প্ৰতিক্ৰিয়াশীল, অতীতমুখী আৰ.এছ.এছৰ ভৱিষ্যত একৈশ শতিকাতো উজ্বল হৈছেনো কিয়?
কানাই গগৈ
(১)
কেতিয়াবা মনলৈ এক প্ৰশ্ন আহে যে, ২১ শতিকাতো প্ৰতিক্ৰিয়াশীল, অতীতমুখী আৰ.এছ.এছৰ ধাৰণা সমাজত কিয় বৰ্তি আছে? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা আৰ.এছ.এছৰ ‘দৰ্শন’ বুজিবলৈ হ’লে তলৰ কথাখিনি জনাটো হয়তো উচিত হব।
১৯৪০ চনত আৰ এছ এছৰ অন্যতম প্ৰতিষ্ঠাতা ৱিনায়ক দামোদৰ সৱৰকৰে কৈছিল: “..... আৰ্য সংস্কৃতিৰ শত্ৰুবিলাকৰ বিৰুদ্ধে জাৰ্মানীয়ে আৰম্ভ কৰা জিহাদে বিশ্বৰ আৰ্য গোষ্ঠীবোৰক জাগৃত কৰাৰ সমান্তৰালভাবে ভাৰতৰ হিন্দুসকলকো তেওঁলোকৰ হেৰাই যোৱা গৌৰৱময় অতীতৰ পুনৰুদ্ধাৰৰ বাবে উদ্বুদ্ধ কৰি তুলিব৷ ... জাৰ্মানী আৰু ইটালীয়ে যুদ্ধবিধ্বস্ত অৰ্থনীতিৰ পুনৰনিৰ্মাণ কৰি নিজকে শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিব পাৰিলে একমাত্ৰ নাৎছি বা ফেছিষ্ট যাদুদণ্ডৰ পৰশত, আৰু ইয়ে প্ৰমাণ কৰে যে নাৎছিবাদ, অৰ্থাৎ ফেছিবাদহে একমাত্ৰ অনুকৰণীয় আদৰ্শ৷” ...
(এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে যুদ্ধবিধ্বস্ত জাৰ্মান অৰ্থনীতিৰ পুনৰনিৰ্মাণত ‘ফেছিষ্ট যাদুদণ্ডৰ’ (!) কোনো ভূমিকা নাছিল –- সেই অৰ্থনীতিৰ পুনৰনিৰ্মাণ হৈছিল বিশ্ব পুঁজিপতিসকলে জাৰ্মানীক প্ৰদান কৰা বৃহৎ পৰিমাণৰ ঋণ তথা তদানীন্তন আধুনিকতম প্ৰযুক্তিৰ দ্বাৰাহে !)৷
জাৰ্মানীক ‘পৰিষ্কাৰ’ কৰাৰ উদ্দেশ্যে হিটলাৰে সংঘটিত কৰা ইহুদীসকলৰ নিধন সৱৰকৰে সমৰ্থন কৰিছিল তথা পৰামৰ্শ আগবঢ়াইছিল এই বুলি যে ভাৰতত মুছলমানসকলৰো তেনে দশা হোৱা উচিত৷
আৰ এছ এছৰ আন এজন প্ৰতিষ্ঠাতা মাধৱ সদাশিৱ গোলৱালকৰে লিখিছিলঃ “... আৰ্য জাতি আৰু সংস্কৃতিৰ পৱিত্ৰতা ৰক্ষা কৰাৰ বাবেই জাৰ্মানীত ইহুদীসকলক নিধন কৰা হৈছে, আৰু এইদৰে সৰ্বোচ্ছ স্তৰত আৰ্যৰ গৌৰৱ প্ৰদৰ্শিত হৈছে৷ গোষ্ঠীগত, ভাষিক, সাংস্কৃতিক, ধৰ্মীয় বহুত্বৰ ঠাইত আত্মস্থকৰণৰ যোগেদি একত্বৰ প্ৰতিষ্ঠাৰ বাবেই সেই দেশখনত ইবোৰ কৰি থকা হৈছে৷ ... ভাৰততো ‘বিদেশী উপাদানবোৰৰ’ বাবে দুটা পথেই খোলা আছেঃ জাতীয় গৰিষ্ঠসকলৰ মাজত লীন গৈ তেওঁলোকৰ সংস্কৃতি গ্ৰহণ কৰা অথবা গৰিষ্ঠসকলৰ দয়াৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থকা –- গৰিষ্ঠসকলে যদি থাকিবলৈ দিয়ে, তেন্তে এই ‘বিদেশী উপাদানবোৰ’ ভাৰতত থাকিব পাৰিব, অন্যথাই তেওঁলোকে দেশখন এৰি গুচি যাব লাগিব৷”
বুজাত অসুবিধা নাই যে হিটলাৰৰ নাৎছিবাদ আৰু আৰ এছ এছৰ ‘দৰ্শন’ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি৷ অৰ্থাৎ জাৰ্মান জাতি আৰু ভাৰতৰ হিন্দুসকল হেনো অভিন্ন৷ অথচ দুয়োটা জনসমষ্টি একেটা আৰ্য মূলৰ পৰা উৎপত্তি হ’ল বোলা কথাষাৰ সৃষ্টি হৈছে এটা ভ্ৰান্ত ধাৰণাৰ পৰাহে৷ এই ভ্ৰান্ত ধাৰণাত বিশ্বাস কৰা হয় যে আৰ্যসকল জাৰ্মানীৰ পৰাই ভাৰতলৈ আহিছিল, অথচ ইয়াৰ সপক্ষে কোনো তথ্য-প্ৰমাণ আজিলৈকে উদ্ধাৰ হোৱা নাই৷ ‘আৰ্য’ নামৰ কোনোবা ‘মহান’ জাতি যদি কেতিয়াবা আছিলেও, তেন্তে তেওঁলোক ভাৰতলৈ জাৰ্মানীৰ পৰা অহা নাছিল, বৰঞ্চ আহিছিল খুব সম্ভৱ এতিয়াৰ ইৰান আৰু আৰ্মেনিয়াৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰাহে৷
আনহাতেদি এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’লঃ জাৰ্মান জাতিয়েই হওক বা ভাৰতৰ হিন্দুসকলেই হওক, তথাকথিত অনাৰ্যসকলৰ দৰেই তেওঁলোকো প্ৰব্ৰজনকাৰীহে, কিয়নো জাৰ্মানী বা ভাৰতত মানৱ প্ৰজাতিৰ উৎপত্তি হোৱা নাছিল, বৰঞ্চ অন্য অঞ্চলৰ (আফ্ৰিকা) পৰা আহিহে মানুহে ইবোৰ ঠাইত বসবাস কৰিবলৈ লৈছিল৷ অৰ্থাৎ আফ্ৰিকাক বাদ দি পৃথিৱীৰ সমস্ত দেশ প্ৰব্ৰজিত অঞ্চল৷ পাৰ্থক্য মাথোন ইয়াতে যে এইবোৰ অঞ্চললৈ কোনোবাই প্ৰব্ৰজন কৰিছিল আগতে আৰু কোনোবাই পিছত৷ গতিকে প্ৰব্ৰজনকাৰী ‘আৰ্যৰ’ (অৰ্থাৎ হিন্দুৰ) যদি ভাৰতত থকাৰ অধিকাৰ আছে, তেন্তে একে প্ৰব্ৰজনকাৰী অনাৰ্য, যৱন আদিৰো আছে৷
জাৰ্মানী বা ভাৰতবৰ্ষ তথাকথিত ‘আৰ্যসকলৰ’ পৈতৃক সম্পত্তি নহয় যে ইবোৰত কেৱল তেওঁলোকহে থাকিব পাৰিব৷ আনহাতেদি অনাৰ্যসকলে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰ্যসকলৰ আগতেই, আৰু সেয়ে ভাৰত ভূখণ্ডত অনাৰ্যসকলৰ অধিকাৰ আৰ্যসকলতকৈ বেছিহে৷ উল্লেখ্য যে ভাৰতৰ বিধৰ্মীসকলৰ বেছিভাগেই হিন্দুধৰ্মৰ পৰা ধৰ্মান্তৰিত হোৱা লোকহে৷ বাকী থাকিল ভাষা, কৃষ্টি, ধৰ্ম আদিৰ কথা৷ পৃথিৱীৰ একোটা অঞ্চলৰ নিৰ্দিষ্ট ভৌগোলিক অৱস্থিতি, জলবায়ু, শ্ৰমৰ তীব্ৰতা তথা বিবিধতা, খাদ্যাভ্যাস আদিৰ প্ৰভাৱত ভিন ভিন ভাষা, কৃষ্টি, ধৰ্ম আদিৰ উৎপত্তি হ’ল৷ গতিকে ইবোৰৰ কোনো এটা আনটোতকৈ উচ্চ বা নীচ হোৱাৰ ধাৰণাটো সম্পূৰ্ণৰূপে অবান্তৰ৷ একেদৰে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰি সৰু সৰু গোটত বিভক্ত হৈ পৃথিৱীৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰা মানুহবোৰৰ শৰীৰৰ গঠন, নাক-চকুৰ নক্সা, ছাল-চুলি-চকুৰ মণিৰ ৰং আদিও বিভিন্ন হৈ পৰিল উপৰিউক্ত কাৰককেইটাৰ প্ৰভাৱতেই৷ এই দিশৰ পৰাও পৃথিৱীৰ কোনোবা এটা গোষ্ঠী বা জাতি আন এটাতকৈ উৎকৃষ্ট বা নিকৃষ্ট হোৱাৰ ধাৰণাটোও সম্পূৰ্ণৰূপে অবান্তৰ৷
(২)
বৰ্তমান ভাৰতৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত কেৱল আধুনিক, অৰ্থাৎ প্ৰবাদ-ৰূপকথা, অন্ধবিশ্বাস-কুসংস্কাৰ, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা, অনুমান-আন্দাজ আদিৰ পৰা মুক্ত, যুক্তি-প্ৰমাণেৰে প্ৰতিষ্ঠিত জ্ঞানহে প্ৰদান কৰা হয়৷ এই দিশৰ পৰা চালে ভাৰতীয় সকলো শিক্ষিতেই বিজ্ঞানমনষ্ক হৈ উঠা উচিত আছিল৷ কিন্তু দেখা গৈছে যে আধুনিক জ্ঞান প্ৰাপ্ত তথা সেই জ্ঞানৰ প্ৰদৰ্শন কৰি আধুনিক ডিগ্ৰী আয়ত্ত কৰাৰ পাচতো ভাৰতত সাধাৰণ শিক্ষিতৰ কথা বাদেই উচ্ছ শিক্ষিতসকলো বিজ্ঞানমনষ্ক হৈ উঠা নাই৷
ইয়াৰ কাৰণ হয়তো এয়ে যে স্বাভাৱিক ঐতিহাসিক বিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে ভাৰতীয়সকলে আধুনিক যুগত প্ৰৱেশ নকৰিলে, বৰঞ্চ তেওঁলোকক এক প্ৰকাৰ জোৰ কৰিহে আধুনিকতাৰ মাজলৈ লৈ অহা হ’ল -– স্বাভাৱিক প্ৰক্ৰিয়াৰে আধুনিক যুগত প্ৰৱেশ কৰা ইংৰাজসকলৰ ভাৰত শাসনৰ সময়তে এই ঘটনা সংঘটিত হ’ল৷ ফলত বেছিভাগ ভাৰতীয়ই আধুনিকতাৰ কেৱল চোলাটোহে পিন্ধি ল’লে, কিন্তু তেওঁলোকৰ মানসতা মধ্যযুগীয় হৈয়েই থাকি গ’ল৷
আনহাতেদি আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত আধুনিক জ্ঞান প্ৰদান কৰা হয় যদিও ই এক অসম্পূৰ্ণ ব্যৱস্থাহে, কিয়নো ইয়াত জ্ঞানতকৈ তথ্যৰ ওপৰতহে গুৰুত্ব দিয়া হয়৷ প্ৰকৃততে পৰস্পৰ সম্পৰ্কৰহিত বিভিন্ন তথ্যবোৰৰ মাজত সংশ্লেষণ ঘটাব পাৰিলেহে জ্ঞানৰ উৎপত্তি হয়৷ কিন্তু আধুনিক শিক্ষা ব্যৱস্থাত চেষ্টা চলোৱা হয় যাতে তথ্যবোৰ পৰস্পৰ সম্পৰ্কৰহিত হৈয়েই ৰৈ যায়৷ পুঁজিবাদৰ স্বাৰ্থৰক্ষাৰ বাবেই এনে কৰা হয়, কিয়নো ব্যৱস্থাটোৱে শিক্ষিত লোকক ব্যৱহাৰ কৰে তাৰ ঋণাত্মক চৰিত্ৰ উপলব্ধিৰ বাবে নহয়, বৰঞ্চ তাৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবৰ বাবেহে৷ আৰু তথ্যবোৰৰ মাজত সম্পৰ্ক স্থাপনৰ যোগেদি জ্ঞানৰ উৎপত্তি হ’লে পুঁজিবাদৰ স্বাৰ্থ সুৰক্ষিত নহয়, কিয়নো তেতিয়া শিক্ষিতৰ ওচৰত বহুত কথাই পৰিষ্কাৰ হৈ পৰিব ! সেয়ে দেখা যায় যে ভাৰতত গণিত আৰু বিজ্ঞানত ১০০ শতাংশ নম্বৰ পোৱা বহুতো ছাত্ৰ-ছাত্ৰী থাকে, কিন্তু প্ৰকৃত গণিতজ্ঞ আৰু বিজ্ঞানীৰ উদ্ভৱ কমেইহে হয়৷
শিক্ষা ব্যৱস্থাই নিৰ্ধাৰণ কৰি দিয়া প্ৰক্ৰিয়া অনুসৰিয়েই আধুনিক তথ্যবোৰ গ্ৰহণ কৰা হয় যান্ত্ৰিকভাবে৷ ভাৰতবাসীৰ ওপৰত জোৰ কৰি জাপি দিয়া আধুনিকতায়ো এই ক্ষেত্ৰত অৰিহণা যোগায় –- আধুনিক তথ্য আৰু পৰম্পৰাগত বিশ্বাস, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদিৰ মাজত তেওঁলোকে একো পাৰ্থক্য নাৰাখে৷ অৰ্থাৎ আধুনিক তথ্যবোৰৰ দৰেই পৰম্পৰাগত বিশ্বাস, ৰীতি-নীতি, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদিও ভাৰতীয়সকলে যান্ত্ৰিকভাবে গ্ৰহণ-পালন কৰে৷ ফলত আধুনিকতাৰ লগত ভাৰতত সহবাস কৰে পূৰ্বধাৰণা-ভ্ৰান্তধাৰণাই৷ ভাৰতৰ বাবে ই এক প্ৰহসন৷
আধুনিকতাৰ অন্যতম উদ্দেশ্য হ’ল পৰম্পৰাগত বিশ্বাস, ৰীতি-নীতি, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি সিবোৰৰ যুক্তিযুক্ততা, গ্ৰহণযোগ্যতা আদি নিৰ্ণয় কৰা, আৰু যুক্তিযুক্ত-গ্ৰহণযোগ্য নহ’লে সিবোৰ পৰিত্যাগ কৰা৷ মধ্যযুগীয় বিচাৰ-বিবেচনাৰ পৰা মুক্ত হ’ব নোৱাৰা ভাৰতীয়সকলে অযুক্তিকৰ-অগ্ৰহণযোগ্য পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদি পৰিত্যাগ কৰাতো দূৰৰ কথা, সিবোৰৰ সন্দৰ্ভত আনকি প্ৰশ্ন উত্থাপন কৰিবলৈও সাহস নকৰে ! আৰু অযুক্তিকৰ-অগ্ৰহণযোগ্য বিশ্বাস-পৰম্পৰা ত্যাগ নকৰে বাবেই ভাৰতীয়সকলৰ মাজত অনেক যুক্তিহীন-অৰ্থহীন নীতি-নিয়ম বৰ্তি আছে তথা ইবোৰৰ প্ৰতিবাদ-প্ৰতিৰোধ কৰাৰ সাহসহীনতা তিষ্ঠি আছে৷
(৩)
ব্ৰাহ্মণ্যবাদক ভিত্তি কৰি ভাৰতত ‘হিন্দুৰাষ্ট্ৰ’ স্থাপনৰ বাবেই মূলতঃ আৰ এছ এছৰ জন্ম হৈছিল৷ অৰ্থাৎ হিটলাৰে কেৱল ‘আৰ্য’ জাৰ্মানসকলকহে জাৰ্মানীত ৰাখিব খোজাৰ দৰে আৰ এছ এছেও কেৱল হিন্দুসকলকহে ভাৰতত ৰখাৰ পৰিকল্পনা কৰিছে৷ সংগঠনটোৰ এই আঁচনি যে অযুক্তিকৰ, অৰ্থাৎ হিন্দুসকলৰ দৰেই অহিন্দুসকলৰো যে ভাৰতত থকাৰ অধিকাৰ আছে, তাক ইতিমধ্যে উল্লেখ কৰা হৈছে৷ আনহাতেদি ব্ৰাহ্মণ্যবাদো এটা অৰ্থহীন-যুক্তিহীন ধাৰণা, কিয়নো ‘উচ্চবৰ্ণ’ বুলি কিবা জাতি বা গোষ্ঠী সঁচাকৈয়ে থকা হ’লে ই কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ পৃথিৱীতে থাকিলহেঁতেন, কাৰণ পৃথিৱীৰ সমস্ত মানৱ একেটা প্ৰজাতিৰ (হ’ম’ ছেপিয়েনছ) অন্তৰ্ভূক্ত৷ ভাৰত উপমহাদেশৰ বাহিৰে পৃথিৱীৰ অন্য অঞ্চলত যিহেতু ‘উচ্চবৰ্ণ’ নাই, ইয়ে প্ৰমাণ কৰে যে ই ভাৰতত সৃষ্টি কৰি লোৱা জাতি বা গোষ্ঠী –- সা-সুবিধা, সম্মান-মৰ্যাদা আদি প্ৰাপ্তিৰ বাবে ভাৰতত সুবিধাবাদী-সুবিধাভোগী এটা শ্ৰেণীয়ে এই ধাৰণাটোৰ জন্ম দিছিল৷ অথচ এনে এটা কাল্পনিক ধাৰণাক ভিত্তি কৰিয়েই আৰ এছ এছে ভাৰতত ‘হিন্দুৰাষ্ট্ৰ’ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে !
‘হিন্দুৰাষ্ট্ৰ স্থাপনৰ স্বাৰ্থতেই, অৰ্থাৎ হিন্দুধৰ্মৰ বিভিন্ন পন্থাত বিভক্ত হিন্দুসকলক একত্ৰিত কৰাৰ স্বাৰ্থতে আৰ এছ এছে ‘ধৰ্মৰ’ পৰিৱৰ্তে ভাৰতত ‘যাদুবিদ্যাহে’ প্ৰচলন কৰিব বিচাৰিছে৷ সংগঠনটোৱে ধৰ্মৰ যিবোৰ আনুষ্ঠানিকতা (পূজা-পাতল, যাগ-যজ্ঞ, তন্ত্ৰ-মন্ত্ৰ আদি) সমাজত প্ৰচলন কৰিব বিচাৰিছে, সমাজ বিজ্ঞানৰ ভাষাত সিবোৰ আচলতে ‘ধৰ্ম’ নহয়, বৰঞ্চ ‘যাদুবিদ্যাহে’ –- ধৰ্মৰ আদিম অৱস্থা৷ আদিম মানৱে যাদুবিদ্যাৰ সহায়ত অলৌকিক শক্তিবোৰক (বতাহ-বৰষুণ, বিজুলী-ঢেৰেকণি আদি) বশ কৰি সিবোৰক নিজৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰিব বিচাৰিছিল৷ জ্ঞানৰ প্ৰসাৰৰ পিচত মানৱে বুজি পাইছিল যে ইবোৰ আচলতে অলৌকিক শক্তি নহয় তথা যাদুবিদ্যাৰে ইবোৰক বশো কৰিব নোৱাৰি৷ ইয়াৰ পিচত এজন সৰ্বশক্তিমান-সৰ্বনিয়ন্ত্ৰকৰ (ঈশ্বৰ) কল্পনা কৰা হৈছিল আৰু প্ৰাৰ্থনাৰ সৃষ্টি কৰা হৈছিল, কিয়নো এওঁক বশ কৰিব নোৱাৰি, বৰঞ্চ প্ৰাৰ্থনাৰে তেওঁৰ প্ৰতি কৃতজ্ঞতাহে জ্ঞাপন কৰিব পাৰি৷ এইদৰে যাদুবিদ্যাৰ পৰা ধৰ্মৰ সৃষ্টি হৈছিল৷ দৰাচলতে যাদুবিদ্যাৰ পৰাই ধৰ্মৰ লগতে দৰ্শন আৰু বিজ্ঞানৰো সৃষ্টি হৈছিল৷ অথচ ধৰ্মৰ পৰিৱৰ্তে ভাৰতত যাদুবিদ্যাৰ প্ৰচলন কৰি আৰ এছ এছে ভাৰতবাসীক আদিম যুগলৈহে লৈ যোৱাৰ পৰিকল্পনা কৰিছে!
আনুষ্ঠানিক আধুনিক জ্ঞান প্ৰাপ্ত কৰা ভাৰতীয় শিক্ষিতসকলৰ ঐতিহ্য-পৰম্পৰাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ সাহস থকা হ’লে তেওঁলোকৰ ওচৰত বহুত কথাই আপোনা-আপুনি পৰিষ্কাৰ হৈ পৰিলহেঁতেন৷ তেওঁলোকে বুজি পালেহেঁতেন যে অসত্য তথা ভিত্তিহীনতাৰ ভেটিত স্থাপিত আৰ এছ এছৰ ‘দৰ্শন’ অতীতমুখী, প্ৰতিক্ৰিয়াশীল, আৰু সেয়ে সি সম্পূৰ্ণৰূপে বৰ্জনীয়৷ আৱেগত সুৰসুৰণি তুলি ভাৰতত ‘হিন্দুৰাষ্ট্ৰ’ স্থাপন কৰাৰ সংগঠনটোৰ আঁচনিও অযুক্তিকৰ, সাম্প্ৰদায়িক, কিয়নো এই আঁচনিয়ে সমাজলৈ একতা নানে, বৰঞ্চ সমাজত বিভাজনৰহে সৃষ্টি কৰিব৷ অথচ এই ক্ষতিকৰ-প্ৰতিক্ৰিয়াশীল আঁচনি বাস্তৱত ৰূপায়িত কৰিবৰ বাবেই সংগঠনটোৱে তাৰ পোষ্যপুত্ৰ বিজেপিৰ হতুৱাই দেশত ক্ৰমাত দিনে দিনে গণতন্ত্ৰক হত্যা কৰোৱাব বিচাৰিছে নেকি আৰু তাৰ ঠাইত একনায়কত্ববাদী শাসন প্ৰতিষ্ঠা কৰিব খুজিছে নেকি? অৰ্থাৎ ভাৰতক লৈ যোৱাৰ পৰিকল্পনা কৰিছে মধ্যযুগলৈ ! এই প্ৰশ্নসমূহৰ উত্তৰ বিদ্বান তথা সুধী সমাজে সাধাৰণ শ্ৰেণীৰ মাজলৈ লৈ যোৱা উচিত।
ভাৰতৰ শিক্ষিতসকলে ঐতিহ্য-পৰম্পৰা, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিবলৈ শিকক। অন্ততঃ নিজে প্ৰাপ্ত কৰা আধুনিক জ্ঞান আৰু সেই জ্ঞানৰ প্ৰদৰ্শনৰ যোগেদি আয়ত্ত কৰা আধুনিক ডিগ্ৰীবোৰৰ সম্মান ৰক্ষাৰ বাবেই এনে পদক্ষেপ আৱশ্যকীয়৷ তেনে কৰিলে আৰ এছ এছ-ৰ প্ৰকৃত উদ্দেশ্য তেওঁলোকৰ ওচৰত স্পষ্ট হৈ পৰিব, আৰু তেতিয়া তেওঁলোকে সাহসেৰে সংগঠনটোৰ অতীতমুখী, প্ৰতিক্ৰিয়াশীল ধাৰণাৰ প্ৰতিবাদ-প্ৰতিৰোধো কৰিব পাৰিব৷
প্ৰকাশিত মতামত লেখকৰ নিজা। লেখকৰ 'অসমীয়াৰ সুখ-দুখ'ৰ পাতত প্ৰকাশিত আনবোৰ প্ৰকাশিত প্ৰৱন্ধ পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ
https://www.xukhdukh.com/search/label/KANAI-GOGOI
Nice article.
ReplyDeleteVisit my new blog ASSAMCAPITAL.XYZ