গো-সুৰক্ষাৰ 'ৰাজনীতি' বনাম পতন হব লগা গ্ৰাম্য-অৰ্থনীতি
অনন্ত কলিতা
বিস্তাৰিতভাৱে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্তৰৰ প্ৰচাৰৰ অন্তত অসম বিধানসভাত ‘গো-সুৰক্ষা বিধেয়ক-২০২১' আইনত পৰিণত কৰাৰ বাবে উত্থাপন কৰিলে আৰু বিলখন কালি গৃহীত কৰা হ'ল। ইতিহাসৰ পাত লুটিয়াই চালে দেখা পোৱা যায় যে, অসমত ১৯৫০ চনতে গো-সুৰক্ষা আইন এখন প্রণয়ন কৰিছিল। কিন্তু অসমৰ হিন্দু-মুছলমানকে ধৰি বিভিন্ন ধৰ্মৰ মানুহৰ মাজত ঐক্য, শান্তি, সম্প্রীতিৰ পৰিৱেশৰ পটভূমিত গো-সুৰক্ষাক ইছ্যু কৰাৰ প্ৰয়োজনীয়তা কোনোৱে অনুভৱ কৰা নাছিল বা নকৰে। কিন্তু এতিয়া দেশৰ ৰাজনৈতিক বাতাবৰণ আৰু ৰাজনীতিৰ ভিত্তি সুকীয়া। দেশৰ পৰিবৰ্তিত পৰিস্থিতিত কিছু ৰাজনৈতিক দলৰ বাবে ধৰ্মীয় আবেগ অনুভূতি এতিয়া ভোটৰ খেলৰ কেঁচামাল সদৃশহে হৈ উঠিছে।
আমি দেখি আহিছো যে, অসমৰ প্রায় প্রত্যেক গাঁৱৰে ভিতৰত মুছলমান লোকৰ চুবুৰি একোটা থাকে, নতুবা হিন্দু লােকৰ গাঁওবোৰৰ ওচৰ-চুবুৰীয়া হিচাপে মুছলমান গাঁওবোৰ আছে। নলবাৰী জিলাৰ বৰভাগ মৌজাৰ ভিতৰত মোৰ গাঁওখনৰ পূবে-পশ্চিমে, উত্তৰে-দক্ষিণে চাৰিওফালে মুছলমান লোকৰ গাঁও। মোৰ গাঁওখন মুখ্যতঃ বামুণ, কলিতা অর্থাৎ উচ্চবর্ণৰ লোকৰ গাঁও। ১৯৫৫ চনৰ পৰা অর্থাৎ মোৰ মনত পৰা দিনৰে পৰা মই নিজ চকুৰে দেখিছো তাত হিন্দু-মুছলমানৰ মাজত গৰুৰ মাংস, গৰু কটা আদিক লৈ আজিলৈ কোনো ধৰণৰ কেতিয়াও সামান্যতমো উত্তেজনাই হোৱা নাই। ঈদ বা বিয়া-সবাহত হয়তো মুছলমান গাঁওবোৰত গৰু কাটে বা গৰুৰ মাংস খায়, সেইলৈ কোনো ধৰণৰ উত্তেজনা বা কথা-বতৰা আমি কেতিয়াও শুনা নাছিলো।
হিন্দুৰ বিয়া-সবাহত মুছলমান লোকক নিমন্ত্রণ কৰে আৰু মুছলমান লোকৰ বিয়া-সবাহত হিন্দু লোকক নিমন্ত্রণ কৰে আৰু অংশগ্রহণ কৰে। সামগ্রিকভাৱে অসমত গৰু কটা বা গৰুৰ মাংসক লৈ কোনো ধৰণৰ উত্তেজনাৰ পৰিস্থিতি হােৱা নাই। কেতিয়াবা কালী মন্দিৰত বা হিন্দু মন্দিৰত গো-মাংস ৰখা বাতৰি প্ৰচাৰিত হয়, কিন্তু শেষত প্রতিফলিত হয় যে এইবোৰ ৰাজনৈতিক কাৰণতহে কোনাে হিন্দু লোকেই হয়তাে গৰুৰ মাংস মন্দিৰত ৰাখে বা মুছলমান লোকেই গাহৰিৰ মাংস মছজিদত ৰাখি, দুটা সম্প্রদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে।
গৰু আমাৰ সমাজখনৰ অৰ্থনীতিৰ অতি প্রয়োজনীয় আৰু এৰাব নোৱাৰা অংশ, বিশেষকৈ সমাজৰ ৭০/৮০ শতাংশ দুখীয়া লোকৰ। তদুপৰি আজি অনেক ডেকাল’ৰাই বহুসংখ্যক অধিক গাখীৰ উৎপাদনকাৰী গৰু পালন কৰি গাখীৰ উৎপাদন কৰে, অর্থাৎ ডেইৰী উদ্যোগ খুলিছে। গাঁৱলীয়া হিন্দুধর্মীয় জনসাধাৰণেও গৰুৰ পৰা অকল গাখীৰ উৎপাদনেই নকৰে, গৰু বিক্ৰী কৰি তেওঁলোকৰ জীৱন-ধাৰণৰ বিভিন্ন কামকাজ বা আপদকালীন খৰচৰ জোৰা মাৰে।
১৯৫৭ চনৰ কথা। মোৰ দেউতা ডিব্ৰুগড় চহৰত থাকে গড়কাপ্টানি বিভাগৰ ঠিকা কৰে। ১৯৫৬ চনৰ ডিচেম্বৰ মাহৰ পৰা তেওঁ কামৰ বিল পোৱা নাই, বিত্তীয় অৱস্থা বেয়া, আমাৰ ঘৰলৈ টকা মানি-অর্ডাৰ কৰিব পৰা নাই। মই তৃতীয় শ্রেণী পাছ কৰি হাইস্কুলত এডমিচন ল'ব লাগে, ডাকঘৰত গৈ সদায় খবৰ কৰি থাকো মানি-অর্ডাৰ আহিছে নেকি। কিন্তু মানি-অর্ডাৰ অহা নাই। উপায় নাপাই আমাৰ মাই আমাৰ ঘৰত থকা চাৰি বছৰীয়া দমৰা গৰু এটা বিক্রী কৰি মোক হাইস্কুলত এডমিচন দিলে, স্কুললৈ যোৱা সাজ-পোছাক কিনি দিলে। এইটো এটা বিক্ষিপ্ত ঘটনা নহয়। গাঁৱলীয়া সমাজখনৰ হিন্দু লোকসকলৰো বা গৰুৰ মাংস নোখোৱা লোকসকলৰো গৰু অর্থনীতিটো জীৱন-জীৱিকা পথৰ অপৰিহার্য অংগ। আনকি অসমীয়াৰ বিহু গীতটো ইয়াৰ প্ৰতিফলন ঘটিছে এনেকৈ-
" হালৰে বেচিমে চেনাই কজলা দমৰা,
গোহালিৰ বেচিমে গাই
তেওঁ যদি ধনেৰে চেনাই জোৰাব নোৱাৰোঁ
বেচিম সোদৰৰে ভাই !!"
বিধানসভাত প্রস্তাৱিত বিধেয়কখনত আছে যে কেনেকুৱা ধৰণৰ গৰুক মাংসৰ বাবে বধ কৰিব পৰা যাব; ধাৰা 5(2) (a) the cattle, not being a cow, is over fourteen years of age; or (b) the cattle not being a cow or heifer or calf, has become permanently incapacitated from work or breeding due to accidental injury or deformity.
উক্ত ধাৰাটোত কোৱা হৈছে যে গাইগৰুৰ বাহিৰে সামগ্রিকভাৱে সকলো ধৰণৰ মতা গৰু যিবােৰে ১৪ বছৰ বয়স অতিক্ৰম কৰি গৈছে বা কোনো কাৰণত অক্ষম বা কামৰ অযোগ্য হৈছে তেতিয়াহে মাংসৰ বাবে বধ কৰিব পাৰিব। ইয়াতে প্রশ্নটো হ’ল এজন গাঁৱলীয়া লোকে যদি এজনী গাইগৰু পোহে আৰু পাঁচ বছৰত পাঁচটা দমৰা জন্ম দিয়ে তেওঁ সেই দমৰাকেইটাৰ ১৪ বছৰ বয়স নোহোৱালৈকে পুহি থাকিব লাগিব। কাৰণ এই গো-পালকজনে দমৰাকেইটা ১৪ বছৰ বয়স নোহোৱালৈকে মাংসৰ বাবে বিক্ৰী কৰিব নোৱাৰে, তদুপৰি গাইগৰুবােৰ গাখীৰ নিদিয়া হ'লেও বিক্রী কৰিব নোৱাৰে। মতা গৰুবােৰ কৃষিকর্ম বা গাড়ী টনাৰ বাবে বিক্ৰী কৰিব পাৰিব, কিন্তু আজিকালি গৰুৰে হাল বোৱা ব্যৱস্থাটো প্রায় নোহোৱা হৈছে, সকলাে ঠাইতে ট্রেক্টৰেৰে মাটি চহ কৰে আৰু গৰুগাড়ী নোহোৱা হৈছে। গতিকে মতা গৰুবোৰ বিক্ৰী নহ'ব, বিক্রী হয় মাত্র মাংসৰ বাবে বা ৰপ্তানিৰ বাবে।
ধৰা হ'ল এজন গো-পালকে দহজনী গাইগৰু পালন কৰিছে গাখীৰ উৎপাদনৰ বাবে। গো-পালকজনৰ গৰুৱে যদি দহ বছৰত ৭০টা দমৰা জন্ম দিয়ে, এই ৭০টা মতাগৰু ইহঁতৰ ১৪ বছৰ বয়স নোহোৱালৈকে পুহি থাকিব লাগিব। এই দহজনী গৰু যদি আঠ বছৰমানৰ মূৰত গাখীৰ নিদিয়া হয়, এই দহজনী গৰুকো পালন কৰি থাকিব লাগিব নমৰালৈকে। এইদৰে যদি বছৰে বছৰে গো-পালকজনে গৰুৰ সংখ্যা বঢ়াই থাকে দহ বছৰৰ মূৰত ১০০তকৈ অধিক অনুৎপাদনকাৰী গৰু পালন কৰি থাকিব লাগিব।
আজি অনেক অসমীয়া ল'ৰাই গৰুৰ ফার্ম বা ডেইৰীৰ সৃষ্টি কৰি গৰুৰ গাখীৰ উৎপাদন কৰে। তেওঁলোকে হয়তাে ৫০ৰপৰা ১০০টা গৰু ৰাখে। তেওঁলােকৰ এই গৰুবােৰে ৫ বছৰৰ মূৰত দুই-তিনিশ দমৰা জন্ম দিব, তদুপৰি বছৰি বহু গাইগৰু গাখীৰ নিদিয়া হৈ অনুৎপাদনকাৰী হ'ব। এওঁলোকে বহুশ গাখীৰ নিদিয়া গৰু পালন কৰি থাকিব লাগিব। অনুৎপাদনকাৰী গৰু পালন কৰোতেই মাহে বহু লাখ টকা এওঁলোকে খৰচ কৰিব লগা হ'ব। বর্তমান দুখীয়া মানুহে পেটৰ ভাত যোগাৰ কৰিবলৈ কিডনী বিক্ৰী কৰিবলগীয়া হৈছে, গৰুক খুৱাই ৰাখিব কেনেকৈ? অৱশেষত এওঁলোকে গৰুৰ ফার্ম (ডেইৰীখনে বন্ধ কৰি দিব লাগিব। ঠিক সেইদৰে গাঁৱৰ মানুহবোৰে যেতিয়া অনুৎপাদনকাৰী গৰুবোৰ পালন কৰি থাকিব লাগিব গৰু পালন কৰাটোৱেই বাদ দিব। তদুপৰি পালন কৰিব নোৱাৰি যদি গৰুবোৰ এৰি দিয়ে, গাঁওবোৰৰ সমস্যা হৈ পৰিব, চাৰিওফালে গৰুৱে গৰু হ'ব আৰু কোনােৱে শস্যৰ খেতি কৰিব নােৱাৰিব গৰুৰ উৎপাতত এই মুকলি হৈ ফুৰা গৰুবোৰে বিভিন্ন শস্যবোৰ খাই নষ্ট কৰি পেলাব।
মুখ্য কথা হ’ল ৰাজ্যখনৰ গাখীৰ আৰু গৰুৰ অর্থনীতিটো ভাঙি পৰিব। গাঁৱলীয়া লোকসকলে গৰু পালন কৰি গাখীৰ উৎপাদনৰ উপৰি গৰু বিক্ৰী কৰি জীৱন-নির্বাহৰ বিভিন্ন বিষয়ত যে খৰচ কৰিছিল তাৰ মুদা মৰিব। অসমীয়া ডেকা ল'ৰাবোৰে যে গৰুৰ ফার্ম বা ডেইৰী খুলিছিল, সেইবোৰ বন্ধ হৈ যাব। ৰাজ্যখনত গাখীৰ উৎপাদন প্রক্রিয়াৰ ওপৰত ভাল মাধমাৰ পৰিব। গাঁৱৰ মানুহৰ দৰিদ্রতা বৃদ্ধি পাব, তেওঁলােকৰ দুখ-যন্ত্রণা বৃদ্ধি হ'ব। ৰাজ্যখনত গাখীৰ উৎপাদনৰ লগত বা গো-পালনৰ লগত জড়িত থকা লাখ লাখ লােক নিবনুৱা হ’ব। এই প্রস্তাৱিত বিধেয়কখন যদি আইনত পৰিণত হয়, ৰাজ্যখনৰ গো আৰু গাখীৰ অৰ্থনীতিৰ ওপৰত মাধমাৰ মৰা হ’ব। সামগ্রিকভাৱে ৰাজ্যখনৰ অর্থনীতিত কু-প্ৰভাৱ পৰিব। কোটি কোটি লোকৰ জীৱন-জীৱিকাৰ পথৰ সংকট আহি পৰিব।
অর্থনীতিৰ দৃষ্টিৰ পৰা চৰকাৰখনে অসমৰ যুৱ-প্ৰজন্মক উৎসাহিত কৰিব লাগিছিল, গো-পালনত আৰু গৰু ৰপ্তানিৰ বাবে বাংলাদেশ এখন ডাঙৰ বজাৰ। চোৰাং কৰি নহয় আইনগত ভাৱে অসমৰ গো-পালকসকলক গৰু ৰপ্তানিৰ সুবিধা কৰি দিলে বহু লাখ লোকৰ কর্মসংস্থান হ'লহেঁতেন। ইংলেণ্ডকে ধৰি ইউৰােপৰ বহু দেশত গৰু ৰপ্তানিয়ে বহু লাখ লোকক জীৱন-নির্বাহৰ পথ দিয়ে। এই বিধেয়কখন আইনত পৰিণত হৈ বলৱৎ হলে গৰুৰ সুৰক্ষা নহ'ব, গৰুৰ সংখ্যাহে মাৰাত্মক ভাৱে হ্রাস পাব। মানুহে অতিৰিক্ত গৰু পালনৰ ভয়ত গৰু পালন কৰাই এৰি দিব। ৰাজ্যখনত গাখীৰ উৎপাদনে তীব্র আকাৰত হ্রাস পাব।
আমাৰ সাধাৰণতে ধাৰণা যে হিন্দুধর্মীয় লোকে কেতিয়াও গৰুৰ মাংস নাখাইছিল, কিন্তু বিভিন্ন ধর্মীয় গ্রন্থ পঢ়িলে আমি জানিব পাৰো যে হিন্দু ধর্মীয় লােকৰাে গৰু প্রিয় খাদ্য আছিল। অর্থনৈতিক কাৰণতহে হিন্দু লোকে গৰুক পূজা কৰিছিল আৰু গৰুৰ মাংস খোৱাটো একালত নিষিদ্ধ কৰিছিল।
হিন্দু সমাজ আৰু গো-মাংসঃ
অধ্যাপক জয়ন্তানুজ বন্দোপাধ্যায়ে তেখেতৰ 'মহাকাব্য আৰু মৌলবাদ’ নামৰ গ্ৰন্থখনত হিন্দুধর্মীয় লোকসকলৰ বিশেষকৈ ব্রাহ্মণসকলৰ গো-মাংস যে অতি প্রিয় খাদ্য আছিল আৰু সকলো হিন্দু লোকে গৰুৰ মাংস খাইছিল, ইয়াৰ তথ্যগত প্রমাণ হিচাপে হিন্দুসকলৰ ধর্মীয় গ্রন্থবােৰৰ, যেনে— ঋবেদ-সংহিতা, অথৰ্ব্ববেদ-সংহিতা, শতপথ-ব্রাহ্মণ, বৃহদাৰণ্যকোপনিষদ, হিৰণ্যকেশী গৃহসূত্র, মনুস্মৃতি, কৌটিল্যৰ অর্থশাস্ত্র আদিবোৰৰ প্ৰাসংগিক পৰিচ্ছেদসমূহ পুনর্মুদ্রণ কৰিছে। হিন্দু সমাজৰ এই ধর্মশাস্ত্ৰৰ উক্তিবোৰৰ পৰা স্পষ্টভাৱে প্রমাণ কৰে যে জীৱন-ধাৰণৰ কাৰণে বহু হিন্দুধর্মীয় লোকে গাে-মাংস ভক্ষণ কৰিছিল। পৰৱৰ্তীকালত অর্থনৈতিক কাৰণতহে গো-হত্যা নিষিদ্ধ কৰা হৈছিল।
আলবেৰুণীয়ে এই প্রসংগত লিখি গৈছিল— ‘আমি মনত ৰাখিব লাগিব যে গৰু এনেকুৱা এটি প্রাণী যিয়ে মানুহৰ অনেক প্রয়োজনত জৰুৰী। গৰুৱে সামগ্রী কঢ়িয়াই, কৃষিক্ষেত্ৰত মাটি চহায় আৰু বীজ ৰোপণত অপৰিহাৰ্য, গাখীৰ আৰু দুগ্ধজাত দ্রব্যৰে পৰিয়ালৰ ভৰণপোষণ দিয়ে। গোৱৰ অনেকভাৱে ব্যৱহৃত হয়। শীতকালত আনকি গৰুৰ নিঃশ্বাসো মানুহৰ কামত লাগে। এই কাৰণেই গৰুৰ মাংস খােৱাটো নিষিদ্ধ কৰা হৈছে। বেবিলনৰ লোকসকলে যেতিয়া অলহাজাজেৰ ওচৰত অভিযোগ কৰিছিল যে গো-হত্যাৰ ফলত দেশ ক্রমশঃ মৰুভূমিত পৰিণত হৈছিল, তেতিয়া তেৱোঁ গো-হত্যা নিষিদ্ধ কৰিছিল। (Alberuni's India, tr. Edward C. Sachau ed. and ab.
Ainslee T. Embree, ww. Norton, New York, 1971 Ch. LXIII)। এই বিষয়ত সন্দেহৰ অৱকাশ নাই যে জনসংখ্যা বৃদ্ধি আৰু অর্থনৈতিক অনগ্ৰসৰতাৰ ফলত কৃষিপ্রধান দেশত সম্পদ হিচাপে গৰুৰ মূল্য ক্রমশঃ খাদ্যমূল্যক অতিক্ৰম কৰি থাকিছিল। যান-বাহনৰ কাৰণে গাখীৰ, ঘি, চানা, মাখনৰ কাৰণে, সাৰৰ কাৰণে, ইন্ধনৰ বাবে, ঘৰ নিৰ্মাণত গোৱৰৰ ব্যৱহাৰ বাবে গৰুৰ আর্থিক মূল্য গৰুৰ মাংসৰ খাদ্যমূল্যতকৈ অনেক বেছি হৈ পৰিছিল। স্বামী বিবেকানন্দয়ো গো-হত্যা নিষিদ্ধকৰণ অর্থনৈতিক কাৰণৰ বাবে বুলি মত প্রকাশ কৰিছিল। কালক্ৰমত দেখা গ'ল যে আমি যিহেতু কৃষিজীৱী জাতি, সেই কাৰণে সবাতোতকৈ ভাল বলধবোৰ মাৰি পেলোৱাটো জাতিক হত্যা কৰাৰে সমার্থক। সেয়ে এই প্রথা বন্ধ কৰা হ'ল আৰু গাে-হত্যাৰ বিৰুদ্ধে এটা মত গঢ়ি উঠিল।
‘মহাকাব্য আৰু মৌলবাদ’ গ্ৰন্থখনৰ পৰা হিন্দু লোকে গো-মাংস খোৱাৰ প্রাসংগিক কেইটামান পৰিচ্ছেদ উদ্ধৃতি দিয়া হ'ল। যেনে—ইন্দ্ৰৰ ওচৰত প্রার্থনা কৰা হৈছিল, ‘তুমি তোমাৰ কাৰণে পোন্ধৰ-বিশটা ষাঁড়গৰু ৰান্ধি দিয়া, মই এইবোৰ খাই মোৰ উদৰৰ দুয়োদিশ পূর্ণ কৰো আৰু মোৰ শৰীৰ স্থুল কৰো। (ঋগবেদ সংহিতা, ১০/৭/৬, ১০/৮৪/১৪) ঋগবেদ সংহিতাত “বিবাহসূক্তে’ কন্যাৰ বিবাহ উপলক্ষে সমাগত অতিথি-অভ্যাগতসকলক গো-মাংস পৰিৱেশনৰ কাৰণে একাধিকভাৱে বলি দিয়াৰ বিধান আছে। (ঋগবেদ সংহিতা, ১০/৮৫/১৩)।
হিৰণ্যকেশীয়ে গৃহ্যসূত্ৰত গৰু বলি দি সেই মাংস ৰােষ্ট কৰি ঘিঁ আৰু ভাৰ লগত মিহলাই প্রয়াত পূর্বপুৰুষসকলৰ উৎসর্গ কৰাৰ নির্দেশ দিয়া আছে আৰু এই বিষয়ে বিস্তাৰিত বিধান দিয়া হৈছে (হিৰণ্যকেশী গৃহ্যসূত্র, ২/৫/৯-১৩)। বশিষ্ঠস্মৃতিত ব্রাহ্মণ, ৰাজা, অভ্যাগতসকলৰ কাৰণে ডাঙৰ ষাঁড় অথবা ডাঙৰ পঠাৰ মাংস ৰান্ধি আতিথ্য কৰাৰ বিধান দিছে। (বশিষ্ঠস্মৃতি, ৪/৮) স্বামী বিবেকানন্দই লিখিছিল— এই ভাৰতবৰ্ষত এনেকুৱা এটা দিন আছিল যে ব্রাহ্মণে গৰুৰ মাংস নাখালে তেওঁ ব্রাহ্মণ হৈয়ে থাকিব নোৱাৰে। আমি বেদত পঢ়িছো যে যেতিয়া কোনো সন্ন্যাসী ৰাজা অথবা আঢ্যবন্ত লোক অতিথি হিচাপে মানুহৰ ঘৰলৈ আহে তেতিয়া আটাইতকৈ ভাল ষাঁড়গৰুটোকে হত্যা কৰা হৈছিল আতিথ্যৰ কাৰণে। বিষ্ণুপুৰাণত (৩/১৬) কৈছে যে ব্রাহ্মণসকলৰ গো-মাংস খাই হৰিশ কৰিলে পিতৃগণ এঘাৰ মাহ পর্যন্ত তৃপ্ত থাকে।
এই পৌৰাণিক পটভূমিবোৰকো উলাই কৰি এতিয়া নতুন জনবিশ্বাসত গঢ় লোৱা ধৰ্মীয় গোড়ামিয়ে দেশত জোৱাৰৰ ৰূপ লৈছে। গতিকে, 'সাম্প্ৰতিক ৰাজনীতিৰ' লাভজনক বিষয় গো-হত্যাৰ ক্ষেত্ৰত ধৰ্মৰ বাধ্যবাধকতাৰ অজুহাত দেখুৱাই বিজেপি দল তথা বিজেপি চৰকাৰে দেশৰ অর্থনীতিলৈ বিপর্যয় মাতি আনিব খুজিছে। ই বহু কোটি দুখীয়া জনসাধাৰণ বিশেষকৈ হিন্দুধর্মীয় জনসাধাৰণৰ জীৱনলৈ দুখযন্ত্রণা কঢ়িয়াই আনিব। এই গো-হত্যা নিষিদ্ধকৰণৰ দ্বাৰা বহু কোটি লোক দৰিদ্র সীমাৰেখাৰ তললৈ নামি যাব, যিবোৰে হয়তো কেতিয়াও সংবাদ শিৰোনামত স্থানো নাপাব, সেই কথাও কিন্তু নিশ্চিত।
লেখকৰ ফোনঃ ৯৪৩৫০৪১২০৩, তেখেতৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ANANTA-KALITA
No comments:
Post a Comment