চিন্তনঃ ভৱিষ্যতক লৈ দিশহাৰা হৈছে নেকি অসমীয়া জাতি আৰু ভাষা? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ভৱিষ্যতক লৈ দিশহাৰা হৈছে নেকি অসমীয়া জাতি আৰু ভাষা? :: শোণিত কুমাৰ গোস্বামী

চিন্তনঃ ভৱিষ্যতক লৈ দিশহাৰা হৈছে নেকি অসমীয়া জাতি আৰু ভাষা? :: শোণিত কুমাৰ গোস্বামী

Share This
ভৱিষ্যতক লৈ দিশহাৰা হৈছে নেকি অসমীয়া জাতি আৰু ভাষা? শোণিত কুমাৰ গোস্বামী
ভৱিষ্যতক লৈ দিশহাৰা হৈছে নেকি অসমীয়া জাতি আৰু ভাষা?
শোণিত কুমাৰ গোস্বামী
জাতিগতভাৱে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি যথেষ্ট শক্তিশালী। অসমীয়া ভাষাটোৰ উৎপত্তিৰ দিশটো বিচাৰ কৰি চালে এনে চহকী জাতি বিশ্বত পাবলৈ নাই। কিন্তু কথাষাৰ এতিয়া শক্তিশালী হৈ থকা নাই কিয়নো অসমীয়াৰ অস্তিত্বক লৈ স্বয়ং অসমীয়াৰেই চিন্তা। বিভিন্ন দিশত সংকটৰ কথা অনুধাৱন কৰা এই জাতিটোৱে দিশৰ সন্ধানত স্থিতি সলনি কৰি থাকিবলগীয়া হৈ আহিছে। নেতৃত্বৰ স্বাৰ্থপৰতাৰ বাবে জাতিটোৰ জনগাঁথনি সলনি হৈ পৰাত এতিয়া ই কোনদিশে গতি কৰিব তাকে লৈ কেৱল ৰাজনীতি চলে, সমাজনীতি নহয়। প্ৰকৃতাৰ্থত অসমীয়াই দিশৰ সন্ধানত হাবাথুৰি খাই আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ভৱিষ্যতক লৈ দিশহাৰা হৈছে নেকি অসমীয়া জাতি আৰু ভাষা? শোণিত কুমাৰ গোস্বামী
এই কথা ভাৱি আপোনালোক আচৰিত হ'ব যে অসম হৈছে এনে এখন ৰাজ্য যিখনত এই ঠাইৰ মাতৃভাষা একমাত্ৰ ৰাজ্যিক ভাষা নহয়। এই ঠাইখনৰ মাতৃভাষাই অন্য ভাষাৰ সৈতে নিজৰ স্থান ভাগ কৰিবলগীয়া হৈছে। এই কথাটোৰ বাবে আকৌ আপুনি-মই আনক দোষিব নোৱাৰোঁ, এই পৰিস্থিতিৰ বাবে একমাত্ৰ আমিয়েই দায়ী, আমাৰ পূৰ্বজ দায়ী। কেইবাখনো ৰাজ্যৰ মাতৃভাষা হোৱাৰ পাছত দেশৰ এটা ৰাষ্ট্ৰভাষা হোৱা হিন্দীক বাদ দি আমি যদিহে অন্য আঞ্চলিক ভাষাৰ ক্ষেত্ৰত মন দিওঁ তেন্তে দেখিম যে তেলেগু ভাষাটো দুখনকৈ ৰাজ্য অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ৰাজ্যিক মাতৃভাষা। তামিল-কন্নড়ক বাদ দি অসমতকৈ সৰু ৰাজ্য কেৰেলাৰ মাতৃভাষা মালায়লমৰ কথা নকলোৱেইবা! গতিকে মন কৰিব যে নিজ ৰাজ্যতেই উচিত স্থান নোপোৱা অসমীয়া বাহ্যিক দিশত এটা পৰাধীন ভাষা।

অসমৰ জনসাধাৰণে নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাবলৈ বিচৰা কথাটো নতুন কথা নহয়। ইংৰাজী মাধ্যমৰ প্ৰতি মায়া বেছি বাবেই যে এই মানসিকতা তেনে কথা নহয়। এই ইংৰাজী মাধ্যম প্ৰীতিৰ আঁৰত অসমীয়া জাতিৰ ভুলটোকেই মুখ্য কাৰণ বুলি অভিহিত কৰিব পৰা যায়। গণতান্ত্ৰিক পন্থাৰে নিৰ্বাচিত কৰি বিধানসভালৈ পঠোৱা জনপ্ৰতিনিধিয়ে সময়ে সময়ে কৰি অহা ভুল সিদ্ধান্তবোৰৰ বাবে আজি অসমীয়া মাধ্যমৰ প্ৰতি ৰাইজৰ অনীহা। ব্যক্তিগত খণ্ডতো দুই-এখন সফল অসমীয়া (ব্যক্তিগত প্ৰচেষ্টাহে) মাধ্যমৰ উন্নত বিদ্যালয় আছে কিন্তু নতুন স্কুল খোলাৰ অধিকাংশ প্ৰচেষ্টা কেৱল ইংৰাজী মাধ্যমৰ বাবেহে হয়। কিয়নো ৰাইজে ইংৰাজী মাধ্যমত নিজৰ সন্তানক পঢ়োৱাব বিচাৰে লাগিলে সেই ইংৰাজী বিদ্যালয়ৰ আন্তঃগাঁথনি যিয়েই নহওক কিয়? এনে কৰাৰ কাৰণ আছে কিয়নো পূৰ্বৰ চৰকাৰী শিক্ষক নিয়োগ দুৰ্নীতিয়ে শিক্ষাৰ মান নিম্নগামী কৰা, চৰকাৰী বিদ্যালয়বোৰত আন্তঃগাঁথনিৰ অভাৱ বুলি অভিযোগ তুলি ৰাইজে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়তহে নামভৰ্তি কৰে। তাৰোপৰি জনসাধাৰণৰ মনত এই ভাৱটো ভালদৰে খোপনি পুতিছে যে ইংৰাজী মাধ্যমত নপঢ়িলে সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত নহয়। এই চিন্তাধাৰাই আমাৰ মনবোৰ পৰাধীন কৰিছে।

অসমীয়া ভাষা শিক্ষাৰ বুনিয়াদী স্তৰত ৰাজ্যত কিতাপ পত্ৰৰ অভাৱ বাৰুকৈয়ে আছে। অসমীয়া বৰ্ণমালাৰ কিতাপ বিচাৰি অভিভাৱকে হাবাথুৰি খাবলগীয়া হয়। কলিকতাৰ পৰা প্ৰকাশ হৈ গুৱাহাটী বা অসমৰ বজাৰলৈ অহা বৰ্ণমালাৰ কিতাপবোৰত ভুল থাকে। শিশু শিক্ষা সমিতি, অসম বা স্থানীয় কেতবোৰ প্ৰকাশন গোষ্ঠীয়ে বৰ্ণমালাৰ চাৰ্ট (কেলেণ্ডাৰৰ দৰে ওলোমাই থব পৰা) প্ৰকাশ কৰে কিন্তু সেইবোৰ বাণিজ্যিকৰণৰ অভাৱত সকলোতে সহজতে উপলব্ধ নহয়। পাণবজাৰৰ কিতাপ দোকানী এজনৰ সৈতে অলপতে কথা পাতোতে জানিবলৈ পোৱা গৈছে তেওঁলোকৰ ক্ষোভ। জনৈক দোকানীজনে ক্ষোভেৰে কয় যে অসম চৰকাৰে নিজেই অসমীয়া ভাষাটোৰ প্ৰতি গুৰুত্ব দিবলৈ পাহৰি গৈছে, ভাষাৰ বিকাশ আৰু শক্তিশালীকৰণৰ দিশটোত অনীহা প্ৰদৰ্শন কৰি আহিছে গতিকে অসমীয়া ভাষাক কিদৰে ভাল পাব। একেই অভিযোগ এগৰাকী ক্ৰেতাৰ। ইংৰাজী শিক্ষা-হিন্দী শিক্ষাৰ বুনিয়াদী শিক্ষাৰ বাবে অনেক কিতাপ আছে, সহজেই বুজি পোৱা কিতাপ আছে, খেলনা সামগ্ৰী আছে কিন্তু অসমীয়াৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ সমল বিচাৰি পাবলৈ নাই। ইংৰাজী বৰ্ণমালাৰ ব্ল'ক যথেষ্ট জনপ্ৰিয়। প্ৰতিটো খেলনাৰ সামগ্ৰীত ইংৰাজীৰ শিক্ষা পদ্ধতিৰ প্ৰক্ৰিয়া জড়িত কৰা হৈছে, গীতৰ পৰা আৰম্ভ কৰি ছন্দোৱদ্ধ কবিতালৈ ইংৰাজীক সৰলভাৱে শিকোৱাৰ চেষ্টা এটা গজগজীয়া ব্যৱসায়। 

নিশ্চিতভাৱে এই পৰাধীনত ইংৰাজ শাসকে ভাৰত শাসন কৰি গুছি যোৱাৰ আগতে তেওঁলোকে থিয় কৰাই যোৱা শিক্ষা পদ্ধতিৰ ফল কিন্তু এই পৰাধীনতাৰ পৰা অসমীয়া জাতিয়ে নিজক উদ্ধাৰ কৰাৰ উপায় নিজেই বাঁচি উলিয়াব লাগিব। পুতলা উদ্যোগত মন দিয়াটো অসমীয়া নিবনুৱা সমস্যাৰ এটা অন্যতম সমাধান হিচাপে পৰিগণিত হ'ব। পুতলা উদ্যোগৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰেও বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰিছে। পুতলা উদ্যোগটোৰ ক্ষেত্ৰত এতিয়াও আমি বিদেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে অসমীয়া উদ্যোমী যুৱকে যদিহে অসমীয়া ভাষাত পুতলা উদ্যোগ গঢ় দিয়াৰ চিন্তা কৰে তেন্তে সেয়া এক লাভজনক ব্যৱসায় হোৱাৰ লগতে অসমীয়া ভাষাৰ উত্তৰণৰ দিশটোতো যথেষ্ট সহায়ক হ'ব।

বৰ্তমান সামাজিক মাধ্যমৰ যুগ। এই যুগত ইউটিউবৰ সহায়ত অনেকে ধন ঘটিবলৈ আৰম্ভ কৰিছে। আমি এনে অনেক ইউটিউবাৰ দেখিছোঁ যিয়ে কেৱল ইউটিউবৰ সহায়ত অন্য পেছা গ্ৰহণ নকৰাকৈ মাহেকীয়া আয় অৰ্জিবলৈ সক্ষম হৈছে। এই খণ্ডতো আমি অসমীয়া ভাষাৰ জনপ্ৰিয়তাকৰণত অধিক গুৰুত্ব দিয়া উচিত। বিভিন্ন উপাদানৰ সমল দিয়াৰ লগতে এই মাধ্যমত যদিহে আমি অসমীয়া ভাষাৰ বুনিয়ানী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিওঁ তেন্তে আমি অধিক লাভান্বিত হ'ব পাৰিম। শিশুৰ উপযোগী অসমীয়া ভাষাৰ আকৰ্ষণীয় সমল ইউ-টিউবৰ লগতে অন্যান্য সামাজিক মাধ্যমত অতীৱ প্ৰয়োজনীয় হৈ পৰিছে। এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰতিগৰাকী সৃষ্টিশীল অসমীয়াৰ কৰ্তব্য।

এতিয়া নৰেন্দ্ৰ মোডী চৰকাৰে উচ্চ শিক্ষা যেনে মেডিকেল, ইঞ্জিনীয়াৰিঙ আদিও আঞ্চলিক ভাষাত দিয়াৰ কথা চিন্তা কৰিছে। তাৰ বাবে সমল অনুবাদৰ কাম আৰম্ভ হব বুলি উপৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে।  গতিকে অনাগত দিনত যে অসমীয়া ভাষা এলাগী ভাষা হৈ নাথাকিব সেয়া ধুৰূপ হৈ পৰিছে। 

পৰাধীনতাৰ কথা প্ৰসংগত কেৱল ভাষা আৰু শিক্ষাই নহয়, অন্য কেতবোৰ খণ্ডও জড়িত হৈ আছে। অসমীয়া লোকৰ পৰাধীনতাৰ কথা বিশেষত অৰ্থনীতিৰ দিশটোত জড়িত হৈ আছে। অসম প্ৰদেশত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যে অসমীয়া লোক এতিয়াও শক্তিশালী হৈ উঠা নাই সেই কথাটো সময়ে সময়ে আলোচিত হৈ আহিছে। এই বিষয়টোক লৈ সকলো জ্ঞাত কিন্তু এই বিষয়ত অসমীয়া জাতি কিয় স্বাধীন হৈ উঠাগৈ নাই সেয়া বিচাৰ্যৰ বিষয়। এক নিৰৱ বিপ্লৱ আৰম্ভ হৈছে যদিও সেয়া কেৱল হোটেল-ৰিজৰ্টৰ ব্যৱসায়তেই সীমাৱদ্ধ হৈ থকা যেন অনুভৱ হয়। অসমীয়া অৰ্থনীতৰ দিশটো প্ৰকৃতাৰ্থত স্বাধীন কৰি টনকিয়াল কৰিব পাৰিলে অসমীয়া ভাষাৰ লগতে জাতিৰ উন্নতিয়ে কি পৰ্যায় লাভ কৰিব সেয়া অন্যান্য জাতি সত্বাৰ উন্নয়নৰ জখলাডাল মন কৰিলেই স্পষ্ট হৈ পৰিব।
লেখক নতুন দিল্লীত কৰ্মৰত এগৰাকী জ্যেষ্ঠ সাংবাদিক, ফোনঃ ৯৮৯৯৬৬০৫৮২, তেখেতৰ প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ 

No comments:

Post a Comment