক, যাৰ আধাৰ আছিল নগৰীয়া শ্ৰমিক শ্ৰেণী আৰু গ্ৰাম্য দৰিদ্ৰ লোকসকলৰ। এই দুয়োটা গোটৰে কিমান গণভিত্তি আছিল তাৰ ওপৰত মতভিন্নতা লক্ষ কৰা যায় ।

১৯৭৩ চনত ডাউদ খান পাৰ্চাম গোট আৰু সেনাৰ সক্ৰিয় সমৰ্থনত ৰাজপ্ৰাসাদত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতালৈ আহে আৰু আনুষ্ঠানিকভাৱে ৰাজতন্ত্ৰৰ সমাপ্তিৰ কথা ঘোষণা কৰে । ডাউদৰ ছোভিয়েট ইউনিয়নৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক অব্যাহত আছিল। ডাউদ শাসনৰ আৰম্ভণিতে কমিউনিষ্টসকলে নিজৰ কাৰ্যকলাপ চলাই নিয়াৰ পূৰ্ণ স্বাধীনতা লাভ কৰিছিল। কিন্তু ১৯৭৭ চনত পিডিপিএৰ একত্ৰীকৰণ আৰু অসামৰিক আৰু সামৰিক আমোলাতন্ত্ৰত তেওঁলোকৰ প্ৰভাৱ বাঢ়ি যোৱাৰ লগে লগে কমিউনিষ্টসকল লাহে লাহে ডাউদ শাসনৰ বাবে ভাবুকি হৈ পৰিছিল।

১৯৭৮ চনৰ ১৮ এপ্ৰিলত পাৰ্চাম গোটৰ ট্ৰেড ইউনিয়ন নেতা মীৰ আকবৰ খাইবাৰক ৰহস্যজনকভাৱে হত্যা কৰা হয়। কাবুলত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ লোক সমবেত হৈছিল। মীৰ আকবৰ খাইবাৰ মৃত্যু আৰু অন্ত্যেষ্টিক্ৰিয়া ডাউদ শাসনৰ বাবে এক সতৰ্কবাণী আছিল। ডাউদ শাসন আৰু পিডিপিএৰ মাজত জীৱন-মৃত্যুৰ সংগ্ৰাম তীব্ৰতৰ হৈছিল। দহ দিনৰ পিছত ১৯৭৮ চনৰ ২৮ এপ্ৰিলত খালক গোটৰ নেতৃত্বত হোৱা এক সামৰিক অভ্যুত্থানত পিডিপিএয়ে ক্ষমতা দখল কৰে। নুৰ মহম্মদ তাৰকী ৰাষ্ট্ৰপতি হিচাপে, আৰু বাব্ৰক কাৰ্মাল প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হয় । তেওঁলোকে ছোভিয়েট প্ৰভাৱৰ পৰা মুক্তি ঘোষণা কৰাৰ লগতে তেওঁলোকৰ নীতিবোৰ আফগান জাতীয়তাবাদ আৰু আৰ্থসামাজিক ন্যায়ৰ ওপৰত আধাৰিত বুলি ঘোষণা কৰে। পাছলৈ ছোভিয়েট ইউনিয়নৰ সৈতে বন্ধুত্ব চুক্তি স্বাক্ষৰ হয় । তাৰাকী আৰু আন এজন প্ৰভাৱশালী কমিউনিষ্ট নেতা হাফিজুল্লাহ আমিনৰ মাজত প্ৰতিদ্বন্দিতা সামৰিক সংঘাতলৈ ৰূপান্তৰ হয় আৰু অৱশেষত ১৯৭৯ চনত আমিন বাহিনীয়ে তাৰাকীক হত্যা কৰে । সমসাময়িকভাৱে ইতিমধ্যে ডাউদ খানৰ দিনৰ পৰা প্ৰৱৰ্তন কৰা সামাজিক সংস্কাৰৰ বিৰুদ্ধে ৰক্ষণশীল ইছলামিক আৰু গোষ্ঠীগত নেতাসকলে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে । ছোভিয়েট সমৰ্থিত চৰকাৰৰ সৈতে যুঁজ দিবলৈ গেৰিলা আন্দোলন মুজাহিদীন সৃষ্টি কৰা হয়। এই মৌলবাদী শক্তিবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পৃথিৱীৰ অন্যান্য পশ্চিমীয়া সাম্ৰাজ্যবাদী শক্তিবিলাকৰ পৃষ্ঠপোষকতা লাভ কৰে । ১৯৭৯ চনত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ হত্যা তেনে প্ৰক্ৰিয়াৰেই পৰিনাতি বুলি জনা যায় ।

প্ৰতিক্ৰিয়াশীল হিচাবে মৌলবাদী শক্তিবিলাকৰ উত্থানৰ প্ৰক্ৰিয়াটোলৈ সাম্ৰাজ্যবাদী শক্তিৰ বস্তুগত অৱদান থাকে । কিন্তু প্ৰাৰম্ভিক স্তৰত প্ৰগতিশীল শক্তিবিলাকৰ গণভিত্তি, আমোলাতন্ত্ৰ আৰু সামৰিক অভ্যুত্থানৰ দৰে তাৎকালিক পদক্ষেপৰ সীমাবদ্ধতাৰ প্ৰশ্নবোৰো গুৰুত্বপূৰ্ণ । গণভিত্তি বুলি কওঁতে ৰাজনৈতিকভাৱে ৰক্ষণশীল সামন্তীয় অৱশেষবিলাকৰ আৰ্থসামাজিক প্ৰভাৱৰ প্ৰসঙ্গটোও আহে ।

আচলতে পিডিপিএৰ কোনো ধৰণৰ তাৎকালিক পৰিকল্পনা নাছিল । ডাউদ শাসনৰ সৈতে আৰম্ভ হোৱা সংঘাতেহে সেই এদিনীয়া সামৰিক অভ্যুত্থানটো ঘটাইছিল । এই অভ্যুত্থান সেনাৰ অভিজাত, বুদ্ধিজীৱীসকল আৰু চহৰৰ শীৰ্ষ স্তৰৰ পেছাদাৰী মধ্যবিত্ত লোকসকলৰ ওপৰত আধাৰিত আছিল। ৰক্ষণশীল সামন্তীয় শ্ৰেণীটোৰ সমৰ্থন নাছিল । এনে ধৰণৰ অভ্যুত্থানে গণতন্ত্ৰ দূৰৰ কথা, বৰঞ্চ এটা একদলীয় সামন্তীয়-আমোলাতান্ত্ৰিক শাসন উফৰাই অন্য এটা একদলীয় সামৰিক একনায়কত্ববাদী শাসন প্ৰতিষ্ঠা কৰে ।

সেই সময়ত আফগানিস্থানৰ সামাজিক সমস্যাবোৰ গভীৰ আৰু বিস্তৃত আছিল। শিক্ষিতৰ হাৰ আছিল মাত্ৰ ৫ শতাংশ । দেশৰ প্ৰায় ৮৫ শতাংশ জনগণ গাঁওবাসী যাৰ মাজত সামন্তীয় সম্পৰ্ক তেতিয়াও বিৰাজমান আছিল । উদ্যোগিক উৎপাদন আছিল ৰাষ্ট্ৰীয় আয়ৰ ১৭ শতাংশ মাথো। কৃষিযোগ্য ভূমিৰ ৪৫ শতাংশ ভূমি মাত্ৰ ৫ শতাংশ ভূমিমালিকৰ হাতত আছিল। কৃষকসকলে মুখ্যতঃ ব্যক্তিগত জমিদাৰ আৰু ডাঙৰ কৃষকসকলৰ পৰা লোৱা গধুৰ ঋণৰ বোজাত অতি দুখজনক পৰিস্থিতিত বাস কৰি আছিল। পিডিপিএ শাসনৰ প্ৰথম গুৰুত্বপূৰ্ণ পদক্ষেপটো আছিল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ। কেইবছৰমানৰ পিছত এই নীতিয়ে ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ ফলাফল দেখুৱাইছিল।

ধনী কৃষক আৰু জমিদাৰসকলৰ ওচৰত পৰিশোধ কৰা কৃষকসকলৰ ঋণ বাতিল কৰা হৈছিল । ভূমি বিতৰণ কৰা হৈছিল আৰু সামূহিক কৃষি আৰম্ভ কৰা হৈছিল। ভূমিৰ মালিকীস্বত্বৰ ওপৰত সীমা আৰোপ কৰা হৈছিল। এইবোৰ সামাজিক আৰু অৰ্থনৈতিক ন্যায়ৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ সংস্কাৰ আছিল। নিৰক্ষৰতা নিৰ্মূল কৰিবলৈ একে ধৰণৰ সংস্কাৰ আৰম্ভ কৰা হৈছিল । এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সংস্কাৰ আছিল প্ৰিণ্টিং প্ৰেছৰ ৰাষ্ট্ৰীয়কৰণ, যি শৈক্ষিক সামগ্ৰীৰ উপলব্ধতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

বিবাহ সংস্কাৰ প্ৰৱৰ্তন কৰি এক শতিকা পুৰণি সামাজিক প্ৰথা 'কইনাৰ মূল্য' বিলুপ্তিৰ লগতে সন্মতিৰ বয়সও প্ৰৱৰ্তন কৰা হৈছিল । মহিলাসকলৰ বাবে সমান অধিকাৰ কাৰ্যকৰী কৰাৰ লগতে সমবেতন আৰু মাতৃত্বকালীন ছুটিও কাৰ্যকৰী কৰা হৈছিল। পৰিকল্পিত অৰ্থনীতিৰ প্ৰৱৰ্তনে সোনকালেই অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ ফলাফল দেখুৱাইছিল। উদাহৰণ স্বৰূপে, ১৯৮৩ চনত পাঁচ বছৰৰ ভিতৰত ১০০ টা নতুন কাৰখানা নিৰ্মাণ কৰা হৈছিল। আন্তঃগাঁথনিৰ ক্ষেত্ৰত চিকিৎসালয়ৰ বিচনাত ৮৪ শতাংশ বৃদ্ধি হৈছিল, আৰু উপলব্ধ চিকিৎসকৰ হাৰ ৪৫ শতাংশ বৃদ্ধি হৈছিল। মুষ্টিমেয় শ্ৰেণীসমূহৰ ক্ষমতা আৰু বিশেষাধিকাৰ বোৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল, আৰু লগে লগে সাম্ৰাজ্যবাদৰ স্বাৰ্থটো আঘাত লাগিছিল ।

সত্তৰ দশকৰ সামৰণিৰ পৰাই আমেৰিকাৰ সাম্ৰাজ্যবাদে প্ৰতিক্ৰিয়াশীল কূটনীতি আৰম্ভ কৰিছিল । আফগানিস্থানৰ এই পৰিৱৰ্তনৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিবলৈ আমেৰিকাই চৌদি আৰৱ আৰু পাকিস্তানৰ সহযোগত মিত্ৰগোট গঠন কৰিছিল । লাহে লাহে বিশ্বৰ প্ৰায়বিলাক শক্তিশালী পুঁজিবাদী দেশেই ইছলামী মৌলবাদক সংগঠিত কৰাত অৰিহনা যোগাইছিল। গতিকে মৌলবাদ সাম্ৰাজ্যবাদী প্ৰতিক্ৰিয়াশীল নীতিৰ প্ৰত্যক্ষ ফলাফল।

আফগানিস্থানৰ সেই ৰাজনৈতিক পৰিৱৰ্তনৰ এক উল্লেখযোগ্য দুৰ্বলতা আছিল পিডিপিএৰ গণভিত্তিহীন সংগঠন। আকৌ ক্ষমতা দখল কৰাৰ পিছতে ক্ষমতাৰ আভ্যন্তৰীণ সংঘাত আৰম্ভ হৈছিল। ছোভিয়েটৰ হস্তক্ষেপেও এনে দলীয় বিভাজনলৈ উদগনি যোগাইছিল। দৰাচলতে ছোভিয়েটৰ আমোলাতন্ত্ৰই পিডিপিএৰ ভিতৰত দলীয় সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অতি প্ৰতিক্ৰিয়াশীল ভূমিকা পালন কৰিছিল। তেওঁলোকে খালকৰ বিৰুদ্ধে পাৰ্চাম গোটক সমৰ্থন কৰিছিল। খালক গোটে ছোভিয়েট ইউনিয়নৰ হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকক সতৰ্ক কৰি দিছিল যে ইয়াৰ ভয়ানক পৰিণাম হ'ব । খালক গোটে বিচাৰিছিল যে দেশৰ বৈদেশিক নীতি জোটবিহীন হ’ব লাগে।

কিন্তু ১৯৭৯ চনৰ ডিচেম্বৰত ছোভিয়েট ইউনিয়নে সামৰিক হস্তক্ষেপ কৰে আৰু আকৌ বাব্ৰক কাৰ্মালক প্ৰধানমন্ত্ৰী হিচাবে মনোনীত কৰে। পাৰ্চাম গোটটো ক্ষমতালৈ অনা হৈছিল আৰু খালক গোটৰ বিৰুদ্ধে এক দমনমূলক অভিযান আৰম্ভ কৰা হৈছিল। লগে লগে আভ্যন্তৰীণ বিবাদ তীব্ৰ হৈ উঠিছিল। তাৰ লগে লগে ১৯৮০ৰ আৰম্ভনি ভাগত, মুজাহিদীন বিদ্ৰোহীসকলে ছোভিয়েট সমৰ্থিত আফগান সেনাৰ বিৰুদ্ধে একত্ৰিত হয় । এক বিৰাট সামৰিক সন্মুখ সমৰৰ সূত্ৰপাত হয়। কেবা লাখো আফগান নাগৰিক পাকিস্তান আৰু ইৰানত আশ্ৰয় ল’ব লগা হয় । মুজাহিদীনে পাকিস্তানৰ যোগেদি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিৰ পৰা সামৰিক সাহাৰ্য লাভ কৰিছিল । এনেদৰে ছোভিয়েট ইউনিয়নৰ হস্তক্ষেপত আফগানিস্তান দুটা বিশ্ব শক্তিৰ যুদ্ধক্ষেত্ৰ হৈ পৰিছিল।

চৌডি মৌলবাদী অচামা বিন লাডেন মুজাহিদীনৰ সাহাৰ্যত আগবাঢ়ি আহে । ১৯৮৮ চনত অচামা বিন লাডেন আৰু আন ১৫ জন মৌলবাদীয়ে আফগানিস্থানত ছোভিয়েট সামৰিক হস্তক্ষেপৰ বিৰুদ্ধে যুদ্ধৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ জেহাদ অব্যাহত ৰাখিবলৈ আল-কায়দা গঠন কৰে । পশ্চিমীয়া পৃষ্ঠপোষকতাতেই গঠিত আল-কায়দা পিছলৈ শক্তিশালী হৈ পৰাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে পৃষ্ঠপোষক পশ্চিমীয়া দেশবিলাকেই ইয়াৰ লক্ষ্য হৈ পৰে । গতিকে এই মৌলবাদী শক্তিবিলাকে যেতিয়া ৰাষ্ট্ৰৰ ক্ষমতা লাভ কৰে, তেতিয়া সন্ত্ৰাসবাদী কাৰ্যকলাপবিলাকৰ পৃষ্ঠপোষকতাৰ বাবে ই কোনো অন্য বৈদেশিক ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকে ।

লাহে লাহে পিডিপিএ শাসনে বিৰোধী ৰাজনৈতিক শক্তিবিলাকৰ সৈতে মীমাংসা কৰিবলৈ চেষ্টা কৰি থকাৰ বাবে সকলো সংস্কাৰ ঘূৰাই অনা হৈছিল, আৰু ১৯৮৮ চনত ছোভিয়েট ইউনিয়নে নিজৰ সামৰিক শক্তি প্ৰত্যাহাৰ কৰে। তেতিয়ালৈকে শাসনব্যৱস্থা অত্যন্ত দুৰ্বল হৈ পৰিছিল আৰু ১৯৯২ চনত মুজাহিদীনে দায়িত্ব গ্ৰহণ কৰিছিল। পিছত তালিবান নামৰ কুখ্যাত সন্ত্ৰাসবাদী গোটটো নব্বৈ দশকৰ আৰম্ভণিতে আফগান মুজাহিদীন বা ইছলামিক গেৰিলা যোদ্ধাসকলৰ দ্বাৰা গঠন কৰা হৈছিল, যিসকলে চিআইএ আৰু ইয়াৰ পাকিস্তানী সহযোগী আইএছআইৰ গোপন সমৰ্থনত আফগানিস্তানৰ ছোভিয়েট দখল প্ৰতিৰোধ কৰিছিল। তেওঁলোকৰ সৈতে পাকিস্তানী মাদ্ৰাছাত অধ্যয়ন কৰা সৰু পষ্টোন জনজাতিৰ লোকসকলে যোগ দিছিল। তেওঁলোক আফগানিস্থানৰ দক্ষিণ আৰু পূবৰ বেছিভাগ অঞ্চল আৰু পাকিস্তানৰো উত্তৰ আৰু পশ্চিমৰ এটা মুখ্য জাতিগত গোট। শেষত তালিবানে ক্ষমতা দখল কৰে আৰু পাৰ্চাম শাসনৰ মুৰব্বী নাজিবুল্লাহক নিৰ্মমভাৱে হত্যা কৰে।

এইখিনিতে এটা গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ হ’ল সামৰিক অভ্যুত্থানেৰে একেৰাতিৰ ভিতৰতে ৰাজতন্ত্ৰক গণতন্ত্ৰলৈ অথবা সমাজতন্ত্ৰলৈ পৰিবৰ্তন কৰাটো এক বৈদেশিক ঘটনাক্ৰম মাথো । ই প্ৰকৃততে আভ্যন্তৰীণ আৰ্থ-সামাজিক ক্ষেত্ৰখনত গণতান্ত্ৰিক প্ৰমূল্য সৃষ্টিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল । বৰঞ্চ সমাজৰ ৰক্ষণশীল মৌলবাদী শক্তিবিলাকেও সামৰিক প্ৰতিক্ৰিয়াৰ ৰণ-নীতিত লিপ্ত হৈছিল । সংস্কাৰমুখী কাৰ্যকলাপবিলাকে যেতিয়া মুষ্টিমেয় শ্ৰেণীটোৰ স্বাৰ্থত আঘাত কৰে, ই সাময়িকভাৱে হ’লেও সেই শ্ৰেণীৰ অনুগত হৈ জীৱন নিৰ্বাহ কৰা এক বৃহৎ সংখ্যক জনগণৰ মাজতো অনিশ্চয়তাৰ সৃষ্টি কৰে । মুষ্টিমেয় ৰক্ষণশীল শ্ৰেণীটোৱে তেনে সময়ত এই অনুগতসকলৰ মাজত সংস্কাৰৰ বিৰুদ্ধে মৌলবাদী চিন্তাধাৰা বিয়পাই দিয়ে আৰু সংস্কাৰৰ বিৰুদ্ধে একগোট কৰাৰ সেয়াই সহজলভ্য উপায়। অন্যহাতেদি যি ৰাষ্ট্ৰযন্ত্ৰৰ মাধ্যমেৰে সংস্কাৰৰ কাৰ্যসূচী হাতত লোৱা হ’ল তাৰ মূল চালিকাশক্তি হ’ল আমোলাতন্ত্ৰ । পুৰণি ৰক্ষণশীল শ্ৰেণীটোৱে নতুনকৈ ক্ষমতাশালী হৈ উঠা মুষ্টিমেয় শ্ৰেণীবিলাকৰ সৈতে মৈত্ৰীবন্ধনৰ বাবে বিভিন্ন প্ৰস্তাৱ লৈ আমোলাতন্ত্ৰৰ কাষ চাপে । তাৰোপৰি এই আমোলাতন্ত্ৰইয়ো নিজে এক বিৱৰ্তনীয় শ্ৰেণীৰ সৃষ্টি কৰে যি ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতাবিলাকৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে ।
(২)

আফগানিস্থানৰ ক্ষমতাৰ গাঁথনিটোত আফগান জনগণৰ ভূমিকা ঐতিহাসিকভাৱেই গৌণ। যেনেকৈ গণতান্ত্ৰিক প্ৰমূল্যৰ সৈতে থকা মৌলবাদৰ মৌলিক সংঘাতে দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষিত কৰি নাৰাখে, তেনেকৈ গনতান্ত্ৰিক প্ৰক্ৰিয়াৰ অবিহনে হাতত লোৱা যিকোনো সংস্কাৰৰ কাৰ্যসূচীয়ে অতি সহজেই প্ৰতিক্ৰিয়াশীল শক্তিৰ জন্ম দিবলৈ সক্ষম হয় । আফগান জনসাধাৰণৰ গনতান্ত্ৰিক চেতনাৰ প্ৰকৃত মূল্যায়ন এতিয়ালৈকে হোৱা নাই । মাথো প্ৰভাৱশালী শক্তিবিলাকৰ পৃষ্ঠপোষকতাতহে আভ্যন্তৰীণ দৃশ্যপটত ৰাজনৈতিক উত্থান-পতন ঘটিছে। ইয়াৰ এক ঐতিহাসিক পটভূমি আছে। ইউৰোপৰ তুলনাত ঔপনিৱেশিক দেশসমূহৰ পুঁজিবাদী বিকাশ বহু পলমকৈ হৈছিল, যেতিয়া ইতিমধ্যে পুঁজিবাদী শক্তিবিলাকে পৃথিৱীত আধিপত্য বিস্তাৰ কৰি আছিল। সমাজত সামন্ততান্ত্ৰিক আৰু প্ৰাক-সামন্ততান্ত্ৰিক অৱশিষ্টৰ অৱস্থিতিৰ হেতু এক অৰ্দ্ধ-পুঁজিবাদী বিকাশ লক্ষ কৰা যায়। সেয়ে এইটো ঐতিহাসিক সত্য যে পশ্চিমীয়া পুঁজিপতি শক্তিবিলাকৰ সাম্ৰাজ্যবাদী আগ্ৰাসনত ঔপনিৱেশিক দেশসমূহৰ পুঁজিপতি শ্ৰেণীয়ে কোনো প্ৰগতিশীল ভূমিকা পালন কৰিব পৰা নাছিল । এই দেশবিলাকৰ পুঁজিপতিসকল অতি দুৰ্বল আৰু উদ্যোগিক অৰ্থনীতিৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ অপাৰগ আছিল । তেওঁলোক এফালে সামন্তীয় সমাজ আৰু আনফালে সাম্ৰাজ্যবাদৰ মাজত আবদ্ধ, যাৰ ফলত এক স্থিতাৱস্থা বাহাল ৰখাৰ বাদে অন্য কোনো উপায় নাছিল ।

তালিবানে প্ৰতিদ্বন্দী মুজাহিদীন গোটসমূহৰ মাজৰ প্ৰায় চাৰি বছৰৰ সংঘাতৰ (১৯৯২-১৯৯৬) অৱসান ঘটাই দেশৰ সুস্থিৰতাৰ প্ৰতিশ্ৰুতিৰে জনসমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিছিল । সেয়া প্ৰকৃততে জনসমৰ্থন নহয়, এখন জৰাজীৰ্ণ দেশৰ ৰাজনৈতিক শূণ্যতাই সৃষ্টি কৰা বাধ্যবাধকতা । ২০০১ চনত উৎখাত হোৱাৰ আগলৈকে তালিবান শাসনে দেশৰ প্ৰায় ৯০ শতাংশ এলেকা নিয়ন্ত্ৰণ কৰিছিল । এইটো সহজেই অনুমান কৰিব পাৰি যে তালিবান এক শক্তিশালী যুঁজাৰু শক্তি যি আফগান গণতান্ত্ৰিক প্ৰতিষ্ঠান, নাগৰিকৰ অধিকাৰ আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে । ই এতিয়ালৈকে বিশ্বৰ আটাইতকৈ শক্তিশালী নিৰাপত্তাৰক্ষী মিত্ৰজোঁট নাটো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰমান্বয়ে তিনিটা প্ৰশাসনৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সৈতে যুঁজি ৬,০০০ তকৈও অধিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু ১,১০০ তকৈও অধিক নাটো সৈন্যক হত্যা কৰিছে। তাৰোপৰি ২০০৭ চনৰ পৰা প্ৰায় ৪৬,০০০ জন অসামৰিক লোকৰ মৃত্যু হৈছে আৰু আনুমানিক ৭৩,০০০ জন আফগান সৈন্য আৰু আৰক্ষী বিষয়া নিহত হৈছে। ২০০১ চনৰ আমেৰিকাৰ আক্ৰমণৰ পাছত তালিবান আকৌ শক্তিশালী হৈ উঠে । ২০২০ চনৰ এক প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ তালিবান নিৰীক্ষণ দলে প্ৰকাশ কৰা মতে তালিবানৰ এতিয়াও আল-কায়েদাৰ সৈতে শক্তিশালী সম্পৰ্ক আছে । তালিবানে সম্পদ আৰু প্ৰশিক্ষণৰ বিনিময়ত আল-কায়েদাক সুৰক্ষা প্ৰদান কৰে।

যোৱা শতিকাৰ শেষৰ দশকৰ মাজভাগত আফগানিস্থান নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে তালিবানে এক অতি জঘন্য মৌলবাদী শাসন প্ৰনালী আৰম্ভ কৰে । স্বাভাৱিকভাৱেই এই শাসনে সামাজিক সেৱা আৰু অন্যান্য মৌলিক প্ৰশাসনিক কাৰ্যকলাপক অৱহেলা কৰিছিল আৰু আনকি ইয়াৰ প্ৰাসঙ্গিকতাৰ ওপৰত মতামত আগবঢ়োৱাটোও ইচলাম বিৰোধী বুলি অভিহিত কৰি নিষেধাজ্ঞা প্ৰয়োগ কৰিছিল। মহিলাসকলে মূৰৰ পৰা ভৰিলৈ বোৰ্খা পিন্ধা বাধ্যতামূলক কৰিছিল, সংগীত আৰু দূৰদৰ্শন নিষিদ্ধ কৰা হৈছিল আৰু দাড়ি নৰখা পুৰুষক কাৰাবাস দিছিল ।

দুই দশকতকৈ অধিক কাল ধৰি কৰা মৌলবাদৰ সম্প্ৰসাৰণ আৰু আগ্ৰাসনে আফগানিস্তানক বৰ্বৰতালৈ ঠেলি দিছিল। এই প্ৰক্ৰিয়াটোৱে কেৱল আফগানিস্থানকেই প্ৰভাৱিত কৰা নাছিল, পাকিস্তানকে ধৰি দক্ষিণ এচিয়াৰ সমগ্ৰ ভূখণ্ডটো প্ৰভাৱিত কৰিছিল । মুজাহিদীনক বিত্তীয় যোগান ধৰাৰ উপায় হিচাপে হেৰোইন দৰে নিচাযুক্ত দ্ৰব্যৰ বজাৰ সৃষ্টি কৰা হৈছিল। আজি সেই ৰণনীতিৰ পৰিনাতি হিচাবে বিশ্বৰ প্ৰথম নিচাজাতীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ সৃষ্টি হয় । ২০১৭ চনত তথ্য মতে আফগানিস্তানত প্ৰায় ৫০০,০০০ একৰ মাটিত ৯০০০ টন আফিম পপী উৎপাদন হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিয়ে দুটা দশকৰ ৰক্তক্ষয়ী উপস্থিতিৰ অন্ত পেলোৱাৰ সিদ্ধান্তৰ লগে লগে আফগানিস্থানে ইতিমধ্যে আন এক গৃহযুদ্ধৰ দিশে গতি কৰিছে। কোনে জানে কাবুলৰ পৰৱৰ্তী চৰকাৰত কোনটো প্ৰতিদ্বন্দী গোট কোন সময়ত আধিপত্যত থাকিব । দেশৰ জনসংখ্যাৰ এক গুৰুত্বপূৰ্ণ অংশ বিশেষকৈ অপাষ্টোন আৰু চহৰীয়া বাসিন্দাসকলে ধৰ্মৰ নামত চলাই যোৱা তালিবানৰ বৰ্বৰতা আৰু অত্যাচাৰৰ বিৰোধিতা কৰি আহিছে । প্ৰকৃততে ইৰাণ, পাকিস্তান, চীন আৰু অন্যান্য শক্তিৰ সমৰ্থনৰ বাবেহে তালিবান পুনৰ সংগঠিত হৈ যুঁজ দিবলৈ সক্ষম হৈছে । অন্যহাতেদি কাবুলৰ পুতলা শাসনে বিশেষকৈ পাষ্টোন অঞ্চলৰ গ্ৰাম্য জনসাধাৰণৰ বহুলাংশক তালিবানলৈ ঠেলি দিয়ে । আফগানিস্তানৰ হাজাৰা চিয়া, তাজিক আৰু উজবেকৰ দৰে নিৰ্যাতিত সম্প্ৰদায়বোৰে আত্মৰক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে । কাবুল চৰকাৰে স্থানীয় গোষ্ঠীগত সৈন্যবাহিনী আৰু যুদ্ধবাজসকলক তালিবানৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সংগঠিত হ’বলৈ উৎসাহিত কৰি আহিছে। স্থানীয় যুদ্ধাধিপতি, গোষ্ঠীগত নেতা আৰু ক্ষুদ্ৰ জাতিবিলাকে সশস্ত্ৰ পথ লোৱাৰ লগে লগে সমগ্ৰ দেশতে গৃহযুদ্ধ হ'ব পাৰে । যিয়েই নহওঁক, এইটো নিশ্চিত যে আটাইতকৈ বেছি মূল্য সাধাৰণ মানুহ, শ্ৰমিক, কৃষক, দৰিদ্ৰ, মহিলা আৰু শিশুসকলে পৰিশোধ কৰিব।

প্ৰথম কথা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিয়ে কিয় প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’লে? যোৱা দুটা দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপ স্থানীয় জনসাধাৰণৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। এই যুদ্ধই হাজাৰ হাজাৰ নিৰীহ লোকক হত্যা কৰিছে আৰু সমগ্ৰ দেশক ধ্বংস, অস্থিৰতা আৰু বৰ্বৰতাৰ মাজলৈ ঠেলি দিছে। অন্যহাতেদি তালিবানৰ প্ৰতিক্ৰিয়াশীল আৰু বৰ্বৰ মৌলবাদী শক্তিবোৰৰ প্ৰতি যে জনগণৰ সহানুভূতি আছিল তেনে নহয় । আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যাহাৰৰ ফলত সৃষ্টি হোৱা শূন্যতা তালিবানৰ দখলে পূৰণ কৰিছে । ৰক্তপাত আৰু গৃহযুদ্ধৰ আশংকাত হাজাৰ হাজাৰ লোকে তালিবান অধিকৃত অঞ্চলৰ পৰা ইতিমধ্যে পলায়ন কৰিছে।

আফগানিস্তানক এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে হাতত লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা দশকৰ অভিযানটোৰ মুঠ ব্যয় হৈছে দুই ত্ৰিলিয়ন ডলাৰ । তালিবানৰ দৰে সন্ত্ৰাসবাদী গেৰিলা সংগঠনৰ সৈতে যুদ্ধ কৰাটো সহজ নাছিল । হয়তো আফগানিস্থানক একেবাৰে উচ্ছেদ কৰিলেহে সেয়া সম্ভৱ হ’লহেতেন । অৱশেষত যোৱা বছৰ কাটাৰৰ দোহাত ট্ৰাম্প প্ৰশাসন আৰু তালিবান নেতৃত্বৰ মাজত স্বাক্ষৰিত এক তথাকথিত শান্তি চুক্তিত আমেৰিকা যুক্তৰাষ্ট্ৰই তালিবানৰ সকলো দাবী মানি লৈছিল, যাৰ ভিতৰত আছে আফগান কাৰাগাৰত থকা তালিবান বন্দীক মুক্তি দিয়া, আৰু তালিবানক বিশ্ব কূটনীতিৰ মেজত আসন দিয়া।

স্বাভাৱিকভাৱেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য মিত্ৰশক্তিৰ সমৰ্থিত দুৰ্বল কাবুল চৰকাৰখন আমেৰিকাৰ প্ৰত্যাহাৰৰ লগে লগে দ্ৰুতগতিত ভাগি পৰিল । ইয়াৰ কাৰণ হৈছে বৈদেশিক শক্তিৰ হাতৰ পুতলা এনে চৰকাৰৰ প্ৰকৃততে কোনো গণভিত্তি থকাটো অসম্ভৱ কথা । আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে দেশীয় আৰু ছোভিয়েট হস্তক্ষেপত হোৱা সামৰিক অভ্যুত্থানে অনা একদলীয় একনায়কত্ববাদৰ মাজত এক মুষ্টিমেয় উপাদান থাকে আৰু ই প্ৰাৰম্ভিক পৰ্যায়ত ৰাষ্ট্ৰসৰ্বস্ব ব্যৱস্থাৰে সংস্কাৰ আৰম্ভ কৰিলেও ইয়াৰ গাঁথনিগত একনায়কত্ববাদী সীমাবদ্ধতাবিলাকৰ বাবে সংস্কাৰ বেছিদিনলৈ কাৰ্যক্ষম হৈ নাথাকে । অন্যহাতেদি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পাছতো গণতান্ত্ৰিক আমেৰিকাৰ সাম্ৰাজ্যবাদী স্বাৰ্থৰ সন্মুখত পুতলা চৰকাৰৰ গণভিত্তিও প্ৰকৃততে অৰ্থহীন হৈ পৰে । আকৌ তেনে যুদ্ধবাজ পৰিৱেশত গণভিত্তি একেবাৰে অৰ্থহীন ধাৰণা । এইটো স্পষ্ট হৈ পৰে যে সামৰিক হস্তক্ষেপে এখন ৰাষ্ট্ৰ আৰু তাৰ ৰাষ্ট্ৰব্যৱস্থা বেছিদিন টিকাই ৰাখিব নোৱাৰে । ই জনগনক সাঙুৰি ল’ব পৰাকৈ মৌলবাদী শক্তিৰ কোনো গণতান্ত্ৰিক বিকল্প দাঙি ধৰিব নোৱাৰে ।

আফগানিস্তানত ছোভিয়েট হস্তক্ষেপৰ পিছত, আমেৰিকা যুক্তৰাষ্ট্ৰই কুখ্যাত 'ডলাৰ জেহাদ' আৰম্ভ কৰে আৰু লগে লগে পাকিস্তানক তালিবান আৰু অন্যান্য জেহাদীসকলৰ ঘাটি হিচাবে ব্যৱহাৰ কৰিছিল। জেনেৰেল জিয়াউল হকৰ শাসনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চৌদি আৰৱৰ পৃষ্ঠপোষকতাত পাকিস্তানত ইছলামী মৌলবাদী গোটবোৰৰ সংগঠন আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল । ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত, আমেৰিকা যুক্তৰাষ্ট্ৰই নিজেই সৃষ্টি কৰা এই সন্ত্ৰাসবাদী গোটবিলাকৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়। ইয়াৰ পৰিনতিস্বৰূপে কাবুল নিয়ন্ত্ৰণৰ বাবে জেহাদী দলবোৰে নিজৰ মাজতেই যুদ্ধত লিপ্ত হয় আৰু হাজাৰ হাজাৰ নিৰীহ লোকক হত্যা কৰা হয়।

অন্যহাতেদি তালিবানে কাবুল অধিকাৰ কৰাৰ লগে লগে আফগানিস্থানৰ সাম্প্ৰতিক প্ৰেক্ষাপটত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰবিলাকে যি কূট-কৌশল আৰম্ভ কৰিছে সেয়া নিজৰ নিজৰ ভূৰাজনৈতিক স্বাৰ্থক সুৰক্ষিত কৰি ৰখাৰ এক স্বাভাৱিক পৰিনাতি মাথো । আফগানিস্থানক মৌলবাদী সন্ত্ৰাসবাদৰ পৰা উদ্ধাৰ কৰাৰ কোনো উদ্দেশ্য এনে কূট-কৌশলৰ নাই । আফগানিস্থানৰ ভৱিষ্যত শাসনযন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ আশাত ইৰানে যোৱা সময়ছোৱাত তালিবানক সংগঠিত কৰাত সহায় কৰি আহিছে । ইৰাণে মৌলবাদী যুদ্ধাধিপতি আৰু স্থানীয় অভিজাত সকলৰ এক মিত্ৰজোঁট স্থাপন কৰাৰ যোগেদি নিজৰ সীমান্তৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰে । ইছলাম কুইলা ক্ৰছিং হ’ল সৰ্ববৃহৎ বাণিজ্য প্ৰৱেশদ্বাৰ যি ইৰাণ চৰকাৰৰ বাবে মাহে ২০ মিলিয়ন ডলাৰৰ উৎস।

তেনেদৰে ৰাছিয়া আৰু চীনৰো স্বাৰ্থ একেই । ৰাছিয়াই তালিবানৰ আশ্বাস বিচাৰিছে যে আফগানিস্তানৰ উত্তৰ সীমাক প্ৰাক্তন ছোভিয়েট গণৰাজ্যৰ ওপৰত আক্ৰমণৰ আধাৰ হিচাপে যাতে ব্যৱহাৰ কৰা নহয়। চীনে খনিজ সম্পদ লুণ্ঠন আৰু নিজৰ দেশীয় স্বাৰ্থৰ বাবে এক কৌশলগত অৱস্থান লৈছে। কিন্তু, আমেৰিকাৰ দৰে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে প্ৰয়োজনীয় বিত্তীয় আৰু সামৰিক সাহাৰ্যৰ ক্ষেত্ৰত উদাসীন। অৱশ্যে চীন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ দৰে শক্তিশালী নহয়। চীনৰ দেশীয় স্বাৰ্থ দুই ধৰণৰ। প্ৰথমতে ই নিজৰ বিনিয়োগ বিশেষকৈ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভক সুৰক্ষিত কৰিব বিচাৰে । দ্বিতীয়তে চীনে জিনজিয়াং প্ৰদেশৰ বিচ্ছিন্নতাবাদীসকলক সীমান্তৰ সিপাৰে থকা জেহাদী গোটবোৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব বিচাৰে । আমেৰিকাই ৰাছিয়া আৰু চীনক আফগানিস্তানৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰস্তাৱ দিছিল । যদি পৃথিৱীৰ শক্তিশালী শক্তিৰ দ্বাৰা দুটা দশকৰ সামৰিক হস্তক্ষেপে আফগানিস্তানক সুস্থিৰ কৰিব নোৱাৰে, তেন্তে চীন, ৰাছিয়া বা আন কোনো আঞ্চলিক শক্তিৰ পৰা কেনেকৈ সম্ভৱ হ’ব ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা দশকৰ আফগান অভিযানে পাকিস্তানৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে । যোৱা সাতটা দশকেই আমেৰিকাৰ ভেৰণীয়া গুণ্ডা হিচাবে কাৰ্যনিৰ্বাহ কৰি পাকিস্তানৰ শাসকগোষ্ঠী যথেষ্ট লাভান্বিত হৈছে। দক্ষিন এচিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিটো সাম্ৰাজ্যবাদী অভিযানৰ সম্পাদনত পাকিস্তানক নিয়োজিত কৰা হৈ আহিছে । প্ৰধানকৈ আশীৰ দশকৰ 'ডলাৰ জেহাদ'ৰ পৰা 'সন্ত্ৰাসৰ বিৰুদ্ধে যুদ্ধ'লৈকে পাকিস্তান নিৰ্ভৰযোগ্য হৈ আহিছে । পাকিস্তানৰ শাসক শ্ৰেণীটো প্ৰতিটো ৰক্তক্ষয়ী অভিযানতেই সম্পদশালী হৈ উঠে। পিছে আফগান হস্তক্ষেপত পাকিস্তান নিৰ্ভৰযোগ্য বুলি প্ৰমানিত নহ’ল । আমেৰিকাই দাবী কৰে যে পাকিস্তানে এই যুদ্ধত দ্বৈত ভূমিকা পালন কৰিছিল। পাকিস্তানত তালিবান নেতৃত্বৰ বাবে সুৰক্ষিত আশ্ৰয় প্ৰদান কৰি তথাকথিত 'সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ'ৰ বাবেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ধন লোৱা বুলি ট্ৰাম্পে আভিযোগ আনিছিল । ভেৰণীয়া জেহাদীয়েই হওঁক অথবা গুণ্ডাই হওঁক, বেছিদিন প্ৰভুভক্ত হৈ নাথাকে। আমেৰিকাই এতিয়া পাকিস্তানৰ গুৰুত্ব সীমিত কৰিবলৈ বিশ্ব মঞ্চত নিজৰ শক্তি প্ৰদৰ্শন কৰিব বুলি প্ৰকাশ । ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চে যোৱা তিনি বছৰ ধৰি পাকিস্তানক এক সংবেদনশীল তালিকাত ৰখাৰ লগতে সন্ত্ৰাসবাদ আৰু অবৈধ বিত্তীয় লেনদেনৰ বিৰুদ্ধে নিয়মাৱলী পালন নকৰিলে দেশখনক ব্লেকলিষ্ট কৰাৰ ভাবুকি দিছে । দৰাচলতে এই সকলোবোৰ অপৰাধৰ আৰম্ভনি আশীৰ দশকৰ 'ডলাৰ জেহাদ'ৰ পৰাই আৰম্ভ হৈছিল ।

পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাসক শ্ৰেণীক আফগানিস্তানত যুদ্ধ অব্যাহত ৰাখিবলৈ অনুৰোধ কৰিছিল । কাৰণ প্ৰত্যাহাৰৰ লগে লগে আমেৰিকা পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকিব আৰু পাকিস্তানী শাসক শ্ৰেণীলৈ আহি থকা ডলাৰৰ সোঁত বন্ধ হ'ব । এতিয়া অৱশ্যে পাকিস্তানী শাসক শ্ৰেণীয়ে আমেৰিকাৰ শাসক শ্ৰেণীক সন্তুষ্ট কৰিব পৰা তেনে কোনো বিকল্প সহজসাধ্য হৈ থকা নাই । কাৰণ আফগানিস্তানৰ তালিবান নেতৃত্ব এতিয়া কেৱল পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল নহয়, আৰু ইৰাণ, ৰাছিয়া, চীন আৰু অন্যান্য শক্তিৰ সমৰ্থন অবিহনে সেয়া অসম্ভৱ। অন্যহাতেদি এনে সন্মিলনো আফগানিস্থানৰ ওপৰত সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ পাবৰ বাবে পৰ্যাপ্ত নহয় । ইৰাণ, ৰাছিয়া আৰু চীন সকলোৱে তেওঁলোকৰ নিজৰ সংকীৰ্ণ স্বাৰ্থৰ বিনিময়ত আফগানিস্তানৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰিলেও তাৎকালিকভাৱে আফগানিস্তানলৈ স্থিৰতা ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই।

এটা কথা ঠিক যে তালিবানৰ শাসন অত্যন্ত দুৰ্বল আৰু অস্থিৰ হ'ব । স্থানীয় জমিদাৰ আৰু গোষ্ঠীগত নেতাৰে গঠিত বিৰোধী শক্তিৰ প্ৰতিৰোধৰ সন্মুখীন হোৱাৰ লগতে অন্তৰ্দ্বন্দ্ব আৰু বিভাজন আৰম্ভ হ'ব। অন্যহাতেদি, সামাজিক অস্থিৰতাই এই দৰিদ্ৰ দেশখনৰ ইমানেই দকৈ শিপাইছে যে চীন, ৰাছিয়া, ইৰাণ, পাকিস্তান আৰু অন্যান্য দেশৰ পৰা অহা বিত্তীয় সমৰ্থনেও অস্থিৰতা, জনসাধাৰণৰ চৰম দৰিদ্ৰতা আৰু দুৰ্দশাবোৰ দূৰ কৰিবলৈ পৰ্যাপ্ত নহ'ব। যোৱা দুটা দশকত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিৰ পৰা অহা বিলিয়ন ডলাৰে যুদ্ধাধিপতি, গোষ্ঠীগত মুৰব্বী, বিভিন্ন বেচৰকাৰী সংগঠন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক ঠিকাদাৰসকলৰ ভাণ্ডাৰ চহকী কৰিছিল ।

পাকিস্তানীৰ দৰে চুবুৰীয়া দেশবোৰে কেবা দশক ধৰি আফগান শৰণাৰ্থীসকলক নিৰ্মমভাৱে অত্যাচাৰ কৰি আহিছে । আকৌ এই শৰণাৰ্থীসকলৰ দুৰ্দশাক পৃথিৱীৰ ধনী দেশবোৰৰ পৰা সাহাৰ্যৰ ল’বলৈ ব্যৱহাৰ কৰিছে, যিবোৰে শাসক গোষ্ঠীক চহকী কৰি আহিছে । আনহাতে, নথিভুক্ত নোহোৱা শৰণাৰ্থীসকলৰ সস্তীয়া শ্ৰম স্থানীয় পুঁজিপতিসকলে ব্যৱহাৰ কৰে । ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ এই শৰণাৰ্থীসকলেই এসময়ত মৌলবাদী শক্তিৰ বাবে নিযুক্তিৰ উৎস আছিল।

আন্তৰ্জাতিক প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় স্বাৰ্থৰ কোনো স্বতন্ত্ৰ অস্তিত্ব নাই । আন্তঃৰাষ্ট্ৰীয় শক্তি সমীকৰণে ৰাষ্ট্ৰীয় স্বাৰ্থক সংজ্ঞাবদ্ধ কৰে । মানুহৰ মৌলিক সমস্যাবিলাক যিহেতু ৰাজনৈতিক সীমাৰে বিভাজন কৰিব নোৱাৰি, বৈদেশিক আৰু বিশেষকৈ সামৰিক হস্তক্ষেপৰ সীমাবদ্ধতা অৱশ্যম্ভাৱী । সেয়ে বৈদেশিক হস্তক্ষেপে ঔপনিৱেশিকতাবাদ আৰু মৌলবাদৰ বাদে অন্য কোনো প্ৰগতিশীল বাদেই সম্পূৰ্ণকৈ প্ৰতিষ্ঠা কৰিব নোৱাৰে । কাৰণ এখন গণতান্ত্ৰিক প্ৰগতিশীল ৰাষ্ট্ৰ নিৰ্মাণৰ পূৰ্বচৰ্ত হ’ল সেই ভূখণ্ডৰ জনগণেহে সেয়া প্ৰতিষ্ঠা কৰিব লাগিব। বৈদেশিক শক্তি দূৰৰ কথা কেৱল দেশীয় শাসকগোষ্ঠীৰ দ্বাৰাও সেয়া অসম্ভৱ কথা । সেয়ে আফগানিস্থানৰ সাম্প্ৰতিক যুদ্ধবাজ পৰিস্থিতিত কেৱল কোনো বৈদেশিক আৰ্থিক সাহাৰ্য অথবা সামৰিক হস্তক্ষেপতকৈয়ো দেশৰ মানুহখিনিৰ গণতান্ত্ৰিক শক্তিৰ প্ৰয়োজন হৈছে । কাৰণ ইমানদিনে তেনে পদক্ষেপবোৰে আফগানিস্থান আৰু তাৰ চুবুৰীয়া দেশবিলাকৰ কেৱল শাসকগোষ্ঠী আৰু মুষ্টিমেয়সকলকহে চহকী কৰি আহিছে ।
লেখকৰ আনবোৰ লেখাৰ একত্ৰ লিংকঃ

No comments:

Post a Comment