মনৰ কথাঃ অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী-উদ্যমী-শিল্পী সকলক অৰ্থনৈতিক দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিব কোনে? :: অজন্ত কুমাৰ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী-উদ্যমী-শিল্পী সকলক অৰ্থনৈতিক দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিব কোনে?  :: অজন্ত কুমাৰ বৰা

মনৰ কথাঃ অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী-উদ্যমী-শিল্পী সকলক অৰ্থনৈতিক দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিব কোনে? :: অজন্ত কুমাৰ বৰা

Share This

অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী-উদ্যমী-শিল্পী সকলক অৰ্থনৈতিক দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিব কোনে?

অজন্ত কুমাৰ বৰা

সম্প্ৰতি সমগ্ৰ ভাৰতৰ লগতে অসমতো কাল কৰ'নাৰ দ্বিতীয় ঢৌৰ ব্যাপক সংক্ৰমণ অব্যাহত আছে। এই মহামাৰীয়ে এপ্ৰিল - মে' এই দুটা মাহতে  ৰাজ্যখনৰ দুহাজাৰ  লোকৰ প্ৰাণ কাঢ়ি নিছে বুলি চৰকাৰী তথ্যতে প্ৰকাশ  পাইছে । ইতিমধ্যে গ্ৰামাঞ্চলৰ উপৰি অসমৰ চাহ বাগিচাসমূহলৈও এই মহামাৰীৰ দ্বিতীয় ঢৌ  প্ৰসাৰিত হৈছে। অসমৰ দৰে প্ৰান্তীয় ৰাজ্য এখনৰ স্বাস্থ্য খণ্ডৰ আন্ত: গাঁথনি বৰ উন্নত নহয় । সেয়ে উপযুক্ত চিকিৎসা বা সময়মতে চিকিৎসা প্ৰদান কৰিব নোৱাৰাৰ বাবেও অসমত মৃত্যুৰ হাৰ বৃদ্ধি হৈছে বুলি সচেতন মহলে কোৱাকুই কৰিছে। এতিয়াও অসমৰ স্বাস্থ্য খণ্ডত বিছনা, আইচিইউ বা অনান্য সুবিধা সন্তোষজনক নহয়। 

কাল কৰ'নাই  অসমৰ শিক্ষা- সংস্কৃতি- সাহিত্য ,  ব্যৱসায়- বাণিজ্য- কৃষি  আদি সকলো ক্ষেত্ৰলৈকে গভীৰ সংকট নমাই আনিলে ।  শিক্ষানুষ্ঠানসমূহ প্ৰায়  দুবছৰৰ  বন্ধ হৈ আছে । কণমানি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে । একাংশ শিক্ষাৰ্থীয়ে অনলাইনৰ জড়িয়তে শিক্ষা গ্ৰহণ কৰিছে যদিও অংকুৰ , মুকুল বা প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক লৈ অভিভাৱকসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলো বিমোৰত পৰিছে । তদুপৰি এটা এণ্ড্ৰইড ফোনৰ  অভাৱত  দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু পৰিয়ালৰ শিক্ষাৰ্থীয়ে অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পৰা নাই। এনে শিক্ষাৰ্থীসকল মানসিকভাবে ভাগি পৰিছে, হতাশা আৰু হীনমন্যতাত  ভুগিছে । অথচ ইয়াক লৈ ৰাজ্যৰ শিক্ষা বিভাগ মুঠেও উদ্বিগ্ন নহয়। 


উল্লেখ্য যে  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে  প্ৰথমে আগষ্ট মাহত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ আছু , এবছুকে ধৰি বহুকেইটা সংগঠনৰ সৈতে আলোচনা কৰি পৰীক্ষা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰি  ইতিমধ্যে ফলাফল ঘোষণা কৰিছে। শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত হাঁহাকাৰ লাগিছে। এইবাৰ প্ৰায় ৯৩ শতাংশই মেট্ৰিক পাছ কৰিছে, পিছে তাৰ পাছত নাম লগাবলৈ উচ্চতৰ মাধ্যমিকৰ ইমান ছীট আছেনে বুলিও প্ৰশ্ন উঠিছে। এতিয়া উচ্চতৰ মাধ্যমিকত জুনিয়ৰ কলেজত প্ৰাইভেটত পঢ়াৰ বাবে 'বজাৰ চাহিদা'ই শীৰ্ষস্তৰ চুব। কিন্তু প্ৰাইভেট স্কুল-কলেজক চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি দিয়া শিক্ষামন্ত্ৰীৰ ভ্ৰাষ্যৰ পাছত, এতিয়া বেছি ভাগ ছাত্ৰ-ছাত্ৰীয়েই মাচুলৰ কেকোঁৰা চেপাঁত সোমাব লগীয়া হব বুলিও এক চিন্তাৰ প্ৰৱাহৰ সৃষ্টি হৈছে। জনসাধাৰণৰ অৰ্থনৈতিক দুৰৱস্থাৰ মাজত এতিয়া শিক্ষা মাচুলো এক প্ৰত্যাহ্বান হৈ উঠিছে।


সাহিত্য  তথা সংবাদ জগতখনতো কাল কৰ'নাই নেতিবাচক প্ৰভাৱ পেলালে। অসম সাহিত্য সভাকে ধৰি অনান্য  সাহিত্য সভা তথা সাহিত্য সম্পৰ্কীয় সংগঠনসমূহে এটা বছৰৰো অধিক সময় কোনো বৌদ্ধিক কাৰ্যসূচী , আলোচনা সত্ৰ ৰূপায়ণ কৰিব পৰা নাই । অসম সাহিত্য সভাৰ নতুন কাৰ্য নিৰ্বাহকে  মাত্ৰ তিনিটামান কাৰ্যসূচীহে ৰূপায়ণ কৰিব পাৰিলে। অনলাইনৰ জৰিয়তে যি দুই এটা কাৰ্যসূচী ৰূপায়ণ কৰিছে সেইসমূহ কাৰ্যসূচীত নিৰ্দিষ্ট কেইগৰাকীমান লোকেহে অংশগ্ৰহণ কৰিব পাৰে। সাধাৰণ সাহিত্য সেৱক বা সাহিত্যপ্ৰেমীসকলে আজি বহুদিন ধৰি কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাই। অসমৰ বিভিন্ন জিলাৰ শাখা সভাসমূহেও কোনো কাৰ্যসূচী আয়োজন কৰিব পৰা নাই। চাৰিওফালে যেন এক বিৰাট বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। ইয়াৰ সমান্তৰালভাবে  গ্ৰন্থ প্ৰকাশন উদ্যোগলৈও স্থবিৰতা নামি আহিছে। কিতাপৰ বিপণীবোৰ, ছপাশালবোৰ  প্ৰায় বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে । প্ৰকাশকসকলৰ অৱস্থাও তথৈবচ। কিতাপৰ বিক্ৰীৰ হাৰ ক্ৰমশ: নিম্নগামী হৈছে। তদুপৰি  সংবাদ পত্ৰসমূহৰ প্ৰচলনৰ সংখ্যাও  কমি আহিছে ।  বহু পাঠকে বাতৰি কাকত ল'বলৈ এৰিয়েই দিছে। একাংশ কাকত গোষ্ঠীয়ে দেওবৰীয়া পৰিপূৰিকা প্ৰকাশ কৰিবলৈ বাদ দিছে  সাংবাদিক তথা সংবাদ কৰ্মীসকলক  দা- দৰমহা দিয়াৰ ক্ষেত্ৰতো  অসুবিধাৰ সন্মুখীন হৈছে কাকত কৰ্তৃপক্ষ । শেহতীয়াকৈ হতাশা আৰু অৰ্থনৈতিক চাপৰ বাবে ছপাশালৰ মালিক এগৰাকীৰ আত্ম-হত্যাৰ খবৰেও অসমীয়া ব্যৱসায়ীৰ মনৰ চাপ দুখ লগাকৈ উদঙাই দেখুৱাইছে।


ভ্ৰাম্যমাণৰ জগতখনৰে জড়িতসকলৰ অৱস্থাও দিনক দিনে শোচনীয়   হৈ পৰিছে । কেৱল অভিনয়কে নিছা আৰু পেছা হিচাপে গ্ৰহণ কৰি অহা ভ্ৰাম্যমাণৰ শিল্পীসকলৰ অৱস্থা আজি দুখজনক। বছৰ বছৰ অভিনয় কৰি অহা এইসকল লোকে এতিয়া পেটৰ তাড়নাত যিকোনো কাম কৰিবও নোৱাৰে ।‌ এইসকলে এতিয়া মাথোঁ ভালদিন অহালৈ বৰ আশাৰে অপেক্ষা কৰি আছে।  শিল্পীসকলৰ উপৰি ভ্ৰাম্যমাণ জগতখনৰ সৈতে আৰু অনেক লোক জড়িত হৈ থাকে  ।  সেইসকল লোকে এতিয়া কিদৰে জীৱন নিৰ্বাহ কৰিছে সেই কথাও ভাবিব লগীয়া । তদুপৰি কুটিৰ শিল্প , ভাওনাৰ সৈতে জড়িত কলা কুশলীসকলৰ জীৱনলৈও নামি আহিছে ঘোৰ  অন্ধকাৰ। সাংঘাটিক বিপদৰ সন্মুখীন হৈছে এইসকল লোক।


দুবেলা দুসাঁজ খাই জীৱন নিৰ্বাহ কৰা বহু কৃষকলৈ ক'ৰনাই ঘোৰ অমানিশা নমাই আনিলে । অৰ্থনৈতিক ভাবে পিচ পৰা এই শ্ৰেণীৰ কৃষকে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে । এখন উপযুক্ত বজাৰ তথা শীতলীকৰণ ভঁৰালৰ অভাৱত উৎপাদিত সামগ্ৰী তলীতে গেলি গৈছে। অৱশ্যে  উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত অসমৰ কৃষক ৰাইজ যাতে  বজাৰৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা পৰ্যায়ত জিলা কৃষি বিষয়াৰ তত্বাৱধানত এটাকৈ নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰিছে। অনুমোদিত বিক্ৰেতাসকলৰ সৈতে সংযুক্ত হৈ উৎপাদিত শস্য তথা ফল-মূল বিক্ৰীৰ বাবে কৃষক ৰাইজ আৰু ব্যৱসায়ীসকলে জিলা কৃষি বিষয়াৰে  যোগাযোগ কৰিব পাৰিব বুলি অৱগত কৰিছে ।

 

ইফালে গভীৰ সংকটৰ সন্মুখীন হৈছে  ক্ষুদ্ৰ ব্যৱসায়ীসকল।   ডিটিপি চেণ্টাৰ, জেৰক্স চেণ্টাৰ, সৰু ছপাশাল, স্কীণ প্ৰিণ্টিং, অতি ক্ষুদ্ৰ থলুৱা বস্ত্ৰ বিপণী, ক্ষুদ্ৰ অসমীয়া গহনা বিপণী, টেইলৰিং, ফাষ্টফুড, টেণ্ট হাউচ, কল চেণ্টাৰ, চাহ দোকান , চেলুন  আদিৰ দৰে ব্যৱসায় কৰা সৰু সৰু ব্যৱসায়ীসকলৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে ৷ এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় অনিৰ্দিষ্ট কাললৈ স্তব্ধ হৈ যোৱা পৰিলক্ষিত হৈছে।  তদুপৰি এই ব্যৱসায়সমূহ পুনৰ চলাৰো সম্ভাৱনা নিচেই কম ৷ কাৰণ  এই ব্যৱসায়সমূহৰ কিছু সংখ্যক ব্যৱসায় স্কুল-কলেজ, ধৰ্মীয়-সামাজিক অনুষ্ঠান তথা সভা-সমিতি, বিয়া-সবাহ আদিৰ ওপৰতে নিৰ্ভৰ কৰি চলি আহিছিল । এই ব্যৱসায়ীসকলৰ একাংশই  বেংক আদিৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল যদিও বৰ্তমান ঋণৰ মাহেকীয়া কিস্তি, দোকান ভাড়া, বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হোৱাৰ বাবে এওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷ গভীৰ সংকটত এইসকল ব্যৱসায়ী, এওঁলোকৰ সন্মুখত গভীৰ প্ৰত্যাহ্বান আহি পৰিছে।  তদুপৰি ব্যক্তিগত গাড়ী চালক, বাদ্য যন্ত্ৰ শিল্পী, শিপিনী, ব্যক্তিগত চিকিৎসকসকলৰ সহায়কাৰী, হোটেল-বাৰৰ কৰ্মচাৰী আদিৰে জড়িত  যুৱক-যুৱতীসকলৰ অৱস্থাও তথৈবচ।  আনহাতে ৰাজ্যৰ কিছু প্ৰান্তত সিঁচৰতি হৈ থকা যৌন কৰ্মীসকলো ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে ভীষণ সমসাৰ সন্মুখীন হৈছে।  যৌনকৰ্মীসকলৰ এনে সমস্যাক লৈ শিলচৰৰ দেৱজিৎ গুপ্তা নামৰ এজন লোকে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ৰুজু হয় এক গোচৰ আৰু উক্ত আবেদনৰ ভিত্তিত ২৮/২০২১ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে যৌন কৰ্মী সকলক নিত্য ব্যৱহাৰ্য সামগ্ৰী যোগান ধৰাৰ নিৰ্দেশ দিয়ে বুলি সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছো । 


ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এমাহ অতিক্ৰম কৰিছে। ক'ভিডসৃষ্ট পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰৰ নিশ্চয় কৰণীয় আছে।‌  মুখ্য মন্ত্ৰী শিশু আঁচনিৰ দৰে অভিলাষী আঁচনি ৰূপায়ণ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰখনে  এইসকল লোকৰ বাবে এই পৰ্যন্ত  চৰকাৰখনে কোনো  কল্যাণকামী আঁচনি ঘোষণা কৰা পৰিলক্ষিত হোৱা  নাই ।  অথচ নতুন চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠকতে কৰ'না বা লকডাউনৰ বাবে ক্ষতিগ্ৰস্থ হোৱাসকলক ক্ষতি পূৰণ দিয়াৰ বাবে আলোচনা হৈছিল । কিন্তু আজিৰ তাৰিখলৈকে এই বিষয়ে পুনৰ আলোচনা হোৱা পৰিলক্ষিত হোৱা নাই ।‌ চৰকাৰে এইসমূহ লোকৰ বাবে কিছু আঁচনি গ্ৰহণ কৰি এইধৰণৰ লোকসকলক জীয়াই থাকিবলৈ সুবিধা প্ৰদান কৰক । কেৱল ৰাজনৈতিক চমক দিলেই সংকট দূৰ নহয় । ভৱিষ্যৎ সুৰক্ষিত হোৱাকৈ শিক্ষাৰ্থীসকলৰ  মূল্যাংকন কৰাৰ বাবে চিন্তা চৰ্চা কৰক । শিক্ষাৰ্থীসকল আমাৰ সম্পদ। এই সন্দৰ্ভত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ   বিশিষ্ট লোকসকলৰ সৈতে চৰকাৰ আলোচনাত মিলিত হৈ সমাধান সূত্ৰ উলিয়াব পাৰে। 


প্ৰচাৰকামিতাতকৈ কামত গুৰুত্ব দি চৰকাৰখনে কোভিড পৰিস্থিতিত হাহাকাৰ কৰি উঠা সকলো শ্ৰেণীৰ মানুহৰ মংগলৰ বাবে কাম কৰক। অসমীয়া ক্ষুদ্ৰ-ব্যৱসায়ী, শিল্পী, উদ্যমী সকলোকে এই অৰ্থনৈতিক দুৰৱস্থাৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ বাস্তৱিক পৰিকল্পনা যুগুত কৰি ব্যৱস্থা লওক। তাৰ অবিহনে হতাশাৰ ছাঁবোৰ যে অচিৰেই মানসিকভাৱে ভাঙি পেলোৱা ধুমুহালৈ পৰ্যবসিত হব, সেই কথাও কিন্তু নিশ্চিত।

লেখক এগৰাকী কবি-সাংবাদিক। তেখেতৰ প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/AJANTA

No comments:

Post a Comment