বিশ্লেষণঃ লাভলীনাৰ অলিম্পিক যাত্ৰা বনাম অসমত ক্ৰীড়া প্ৰশিক্ষণৰ বাস্তৱতা :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ লাভলীনাৰ অলিম্পিক যাত্ৰা বনাম অসমত ক্ৰীড়া প্ৰশিক্ষণৰ বাস্তৱতা :: কিশোৰ কুমাৰ কলিতা

বিশ্লেষণঃ লাভলীনাৰ অলিম্পিক যাত্ৰা বনাম অসমত ক্ৰীড়া প্ৰশিক্ষণৰ বাস্তৱতা :: কিশোৰ কুমাৰ কলিতা

Share This
লাভলীনাৰ অলিম্পিক যাত্ৰা বনাম অসমত ক্ৰীড়া প্ৰশিক্ষণৰ বাস্তৱতা
কিশোৰ কুমাৰ কলিতা
অৱশেষত সমগ্ৰ ভাৰতবৰ্ষৰ হৃদয়ত কঁপনি তুলি, অসম তথা দেশৰ সমূহ শুভাকাংক্ষীৰ অন্তৰ জয় কৰি অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি অলিম্পিকত এটা পদকৰ প্ৰাপ্তি নিশ্চিত কৰিলে। টকিঅ’ অলিম্পিকৰ পৰা শুকুৰবাৰে এই বাতৰি অহাৰ লগে লগে অসমবাসীৰ মাজত উচাহৰ যেন পাৰ ভাগি গ'ল। 
এই আনন্দ এই উন্মাদনা প্রত্যাশিতই। অলিম্পিকত পদক অর্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈক লৈ আজি প্ৰতিগৰাকী অসমবাসীৰ বুকু ওফন্দি উঠিছে, গৌৰৱময় ভাৱত। বহুতে মুকলিভাৱে ক'বলৈ আৰম্ভ কৰিছে যে যথাযথ সা সুবিধা লাভ কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্রান্তে প্রান্তে অলেখ লাভলীনা ওলাব, যিসকলে দেশখনৰ তেনেই দুর্বল আন্তঃৰাষ্ট্ৰীয় আৰু অলিম্পিক প্রদর্শনক বহুগুণে সমৃদ্ধ কৰিব পাৰিব। 

অলিম্পিকৰ প্ৰতিটো খেলৰ বাবে যদি ন্যুনতমসংখ্যক পাৰদৰ্শী, যথাযথ আনুষ্ঠানিক ক্রীড়া বিজ্ঞানৰ দক্ষতা থকা প্রশিক্ষক নিয়োগ কৰিব পৰা যায়, তেন্তে অসম সর্বভাৰতীয় আৰু আন্তঃৰাষ্ট্রীয় ক্রীড়াত নিশ্চয়কৈ উজলি উঠিব। সেয়ে প্রশ্ন হৈছে অসমৰ পৰা বিভিন্ন ক্রীড়াত পাৰদৰ্শী হৈ উঠিবৰ বাবে ৰাজ্যখনত যথাযথ মানৰ প্রকৃত প্রশিক্ষক (Coach), প্রয়োজনীয় ক্ৰীড়া আন্তঃবিন্যাস আদি সঁচাই আছেনে? যদি আছে তেন্তে ইয়াৰ মানদণ্ড কিমান আৰু এই বিষয়ে অসমৰ গাঁৱে ভূঞে লুকাই থকা প্ৰতিভা সমূহে কিমান পৰিমানে জ্ঞাত?

কিমানজন প্রকৃত প্রশিক্ষক আছে?

আমি সকলোৱে জানো যে আধুনিক ক্রীড়া বিজ্ঞানৰ যথাযথ জ্ঞান আৰু সেই অনুসাৰে প্রশিক্ষণ নল'লে কোনো খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা অলিম্পিকৰ নিচিনা অতি প্রতিযোগিতামূলক ক্রীড়া অনুষ্ঠানত সফলতা লাভ কৰিব নোৱাৰে। সেই উদ্দেশ্য আগত ৰাখিয়েই দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলে যাতে যথাযথ বিজ্ঞানসন্মত ক্রীড়া প্রশিক্ষণ লাভ কৰিব পাৰে, তাৰ বাবে ষাঠিৰ দশকৰ আৰম্ভণিতে ১৯৬১ চনত পঞ্জাবৰ পাটিয়ালাত এক ক্রীড়া প্রতিষ্ঠানৰ জন্ম দিয়া হৈছিল। ১৯৭৩ত ইয়াৰ নাম নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অব স্পৰ্টছ’ (NS-NIS) ৰখা হয়। ১৯৮২ চনত ছাই (স্প'ৰ্টছ অথৰিটি অব ইণ্ডিয়া) গঠন হোৱাৰ পিচত ১৯৮৭ চনত এই প্রতিষ্ঠানক ছাইৰ অধীনলৈ অনা হয়।

এতিয়া আহিছো প্রশিক্ষক নিযুক্তিৰ প্ৰসংগলৈ। সর্বভাৰতীয় পর্যায়ত যেতিয়া ভাৰতৰ ক্রীড়া প্ৰাধিকৰণ বা ছাইৰ ফালৰ পৰা কোনো বিশেষ খেলৰ প্রশিক্ষক নিযুক্তিৰ বাবে যি ন্যূনতম অহর্তা ধৰি দিয়া হয়, সেইবােৰ নিম্নোক্ত ধৰণৰ হয়- (ক) ছাই বা এন এছ-এন আই এছৰ পৰা বা আন স্বীকৃতিপ্রাপ্ত ভাৰতীয় বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা প্রশিক্ষকৰ ডিপ্লমা ডিগ্রী লাভ বা (খ) এছিয়ান গেমছ বা বিশ্ব চেম্পিয়নশ্বিপত অংশগ্রহণ কৰা। লগতে প্রশিক্ষকৰ চার্টিফিকেট পাঠ্যক্রম লাভ বা (গ) অলিম্পিক খেলৰ বাবে নির্বাচিত হােৱা আৰু অংশগ্রহণ কৰা।

অর্থাৎ প্রশিক্ষক হ’বৰ বাবে (খ) আৰু (গ)ৰ বাৰে অন্যতম অপৰিহাৰ্য অৰ্হতাই হৈছে ছাই-এন এছ এন আই এছৰ বা আন কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লমা বা ডিগ্রী লাভ। ভাৰতবৰ্ষৰ ক্রীড়া জগতৰ মক্কা হিচাপে পৰিগণিত পঞ্জাবৰ পাটিয়ালাত অৱস্থিত প্রতিষ্ঠানখনৰ পৰা খেলৰ একো একোটা শিতানত অজস্র গুৰুত্বপূর্ণ প্রশিক্ষকৰ জন্ম হৈছে আৰু ভাৰতীয় ক্রীড়াৰ মজিয়াখন উজলি উঠাত এই এন এছ এন আই এছৰ ক্ৰীড়া প্রশিক্ষকসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

পিছে দূর্ভাগ্যৰ কিন্তু বাস্তৱিকভাৱে সত্য কথাটো হৈছে যে অসমত নিয়মীয়া প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰাত এনে প্রশিক্ষণপ্রাপ্ত এন এছ-এন আই এছৰ ডিপ্লমাধাৰী প্রশিক্ষকসকল বঞ্চিত হৈ আছে। আটাইতকৈ আচৰিত কথাটো হ'ল যি সময়ত পঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যত এবিধ এবিধ খেলৰ বাবে সমগ্ৰ ৰাজ্যখনত বিশ ত্রিশগৰাকীকৈ (একোবিধ খেলৰ বাবে) এন এছ-এন আই এছৰ ডিপ্লমাধাৰী প্রশিক্ষক নিযুক্তি দিয়া হৈছে, সেই সময়ত সমগ্ৰ অসমত আঠটা খেলৰ বাবে সৰ্বমুঠ ১৪ গৰাকী এন এছ-এন আই এছৰ ডিপ্লমাধাৰী স্থায়ী প্রশিক্ষকহে নিযুক্ত হৈ আছে। 

তাৰে বহুকেইজন প্রশিক্ষকক কেৱল অস্থায়ীভাৱে মাত্ৰ ওঠৰ-বিশ হেজাৰমান টকাৰ বিনিময়ত নিযুক্তি দিয়া হৈছে যদিও এইসকলক পাৰিশ্ৰমিক বছৰেকৰ মূৰত দিয়াৰ পৰিণতিত বেছিভাগ প্রশিক্ষকে ক্রীড়া প্রশিক্ষণৰ দায়িত্ব বাদ দি ব্যৱসায়-বাণিজ্য আদিত যোগদান কৰিবলৈ বাধ্য হৈছে। অসম চৰকাৰৰ ক্রীড়া বিভাগটোৱে উল্লিখিত ডিপ্লমাধাৰীসকলক জিলাই জিলাই পর্যাপ্তসংখ্যাত স্থায়ীভাৱে নিযুক্তি নিদি ৰাজ্যখনৰ প্রান্তে প্রান্তে নির্মাণ কৰা খেলপথাৰ, ষ্টেডিয়াম আদিত ক্রীড়া প্রশিক্ষণ চলাইছে শাৰীৰিক শিক্ষাৰ স্নাতক (বি পি ই ডি) ডিগ্ৰীধাৰীসকলৰ দ্বাৰা। 

এই ডিগ্রী গ্রহণ কৰাৰ বাবে এগৰাকী শিক্ষার্থীয়ে তিনি চাৰিবছৰীয়া পাঠ্যক্ৰমৰ বাবে দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে কোনো ক্ৰীড়াত নিপুণতা থকাটো প্রয়োজনীয়। অৱশ্যে দ্বাদশ পর্যায়ত শাৰীৰিক শিক্ষা এক বিষয় হিচাপে থাকিলেও নামভৰ্তি কৰিব পৰা যায়। আনহাতে এবছৰৰ পৰা দুবছৰীয়া (প্রতিষ্ঠান অনুযায়ী পাঠ্যক্ৰমৰ সময় আৰু অহর্তা বেলেগ বেলেগ) পাঠ্যক্ৰমৰ বাবে স্নাতক ডিগ্ৰীৰ লগতে যিসকলৰ ডিগ্রী পর্যায়ত শাৰীৰিক শিক্ষা এক বিষয় হিচাপে থাকে বা মহাবিদ্যালয় পর্যায়ত খেল খেলাৰ অভিজ্ঞতা থাকে, তেওঁলোকক অগ্রাধিকাৰ দিয়া হয়। 

আনহাতে ভাৰতৰ ক্রীড়া প্রাধিকৰণৰ অধীনত অৱস্থিত পাটিয়ালা (এন এছ এন আই এছ), বাংগালোৰ (এন এছ এছ চি), কলকাতা (এন এছ ই চি) আৰু তিৰুৱনন্তপুৰম (এল এন চি পি ই)ৰ ক্ৰীড়া প্রশিক্ষকৰ ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ কেটেগৰী A (l) (প্রসিদ্ধ খেলুৱৈৰ বাবে প্রত্যক্ষ নামভর্তি), কেটেগৰী  A (II) (আন্তর্জাতিক ক্রীড়াবিদ) বাদ দি কেটেগৰী ‘বি’ৰ বাবে স্নাতক ডিগ্রীৰ লগতে নূন্যতম প্রয়োজনীয় ক্রীড়া অহর্তসমূহ হৈছে। (ক) স্বীকৃতি গুৰুত্বপূৰ্ণ আন্তর্জাতিক খেলত অংশগ্রহণ বা (খ) স্বীকৃত প্রবীণ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ-খেলাে ইণ্ডিয়া ইউনিভাৰ্ছিটিৰ খেলত অংশগ্রহণ বা সর্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় ক্রীড়াত অংশগ্রহণ বা (গ) নিম্নোক্ত যিকোনো ক্ৰীড়াত দুবাৰকৈ অংশগ্ৰহণ কৰিব লাগিব (১) স্বীকৃতিপ্রাপ্ত কনিষ্ঠ, প্রবীণ ৰাষ্ট্ৰীয় চেম্পিয়নশিপ, (২) আন্তঃসেৱা / আন্তঃ ৰে'লৱে চেম্পিয়নশ্বিপ, সৰ্বভাৰতীয় আৰক্ষী ক্রীড়া, (৩) যুৱ খেলো ইণ্ডিয়া / খেলো ইণ্ডিয়া স্কুল গেমছ বা (ঘ) ছাইৰ অধীনত এন এছ-এন আইৰ এছৰ ছয়-সপ্তাহৰ ক্ৰীড়া প্রশিক্ষণৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ লগতে নিম্নোক্ত যিকোনো এটা (১) ৰাজ্যৰ ক্রীড়া সংস্থাই আয়োজন কৰা প্রবীণ ৰাজ্যিক চেম্পিয়নশ্বিপত পদক বিজয়ী (২) ৰাজ্যৰ ক্রীড়া সংস্থাই আয়োজন কৰা ৰাজ্যিক চেম্পিয়নশ্বিপত (প্রবীণ) দুবাৰকৈ অংশগ্রহণ। 

আনহাতে কেটেগৰী চি (উত্তৰ-পূর্বাঞ্চলৰ প্রার্থী)ৰ ক্ষেত্ৰত স্নাতক ডিগ্ৰীৰ লগতে আৱশ্যকীয় ক্রীড়া সাফল্য ধৰি দিয়া হৈছে এনেধৰণৰ- (ক) উত্তৰ-পূৱৰ ক্ৰীড়াত পদক বিজয়ী বা (খ) উত্তৰ-পূব ক্রীড়াত দুবাৰকৈ অংশগ্রহণ বা (গ) 'খ'ত উল্লিখিত অৰ্হতাসমূহৰ পূৰণ। অসম চৰকাৰে জিলা, মহকুমা পর্যায়ৰ কথা বাদেই অলিম্পিকত থকা ৩৩ বিধ খেলৰ (ক্রিকেট আৰু এইবাৰ নকৈ সন্নিৱিষ্ট দুবিধ খেলক বাদ দি) মাত্র ৮ বিধত ডিপ্লমা ডিগ্ৰীধাৰী প্রকৃত প্রশিক্ষক নিয়োগ কৰিছে। বাকী সকলো ক্রীড়া প্রশিক্ষণ চলাইছে ‘শাৰীৰিক শিক্ষাৰ স্নাতক ডিগ্ৰীধাৰীসকলৰ দ্বাৰা, যিসকলক কোনোপধ্যে ক্রীড়া প্রশিক্ষক বুলিব নোৱাৰি। যদিহে ভলীবল, বাস্কেটবল বা ফুটবলৰ দৰে খেলৰ বাবে ৰাজ্যখনত মার্থে দুই তিনিজনহে ক্ৰীড়া প্রশিক্ষক থাকে, তেন্তে জিলা ভিত্তিত ভাল খেলুৱৈ বিকশিত হ’ব কিদৰে।

লাভলীনাৰ এই যাত্ৰাই উদ্দেলিত কৰা পৰিৱেশতে অসমৰ ক্ৰীড়া আন্তঃগাঁঠনি আৰু প্ৰশিক্ষকৰ প্ৰসংগতো চৰকাৰে নতুন পদক্ষেপ লবলৈ আগবাঢ়ি আহক। আশাকৰোঁ নতুন চৰকাৰে, বিষয়টোত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ চৰ্চাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা কৰিব। গুৱাহাটীক দেশৰ স্পৰ্টচ কেপিটেল হিচাবে গঢ়াৰ পূৰ্বৰ ঘোষণাৰ কাৰ্যকৰী ৰূপদান কৰাৰ বাবেও এই দিশ সমূহক লৈ সঠিক সিদ্ধান্ত লোৱাটো অতিশয় যে জৰুৰী, সেই কথাও কিন্তু নিশ্চিত। লাভলীনা অলিম্পিকত সফল হওক, স্বৰ্ণৰ আশাৰে বহু শুভেচ্ছা....
লেখাটি অসমীয়া প্ৰতিদিন কাকতত 'লাভলীনাৰ বিজয়ত কৃতিত্ব কাৰ' শীৰ্ষৰে প্ৰকাশ পাইছে। লেখকৰ ই-মেইলঃ kishorassam@gmail.com, 
লেখকৰ আনবোৰ লেখাৰ একত্ৰ লিংকঃ

No comments:

Post a Comment