শ্ৰদ্ধাঞ্জলিঃ কটনৰ সবাতোকৈ ৰূপহী গৰাকীৰ পৰা প্ৰজ্ঞাৰ অধিকাৰিণীলৈঃ ড° অনিমা গুহৰ 'বিদুষী জীৱন' :: ৰিপুঞ্জয় গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলিঃ কটনৰ সবাতোকৈ ৰূপহী গৰাকীৰ পৰা প্ৰজ্ঞাৰ অধিকাৰিণীলৈঃ ড° অনিমা গুহৰ 'বিদুষী জীৱন' :: ৰিপুঞ্জয় গগৈ

শ্ৰদ্ধাঞ্জলিঃ কটনৰ সবাতোকৈ ৰূপহী গৰাকীৰ পৰা প্ৰজ্ঞাৰ অধিকাৰিণীলৈঃ ড° অনিমা গুহৰ 'বিদুষী জীৱন' :: ৰিপুঞ্জয় গগৈ

Share This
কটনৰ সবাতোকৈ ৰূপহী গৰাকীৰ পৰা প্ৰজ্ঞাৰ অধিকাৰিণীলৈঃ ড° অনিমা গুহৰ 'বিদুষী জীৱন'  ৰিপুঞ্জয় গগৈ, DR ANIMA GUHA, LIFE & TRIBUTE
কটনৰ সবাতোকৈ ৰূপহী গৰাকীৰ পৰা প্ৰজ্ঞাৰ অধিকাৰিণীলৈঃ
ড° অনিমা গুহৰ 'বিদুষী জীৱন' 
ৰিপুঞ্জয় গগৈ
(১)
কোনোৱেই বেয়া নোপোৱা আৰু কাৰো বিৰুদ্ধেই বেয়াকৈ নোকোৱা কটনৰ সবাতোকৈ ৰূপহী গৰাকী... হয়, ডঃ মহেন্দ্ৰ বৰাদেৱে তেওঁৰ আত্মজীৱনী "উপলা নদীৰ দৰে" ত কটন কলেজৰ যিগৰাকী সবাতোতকৈ ৰূপহী ছোৱালীৰ কথা লিখিছে সেই ৰূপহীৰ বায়েককেই পাছত ডঃ বৰাই বিয়া কৰাইছিল । ডঃ বৰাৰ পত্নী গীতা দাস আছিল তেতিয়া কটনৰ সংগীত ,সাংস্কৃতিক বিভাগৰ সম্পাদক । গীতা দাসৰ যিগৰাকী ৰূপহী ভনীয়েকৰ কথা ডঃ বৰাই লিখিছিল সেইগৰাকী গীতা দাসৰ নিজৰ খুৰাকৰ জীয়েক ভনীয়েক হৈছে অনিমা দাস ,পাছলৈ অনিমা গুহ, অথবা ডঃ অনিমা গুহ ।
কটনৰ সবাতোকৈ ৰূপহী গৰাকীৰ পৰা প্ৰজ্ঞাৰ অধিকাৰিণীলৈঃ ড° অনিমা গুহৰ 'বিদুষী জীৱন'  ৰিপুঞ্জয় গগৈ, DR ANIMA GUHA, LIFE & TRIBUTE
যোৰহাটৰ চৰকাৰী ছোৱালী বিদ্যালয়ৰ পৰা 1947 চনতেই কৃতিত্বৰে মেট্ৰিক পাছ কৰি (জন্মঃ26.3.1932) কটনত নাম ভৰ্তি কৰা অনিমা দাসৰ ৰূপ ,লাৱণ্যতকৈ তেওঁৰ চমকপ্ৰদ বিদ্যায়তনিক কৃতিত্বৰেহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । পিছে বি এছ চি লৈকে পদক প্ৰাপ্তিৰে সফলতাৰে উত্তীৰ্ণ হোৱা মেধা ছাত্ৰী গৰাকীৰ অকালতে গুণী পিতৃৰ মৃত্যু হোৱাত তেওঁ বি এছ চি কৰিয়েই পৰিয়ালৰ দায়িত্ব লৈ কোকৰাঝাৰ আৰু অভয়াপুৰীত গণিত আৰু বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। দীৰ্ঘ আঠ বছৰ শিক্ষকতা কৰাৰ পাছত বিবাহ সূত্ৰে অসমীয়া জীয়ৰী অনিমা দাস গৈ অনিমা গুহ হয়গৈ । আৰু বিদ্যানুৰাগী স্বামীৰ উৎসাহত তেওঁ বি এছ চি কৰাৰ আঠ বছৰৰ পাছত দিল্লী বিশ্ববিদ্যালয়ত নৃতত্ব বিভাগত নাম ভৰ্তি কৰি নিজৰ শ্ৰম আৰু মেধাৰ গুণত আজিলৈকে অসমীয়া ছোৱালীৰ মাজত অভিলেখ ৰাখি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম এছ চি ডিগ্ৰী লাভ কৰে। পাছত আকৌ তেনেই অগতানুগতিক বিষয়ত গৱেষণা কৰি তেওঁ ডঃ অনিমা গুহ হয়গৈ । বিনয়ী মানুহগৰাকীয়ে নিজেই নিজৰ নামৰ আগত কেতিয়াও কিন্তু ডঃ নিলিখে। আনেহে লিখে। যমজ সন্তানক লৈ কৰা ডঃ অনিমা গুহৰ গৱেষণাৰ শিৰোনাম আছিল "A study of Inheritance of some Morphological and Behevioural Trits" .
(২)
ধুবুৰী ,কোকৰাঝাৰৰ ছোৱালী জনীয়ে যোৰহাট, গুৱাহাটীত স্কুল- কলেজ পঢ়ি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ অগতানুগতিক বিষয়ত ডক্টৰেট ডিগ্ৰী লোৱা চমকপ্ৰদ বিদ্যায়তনিক কৃতিৰ বাবেই এসময়ৰ অনিমা দাস আৰু পাছলৈ ডঃ অনিমা গুহ হোৱা মানুহগৰাকীক আমি আমাৰ চৰ্চাৰ বিষয় হিচাপে উপযুক্ত, প্ৰয়োজনীয় ব্যক্তি বুলি বিবেচনা কৰা নাই । আকৌ তেওঁ আমাৰ দেশ, ৰাজ্যৰ প্ৰখ্যাত সমাজ-তত্ববিদ তথা সুখ্যাত কবি, বুৰঞ্জীবিদ ডঃ অমলেন্দু গুহৰ পত্নী হোৱাৰ বাবেই তেওঁ আমাৰ চৰ্চাৰ চৰিত্ৰ হোৱা নাই। নিজৰ আন এটা আৰ্জিত দৃঢ় সামাজিক পৰিচয়ৰ বাবেই তেওঁ আজি আমাৰ বহুতৰ বাবেই এক অননুপেক্ষণীয় ব্যক্তিত্ব। 

তেওঁ আকৌ ঘটনাক্ৰমে কেৱল এজন বিখ্যাত লোকৰ পত্নীয়েই নহয়, বিখ্যাত পুত্ৰ ,বোৱাৰী, নাতিৰ ক্ৰমে গৌৰৱান্বিত মাতৃ ,শাহু আৰু আইতাকো। মোতকৈ দহদিনৰ সৰু পুত্ৰ ডঃ সুপ্ৰতীক গুহ চিকাগো বিশ্ববিদ্যালয়ৰ মেটেৰিয়েল চাইন্সৰ অধ্যাপক তথা সুখ্যাত বৈজ্ঞানিক। আৰু একেই খড়গপুৰৰ আই আই টিয়ান বোৱাৰী মণীষা আজি ভাৰতৰ সমস্ত মিডিয়াৰ নিউজ হোৱাকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য কাৰিকৰী উপদেষ্টা। আকৌ নাতি দুটা ক্ৰমে হাৰ্ভাড বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ ইকনমিক্সত ডক্তৰেট আৰু এম আই টিৰ গৱেষক। এই সকলোৰে সফলতা আৰু উত্তৰণত পত্নী ৰূপে, মাতৃৰূপে, শাহুৰূপে আৰু আইতাকৰূপে ডঃ অনিমা গুহৰ প্ৰত্যক্ষ অৱদান থকাৰ কথা এই অভাজনেও তেওঁৰ সৈতে আজি ডেৰকুৰি বছৰ ধৰি দীৰ্ঘকাল উঠা বহা কৰা ব্যক্তি হিচাপে জানো ।
(৩)
এগৰাকী পণ্ডিত, প্ৰতিবাদী লেখক আৰু সৰস ৰচনাভংগীৰ বাবে ডঃ অনিমা গুহ আমাৰ সবাৰেই পৰিচিত নাৰী। অতি স্বাভাৱিক ভাৱে গৰুগাড়ীত উঠাৰ পৰা উৰাজাহাজত উঠালৈকে , সৰল গ্ৰাম্যজীৱনৰ অভিজ্ঞতাৰ পৰা মেট্ৰপলিটান জীৱনৰ অভিজ্ঞতালৈকে বিচিত্ৰ অভিজ্ঞতাৰে অভিজ্ঞ ডঃ অনিমা গুহ। দেশ বিশ্বৰ বিভিন্ন বিদ্বান ব্যক্তিৰ পৰা সমাজৰ একেবাৰেই সাধাৰণ প্ৰান্তিক লোকলৈকে তেওঁৰ আছিল আন্তৰিক সহজ হলিগলি। এইবোৰৰ সৈতে তেওঁৰ বিশাল অধ্যয়ণেৰে মানুহগৰাকীৰ পাণ্ডিত্য আৰু ব্যক্তিত্বক বিশেষ ভাৱে গঢ় দিয়ে । আমি এই চমু লেখাটোত 89 বছৰ বয়সত সদ্য মৃত্যু হোৱা (29.7.2021) ডঃ অনিমা গুহ বাইদেউৰ সম্পৰ্কে পূৰ্ব নেলেখা দুটামান বিশেষ গুণৰ কথা লিখিব বিচাৰিছো, যিবোৰ কথাই আমাৰ সকলো সুহৃদকেই অনুপ্ৰাণিত কৰিব ।
(৪)
কোনোবাই যদি জীৱনত ডঃ অনিমা গুহ বাইদেউক একঘন্টাৰ বাবেও লগ পাইছে অথবা তেওঁৰ যিকোনো এখনো গ্ৰন্থ পঢ়িছে তেওঁ অনিমা বাইদেউৰ প্ৰতি চিৰকাল মুগ্ধ হৈ থাকিব । আপোনাক বা মোক ভাল পোৱা মানুহৰ সৈতে বেয়া পোৱা মানুহো আছে । কিন্তু ডঃ অনিমা গুহ বাইদেউক মই আজি ডেৰকুৰি বছৰৰ ঘণিষ্ঠ সানিধ্যত থাকি অতি আশ্বৰ্য্যৰে লক্ষ্য কৰিছো যে তেওঁক দেখোন কোনো মানুহেই বেয়া নাপায়। আটাইতকৈ ডাঙৰ কথা, প্ৰতিবাদী আৰু অতি নাৰীবাদী লেখক হোৱা সত্বেও অতি নম্ৰ ভদ্ৰ, সংস্কৃতিবান বাইদেউৱে কোনো মানুহৰ বিৰুদ্ধেই কেতিয়াও একো বেয়াকৈ নকয়। এটা উচ্চস্তৰৰ মানসিকতা অথবা এটা বিশেষ সাংস্কৃতিক মন নাথাকিলে এনে চৰিত্ৰ বা প্ৰজ্ঞাৰ অধিকাৰিণী হোৱাৰ সম্ভৱ নহয় ।
(৬)
অনুকৰণীয় শৃংখলা ,কঠোৰ নিয়মানুবৰ্তিতা ,আৰু নিজৰ কামৰ প্ৰতি থকা বিৰল নিষ্ঠা অনিমা বাইদেউৰ চৰিত্ৰৰ এক অবিস্মৰণীয় বৈশিষ্ট্য । অসমীয়া খবৰ কাকতত প্ৰায় কুৰিবছৰ ধৰি বাইদেৱে তেওঁৰ নিয়মীয়া স্তম্ভ লিখিছিল। একেসময়তে মইও প্ৰতি শনিবাৰে কাকতখনত স্তম্ভ লিখো। কেতিয়াবা কিবা অসুবিধা হলে বছৰটোত মোৰ দুই এটা লিখাৰ বিৰতি পৰে। কিন্তু জীৱনৰ আশী বছৰ পাৰ কৰাৰ পাছতো অনিমা বাইদেউৰ কলম আছিল অবিৰত। এটা সংখ্যাৰ লেখাও বাইদেউৰ বাদ নপৰে। 

আমেৰিকালৈ পুতেকৰ ওচৰলৈ চাৰি পাঁচ মাহৰ বাবে যাবলৈ ওলাই বাইদেউৱে একেলগে 16/20 টা লিখা কাকতক দি যায় বিভাগীয় কুমুদ ৰঞ্জন দাসদাৰ হাতত। কাকতলৈ এইবোৰ মই বা মোৰ ভাই খাইৰুল আলমে নিও । পঢ়ুৱৈ আচৰিত হব যে বাইদেউৰ এইবোৰ 80/90 বছৰ বয়সৰ লেখা কিবা লঘু, সাংবাদিকতাধৰ্মী লেখা মুঠেও নহয় । তথ্যপূৰ্ণ, পাণ্ডিত্যপূৰ্ণ আৰু লগতে অতি ৰসাল প্ৰৱন্ধৰ সমূহহে এইবোৰ।
(৬)
কেৱল কলম কাগজতেই লাগি থকা মানুহ নহয় বাইদেউ । মই/আমি যেতিয়া প্ৰায়েই সন্ধ্যাবেলা বাইদেউৰ উলুবাৰীৰ ঘৰলৈ যাওঁ তেতিয়া বাইদেৱে আমাক বিভিন্ন খাদ্যৰে আপ্যায়ান কৰে। আটাইতকৈ ভাল পাওঁ বাইদেউৰ গোৱালপৰীয়াৰ বিখ্যাত কড়াই । পাছলৈ বাইদেউ দুৰ্বল হলত সহায়কাৰীক সুৰক দিহা দি আমাক বিধে বিধে খুৱাই।

আমেৰিকাৰ পো নাতিৰ ওচৰলৈ যোৱাৰ আগতে (ডঃ গুহ চাৰ তালৈ যাবলৈ বৰ ভাল নাপায় বাবে বাইদেৱে তালৈ প্ৰায় অকলেই যায়)। এবাৰ বাইদেৱে চাৰকে আৰু বিয়ৈকে আমেৰিকালৈ লৈ যোৱা কথাটো মোক ৰসিকতা কৰি কৈছিল যে যাওঁতে মই মতা মানুহ এজন হৈ এওঁলোকক লৈ গলো আৰু আমেৰিকা পাই মহিলা হৈ পাকঘৰত সোমালো ,বিপৰীতে এওঁলোক দুজন তাত গৈ মতা, পুৰুষ হৈ পৰিল !!) অনিমা বাইদেৱে নাতি দুটালৈ নিজ হাতে ঊলৰ মোজা ,চুৱেটাৰ গুঠি নিয়ে। আমেৰিকাৰ পৰা বাইদেৱে মোলৈ দিয়া চিঠিত লিখে কিদৰে বাইদেৱে নাতি দুটাক পিঠিত তুলি হাতী ঘোঁৰা খেলিছে ,,,(বহুকাল ডঃ গুহৰ ঘৰ মোৰ চিঠিৰ ঠিকনা আছিল ) বাইদেৱে পিঠিত তোলা নাতি দুটা এতিয়া বিশ্বখ্যাত হাৰ্ভাডৰ ডক্টৰেট তথা এটা M I T ৰ গৱেষক। 

আজি দুবছৰৰ আগতে আইতাকক দেখুৱাবলৈ মৰমৰ নাতি দুটাই আমেৰিকাৰ পৰা গুৱাহাটীলৈ সিহঁতৰ গাৰ্ল ফ্ৰেইণ্ড দুজনীক লৈ আনিছিল। এজনী চীনৰ মূলৰ, আনজনী কানাডা মূলৰ। ইয়াত পশ্চিমীয়া উশৃংখলতা নাই কিন্তু । ছোৱালী দুজনীক সিহঁতৰ পৰিয়ালে ল'ৰা দুটাৰ বাপেক মাকৰ তত্বাৱধানত পঠাইছিল। ভাৱিব নোৱাৰা অত্যাধুনিক চিন্তাৰ অনিমা বাইদেউ আকৌ অসমীয়া ঐতিহ্যৰ প্ৰতিও অতি সচেতন। আমাতকৈ অলপ বেছি অসমীয়াবাদী। বাইদেৱে মোক এই পৃথিবীত দীৰ্ঘকাল জীয়াই থাকিবলৈ কৰা হেঁপাহটোৰ পক্ষত কয় যে এই পৃথিবীত মানুহে কৰি থকা নতুন নতূন আৱিষ্কাৰবোৰ মোৰ চাই যাবলৈ মন ,,,,,
(৮)
বৌদ্ধিক কাম কাজত বাইদেউৰ যি নিষ্ঠা তাক জানিলে সকলোৱে বাইদেউৰ প্ৰতি সকলোৱে শ্ৰদ্ধাত মূৰ দোৱাব । এখন বিখ্যাত কাকত আলোচনীৰ বাবে বাইদেৱে যিমান গুৰুত্ব দি আৰু মনযোগেৰে লিখে একেবাৰে অখ্যাত ,গুৰুত্বহীন এখনৰ বাবেও তেওঁ একে সমান গুৰুত্ব, মনযোগেৰে লিখে । 

ক'ৰবাত বিশিষ্ট বক্তা হৈ ভাষণ দিবলৈ হল ,প্ৰৱন্ধ এটা লিখিব লাগে তাৰ বাবে বাইদেৱে প্ৰয়োজনীয় তথ্য বিচাৰি সদায়ে চিৰিয়াচ গৱেষকৰ দৰেই কঠোৰ শ্ৰম কৰে। বিভিন্ন কিতাপ পত্ৰ ঘটাৰ লগতে মোক বা তোষপ্ৰভা কলিতা বাইদেউক ইটো সিটো সুধি লয়। অগাধ পাণ্ডিত্য অধিকাৰিণী বাইদেৱে মৃত্যুৰ আগলৈকে নব্বৈৰ উপকণ্ঠত ৰৈও ইলিয়াডখন অনুবাদ কৰি আছিল । নিৰুপমা বৰগোহাঞি বাইদেৱে কৰিছিল ওডিচীখন ।
(৯)
তথাকথিত সৰু মানুহক ,প্ৰান্তিক লোকক আপুনি কেনে ব্যৱহাৰ কৰে তাতেই আপোনাৰ চৰিত্ৰ ,ব্যক্তিত্ব ফুটি উঠে । অনিমা বাইদেৱে ঘৰৰ সহায়কাৰী সকলক সদায় ভাতৃ ,ভগ্নী বা সন্তানৰ দৰে জ্ঞান কৰে । এওঁলোকৰ ভৱিষ্যতৰ ব্যৱস্থাও কৰিছে বাইদেৱে। বাইদেউৰ উদাৰ আশ্ৰয় ,প্ৰশ্ৰয় লাভ কৰি বহুতো সহায়কাৰীয়ে চাৰ বাইদেউকহে সিহঁতৰ অধীন বুলি ভবা ,আচৰণ কৰা আমি দেখিছো !! আগতে বাইদেউহঁতৰ সহায়কাৰী ল'ৰা ভূপেনক ডঃ গুহ চাৰে আনক তেওঁলোকৰ লাইব্ৰেৰীয়ান বুলিহে চিনাকী দিছিল ।
(১০)
অনিমা বাইদেউ বাইদেউ বিভিন্ন কথা কৰ্মত কেনে সুশৃংখল ,পৰিপাটি তাক তেওঁৰ অপাৰেশ্যনৰ সময়ত দেখিছিলো। আজিৰ পৰা দহবছৰৰ আগতে তেওঁ বুকুত পেচ মেকাৰ লগাওতে বাইদেউৰ গাৰ্জেন হৈছিল এই ৰিপুঞ্জয় গগৈ আৰু খাইৰুল আলম । বাইদেৱে অ টিত সোমোৱাৰ আগতে মোক ৰাতি শুলে তেওঁৰ বেগৰ কোনখন স্কাৰ্ফ উলিয়াই গাত লম, আৰু কি খাম তাৰ বিশেষ দিহা দি কৈছিল যে মোৰ চেতনা আহিলেই চাৰক খবৰটো দিবা ।

গুহ চাৰক বাইদেউৰ সফল খবৰটো দিবলৈ গৈ জানিলো 87 বছৰীয়া চাৰ নিশ্চিন্ত টোপনিত। কথাটো জানি বাইদেৱে মোক কৈছিল-"ঘৈণী মৰে নে জীয়ে ঠিকনা নাই পিছে গৃহস্থ দুৰ্ঘোৰ নিদ্ৰাত"। এইয়াই আমাৰ বৰ্ণিল সাংসাৰিক যাত্ৰা ,,,,

উল্লেখ্য যে বাইদেউৰ সন্তানটো গৰ্ভত থাকোতে অধ্যাপক কমিউনিষ্ট স্বামী তেতিয়া কাৰাগাৰাৰত। সেই সময়ত ক্ষোভ গ্লানিত বাইদেৱে আজিৰ বিখ্যাত বৈজ্ঞানিক সন্তানটোৰ বোলে মৃত্যুহে কামনা কৰিছিল!! সেয়াও এক বিশেষ অধ্যায়।
(১১)
মোৰ বিভিন্ন লেখা বা গ্ৰন্থত ডঃ গুহ দম্পতীৰ কথা, প্ৰসংগ ইমানেই আছে যে তাক দেখি পঢ়ি মোক বাইদেৱে কৈছিল যে গোটেইবোৰ আমাৰ কথাই লিখিলাচোন ৰিপুঞ্জয়। বাইদেউৰ কথাত কিছু অতিশয়োক্তি থাকিলেও তেওঁলোকৰ ব্যক্তিত্ব ,পাণ্ডিত্যৰ সান্নিধ্যৰ প্ৰভাৱত মোৰ বহু লেখালৈকে তেওঁলোক উঠি আহিছে। আচৰিত ধৰণে তেওঁলোক নিজে পণ্ডিত মানুহ বাবেই মোকো পণ্ডিত জ্ঞান কৰিছিল।

মোৰ 2009 চনত প্ৰকাশ পোৱা "জীৱন আৰু নষ্ট নীতিবাগীশ " নামৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবলৈ গৈ বাইদেৱে নিজৰ আবুৱেকে (আইতাক ) দিয়া সোণৰ চেইনডাল হেৰুৱালে । চাৰক কথাটো কেতিয়াও নকলে বাইদেৱে। শুৱনি মানুহগৰাকীৰ অলংকাৰৰ প্ৰতি মোহ নাথাকিলেও পৈত্ৰিক সম্পদটো হেৰুৱাই মনত হয়তো বহু দুখ পাইছিল ।

এবাৰ বাইদেউক এহাল ন দম্পতিয়ে মিছা কথা কৈ টকা সৰকালে।পাছত বাইদেউৰ স্বৰূপ, ব্যক্তিত্বৰ কথা জানি সিহঁতে ক্ষমা খুজিলে।
(১২)
ডঃ অনিমা গুহ বাইদেউক কেতবোৰ মানুহে ইমান ভাল পাই যে সেয়া বহুতে নিজৰ আত্মীয়কো সিমান ভাল নাপায়। কটন কলেজিয়েট স্কুলৰ শিক্ষয়ত্ৰী মঞ্জুলা (এসময়ত ষ্টেণ্ড কৰা কঠোৰ নাস্তিক মঞ্জুলা বাইদেউৱে নিজৰ শৰ্মা উপাধি নেলেখে) বাইদেউৰ এনেকুৱা গুণমুগ্ধ ভনীয়েক যে বাইদেউৰ কেইবাখনো কিতাপ তেওঁৰ নিজৰ পেঞ্চনৰ ধনেৰে প্ৰকাশ কৰিছে। বিপন্ন প্ৰজাতি, মুক্ত চিন্তা, পিতাল পুত্ৰিকা আদি বাইদেউৰ বিখ্যাত গ্ৰন্থ প্ৰকাশ কৰাৰ পিছত এতিয়া তেওঁৰ কাকতত প্ৰকাশ পোৱা মুঠ ষাঠিটা প্ৰৱন্ধ লৈ "অবিৰত কলম" নামৰ এখন গ্ৰন্থ প্ৰকাশৰ যো-জো কৰিছে। হঠাত বাইদেৱে ইহলীলা সম্বৰণ কৰাত, কিছুদিনৰ বাবেই বাইদেউৰ হাতত গ্ৰন্থখন তুলি দিব নোৱাৰিলেও আমাৰ পঢ়ুৱৈয়ে অচিৰেই পঢ়িবলৈ পাব ডঃ অনিমা গুহৰ "অবিৰত কলম"।
বিশিষ্ট লেখিকা ডঃ অনিমা গুহ বাইদেউৰ লেখাবোৰ অসমীয়া ইউনিকোডত সংৰক্ষণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল অসমীয়াৰ সুখ-দুখে। তেখেতৰ সুখ-দুখত প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকটো হৈছে-

No comments:

Post a Comment