চিন্তনঃ ব্ৰহ্মাণ্ডৰ বিপদঃ আপোনাৰ কেনেকৈ মৰিবলৈ মন? :: ড° পৱন কুমাৰ চহৰীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ব্ৰহ্মাণ্ডৰ বিপদঃ আপোনাৰ কেনেকৈ মৰিবলৈ মন?  :: ড° পৱন কুমাৰ চহৰীয়া

চিন্তনঃ ব্ৰহ্মাণ্ডৰ বিপদঃ আপোনাৰ কেনেকৈ মৰিবলৈ মন? :: ড° পৱন কুমাৰ চহৰীয়া

Share This

ব্ৰহ্মাণ্ডৰ বিপদঃ আপোনাৰ কেনেকৈ মৰিবলৈ মন?

ড° পৱন কুমাৰ চহৰীয়া 

তৎক্ষণাৎ হয়তো আপোনাৰ মনলৈ আহিছে কভিডৰ কথা । নাই, নাই,  মই কভিডত মৰাৰ কথা কোৱা নাই। কভিডেনো এজন দুজনকৈ কিমান মাৰিব? কোনো পাৰমাণৱিক যুদ্ধত মৰাৰ কথাও কোৱা নাই। জলবায়ুৰ পৰিৱৰ্তনে যে এক গণবিলুপ্তিৰ ইংগিত দিছে, তাৰ কথাও কোৱা নাই।  হয়তো ভাবিছে পৃথিৱীখন কোনো ধুমকেতুৱে খুণ্ডিয়াই সমুলঞ্চে ধ্বংস কৰাৰ কথা ক’ব খুজিছো। সেইটো সম্ভাৱনাতো আছেই, তেনেকুৱা এটা ঘটনাৰ কাৰণেইতো আমি জোনবাইটো পালো, পৃথিৱীয়ে  আজিৰ এই অৱস্থা পালে।  পাছে মই সিমান ঠেক মনোভাবেৰেও অকল পৃথিৱীৰ কথাই ভবা  নাই। 

পৃথিৱীনো কি ? কাৰ্ল ছাগানে কোৱাৰ দৰে  মহাকাশত  এটা মাত্ৰ নীলা বিন্দু ! এতিয়ালৈকে আৱিষ্কাৰ হোৱা প্ৰায় ২০০ বিলিয়ন  নক্ষত্ৰপুঞ্জৰ কথা বাদেই, কেৱল আমাৰ  হাটিপটি তাৰকামণ্ডলীতে হেনো ঠিক পৃথিৱীৰ দৰে বাসোপযোগী  গ্ৰহ  কেইবাশ  কোটিমান আছে । তাৰে ভিতৰত আকৌ অনেক হেনো সৰ্বোত্তম বাসপোযোগী (superhabitable)।  তাৰে ক’ৰবাত  জীৱ উৎপত্তি নোহোৱাকৈ আছেনে?  বহুতে আকৌ গণনা কৰি উলিয়াইছে , ঠিক আমাৰ দৰে, মোৰ দৰে, আপোনাৰ দৰে কোনোবা  থকা পৃথিৱীও হেনো থকাৰ সম্ভাৱনা আছে। থকা বুলি ভাবিলেই ভাল লাগে, ভাল লাগে এইকাৰণেই যে  আমি অকলশৰীয়া নহয়।  পাছে, এই সকলোবোৰ এনেদৰেই থাকিবনে চিৰকাল, চিৰদিন ? 


বিজ্ঞানীসকলে, মানে সৃষ্টিৰ কথা কোৱা বিজ্ঞানীসকলে, যিসকলক আমি সৃষ্টিতত্ত্ববিদ বুলি কওঁ, তেওঁলোকে কৈছে যে নাথাকে। এদিন ধ্বংস হ’ব সকলো। কেতিয়া আহিব সেই দিনটো, সেইটোও বেলেগ কথা । কিন্তু কেনেকৈ আহিব, কেনেকৈ ধবংস হ’ব, মহেশ্বৰে কি নাচ নাচিব? কেইবাটাও সম্ভাৱনাৰ ভিতৰত আপোনাৰ কোনটো ভাল লাগিব বাৰু? অৱশ্যে তেতিয়ালৈ আপুনি, মই থাকোনে নাথাকো সেইটোও অবান্তৰ প্ৰশ্ন, হ’লেও কোনটো ভাল লাগিব চোৱাতনো কি আপত্তি ? ন’বেল বিজয়ী ষ্টিভেন ৱেইনবাৰ্গে কোৱা নাছিল জানো যে, বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ কৰা চেষ্টাই আমাক প্ৰাত্যহিক জীৱনৰ প্ৰহসন আৰু মিছা অভিমানৰ পৰা অলপ হ’লেও আঁতৰাই ৰাখিব পাৰে আৰু আমাৰ জীৱনটোক  কিছু  হ’লেও অৰ্থ প্ৰদান কৰিব পাৰে।  


আমাৰ বিশ্বৰ ইতিহাস প্ৰায় ১৪০০ কোটি বছৰৰ, মানে সেই  মহানাদ বা বিগ বেঙত  সৃষ্টিৰ  পৰা এতিয়ালৈ।  মানুহৰ সভ্যতাৰ ইতিহাস কেৱল মাথো দহ-বাৰ হেজাৰ বছৰৰ, তাতে আধুনিক বিজ্ঞান মাত্ৰ তিনিশ বছৰৰ পানীকেঁচুৱাহে মাত্ৰ । তথাপিও এই চকুৰ টিপ মৰা সময়তে মানুহে সুদূৰ অতীতলৈ চাবলৈ শিকিছে  আৰু সুদূৰ  ভৱিষ্যতে কি হ’ব পাৰে তাৰো  ইংগিত দিব পাৰিছে। খুব দীঘলীয়া চিনেমা এখনৰ  মাজত ঝলককৈ এক ছেকেণ্ডমান চায়েই চিনেমাখনৰ আগৰখিনি কি হ’ল  আৰু পাছত কি হ’ব ঠিক  তাক কোৱাৰ দৰে । হ’লেও বিজ্ঞানীয়ে কোৱা কাহিনীত কেৱল কল্পনাৰ ৰহণ নাথাকে, তাত থাকে তত্ত্ব আৰু তথ্যৰ অপূৰ্ব সমাহাৰ। সেইকাৰণেই আমি সেইবিলাক বিশ্বাস কৰো । 


আমাৰ দৃশ্যমান বিশ্বৰ নক্ষত্ৰপুঞ্জবোৰ ইটোৱে সিটোৰ পৰা আতৰি গৈ আছে, অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডখন অনবৰতে প্ৰসাৰিত হৈ আছে । ইয়াৰ বিপৰীতে মহাকৰ্ষণৰ কাৰণে নক্ষত্ৰপুঞ্জবোৰে  ইটোৱে সিটোক আকৰ্ষণ কৰি সংকুচিত কৰিবও চেষ্টা কৰি আছে । জ্যোতিপদাৰ্থবিদে  আজি কিছু দশকৰ আগলৈ ভাবিছিল যে এই দুটাৰ যিটোৱে জয়লাভ কৰে সেইটোৱে বিশ্বব্ৰহ্মাণ্ডৰ ভাগ্য নিৰূপন কৰিব । প্ৰসাৰণৰ গতি স্তব্ধ কৰিবলৈ আটাইতকৈ উল্লেখযোগ্য কাৰকটো হ’ল বিশ্বব্ৰহ্মাণ্ডত ভৰৰ ঘনত্ব, অৰ্থাৎ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ভৰক তাৰ আয়তনৰে হৰণ কৰি দিলে যিটো ৰাশি পাম,  সেইটো । পাছে বিশ্বব্ৰহ্মাণ্ডখনৰ ভৰ  জোখাতো দোকানত আলু পিয়াজ জোখাৰ দৰে নহয়, এফালে দগা উঠাই দিলেই হ’ল। আয়তনো কিবা ফিটা মাৰি জুখিবনে?  বিজ্ঞানীসকলো অলপ নহয়, ব্ৰহ্মাণ্ডৰ ভৰ, আয়তন  জোখা কায়দা তেওঁলোকে  উলিয়াইছে। এই ঘনত্বৰ এটা  সংকট মানৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। যদি ঘনত্ব এই সংকট মানৰ সমান হয় তেনেহলে মহাকৰ্ষণে কোনোমতে এই প্ৰসাৰণ বন্ধ কৰিবলৈ সক্ষম হ’ব, তাকো অনন্ত অপেক্ষাৰ পাছত। 


অন্য অৰ্থত  বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণ অনন্তকাল হৈ থাকিব একে গতিৰে। যদিহে এই ঘনত্বৰ মান সংকট ঘনত্বতকৈ বেছি হয় তেনেহলে মহাকৰ্ষণে এই প্ৰসাৰণৰ গতি অনতিপলমেই ( মানে আজি কাইলৈৰ ভিতৰত নহয় !) ৰুদ্ধ কৰিব আৰু নক্ষত্ৰপুঞ্জবোৰ ইটো সিটো ওচৰ চাপি আহিব । নক্ষত্ৰপুঞ্জবোৰ ইটো সিটোৰ লগত মিলি যাব, আমাৰ হাটিপটিত থকা তৰাবোৰৰ মাজৰ  দূৰত্বও নোহোৱা হ’ব, সূৰ্য বেলেগৰ লগত লগ লাগিব (পৃথিৱীৰ কথা আৰু ভাবিব নোৱাৰি )। ব্ৰহ্মাণ্ডৰ সকলো বস্তু এটা বিন্দুত গৈ থুপ খাব, আয়তন নাই , কিন্তু সমস্ত ব্ৰহ্মাণ্ডৰ ভৰ, গতিকে অসীম ঘনত্ব। তাত  সময় স্তব্ধ হৈ যাব । গতিকে যি ধৰণে বিগ বেঙৰ পৰা সৃষ্টি হৈছিল সেই একেদৰেই এক বিগ ক্ৰান্সত বিশ্বৰ যবনিকা পৰিব । টি এছ ইলিয়টে কোৱাৰ দৰে, “ In my beginning is my end"।   তাৰ পাছত ? তেনেকুৱা প্ৰশ্ন কৰিব নাপায় ! পিছে সেই ভয়তো হেনো এই মুহূৰতত নাই। কাৰণ কৃষ্ণপদাৰ্থৰ পৰা আৰম্ভ কৰি ব্ৰহ্মাণ্ডৰ সকলো ভৰৰ কথা ধৰিলেও এতিয়াও হেনো সেই সংকট ঘনত্বৰ দহ শতাংশমানহে হয় । গতিকে ৰক্ষা !


পাছে আন এক বিপদ, কৃষ্ণশক্তি (dark energy), মানে প্ৰতি-মহাকৰ্ষণ। বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ পাছৰ কিছু বিলিয়ন বছৰ ভৰে সকলো নিয়ন্ত্ৰন কৰিছিল। কিন্তু বিজ্ঞানীৰ হিচাপ মতে যোৱা কেইটামান বিলিয়ন বছৰ এই কৃষ্ণশক্তিয়ে প্ৰভুত্ব বিস্তাৰ কৰিব ধৰিছে  আৰু ইয়াৰ কাৰণেই বিশ্বব্ৰহ্মাণ্ডখন ত্বৰিত গতিত প্ৰসাৰিত হৈ আছে । এইদৰে প্ৰসাৰণ হৈ হৈ নক্ষত্ৰপুঞ্জবোৰ ইটোৰ পৰা সিটো ইমান আঁতৰি যাব যে পোহৰেও ইটোৰ পৰা সিটো নক্ষত্ৰপুঞ্জ কেতিয়াও ঢুকি নাপায়। এখনৰ পাচত এখনকৈ নক্ষ্ত্ৰপুঞ্জ আমাৰ দিগন্তৰ পৰা চিৰকাললৈ হেৰাই যাব। বাকী নক্ষত্ৰপুঞ্জৰ ক্ষেত্ৰতো একেই কথা।  নতুনকৈ নক্ষ্ত্ৰ বা নক্ষ্ত্ৰপুঞ্জ সৃষ্টি হবলৈও আন্তনক্ষ্ত্ৰপুঞ্জৰ গেচবোৰ ইমান পাতলি যাব যে মহাকৰ্ষণিক বলে আৰু নতুন নক্ষত্ৰৰ  সৃষ্টি কৰিব নোৱাৰিব। এটা সৰু চুবুৰীত থকা কেইঘৰমান মানুহক এখন বিশাল জনশূন্য মহাদেশত সিচৰিত কৰি দিলে যেনেকুৱা হ’ব ঠিক তেনেকুৱা। তেতিয়া  চাৰিওফালে থাকিব  কেৱল শীতল নিৰবতা, নিৰন্ধ্ৰ  অন্ধকাৰ । উষ্ণতা একেবাৰে নিম্নতম মান পাবগৈ আৰু এনট্ৰপি হবগৈ সৰ্বোচ্চ ।   বিজ্ঞানীয়ে নাম দিছে ইয়াৰ “তাপ-মৃত্যু”(heat death of the Universe)। প্ৰসাৰণশীল বিশ্বত এই মৃত্যু নিশ্চিত, মাত্ৰ কিমান সোনকালে আহিব সেইটো নিৰ্ভৰ কৰিব প্ৰসাৰণৰ বেগৰ ওপৰত । 


বিশ্বব্ৰহ্মাণ্ডৰ  আন এক ধৰণৰ মৃত্যুয়েও পিছে ওপৰৰ কেইটাৰ লগত ফেৰ মাৰিব পাৰে । এইটো হেনো  আৰু ভয়ানক ! ই আহিলে অণু, পৰমাণুকো হেনো ৰেহাই নিদিয়ে ।  এই যে অণু, পৰমাণু আদিৰ দ্বাৰা আমি গঠিত  এই সকলোবোৰেই  হেনো বিস্ফোৰিত হৈ ভাঙি যাব পাৰে । এইটোক কোৱা হৈছে “Big Rip” বা “মহা বিদিৰণ“। এই সম্ভাৱনা আহিব যদিহে কৃষ্ণশক্তিৰ কাৰণে হোৱা ব্ৰহ্মাণ্ডৰ ত্বৰিত সম্প্ৰসাৰণৰ মান সময়ৰ লগত বাঢ়ি যায় ।  সেইটোক আকৌ বহুতে ‘ফেন্টম শক্তি’ বুলি মাতিব খোজে । গতিকে কৃষ্ণশক্তিয়ে  যদি ‘ফেন্টম’ৰ ৰূপ লয় তেতিয়া প্ৰসাৰণৰ  বল, মানে প্ৰতি-মহাকৰ্ষণিক বিকৰ্ষণ বলৰ মান সময়ৰ লগত বাঢ়ি গৈ থাকিব আৰু এক সসীম সময়তে সেই প্ৰতি-মহাকৰ্ষণিক বিকৰ্ষণ বল অসীম  হ’ব (অসীমৰ ফালে ধাৱমান হ’ব বুলিহে ক’ব লাগে)  । এই প্ৰতি-মহাকৰ্ষণিক বা কৃষ্ণশক্তি  সৰ্বত্ৰ বিৰাজমান, গতিকে সকলোকে ই প্ৰভাৱিত কৰিব।  এই ‘Big Rip’ হবলৈ  হেনো মাত্ৰ (!) ২০ বিলিয়ন বৰ্ষৰহে  প্ৰয়োজন  হ’ব । ভয় খোৱাৰ দৰকাৰ নাই, ২০ বিলিয়ন বৰ্ষ মানে বিশ্বব্ৰহ্মাণ্ডৰ বয়সতকৈও বহুত  বেছি । তাৰ বহু আগতেই আমাৰ সূৰ্য্যটোৱে ডাঙৰ হৈ হৈ আমাৰ পৃথিৱীখন গিলি পেলাব আৰু নিজেও এটা বগা বাওনা তৰালৈ পৰিবৰ্তিত হ’ব ।  কিন্তু ধৰি ল’লো তাৰ বহু আগতেই মানুহে গৈ সৌৰজগতৰ ওচৰৰে আন এটা গ্ৰহত থিতাপি লৈছেগৈ ।  গতিকে ‘বিগ ৰিপ’ যেতিয়া হ’ব, কি ভয়ানকভাবে হ’ব তাৰ এটা ধাৰণা কৰিলেনো কি আপত্তি  ?  বিগ ৰিপ হোৱাৰ ৬০ মিলিয়ন বৰ্ষ মানে ৬ কোটি বছৰ আগতে হেনো আমাৰ হাটিপটি তাৰকাৰাজ্যখনৰ বান্ধোন ছিঙি যাব, মানে সকলো তৰা মুক্ত হ’ব । বিগ ৰিপৰ  তিনিমাহ আগতে সৌৰজগতখন ভাঙি যাব, পৃথিৱী আৰু সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰিব নালাগে । ‘বিগ ৰিপ’ৰ ত্ৰিশ মিনিট আগতে পৃথিৱীখনৰ বিস্ফোৰণ হ’ব  আৰু ঠিক  ছেকেণ্ড আগতে পৰমাণুবিলাকো ভাঙি যাব। দেহৰ অণু-পৰমাণুবোৰ বিদিৰ্ন হৈ শূন্যত মিলিত হ’ব । মহাকাশত স্থাপন কৰা বিভিন্ন পৰীক্ষাগাৰৰ পৰা আহৰণ কৰা তথ্যই কিন্তু এনেকুৱা এটা সম্ভাৱনা এতিয়াও নাকছ কৰা নাই । 


ওপৰত উল্লেখ কৰা সম্ভাৱনাবোৰ  কোনো কল্পকাহিনী নহয় । আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ ভিত্তিত গণিতৰ সহায়ত কৰা বিশ্বৰ ভৱিষ্যতৰ এক ছবি । আপেক্ষিকতাবাদতো বিশ্বাস কৰিবই লাগিব, নহ’লে দেখোন হাতত থকা স্মাৰ্টফ’নটোৰ ওপৰতেই বিশ্বাস হেৰাই যাব । কেতিয়া আহিব সেইটো বেলেগ কথা, কিন্তু ষ্টিভেন ৱেইনবাৰ্গে কোৱাৰদৰে আমাকতো  সামাজিক  জীৱনৰ পংকিলতাৰ পৰা কিছুসময় হ’লেও আতৰাই ৰাখিব । 

লেখক কটন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ মুৰব্বী ৰূপে অৱসৰপ্ৰাপ্ত তথা বিজ্ঞান-জনপ্ৰিয়কৰণৰ বাবে অবিৰত প্ৰচেষ্টা গ্ৰহণ কৰা অগ্ৰণী নিৱন্ধকাৰ।

No comments:

Post a Comment