চিন্তনঃ লেফট্-লিবাৰেল, শংকৰদেৱ আৰু অসমীয়া সংস্কৃতি :: ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ লেফট্-লিবাৰেল, শংকৰদেৱ আৰু অসমীয়া সংস্কৃতি :: ড° অখিল ৰঞ্জন দত্ত

চিন্তনঃ লেফট্-লিবাৰেল, শংকৰদেৱ আৰু অসমীয়া সংস্কৃতি :: ড° অখিল ৰঞ্জন দত্ত

Share This
লেফট্-লিবাৰেল, শংকৰদেৱ আৰু অসমীয়া সংস্কৃতি
ড° অখিল ৰঞ্জন দত্ত
শংকৰদেৱক ৰাষ্ট্ৰীয় পৰ্যায়ত বৌদ্ধিকভাৱে প্ৰতিষ্ঠা কৰিছে ড° হীৰেন গোঁহাইৰ সাহিত্য একাডেমি প্ৰাপ্ত "অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থই৷ এই আলোচনাত মই অসমীয়া সংস্কৃতিৰ সেইসকল খনিকৰৰ কথাহে আলোচনা কৰিছো যি সকলক বাদ দি অসমীয়া সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰি ৷ ৰাজনৈতিক উদ্দেশ্যত নতুন বাগধাৰাৰ সৃষ্টিৰ তাড়ণাত যদিও সংবাদ শিৰোনাম দখল কৰাকৈ সময়ে সময়ে বহু কথাৰেই অৱতাৰণা কৰা হয়, তেনে ক্ষণত বাস্তৱিক কথাবোৰ ফঁহিয়াই দেখুওৱাটো এক বৌদ্ধিক দায়িত্ব বুলিও বিবেচিত হয়। সেই পটভূমিতে এই লেখাৰ অৱতাৰণা কৰা হৈছে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত উল্লেখ কৰি আহিছে যে অসমৰ বৌদ্ধিক চিন্তা-চেতনাক লেফট্-লিবাৰেল সকলে নিয়ন্ত্ৰণ কৰিছে । তেখেতৰ দৃষ্টিত এওঁলোক ভাৰতীয় সভ্যতাৰ পৰিপন্থী । আৰু এখোজ আগুৱাই গৈ তেখেতে এই কথাও কৈছে যে বামপন্থী সকলে শ্ৰীমন্ত শংকৰদেৱকো স্বীকৃতি দিব নোখোজে। মা কামাখ্যাৰ এওঁলোক উপাসক নহয় । তেওঁলোকে বৌদ্ধিক চিন্তাক এককভাৱে নিয়ন্ত্ৰণ কৰিব খোজে আৰু অন্য চিন্তাৰ উত্থান ঘটিলেই তাৰ ওপৰত বৌদ্ধিক সন্ত্ৰাস চলায় ।

ভাৰতীয় সভ্যতা বুলিলে একক ধাৰা বা ব্যাখ্যা নাই । এই কথা ‘আমাৰ অসম’ কাকতৰ ‘প্ৰথম কলম’ত ২৩ জুলাই ২০২১ তাৰিখে প্ৰকাশিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক প্ৰধান মোহন ভাগৱতৰ শংকৰদেৱ আৰু অসমীয়া জাতি সম্পৰ্কীয় লেখাটোটো উল্লেখ কৰা হৈছে । তেখেতে ভাৰতবৰ্ষৰ বাদে অন্য ক’তো বৈচিত্ৰৰ প্ৰতি ইমান বেছি সহনশীল আৰু উদাৰ সমাজ-সভ্যতা নাই বুলি উল্লেখ কৰিছে। বৈচিত্ৰৰ মাজত ঐক্যৰ ধাৰাটো চাৰি হাজাৰ বছৰতকৈও অধিক পুৰণি বুলি উল্লেখ কৰি তেখেতে কৈছে : ‘তথাপি যদি মানি লওঁ, এই ধাৰাটো চাৰে চাৰি হাজাৰ বছৰ ধৰি চলি আহিছে- তথাপি পৃথিৱীত দ্বিতীয়টো উদাহৰণ পাবলৈ টান যে ইমান বৈচিত্ৰৰ মাজতো এইটো ইমান বছৰ ধৰি সংঘাত অবিহনে চলি আহিছে। পাৰস্পৰিক মিলাপ্ৰীতিৰে চলি আহিছে।

আজিও এইয়া অব্যাহত আছে । এইয়া মাথোঁ আমাৰ দেশখনতহে সম্ভৱ হৈছে। অৱশিষ্ট পৃথিৱীৰ ধাৰণা হৈছে মিলিজুলি থাকিবলৈ সকলো সমান হ’ব লাগিব। ভিন্ন ভাষা হ’ব নোৱাৰিব। এটাই ভাষা লাগিব । সুকীয়া সুকীয়া খাদ্যাভাস, ৰীতি নীতি নচলিব । একে ধৰণৰ হ’ব লাগিব । ভিন্ন প্ৰকাৰৰ পূজা হ’ব নোৱাৰিব । এটাই পূজা হ’ব লাগিব । ভিন্নতাক ধৰি ৰাখিব বিচৰাসকলক নি:শেষ কৰি দিয়া হওক বুলি হোৱা চিন্তা-চৰ্চাও চলি থাকিব। ‘এই কথাখিনিকেই যদি তেখেতৰ দৰ্শন বুলি ধৰি লওঁ তেন্তে অসম চৰকাৰে উত্থাপন কৰা ‘গো-সুৰক্ষা বিধেয়ক’ অথবা মুখ্যমন্ত্ৰীৰ লেফট্-লিবাৰেল বিৰোধী বিষোদগাৰ মোহন ভাগৱত ডাঙৰীয়াৰ দৰ্শনৰো পৰিপন্থী হ’ব নেকি? কিন্ত নহয় । কাৰণ হিন্দুত্বই যি দৃষ্টিভংগীৰে এক দেশ-এক জাতি নিৰ্মাণৰ তত্বত বিশ্বাস কৰে তাত যে বৈচিত্ৰৰ ইমান সমাহাৰ সম্ভৱ নহয় সেই কথা সহজেই বুজিব পাৰি। 

দুটা সম্প্ৰদায়ক হিন্দুত্বই ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিপন্থী বুলি ভাৱে (১) মুছলমান সম্প্ৰদায় আৰু (২) ৰাষ্ট্ৰৰ সমুখত নিৰন্তৰ প্ৰশ্ন উত্থাপন কৰি অহা চিন্তাশীল বৌদ্ধিক সম্প্ৰদায় যাক আজিকালি লেফট্-লিবাৰেল আখ্যা দিয়া হয়। প্ৰথম সম্প্ৰদায়ৰ কথা মোহন ভাগৱতৰ উল্লিখিত লেখাটো প্ৰতিফলিত হৈছে। তেখেতে কৈছে যে প্ৰব্ৰজিত এটি বিশেষ সম্প্ৰদায়ে তেওঁলোকৰ প্ৰভুত্বত বিশ্বাস কৰে আৰু তেওঁলোক সম্প্ৰীতি আৰু বৈচিত্ৰৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰিপন্থী। দ্বিতীয় সম্প্ৰদায়টোযে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিপন্থী সেই কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বিভিন্ন ভাষণত উল্লেখ কৰি আহিছে আৰু তেওঁলোকক প্ৰত্যাহবান জনোৱাৰ কথাও ব্যক্ত কৰিছে। এই কথা অৱশ্যে কৈ থোৱা যুগুত হ’ব যে হিন্দুত্বৰ দৰ্শনে এতিয়া নিজৰ পৰিসৰ প্ৰসাৰিত কৰিছে আৰু অনুসূচীত জাতি-জনজাতিক তাৰ মাজত স্থান দিয়াৰ কছৰৎ আৰম্ভ কৰিছে। 

উত্তৰপ্ৰদেশ, বিহাৰ অথবা পশ্চিমবংগত পিছপৰা জাতি জনগোষ্ঠীৰ ৰাজনৈতিক নেতৃত্বইও স্থান দিব নোখোজা অতি পিছপৰা জাতি জনগোষ্ঠীকো হিন্দুত্বই প্ৰতিনিধিত্ব দিয়াৰ কুচকাৱাজ কৰিছে। অসমৰ ক্ষেত্ৰত অৱশ্যে জনজাতীয় জনগোষ্ঠীৰ মুল-সুঁতিৰ নেতৃত্বকেই তেওঁলোকে নিজৰ শিবিৰভুক্ত কৰিছে । অসমৰ ক্ষেত্ৰত আৰু এটা ধাৰা গঢ়ি উঠিছে । মুছলমান সম্প্ৰদায়ক সংস্কৃতিৰ পৰিমাপেৰে দুটা ভাগত বিভক্ত কৰা হৈছে- থলুৱা বা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় যি সকল অসমীয়া সংস্কৃতিৰ স’তে মিলি গৈছে আৰু প্ৰব্ৰজিত বংঙালী মুছলমান সম্প্ৰদায়- যি সকলৰ স্বকীয় সংস্কৃতি আছে । এওঁলোকক অসমীয়া সভ্যতা সংস্কৃতিৰ প্ৰতি এক প্ৰত্যাহ্বান হিচাবে প্ৰক্ষেপ কৰা হৈছে । মন কৰিবলগীয়া কথাটো হ’ল এই গোটেই বাগধাৰাত সাংবিধানিক আৰু আইনৰ দ্বাৰা স্বীকৃত নাগৰিকত্বৰ ধাৰণাটো গৌণ হৈ পৰিছে ।

আকৌ আহিব খুজিছোঁ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰসংগলৈ। নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ ‘The Argumentative Indian: Writings on Indian Culture, History and Identity’ (Penguin Books, 2005) গ্ৰন্থতো অমৰ্ত্য সেনে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ উল্লেখ কৰিছে আৰু তাৰ গুণানুকীৰ্তনো কৰিছে। কিন্তু তাৰ বাবে তেওঁ এক ক্ৰিটিকেল দৃষ্টিভংগী গ্ৰহণ কৰিছে । তেওঁ হিন্দুত্ববাদী সকলৰ এক দিকদৰ্শী আৰু অন্য ধৰ্মৰ প্ৰতি অসহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণ কৰা নাই । তাৰ পৰিবৰ্তে তেওঁ অনুসন্ধান কৰিছে কেনেকৈ ভাৰতীয় সভ্যতাৰ বহুবোৰ পৰম্পৰাৰ মাজত, আনকি হিন্দু ধৰ্মৰ প্ৰাত:স্মৰণীয় ঋগ বেদটো বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কে কৌতুহলী প্ৰশ্নৰ উদ্ৰেক হৈছে । গ্ৰন্থৰ পাতনিতে অধ্যাপক সেনে লিখিছে : ‘The Vedas may be full of hymns and religious invocations, but they also tell stories, speculate about the world and- true to the argumentative propensity already in view- ask difficult questions. A basic doubt concerns the very creation of the world: did someone make it, was it a spontaneous emergence, and is there a God who knows what really happened? ‘ ( p xi) অসমৰ একেবাৰে গ্ৰাম্য পৰিবেশত যেতিয়া ভাগৱত পাঠ কৰা হয় তেতিয়াও দেখিছো যে পাঠকে ভাগৱত অথবা কীৰ্তনৰ একোটা অধ্যায়ৰ একাংশ পাঠ কৰাৰ পিছত এজনে তাৰ ব্যাখ্যা দিয়ে । কিন্তু ব্যাখ্যা দিওঁতাৰ ব্যাখ্যাৰ ওপৰত আনকি আটাইতকৈ নিৰক্ষৰ বুলি ভৱাজনেও এনে কিছুমান প্ৰশ্ন উত্থাপন কৰে যে ব্যাখ্যা দিওঁতাই তাৰ সমিধান দিবলৈ অপাৰগ হৈ পাঠকক অধ্যায়টো আগবঢ়াই নিবলৈ অনুৰোধ কৰে। ধৰ্ম বা ভগৱানকেন্দ্ৰিক আলোচনাত বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কে অজস্ৰ প্ৰশ্ন উত্থাপিত হয় । এসাঁজ খাই আন এসাঁজৰ চিন্তাত থকা সেই সকল নিৰক্ষৰ মানুহৰ মনৰ মাজত উদ্দেলিত হৈ থকা অজস্ৰ প্ৰশ্নৰ সমাধান তেওঁলোকে বিছাৰি নাপায়। কিন্তু প্ৰশ্ন সোধা পৰম্পৰাটোৱেই সেই আলোচনাসমূহ সৰস কৰি ৰাখে। 

মন কৰিবলগীয়া কথাটো হ’ল এনে আলোচনাৰ সৌধটো কম বেছি পৰিমাণে সমতাৰ ওপৰত প্ৰতিষ্ঠিত। মজিয়াত একেলগে সমানে সমানে ঢাৰিত বহি হোৱা আলোচনাতহে সেই প্ৰশ্ন কৰাৰ পৰম্পৰা আছে। শংকৰদেৱৰ কৃতিত্ব আৰু প্ৰাসংগিকতা এই সমতাৰ আৰু প্ৰশ্ন তোলা ধাৰাটোৰ মাজতহে আছে । প্ৰতিষ্ঠিত সত্ৰ সংস্কৃতিয়ে সৃষ্টি কৰা শ্ৰেণীতন্ত্ৰৰ মাজত সেই পৰম্পৰা নাই । এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যি শংকৰী সংস্কৃতিক লৈ জাগৰণ আনিব খোজে সেই সংস্কৃতি নিশ্চয়কৈ গাওঁৰ গঞাৰ সমতাৰ ভিত্তিত নিৰ্মিত কোতুহলী মনৰ শংকৰী সংস্কৃতি নহয়। সেই সংস্কৃতি শ্ৰেণীতন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত মন্দিৰ অথবা প্ৰতিপত্তিশীল সত্ৰীয়া সংস্কৃতি যাক হিন্দুত্বৰ সংস্কৃতিৰ স’তে একাকাৰ কৰি দিব খোজা হৈছে । কৈ থোৱা ভাল হ’ব যে এই সংস্কৃতিত প্ৰশ্ন তোলাৰ অৱকাশ নাই ।

খোল- বৰতালেৰে ৰাজকীয়ভাৱে অতিথিক আদৰি অনাতেই শংকৰী সংস্কৃতি সীমাবদ্ধ নহয় । আচলতে সেইটো শংকৰী সংস্কৃতিৰ মুল কথাও নহয় । শংকৰী সংস্কৃতিৰ মুল কথা হ’ল সমাজৰ বৰ্ণ প্ৰথা আৰু বৈষম্যৰ আধাৰবোৰ ভাঙি চুৰমাৰ কৰি সমাজত সঁচা অৰ্থতেই সমতা প্ৰতিষ্ঠা কৰা । সেই অৰ্থত শংকৰদেৱ আছিল মাৰ্ক্সৰো আগৰ সাম্যবাদী । শংকৰদেৱে যে সমতাৰ এনে এক মহাসৌধ নিৰ্মাৰ্ণ কৰিব পাৰিছিল তাৰো মুলতে আছে অসমৰ জনজাতীয় সমাজ ব্যৱস্থা- য’ত শ্ৰেণীৰ ধাৰণাটোৱেই নাছিল, আছিল সম্পদৰ ওপৰত সমূহৰ অধিকাৰ । এই সমুহৰ সম্পদক ক’ৰ্পোৰেট শক্তিৰ হাতত গটাই দিব খোজা ৰাষ্ট্ৰ ব্যৱস্থাই যদি আকৌ দাবী কৰিব খোজে যে তেওঁলোকহে শংকৰদেৱৰ প্ৰকৃত অভিভাৱক তেন্তে শংকৰী চিন্তা-দৰ্শনেৰে অস্তিত্ব নাইকীয়া হ’ব ।

লেফট-লিবাৰেল সকলে শংকৰদেৱৰ এই সাম্যবাদী দৰ্শনক সদায়ে সমূখত ৰাখি নিজৰ সামাজিক-ৰাজনৈতিক কাৰ্যসূচী নিৰ্মাণ কৰিছে বুলি কব নোৱাৰি । কিন্তু বিংশ শতিকাত যিকেইগৰকী পুৰোধাই অসমীয়া সংস্কৃতিক এক নতুন মাত্ৰা দিলে তেওঁলোকৰ বাবে শংকৰদেৱ আছিল অনুপ্ৰেৰণাৰ উৎস । শংকৰদেৱক আধুনিক অসমীয়া চিন্তা-দৰ্শনৰ কেন্দ্ৰলৈ আনিছিল লক্ষ্মীনাথ বেজবৰুৱাই । আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সেই ধাৰাটোকে আৰু অধিক শক্তিশালী কৰি তুলিছিল জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভুপেন হাজৰিকাকে প্ৰমুখ্য কৰি লক্ষ্মীনাথৰ উত্তৰসুৰী সকলে। কেশৱ মহন্তকে প্ৰমুখ্য কৰি যি সকলে অসমৰ গীত-কবিতাক লোক চিন্তাৰ সম্পদেৰে ঐশ্বৰ্যশালী কৰি তুলিলে তেওঁলোকৰো অনুপ্ৰেৰণা শংকৰদেৱ-লক্ষ্মীনাথ-জ্যোতিপ্ৰসাদ আদি সকল।

শংকৰদেৱৰ প্ৰতি বামপন্থীৰ বিৰাগৰ কথাটো যে একেবাৰে অমুলক এই কথা প্ৰমাণ কৰিবলৈ আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা কলেই যথেষ্ট হ’ব । কিন্তু তাৰো আগলৈ গৈ আমি জ্যোতিপ্ৰসাদৰ প্ৰসংগ উত্থাপন কৰিব পাৰো। জ্যোতিপ্ৰসাদক একে আষাৰতে বামপন্থী বুলিব নোৱাৰি। কিন্তু তেওঁ যে সাম্যবাদী দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল তাৰ বহু প্ৰমাণ আছে। ‘নালিয়াপুলৰ বিপদ সংকেট’ শীৰ্ষক চিঠিতো তাৰ সম্ভেদ আছে। সেই জ্যোতিপ্ৰসাদে শংকৰদেৱৰ চিন্তা, বিশেষকৈ মহাপুৰুষ গৰাকীৰ স্থাপত্যৰ ওপৰত কি লিখিছে আমি পঢ়ি চোৱা উচিত। জ্যোতিপ্ৰসাদ বিশেষকৈ আকৃষ্ট হৈছিল বৰদোৱাৰ নামঘৰৰ মণিকূটৰ আৰ্হি দেখি। তেওঁ খেদ কৰি কৈছিল যে যি স্থাপত্যৰ আৰ্হি বিছাৰি তেওঁ পৃথিৱী চলাথ কৰিলে সেই আৰ্হি শংকৰদেৱৰ নামঘৰৰ মণিকূটত বিদ্যমান। কি এই আৰ্হি? ‘অসমীয়া স্থাপত্যৰ নৱৰূপ’ শীৰ্ষক প্ৰবন্ধত তেখেতে বিশ্ব স্থাপত্যৰ বিষয়ে বহলাই আলোচনা কৰি এই কথা আঙুলিয়াই দিছে যে যিকোনো স্থাপত্যৰে এক বিশ্বমুখী ৰূপ থাকিব লাগে । তাৰ মূল সৌধটো হ’ব লাগিব ধৰ্মনিৰপেক্ষতা। 

অৰ্থাৎ বিশেষ ধৰ্মৰ প্ৰলেপ থাকিলে সি বিশ্ব স্থাপত্যৰ দিশে আগুৱাব নোৱাৰে। তাৰ অন্য বৈশিষ্ট হ’ল অনাড়ম্বৰ বা সৰল ৰৈখিক ৰূপটো । জ্যোতি প্ৰসাদে শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ নামঘৰত তাৰেই নিদৰ্শন বিছাৰি পাইছিল । তেওঁ বৰদোৱাৰ নামঘৰৰ আৰ্হিত দেখা পাইছিল বাৰ্লিনত সজা মেক্স ৰাইনহাৰ্টৰ জনতা থিয়েটাৰৰ আৰ্হি। তেওঁ লিখিছে :’ অতি আচৰিত কথা যে শ্ৰীশংকৰদেৱৰ এই নামঘৰৰ সহজ-সৰলতাই আজি বিশ্ব-স্থাপত্যৰ আধুনিক আৰু ভাৱিষ্যিতিক ৰূপৰো আদৰ্শ। ‘বৰদোৱাক স্বৰ্ণ মন্দিৰৰ আৰ্হিত গঢ়িব খোজা চৰকাৰৰ পৰিকল্পনাই তেন্তে কিদৰে শংকৰদেৱৰ এই বিশ্বমুখী সৰলৰৈখিক স্থাপত্যক প্ৰতিনিধিত্ব কৰে ?

জ্যোতিপ্ৰসাদৰ উত্তৰসূৰী বিষ্ণুপ্ৰসাদ ৰাভা আছিল ঘোষিত কমিউনিষ্ট, বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য । শংকৰদেৱক তেওঁ কিদৰে বন্দনা কৰিছে? মই ভাৱো এই বিষয়ে বিশদ বিৱৰণৰ প্ৰয়োজন নাই । মই মাত্ৰ দুটা গীতৰেই উল্লেখ কৰিব খুজিছোঁ (১) ‘অ’ পূজাৰী আদৰি/দিলোঁ এই বৰণ শৰাই/…….হৰি নাম ভকতি/হৰি নাম ৰকতি/হৰি নাম মুকুতি পাই ।‘ , (২) ‘(আজি) মন্দিৰ দুৱাৰ খোলা !/ বহে মিলনৰ উৎসৱ মেলা !/শুনো মংগল আৰতি গান/ নাচি উঠে ভকতৰে প্ৰাণ ।/হ’ল যে পূজাৰ বেলা ।/ মন্দিৰ দুৱাৰ খোলা ।‘ শংকৰদেৱক বিষ্ণুৰাভাই গণ মুকুতিৰ এক মহা জাগৰণ হিচাবেই অভিহিত কৰিছিল আৰু তেওঁক ‘তেজৰ বোলেৰে লিখি যাম ইতিহাস ।/মচি যাম দীন সমাজৰ হীন পৰিহাস' ৰ এক গভীৰ অনুপ্ৰেৰণা হিচাবে গণ্য কৰিছিল। ভূপেন হাজৰিকাই শংকৰদেৱক আৱিষ্কাৰ কৰিছিল শৈশৱতে, আৰু ভাৰতীয় গণনাট্য সংঘৰ লগত সক্ৰিয় হৈ থকাৰ সময়তে শংকৰদেৱৰ দৰ্শনক আটাইতকৈ বেছিকৈ প্ৰয়োগ কৰিছিল তেওঁৰ সৃষ্টিত ।

এতিয়া আহোঁ সভ্যতা-সংস্কৃতিৰ কথালৈ । অসমৰ আধুনিক সভ্যতা-সংস্কৃতিক, বিশেষকৈ স্বাধীনতাৰ উত্তৰকালত, মহীয়ান কৰি থৈ যোৱা সকলৰ অধিকাংশৰেই সংস্কৃতিৰ প্ৰগতিশীল ধাৰাটোৰ স’তে সান্নিধ্য গঢ়ি উঠিছিল । তাৰ অৰ্থ এনে নহয় যে তেওঁলোক সকলোৱে বামপন্থী ৰাজনৈতিক দলৰ সদস্যপদ গ্ৰহণ কৰিছিল । কিন্তু অসমত ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰগতিশীল লেখক সংঘৰ সদস্যপদৰ তালিকা খুছৰিলেই ওলাই পৰিব প্ৰগতিশীল-উদাৰতাবাদী চিন্তাই অসমীয়া সাহিত্য সংস্কৃতিলৈ কি জোৱাৰ আনিছিল । ১৯৫০ ৰ দশকৰ পৰা ১৯৭০ ৰ দশকলৈকে অসমৰ গীত-নাটক-সাহিত্যত যিসকলে নতুন উদ্দীপনা যোগাইছিল তেওঁলোকৰ অধিকাংশৰেই প্ৰগতিশীল উদাৰতাবাদী চিন্তাৰ প্ৰতি নিষ্ঠা আছিল । তেতিয়ালৈকে অসমত হিন্দুত্বৰ উত্থান হোৱা নাছিল । বাম প্ৰগতিশীল মহলে যুঁজ কৰিছিল কংগ্ৰেছ নেতৃত্বাধীন ৰাষ্ট্ৰ ব্যৱস্থাৰ স্বৈৰাচাৰিতা আৰু তেওঁলোকৰ ৰাজনীতিৰ মাজত থকা সামন্তীয়, পুৰুষতান্ত্ৰিক আৰু ৰক্ষণশীলতাৰ বিৰুদ্ধে । আনকি বাম ৰাজনীতিৰ পৰা নিলগত থকা হোমেন বৰগোহাঞিৰ দৰে লেখকেও ধৰ্মৰ প্ৰশ্নত লৈছিল শক্তিশালী অৱস্থান । উদাহৰণ স্বৰূপে ১৯৫০ ৰ দশকতে লিখা ‘ইস্মাইল ছেখৰ সন্ধানত’ গল্পত তেওঁ লিখিছিল : ‘ কিন্তু ধৰ্ম কি বস্তু জানেনে? ইতিহাসৰ প্ৰত্যেক যুগত সমাজৰ এমুঠি ভূ-স্বামী আৰু পুঁজিপতিয়ে কোটি কোটি নীচ, দৰিদ্ৰ জনসাধাৰণক পৃথিৱীৰ সকলো সুখ-সম্ভোগৰ পৰা বঞ্চিত কৰি আহিছে কল্পিত স্বৰ্গলোক বা পৰকালত বহি খোৱাৰ লোভ দেখুৱাই । বাইবেলতো স্পষ্টকৈ কৈয়েই দিয়া হৈছে, কেৱল দুকীয়া বোৰেহে স্বৰগলৈ যাব পাৰিব। ধনীবোৰৰ বন্দবস্তুটো হ’ল এনেকুৱা : ‘তঁহত অৰ্থাৎ নীচ দাসবোৰে এই জন্মত যদি নিজৰ সকলো সুখ-সম্ভোগ বিসৰ্জন দি আমাৰ সেৱা কৰ, ইয়াৰ পিছত স্বৰ্গত তঁহতে মদ-মাংস-বেশ্যা লৈ আৰাম কৰি খাই থাকিব পাৰিবি ।‘ হোমেন বৰগোহাঞিক আমি কি বিশেষণেৰে সজাম? তেওঁকো ভাৰতীয় সভ্যতা-সংস্কৃতিৰ শত্ৰু বুলিম নেকি?

শেষত কব খুজিছোঁ হীৰেন ভট্টাচাৰ্য আৰু কেশৱ মহন্তৰ কথা । এই দুই গৰাকী পুৰোধাক বাদ দি আধুনিক অসমীয়া গীত আৰু কবিতাৰ আলোচনা সম্ভৱনে ? কিমান গভীৰলৈ গৈ এই দুয়োজনাই অসমৰ লোক জীৱন আৰু সংস্কৃতিক অনুধাৱন কৰিছিল? কেশৱ মহন্ত আছিল অসমত কমিউনিষ্ট পাৰ্টি গঠনত আগভাগ লোৱা সকলৰ ভিতৰত অন্যতম । জীৱনৰ শেষ মূৰ্হুত্বলৈকে তেখেত ভাৰতীয় গণ নাট্য সংঘৰ স’তে জড়িত আছিল । হেমাংগ বিশ্বাসৰ নেতৃত্বতে আৰু ভাৰতীয় গণ নাট্য সংঘৰ বেনাৰতেই খগেন মহন্তই ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমীয়া সংগীতক লৈ গৈছিল । হীৰেন ভট্টাচাৰ্যৰো আছিল এই ধাৰাটোৰ স’তে গভীৰ সম্পৰ্ক । হেমাংগ বিশ্বাসৰ স’তে হীৰেন ভট্টাচাৰ্যৰ নিবিড় সম্পৰ্কৰ বিচাৰ কৰিলেই সেই ধাৰাটোৰ স’তে তেখেতৰ পৰিচিতিৰ বিষয়ে বুজিব পাৰি । হেমাংগ বিশ্বাসে অসমীয়া লোক সংস্কৃতিৰ আলোচনাত এই কথাও আঙুলিয়াই দিছিল যে একমাত্ৰ অসমৰ বিহুৱেই এক জাতীয় সংস্কৃতি য’ত কোনো বিশেষ ধৰ্মৰ প্ৰভাৱ নাই । এই দিশবোৰৰ বিশদ আলোচনা অবিহনে অসমীয়া সংস্কৃতিৰ সঠিক অনুধাৱন সম্ভৱ নে?

মুখ্যমন্ত্ৰী মহোদয়ে দৃঢ়তাৰে কৈছে যে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত লেফট্-লিবাৰেলৰ প্ৰাধান্য আছে । কথাটো সঁচানে ? যদি সঁচা হয় তেন্তে চিন্তা কৰিবলগীয়া কথাটো হ’ল কাহানিও ৰাজনৈতিক ক্ষমতা দখল কৰিব নোৱাৰা এই মহলটো বৌদ্ধিক ক্ষেত্ৰত কিয় প্ৰতিপত্তিশীল। জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই তাৰ উত্তৰ। ৰাজনৈতিক ক্ষমতাৰ পৰা বহু নিলগত থাকি, অথবা ৰাষ্ট্ৰ ব্যৱস্থাৰ বৈষম্যৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ বাবেই তেওঁলোকৰ প্ৰতি জনতাৰ সেই স্বীকৃতি । জীৱিত কালত অৱশ্যেই তেওঁলোকে সেই স্বীকৃতি নাপালে । ইতিহাসেহে তেওঁলোকক সেই স্বীকৃতি দিছে । এই ইতিহাসে আমাক এটা কথাই বুজাই দিয়ে যে গণ সংস্কৃতিৰ আধাৰ ক্ষমতা বা সম্পদ নহয় । গণ সংস্কৃতিৰ মূল উৎস আৰু প্ৰেৰণা সৰ্বজনৰ কল্যাণ, সৰ্বজনৰ মুক্তি । জ্যোতিপ্ৰসাদে ইয়াকেই পোহৰৰ বাট, পোহৰৰ গান বুলি কৈছিল ।
লেখাটি পূৰ্বতে ‘আমাৰ অসম’ কাকতৰ ‘প্ৰথম কলম’ হিচাবেও প্ৰকাশ পাইছে আৰু লেখকৰ অনুমতিক্ৰমে ইউনিকোডত পুনৰ প্ৰকাশ কৰা হৈছে । লেখকৰ আন আন প্ৰকাশিত লেখাৰ বাবে একত্ৰ লিংকঃ
https://www.xukhdukh.com/search/label/DR-AKHIL-RANJAN-DUTTA

No comments:

Post a Comment