বিশ্লেষণঃ খিলঞ্জীয়া কোনঃ বিলুপ্তিৰ পথত নেকি বিশ্বৰ খিলঞ্জীয়া নৃ-গোষ্ঠীবোৰ? :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ খিলঞ্জীয়া কোনঃ বিলুপ্তিৰ পথত নেকি বিশ্বৰ খিলঞ্জীয়া নৃ-গোষ্ঠীবোৰ?  :: কিশোৰ কুমাৰ কলিতা

বিশ্লেষণঃ খিলঞ্জীয়া কোনঃ বিলুপ্তিৰ পথত নেকি বিশ্বৰ খিলঞ্জীয়া নৃ-গোষ্ঠীবোৰ? :: কিশোৰ কুমাৰ কলিতা

Share This

খিলঞ্জীয়া কোনঃ বিলুপ্তিৰ পথত নেকি বিশ্বৰ খিলঞ্জীয়া নৃ-গোষ্ঠীবোৰ?

কিশোৰ কুমাৰ কলিতা

বিভিন্ন দেশৰ লোকপিয়লসমূহৰ তথ্যই ইংগিত দি আহিছে যে বিশ্বৰ বুকুত দিনে দিনে খিলঞ্জীয়া নৃগোষ্ঠীসমূহৰ সংকট বাঢ়ি আহিছে। ইতিমধ্যে বহু নৃগোষ্ঠী চিৰদিনৰ বাবে হেৰাই গৈছে, বহু বিলুপ্তিৰ পথত। বহু গোষ্ঠীৰ আকৌ সামাজিক-সাংস্কৃতিক ৰাজনৈতিক পৰিচয় নিশ্চিহ্ন হোৱাৰ দৰে হৈছে। আমেৰিকাৰ বুকুতো এই সমস্যাই এক বিশাল ৰূপ ধাৰণ কৰাটো প্ৰণিধানযোগ্য।

বিগত ১৯৯৪ চনৰ ২৩ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত খিলঞ্জীয়া লোক সন্দৰ্ভত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সাধাৰণ পৰিষদৰ ৪৯/২১৪ শীর্ষক এক প্রস্তাৱযোগে প্রতিবছৰে ৯ আগষ্টৰ দিনাখন সমগ্র বিশ্বই পৃথিৱীৰ খিলঞ্জীয়া লোকৰ আন্তর্জাতিক দিৱস উদ্যাপন কৰিব বুলি এক সিদ্ধান্ত লোৱা হৈছিল। ১৯৮২ চনৰ এই একেই তাৰিখত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ বিষয়ত কৰ্মৰত দলৰ প্ৰথমখন সভাৰ স্মৰণতে এই দিনটো ধার্য কৰা হৈছিল। মানৱ অধিকাৰ সুৰক্ষা আৰু উন্নয়ন বিষয়ক উপ-আয়োগখনৰ এক সহায়ক সংস্থাস্বৰূপ এই কর্মী দলৰ জৰিয়তে ৰাষ্ট্ৰসংঘত খিলঞ্জীয়া লোকৰ অভিজ্ঞতা আৰু দাবীসমূহ উত্থাপন কৰাৰ এক সুযোগ সৃষ্টি কৰা হৈছিল। প্রতিবছৰে এই আন্তর্জাতিক খিলঞ্জীয়া দিৱসত এক নির্দিষ্ট বিষয় (theme)ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ২০২১ বৰ্ষৰ এই বিষয় হৈছে- 'কাকো পিচত এৰি নাহিবাঃ খিলঞ্জীয়া লোক আৰু এক নতুন সামাজিক সম্বন্ধৰ বাবে আহ্বান (Leaving no one behind : Indigenous peoples and the call for a new social contract)। এতিয়া প্রশ্ন হৈছে এক নতুন সামাজিক সম্পর্ক বা চুক্তিৰ বাবে আহ্বান জনাবলগীয়া পৰিস্থিতিৰ সূত্রপাত ঘটিছে কিহৰ বাবে?


দেখা গৈছে যে বিশ্বৰ ৯০ খন দেশত বসবাস কৰা প্রায় ৪৭৬ নিযুত (পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬.২ শতাংশ) খিলঞ্জীয়া লোকৰ ৮৬ শতাংশতকৈও অধিক লোক আজিও অসংগঠিত খণ্ডত কৰ্মৰত। ইয়াৰ বিপৰীতে সমগ্র বিশ্বৰ অখিলঞ্জীয়া লোকৰ ৬৬ শতাংশই অসংগঠিত খণ্ডত কাম কৰে। একেদৰে বিশ্বত যিমান সংখ্যক অ-খিলঞ্জীয়া লোক অত্যধিক দৰিদ্ৰতাত নিপীড়িত, তাতকৈ তিনিগুণ বেছি খিলঞ্জীয়া লোক দৰিদ্ৰতাৰ চূড়ান্ত পর্যায়ত থাকি জীৱন নির্বাহ কৰি আছে। সমগ্র পৃথিৱীৰ ৪৭ শতাংশ কৰ্মৰত খিলঞ্জীয়া লোকৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। অর্থাৎ আর্থিক, সামাজিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে পশ্চাদপদতাক আজিও হাত সাবটি জীয়াই থাকিব লগা হৈছে।


খিলঞ্জীয়া লোকসকলে, যিসকলে যুগ যুগ ধৰি প্ৰকৃতিৰ নিভৃত কোণত জীয়াই থাকি পৰিবেশ ভাৰসাম্য আৰু জীৱ বৈচিত্ৰ ৰক্ষা কৰাত মূল ভূমিকা গ্রহণ কৰি আহিছে। ঔদ্যোগিক উন্নয়ন আৰু ঔপনিৱেশিকতাবাদৰ জৰিয়তে এখন বৈষম্য, প্রকৃতিবিৰোধী সমাজ গঢ় দিয়া আগ্রাসী জাতি-জনগোষ্ঠীবোৰৰ তুলনাত এই খিলঞ্জীয়া লোকসকল জীয়াই থাকে এনে এখন দুনিয়াত যত ব্যক্তিগত পুঁজি, সা-সম্পত্তিৰ ধাৰণা আজিও অস্পষ্ট বা বিমূর্ত। আগ্রাসী জাতিবোৰৰ তুলনাত নিজৰ গোষ্ঠীটোৰ মাজতে আবদ্ধ হৈ থাকিব বিচৰা এই খিলঞ্জীয়া লোকসকল আজি হৈ পৰিছে উচ্ছেদ আৰু বঞ্চনাৰ মূল চিকাৰ। 


উদ্যোগ আৰু উন্নয়নৰ নামত এইসকল খিলঞ্জীয়াৰ ভূমি জোৰ-জদত আঁজুৰি লােৱা হৈছে। তেওঁলোকৰ ভাষা-সংস্কৃতি আগ্রাসী জাতিসমূহৰ আগত থাউকতে নোহোৱা হৈ পৰিছে। সর্বোপৰি গণতান্ত্রিক ৰাষ্ট্ৰ ব্যৱস্থাত সিদ্ধান্ত গ্রহণ প্রক্রিয়াত এইসকল লোকক গুৰুত্বহীন কৰি এক পৰিকল্পিত প্ৰক্ৰিয়াৰে সমগ্ৰ বিশ্বৰ খিলঞ্জীয়া লোকসকলক পেলাই ৰখা হৈছে এক পিচপৰা আর্থসামাজিক পৰিবেশত। সেয়েহে বিশেষকৈ ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে এক নতুন পদক্ষেপ। বিধিগত বা সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে আর্থিক ৰাজনৈতিক সিদ্ধান্ত গ্রহণ প্রক্রিয়া যাতে খিলঞ্জীয়া লোকসকলে অংশগ্রহণ কৰিব পাৰে ( যি সিদ্ধান্ত গ্রহণ ইমান দিনে আধিপত্যবাদী শ্রেণীসমূহে কৰি আহিছে) তাৰ বাবেই ২০২১ ৰ খিলঞ্জীয়া দিৱসৰ মুল থীম বা বিষয়টো নিৰূপণ কৰা হৈছে। 


খিলঞ্জীয়া কোন?

ইংৰাজী ইণ্ডিজেনাছ (indigenous) শব্দটোৰ অসমীয়া প্ৰতিৰূপ হিচাপে থলুৱা আৰু খিলঞ্জীয়া শব্দ দুটি সঘনাই ব্যৱহাৰ কৰা দেখা যায়। আন্তঃৰাষ্ট্রীয়ভাৱে ‘খিলঞ্জীয়া’ শব্দটিৰ এক সার্বজনীন গ্রহণযোগ্য সংজ্ঞা এইপর্যন্ত নির্ধাৰণ হোৱা নাই যদিও সংখ্যালঘুৰ বৈষম্য প্রতিৰোধ আৰু সুৰক্ষা সম্পর্কীয় উপ-আয়োগখনৰ স্পেচিয়েল ৰেপোর্টিয়ৰ যোছে আৰ মার্টিনেজ কোবে তেওঁৰ এক গৱেষণাত খিলঞ্জীয়া সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা আগবঢ়াই ছিল। আন্তর্জাতিক শ্রমিক সংঘৰ এখন সন্মিলনত খিলঞ্জীয়া আৰু জনজাতীয় লোক সন্দৰ্ভত এক আভাস দাঙি ধৰা হৈছিল। পাচলৈ কোবেয়ে তেওঁৰ বিখ্যাত গৱেষণাত খিলঞ্জীয়া সম্পর্কে এনেধৰণৰ এক সংজ্ঞা উল্লেখ কৰিছে- “খিলঞ্জীয়া সম্প্রদায়, জনগণ বা জাতিবোৰ হৈছে সেইসকল লোক, যিসকলে বহিৰাক্ৰমণৰ আগৰ (Pre-invasion) অথবা পূর্বঔপনিৱেশিকতাৰ সময়ছোৱাত তেওঁলোকৰ এলেকাবোৰত বিকশিত হোৱা সমাজবোৰৰ সৈতে এক ঐতিহাসিক ধাৰাবাহিকতা)ৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। এই লোকসকলে তেওঁলোকৰ ক্ষেত্ৰবোৰত বা তাৰ অংশ বিশেষত সম্প্রতি বসবাস কৰি থকা আন সমাজবােৰতকৈ নিজকে পৃথক বুলি ভাবে। বর্তমান খিলঞ্জীয়াসকল হৈছে সমাজৰ এক আধিপত্যহীন শ্ৰেণী আৰু তেওঁলোকে ধাৰাবাহিক অস্তিত্বৰ এক আধাৰ হিচাপে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি আৰু নৃগোষ্ঠীয় সত্তাৰ সংৰক্ষণ তথা বিকাশ ভৱিষ্যৎ প্রজন্মলৈ হস্তান্তৰ কৰিব বিচাৰে। তেওঁলোকে এই কাম নিজস্ব সাংস্কৃতিক আৰ্হি, সামাজিক সংগঠন আৰু বিধিগত প্রণালী অনুসৰি কৰিব। কোবেয়ে উল্লেখ কৰা এই ঐতিহাসিক ধাৰাবাহিকতা নিম্ন উল্লিখিত উপাদানবোৰেৰে চিনাক্ত কৰিব পাৰি— ১) পূর্ব-পুৰুষৰ ভূমি বা তাৰ অংশবিশেষত থকা দখল। ২) এই ভূমিৰ প্রকৃত দখলদাৰসকলৰ সৈতে থকা বংশীয় সম্পর্ক।  ৩) সাধাৰণ অথবা বিশেষধৰণৰ সাংস্কৃতিক অভিব্যক্তি, যেনে- ধর্ম, এক জনজাতীয় ব্যৱস্থাত বাস কৰা, কাপােৰ-কানি, জীৱনচর্যা, জীৱন ধাৰণ, কোনো জনগোষ্ঠীৰ সদস্যভুক্তি আদি। ৪) ভাষা ৫) দেশৰ কোনাে অঞ্চল বা পৃথিৱীৰ কোনো অঞ্চলত থকা বাসগৃহ ইত্যাদি। 


সাম্প্রতিক শংকা : ২০০৭ চনৰ ১৩ ছেষ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ‘61/295 United Nations Declaration on the Rights of Indegenous peoples' শীর্ষক ঘোষণা যিকেইটা অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছিল তাৰে কেইটামান গুৰুত্বপূৰ্ণ অনুচ্ছেদ আছিল এনেধৰণৰ অনুচ্ছেদ ৩ঃ খিলঞ্জীয়া লোকৰ আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰ আছে। এই অধিকাৰৰ ভিত্তিত তেওঁলােকে মুকলিভাৱে তেওঁলোকৰ ৰাজনৈতিক স্থিতি নির্ধাৰণ কৰিব পাৰে তথা আর্থিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ মুকলিমূৰীয়াকৈ অন্বেষণ কৰিব পাৰে। অনুচ্ছেদ ৪ : আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্তৰ জৰিয়তে খিলঞ্জীয়া লোকে তেওঁলোকৰ আভ্যন্তৰীণ তথা স্থানীয় বিষয় তথা তেওঁলোকৰ স্বায়ত্ত কার্যাৱলী চলাবলৈ প্রয়োজনীয় আর্থিক উপায়ৰ দিশত স্ব-শাসন বা স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰে। 


দুর্ভাগ্যৰ কথা যে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যকেইখনৰ বিভিন্ন জনজাতীয় লােক আৰু অসমৰ খিলঞ্জীয়া আবাসীসকল আজি আগ্রাসী আৰু প্রব্রজিত জাতিসমূহৰ সন্মুখত অস্তিত্ব হেৰুওৱাৰ শংকাত সন্ত্রস্ত। ভাৰতবৰ্ষৰ সংবিধানত খিলঞ্জীয়া আবাসীসকলৰ বাবে যিসমূহ সুৰক্ষামূলক উপবন্ধ আছে সেইসমূহো নোহোৱা কৰিবলৈহে এচামে অহৰহ তৎপৰতা অব্যাহত ৰাখিছে। এনে সুৰক্ষামূলক উপবন্ধসমূহ অধিক নিকপকপীয়া কৰিবলৈ যি সময়ত সমগ্র বিশ্বই খিলঞ্জীয়া দিৱসৰ জৰিয়তে এক সহমত স্থাপন কৰিছে, সেই সময়ত আগ্রাসী আৰু আধিপত্যবাদী জাতিসমূহৰ স্বাৰ্থত সুৰক্ষাৰ উপবন্ধবােৰ লৰফৰ কৰিবলৈ দেশীয় শক্তি সমূহে চেষ্টা চলাই থকাতো বা বিচৰাটো অতিশয় দুর্ভাগ্যজনক।

লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ e-mail: kishorassam@gmail.com, তেখেতৰ প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকতঃ

https://www.xukhdukh.com/search/label/KISHOR%20KUMAR%20KALITA

No comments:

Post a Comment