বিশ্লেষণঃ মিৰি-জীয়ৰীৰ 'ঘূনাসুঁতি'ত দলঙঃ আকৌ 'নতুন ঘোষণা' কিয়? :: শৈলেন বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ মিৰি-জীয়ৰীৰ 'ঘূনাসুঁতি'ত দলঙঃ আকৌ 'নতুন ঘোষণা' কিয়? :: শৈলেন বৰুৱা

বিশ্লেষণঃ মিৰি-জীয়ৰীৰ 'ঘূনাসুঁতি'ত দলঙঃ আকৌ 'নতুন ঘোষণা' কিয়? :: শৈলেন বৰুৱা

Share This

মিৰি-জীয়ৰীৰ 'ঘূনাসুঁতি'ত দলঙঃ আকৌ 'নতুন ঘোষণা' কিয়?

শৈলেন বৰুৱা

(১)

গৰিষ্ঠসংখ্যক অসমীয়াই শুদ্ধকৈ লিখিব নোৱাৰা এটা নাম/শব্দ--ঘূনাসুঁতি। ঘুণাসূতি, ঘূণাসুতি, ঘূণাসূতি, ঘূনাসুতি আদি বহুবিধৰ বানান ভিন্নজনৰ লেখাত দেখিবলৈ পোৱা যায়। শুদ্ধ বানানটো হ'ল -ঘূনাসুঁতি। 

ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি-জীয়ৰীখ্যাত ঘূনাসুঁতি আজিও জংকি পানৈৰ অমৰ প্ৰেম কাহিনীৰে মহিমামণ্ডিত। বৰদলৈয়ে বুৰঞ্জীমূলক উপন্যাস লিখাৰ আঁৰতো আছে এক কাহিনী। 


[ ১৮৯০ চনত বৰদলৈদেৱে গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণী চাকৰীৰে কৰ্মজীৱনৰ পাতনি মেলে। এনে সময়তে এদিন গেইট চাহাবে তেখেতক অসমৰ বিষয়ে কিছু প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিব নোৱাৰাত চাহাব অলপ অসন্তুষ্ট হৈছিল যদিও পাছলৈ তেখেতেই বৰদলৈদেৱৰ আন গুণত মুগ্ধ হৈ ১৮৯১ চনত চাব ডেপুটী কালেক্টৰ পদ লাভ কৰাত সহায় কৰি দিছিল। গেইট চাহাবে তেখেতৰ A History of Assam গ্ৰন্থ ৰচনা কৰোঁতে নানা তথ্যৰ সমল ৰজনীকান্ত বৰদলৈয়ে গোটাই দিছিল। বৰদলৈৰ চাকৰী জীৱনত পদোন্নতি হৈ উত্তৰ লক্ষীমপুৰ চাব ডেপুটি কলেক্টৰ আৰু পাছলৈ বৰপেটালৈ বদলি হয়। ১৯০১ চনত তেখেত একষ্ট্ৰা আছিষ্টেণ্ট কমিছনাৰ আৰু ১৯০৯ চনত নগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯১৮ চনত তেখেতে চাকৰীৰ পৰা অৱসৰ লয়। --এইখিনি উইকিপিডিয়াৰ তথ্য] 


গেইট চাহাবক পোনতে অসমৰ বিষয়ে ভালকৈ অৱগত কৰিব নোৱাৰাৰ পিছৰ পৰাই ৰজনীকান্ত বৰদলৈয়ে অসমৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰে আৰু অসমৰ বুৰঞ্জী আৰু লোক কথাৰ ভিত্তিত কেবাখনো গ্ৰন্থ ৰচনা কৰে। লখিমপুৰত থাকোতেই বৰদলৈয়ে জংকী পানৈৰ অমৰ প্ৰেম কাহানীৰে মিৰিজীয়ৰী উপন্যাস লিখে, যাৰ পটভূমি আছিল ঘূনাসুঁতি। 


পিছে ভৌগোলিক পৰিৱৰ্তনত আজি নাই সেই পুৰণি ঘূনাসুঁতি। ঢকুৱাখনা আৰু উত্তৰ লখিমপুৰৰ মাজৰ এখন ঠাই ঘূনাসুঁতি। এতিয়া ঘূনাসুঁতি সোৱণশিৰি পাৰৰ এখন ঠাই। উত্তৰ লখিমপুৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ সোৱণশিৰি (পূৰ্বৰ ঘাগৰ নৈ) পাৰ হলেই পোৱা যায় ঘূনাসুঁতি। 

(২)

ঘূনাসুঁতিৰ ওচৰত সোৱণশিৰি ৩খন বুলি ক'লে বহুতেই উচপ খাই উঠিব। প্ৰথমখন ঘাগৰক অপহৰণ কৰি বৰ্তমান বৈ থকা সোৱণশিৰি। দ্বিতীয়খন মৰা সোৱণশিৰি, যিখন ২০০২ চন মানলৈকে জীয়া সোৱণশিৰিয়েই আছিল। এইখন খৰালী সময়ত সৰু নৈ বা জান এটাৰ দৰে পানী বহন কৰি থাকে। তৃতীয়খন এৰা সোৱণশিৰি বেবেজীয়াৰ মথাউৰিৰ নাতিদূৰৈত, যিখন ১৯৫০ চনলৈকে বৈ আছিল। এইখনত খৰালিও পানী নাথাকে, কেৱল নৈৰ চিনটো বা লুৰটোহে আছে। 


(৩)

এতিয়া আহো মূল কথালৈ। এইবাৰৰ(২০২১) বাজেটত ঘূনাসুঁতিত এখন দলং হ'ব বুলি ঘোষণা কৰা হৈছে। নিশ্চিতভাবেই ই ভাল পদক্ষেপ আৰু এই ঘোষণাক লৈ লখিমপুৰীয়াৰ মাজত আনন্দৰ জোৱাৰো উঠিছে। উঠাৰ কাৰণো আছে। উত্তৰ লখিমপুৰৰ পৰা ঘূনাসুঁতি হৈ ঢকুৱাখনালৈ ৩৭ কিলোমিটাৰ। এইটো ডি কে ৰড, অৰ্থাৎ ঢকুৱাখনা পথ। বৃটিচৰ দিনৰে পৰা এই লখিমপুৰ-ঢকুৱাখনা সংযোগী এই ডি কে ৰোডেৰেই যাতায়াত আছিল। ডাক বা ডাকোৱালো এই পথেৰেই অহাযোৱা কৰিছিল। অস্থিৰ সোৱণশিৰি আৰু বান,  ভূমিকম্প আদিৰ ফলত এই পথেৰে যাতায়াত দুৰূহ হৈ পৰিল। 


আনহাতে ১৯৬২ চনৰ পিছত চাউলধোৱাত সোৱণশিৰিৰ ওপৰত পকী দলং হোৱাত লখিমপুৰ পৰা গোগামুখ হৈ ঢকুৱাখনালৈ নতুন পথ নিৰ্মাণ হয়। এই পথ ক্ৰমশঃ মটৰ গাড়ী চলিব পৰা হোৱাত মানুহে পূৰ্বৰ ডি কে ৰড ব্যৱহাৰ কৰাটো এৰি দিয়ে, কাৰণ এই পথেৰে গাড়ী নচলে, ঘূনাসুঁতিৰ ওচৰৰ সোৱণশিৰিত দলং নাই বাবে। 

(৪)

এতিয়া ঘূনাসুঁতিত দলং ঘোষণা হৈছে। নিশ্চিতভাবে জীয়া সোৱণশিৰিৰ ওপৰতে দলংখন নিৰ্মাণ হ'ব। মৰা সোৱণশিৰি আৰু এৰা সোৱণশিৰিত কি হব? যদি এই দুঠাইত  দলং নহয় তেন্তে সোৱণশিৰিয়ে পুনৰ গতি সলালে কি হ'ব? কথাবোৰ সময় থাকোতেই সংশ্লিষ্ট সকলে ভবা উচিৎ।  


(৫)

২০১৬ চনত শিৱসাগৰৰ পৰা দিচাংমুখ হৈ ঢকুৱাখনা-বাসুদেৱ-বেবেজীয়া-ঘূনাসুঁতি-উত্তৰ লখিমপুৰ, খাবলু-লুইত-মাজুলী হৈ যোৰহাটলৈ পথ আৰু একাধিক দলং নিৰ্মাণৰ এক অভিলাষী প্ৰকল্প হাতত লৈছিল চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাডকাৰীয়ে এই প্ৰকল্প আৰম্ভ কৰিছিল শিৱসাগৰত। এই পোষ্টত সংলগ্ন ফটোখন সেই প্ৰকল্পৰ। যিটো প্ৰকল্পত ঘূনাসুঁতিৰ ওচৰত সোৱণশিৰিৰ ওপৰত দলং নিৰ্মাণৰ কথা আছিল। একেটা প্ৰকল্পত খাবলু,  লুইত আৰু নিমাতীঘাটত দলং নিৰ্মাণৰ কথা আছিল। মাজুলী-যোৰহাট সংযোগী দলংখন যোৱা জানুৱাৰীত কাম আৰম্ভ হৈছে বুলি খবৰ পালো। লুইত আৰু খাবলুৰ ওপৰত দলং নিৰ্মাণৰ উমঘাম নাই। এতিয়া আকৌ নতুনকৈ কেৱল ঘূনাসুঁতিৰ দলং ঘোষণা কৰিলে। 


মৌলিক প্ৰশ্নটো হল-চৰকাৰে ২০১৬ চনত ঘোষণা কৰা প্ৰকল্পটো কি হল? যদি সেই প্ৰকল্পৰ অধীনতে মাজুলীত দলং আৰম্ভ হৈছে আৰু ঘূনাসুঁতি দলং নিৰ্মাণ হব, তেন্তে দিচাংমুখৰ পৰা ঢকুৱাখনা - লখিমপুৰ হৈ লুইতলৈ আন দলংবোৰৰ নিৰ্মাণৰ কথা কি হল? 


যদি ২০১৬ চনৰ প্ৰকল্পটো পৰিত্যক্ত হল, তেতিয়া হলে চৰকাৰে সেই কথা কিয় কোৱা নাই। নে তেতিয়াৰ ঘোষণাৰ একাংশৰ বাজেটহে পাঁচ বছৰ পাছত ধৰি দিছে? আচলতে ৰাজনৈতিক ঘোষণা পত্ৰ বা আধাৰশিলাৰ ৰাজনীতিবোৰৰ বৰ্তমানৰ অৱস্থিতিক লৈ সংবাদ পত্ৰ বা মেডিয়াই ধাৰাবাহিক প্ৰতিবেদন দিয়াৰেই ব্যৱস্থা হব লাগে। নহ'লে এই ধৰেই ধূসৰতাৰ মাজত প্ৰপাগাণ্ডাৰ প্ৰচাৰেই ৰাইজৰ মন-মগজুক সংপৃক্ত কৰি ৰাখিব, আৰু প্ৰকৃত বাস্তৱতাক অনুধাৱন কৰিবলৈকে নিদিব।


যি কি নহওক, কামনা কৰো, দলঙৰ অভাৱত পিছ পৰি থকা সকলো অঞ্চলক দলঙেৰে বিকাশৰ পথলৈ আনক। সকলো দলং নিৰ্মাণ হওক, চৰকাৰে কথাবোৰ গুৰুত্ব দিয়ক। 

(তলৰ সংলগ্ন ছবিখনৰ নীলা আঁচডাল প্ৰত্যক্ষ কৰিলে ২০১৬ চনৰ চৰকাৰী প্ৰকল্পটোৰ উমান পাব।)

No comments:

Post a Comment