সশ্ৰদ্ধ স্মৰণঃ অসমীয়া বিদুষী অভিযন্তা ড° প্ৰণৱ ভৰালীলৈ শ্ৰদ্ধাঞ্জলি ::ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সশ্ৰদ্ধ স্মৰণঃ অসমীয়া বিদুষী অভিযন্তা ড° প্ৰণৱ ভৰালীলৈ শ্ৰদ্ধাঞ্জলি  ::ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

সশ্ৰদ্ধ স্মৰণঃ অসমীয়া বিদুষী অভিযন্তা ড° প্ৰণৱ ভৰালীলৈ শ্ৰদ্ধাঞ্জলি ::ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

Share This

 অসমীয়া বিদুষী অভিযন্তা ড° প্ৰণৱ ভৰালীলৈ শ্ৰদ্ধাঞ্জলি

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

হঠাতে ড° প্ৰণৱ ভৰালী দেৱে ৩ আগষ্টত বঙাইগাঁৱত বাৰ্ধক্যজনিত কাৰণত ৮৭ বছৰ বয়সত ইহলীলা সম্বৰণৰ খবৰটো পাই বৰ দুখ লাগিল ৷ এতিয়াও সজীৱ হৈ থকা স্মৃতিবোৰ মনলৈ উজাই আহিল।প্ৰায় পঞ্চল্লিশ বছৰ আগতে দুলীয়াজানত চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ প্ৰকাণ্ড ৰূম এটাত সোমাইছোঁ৷ কেবাগৰাকী উচ্চপদস্থ বিষয়া বহি আছে৷ তাৰ ভিতৰৰ এগৰাকীয়ে কিয় জানো মোৰ তৎক্ষণাত দৃষ্টি আকৰ্ষণ কৰিছিল৷ তেখেতৰ পৰিচয় পাছলৈ পাইছিলো এগৰাকী প্ৰযুক্তিবিদ্যাৰ বিদ্বান পুৰুষ হিচাবে। 

মনত আছে, সেইদিনাৰ সাক্ষাৎকাৰটোত মোক তেখেতেই বেচিভাগ প্ৰশ্ন সুধিছিল ৷ প্ৰথম প্ৰশ্নটো আছিল - What is bourdon tube? Draw and explain.তাৰ পিচত এটা এটাকৈ কেবাটাও প্ৰশ্ন ৷ হয়তো তেখেতৰ সৈতে কিবা এটা তাৎক্ষণিক মানসিক সমীকৰণ হৈ যোৱাৰ বাবেই নেকি মই তেতিয়াই বুজিব পাৰিছিলোঁ যে মোৰ সাক্ষাৎকাৰ সাংঘাটিক ভাল হৈছে আৰু মই চাকৰিটো পামেই ৷ তেখেতৰ মুখতো সন্তুষ্টি ফুটি উঠিছিল ৷ সঁচাকে চাকৰিটোও পাইছিলোঁ ৷


পিচত জানিব পাৰিছিলোঁ সাক্ষাৎকাৰ লোৱা ব্যক্তিগৰাকীৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ কথা৷ বেনাৰচ হিন্দু বিশ্ববিদ্যালয়, আই আই টি,খড়গপুৰ, ইণ্ডিয়ান ইণ্সটিউট অৱ চায়েঞ্চ,বাঙ্গালোৰ আদিৰ দৰে অনুষ্ঠানত শিক্ষা লাভ কৰাৰ পিচত লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা ডক্টৰেট৷ লণ্ডনৰ পৰা বোলে তেখেতৰ বিচক্ষণতা দেখি অইল ইণ্ডিয়াত যোগদানৰ বাবে আমন্ত্ৰণহে কৰি অনা হৈছিল৷  


আজি ছয়-সাত বছৰ আগতে ঘটনাক্ৰমে মই সভাপতি হিচাপে পৰিচালনা কৰা এখন সভাৰ মুখ্য অতিথি আছিল তেখেত৷ মই যেতিয়া সভাত কৈছিলোঁ-প্ৰায় পঞ্চল্লিশ বছৰ আগতে আপুনি যে সাক্ষাৎকাৰত মোক এই কেইটা প্ৰশ্ন সুধি শলঠেকত পেলাইছিল মনত আছেনে , তেখেতৰ মুখখন আনন্দ আৰু বিস্ময়ত উজলি উঠিছিল৷ তাৰপিচত যেতিয়াই দেখা হৈছে, তেখেতে কাষত যিয়েই থাকে, আনন্দেৰে কৈছিল- এওঁ পঞ্চল্লিশ বছৰ আগতে মই ইন্টাৰভিউত সোধা প্ৰশ্নও মনত ৰাখিছেহে ৷


চাকৰিকালত অসাধাৰণ প্ৰতিভা আৰু ব্যক্তিত্বৰ দ্যুতিৰে মোক আটাইতকৈ অধিক মুগ্ধ কৰা ব্যক্তি গৰাকী আছিল তেখেত৷ প্ৰশাসনৰ ক্ষেত্ৰত চল-চাতুৰিতকৈ সততা আৰু স্পষ্টবাদিতাক অধিক গুৰুত্ব দিয়াৰ বাবে বহু সময়ত লোকে তেখেতক ভুল বুজাও দেখিছিলোঁ আৰু মনত কষ্ট পাইছিলোঁ ৷ অসম আন্দোলনৰ সময়ত ভুল বুজি তেখেতক কিছু লোকে কৰা শাৰীৰিক অপমান আছিল আমাৰ বাবে ভীষণ বেদনাদায়ক৷ তেখেতেও সাংঘাতিক মনোকষ্ট পাইছিল৷তেখেতৰ মুখতেই শুনিছিলোঁ সেই সময়ত বোলে তেখেতৰ ৰক্তচাপ 190 পাইছিল ৷ 


তেখেতৰ অসম-প্ৰেম আছিল প্ৰশ্নাতীত৷ মোৰ লেখা-মেলাৰ দিশটোৰ তেখেতে সদায়ে খবৰ ৰাখিছিল, পঢ়িছিল, উৎসাহ যোগাইছিল৷ মʼহমাৰীৰ প্ৰখ্যাত নাট্যকাৰ তৰুণ হাজৰিকাৰ ঘৰত এদিন হাজৰিকাৰ নাটকৰ পাণ্ডুলিপি চাই আছিলোঁ ৷ হঠাতে চকুত পৰিছিল কেবাটাও সংলাপত হাত বুলাই নতুনকৈ কিছু কথা সংযোজন কৰা হৈছে গোট গোট আখৰেৰে৷ অলপ হেলনীয়াকৈ লিখা গোট গোট আখৰ কেইটা মই চিনি পাওঁ৷ হাজৰিকাৰ মুখলৈ চাইছিলোঁ আচৰিতহৈ কাৰণ সেই কেইটা চিনাকি আখৰ নাটকৰ পাণ্ডুলিপিত মোৰ বাবে আছিল অপ্ৰত্যাশিত ৷ সন্তুষ্টিৰ হাঁহি মাৰি হাজৰিকাই কৈছিল-ড° প্ৰণৱ ভৰালীৰ আখৰ ৷ পাণ্ডুলিপি চাই পৰামৰ্শ দিছিল ৷ বৰ আগ্ৰহ নাটকৰ প্ৰতি৷ মই মোৰ প্ৰিয় ব্যক্তি গৰাকীৰ অন্য এটা দিশ সেইদিনা আৱিষ্কাৰ কৰি অভিভূত হৈছিলোঁ ৷


ড° প্ৰণৱ ভৰালী এসময়ত অইল ইণ্ডিয়াৰ চেয়াৰমেন হৈ অৱসৰ লোৱাটো অৱধাৰিত আছিল, কিন্তু নহʼল ৷ তেখেত অৱসৰ লʼবলগীয়া হʼল সঞ্চালক হিচাপে৷ তেখেত অইলৰ ডাইৰেক্টৰ অপাৰেচনচ আছিল। সকলোৰে মুখত তেখেত চেয়াৰমেন নোহোৱাৰ কাৰণ হিচাপে শুনিছিলোঁ সেই কাহিনীটো৷ কেকোঁৰাৰ কাহিনী ৷এজন প্ৰভাৱশালী অসমীয়াই বোলে তেখেত চেয়াৰমেন হোৱাটো বিচৰা নাছিল ৷ যিসকলে জানে, তেওঁলোকে জানিছিল যে ড° প্ৰণৱ ভৰালীৰ প্ৰতিভা আছিল চেয়াৰমেনৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ বহু ওপৰৰহে ৷  তেখেতে ১৯৮৪-১৯৯০ চনলৈ অইলৰ ডাইৰেক্টৰ পদত অধিষ্ঠিত আছিল। তেখেতৰ প্ৰফেচনেল জীৱনৰ বিষয়ে https://in.linkedin.com/in/pranab-bharali-2a3b5483 ত পঢ়িব পাৰিব। তেখেতে অৱসৰৰ পাছত অসমৰ অন্যতম প্ৰযুক্তিগত প্ৰতিষ্ঠান, অক্সিজেন, নাইট্ৰজেন আদি গেছ উপাদন কৰা থলুৱা সংস্থা প্ৰীমিয়েৰ ক্ৰায়জেনিকচৰ চেয়াৰমেন ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।


দুবছৰমান আগতে নবীন বৰুৱাই সভা এখনলৈ মাতিছিল ৷ গৈ পাইছো ভৰালীদা৷ নিজৰ চকীৰ পৰা উঠি আহি মোক উৎসাহেৰে কি আশ্বৰ্যকৰ সৰলতাৰে মাতি লৈ গৈছিল তুলতুল বৰুৱাৰ কাষলৈ -তুমি আমাৰ তুলতুলক চিনি পোৱানে , এয়া ৷ মই কৈছিলোঁ-মই ভালকৈ চিনি পাওঁ বাইদেউক ৷ তুলতুল বাইদেউ ভৰালীদাৰ ভগ্নী ৷ ভৰালীদাই লগ পালে সৰল হাঁহি এটা মাৰি কৈছিল-তোমাৰ তিনি কন্যা,মোৰো তিনি কন্যা ৷ পত্নী গীতা বাইদেউ ,গীতা ভৰালী সুলেখিকা৷ প্ৰান্তিকত প্ৰকাশ পোৱা গীতা বাইদেউৰ গল্পই মুগ্ধ কৰিছিল ৷ 


শেষ মুহূৰ্তলৈ বিজ্ঞান-প্ৰযুক্তিৰ প্ৰকল্প,চেমিনাৰ আদিত ব্যস্ত থকা, মোক অতি চেনেহৰ দৃষ্টিৰে চোৱা ভৰালীদা, ড° প্ৰণৱ ভৰালীৰ বিয়োগৰ বাতৰিটোৱে মৰ্মাহত কৰিছে৷ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ৷ শোক-সন্তপ্ত পৰিয়ালৰ দুখৰ সমভাগী হৈছোঁ ৷ তেখেতৰ ৰূপত অসমে এগৰাকী বিদুষী অভিযন্তাক হেৰুৱালে। অসমৰ সু-সন্তান গৰাকীলৈ যাচিলো আন্তৰিক শ্ৰদ্ধাঞ্জলি।

No comments:

Post a Comment