মনৰ কথাঃ 'মিঞা কবিতা'ৰ বিতৰ্কৰ পৰা বিধায়কলৈঃ কিছু আনুষংগিক দিশ :: পঙ্কজ প্ৰতিম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ  'মিঞা কবিতা'ৰ বিতৰ্কৰ পৰা বিধায়কলৈঃ কিছু আনুষংগিক দিশ  :: পঙ্কজ প্ৰতিম বৰদলৈ

মনৰ কথাঃ 'মিঞা কবিতা'ৰ বিতৰ্কৰ পৰা বিধায়কলৈঃ কিছু আনুষংগিক দিশ :: পঙ্কজ প্ৰতিম বৰদলৈ

Share This

 'মিঞা কবিতা'ৰ বিতৰ্কৰ পৰা বিধায়কলৈঃ কিছু আনুষংগিক দিশ

পঙ্কজ প্ৰতিম বৰদলৈ

এজন সচেতন পাঠক হিচাপে অলপতে দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ কাকত 'ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ ১৩ মে সংখ্যাত প্ৰকাশিত দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্ৱানন্দৰ এটা লেখা আৰু ১৬ মে তাৰিখৰ আগশাৰীৰ অনলাইন সংবাদপত্ৰ Scroll. in ৰ মানৱ অধিকাৰ কৰ্মী হৰ্ষ মন্দিৰৰ  লেখাটোৱে কিছু চিন্তাৰ খোৰাক জগালে আৰু সেই সূত্ৰেই এই লেখাৰ জেৰ টনা হ’ল।

Ashraful-Hussain,PANKAJ-PRATIM-BORDOLI,

প্ৰথমতে সেই নিদিষ্ট লেখা দুটাত কি লিখিছিল তাৰ এটা  চমু আভাস দি লওঁ৷ অপূৰ্ৱানন্দৰ  লেখাটোত অলপতে হোৱা নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা AIUDF দলৰ পৰা টিকটত নিৰ্বাচিত হোৱা যুৱ সমাজ কৰ্মী, তথা " মিঞা কবিতাৰ" কবি হিচাবে বিতৰ্কলৈ অহা আশ্ৰাফুলৰ হুছেইনৰ জয় মিঞা কবিতা আৰু সাহিত্যৰ জয় বুলি ধাৰণা এটি দিয়া হৈছে৷ আনহাতে হৰ্ষ  মন্দৰৰ লেখাটিত যদিও এই দিশটো পোনপটীয়াকৈ কোৱা হোৱা নাই তথাপি তেওঁ লেখাটিত আশ্ৰাফুল হুছেইনৰ লগত তেওঁৰ ব্যক্তিগত সংযোগৰ বৰ্ণনা কৰি নিৰ্বাচন কেনেকৈ সামাজিক কৰ্ম,সততা আৰু কবিতাৰেও জিকিব পাৰি তাক কাৰ্যত বৰ্ণনা কৰিছে ৷


২০১৬ চনত চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদে ৰচনা কৰা "মই এজন মিঞা"নামৰ কবিতাটোৱে বাংলাভাষী অসমীয়া মুছলমান সকলৰ মিঞা পৰিচয়ক এক নতুন মাত্ৰা দিয়ে ৷ইয়াৰ পাছত কুৰিৰো অধিক কবিয়ে এই মিঞা কবিতাৰ চৰ্চা কৰি আহিছে ৷ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোৱে যথেষ্ট তৰ্ক -বিতৰ্কৰ সৃষ্টি কৰিছিল। পৰবৰ্তী কালত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কাজৰ লগতো এই দিশতো বহু পৰিমাণে সাঙোৰ খাই পৰিছিল ৷ মিঞা কবিতা বা সাহিত্য, ই এক ধৰ্মীয় জনগোষ্ঠীৰ ভাষিক পৰিচয়ৰ মাধ্যম অথবা ইয়াৰ সাহিত্যিক মূল্যায়ন বা মানদণ্ড আদি এক সুকীয়া বিতৰ্কৰ বিষয়৷ মিঞা কবিতা বা সাহিত্য মূলসুঁতিৰ বিৰুদ্ধে এক নিদিষ্ট গোষ্ঠীগত ভাষিক পৰিচয় সৃষ্টিৰ প্ৰক্ৰিয়া হ’ব পাৰে আৰু এই দিশত বিতং বিতৰ্ক হোৱাৰ অৱকাশ আছে বা ইতিমধ্যে বহু পৰিমাণে হৈছে ৷


এই লেখাৰ মূল আপত্তিটো হৈছে যে চেঙা সমষ্টিৰ পৰা আশ্ৰাফুল হুছেইনৰ   বিজয়ক এক ৰাজনৈতিক বা প্ৰচলিত গণতান্ত্ৰিক ব্যৱস্থাত হোৱা এক বিজয়ৰ  পৰিবৰ্তে এক সাহিত্যিক বিজয়, অথবা আওপকীয়াকৈ ভাষিক স্বীকৃতি বুলি প্ৰতিষ্ঠা কৰিব বিচৰাটোহে৷


অপূৰ্বানন্দৰ লেখাটোত  'কাব্যিক ন্যায়’(Poetic justice)ৰ উল্লেখেৰে আৰম্ভহৈ চেঙা সমষ্টিৰ জনতাক ধন্যবাদ জনাই এই বিজয়(ভোটদান) মিঞা কবিতাৰ বাবে উদযাপন কৰাৰ আহ্বানেৰে শেষ কৰা হৈছে৷ কিন্তু প্ৰশ্ন উঠে প্ৰকৃততে  চেঙা সমষ্টিৰ মানুহে সেই "কাব্যিক ন্যায়" কৰিলেনে বা আশ্ৰাফুল হুছেইনৰ বিজয় আমি" মিঞা কবিতা" বা সাহিত্যৰ বিজয় হিচাপে লব পাৰিমনে? এনে অনুভৱ হয় যে, অপূৰ্বানন্দৰ লেখাটোত উদ্দেশ্য প্ৰণোদিতভাৱে বহু আনুষংগিক দিশ বাদ দিব খোজা হৈছে আৰু ই ৰাষ্ট্ৰীয় পৰ্যায়ত এক স্থুল আৰু অশুদ্ধ ধাৰণা উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে ৷ ইও যেন আন এক প্ৰপাগাণ্ডাৰ বিশেষ অংশহে, সেয়াও অনুভৱ হৈছে। 


সৰ্বপ্ৰথমেই আশ্ৰাফুল হুছেইন যে এআইউডিএফৰ নিচিনা এটি বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ সংখ্যাবলক লৈ খেলা কৰা  ৰাজনৈতিক দলৰ বোকোচাত উঠিহে জয়ী হৈছে ,সেই দিশটোক লক্ষণীয়ভাৱে আওকান কৰিছে । ২০১১ চনৰ লোকপিয়লৰ মতে বৰপেটা জিলাৰ ৬১ শতাংশ লোকৰ মাতৃভাষা হৈছে বাংলা । আৰু ২০১১ চনৰ পৰিসংখ্যামতে কেৱলমাত্ৰ চেঙা সমষ্টিতে প্ৰায় একলাখ বিশ হাজাৰো অধিক জনসংখ্যা কেৱল ধৰ্মীয় পৰিচয়েৰে মুছলমান ধৰ্মৰ লোক। সেই সূত্ৰে AIUDFৰ ফালে ঢাল খোৱা সংখ্যাবল তাত পূৰ্বৰ পৰাই আছে। সেয়ে,  আশ্ৰাফুল হুছেইনৰ বিজয়ত কেৱল মিঞা-কবিতাৰে বিজয় হোৱা বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰাটো বাতুলামি মাত্ৰ । ৰাজনৈতিক সভাত 'মিঞা কবিতা'ৰ প্ৰসংগৰে ভাষণ প্ৰদান কৰা হৈছিল নে? নে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখিয়েই উদ্দেশ্যপ্ৰণোদিত ভাৱে মিঞা কবিতা বিতৰ্কৰ অধ্যায় আগুৱাই অনা হৈছিল? এইবোৰ প্ৰশ্নৰ অৱতাৰণা কিন্তু দুয়োজনৰ লেখকৰ লেখাত নাই।


উক্ত লেখাটোত লক্ষ্যণীয়ভাৱে বাদ পৰা কথাটো হ'ল যে, এআইউডিএফৰ নিৰানব্বৈ শতাংশ প্ৰাৰ্থীয়ে হৈছে বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ প্ৰাৰ্থী, এয়া ৰাজনৈতিকভাৱে স্পষ্ট । যাৰ ভিতৰত আশ্ৰাফুল হুছেইনো অন্যতম। লগতে দলটোৰ এক ধৰ্মীয় সাম্প্ৰদায়িক এজেণ্ডা আছে। নিৰ্বাচনৰ সময়তো ' লুঙী টুপিৰ চৰকাৰ হ'ব' ' ওপৰত আল্লা তলত মৌলানা' আদি মন্তব্য ভোটাৰক প্ৰভাৱিত কৰা অতি-সাম্প্ৰদায়িক প্ৰচাৰ আছিল। গতিকে দলটোৰ যি ভাষিক সাম্প্ৰদায়িক ধৰ্মীয় পৰিচিতি সি এই নিৰ্বাচন বিজয়ৰ এক মূল কাৰণ। আশ্ৰাফুল হুছেইনৰ উচ্চশিক্ষিত, সমাজকৰ্মী হোৱাৰ পৰিচয়টো আছেই। এই মিঞা কবিতাৰে 'সংবাদ শিৰোনাম' লভা পৰিচয়টো চেঙাবাসীৰ বাবে আচলতে সামাজিক গ্ৰহণযোগ্যতাৰ আন এক ঢালহে মাত্ৰ। 


সাহিত্য আৰু ৰাজনীতিৰ এক প্ৰায়োগিক সম্পৰ্ক আছে আৰু বহুসময়ত সাহিত্যই ৰাজনৈতিক দৃষ্টিভংগী নিৰ্মাণত এক ফলপ্ৰসূ আহিলা হিচাপে কাম কৰে। ৰাজনৈতিক ঘটনাপ্ৰৱাহে কালজয়ী সাহিত্য সৃষ্টিতো অৰিহণা যোগায়। কিন্তু ৰাজনৈতিক বিজয়ক মূলতঃ প্ৰতিবাদী আৰু ধৰ্মীয় গোষ্ঠীগত স্বকীয় পৰিচিতি সৃষ্টিৰ একশ্ৰেণী কবিতা বা সাহিত্যৰ বিজয় বুলি গ্ৰহণ কৰিব নোৱাৰি। 


বাংলাভাষী অসমীয়া মুছলমান সকল বৰ্তমান অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰ এক এৰাব নোৱাৰা  অংগ হৈ পৰিছে আৰু তেওঁলোকৰ বৰ্ধিত ৰাজনৈতিক প্ৰতিপত্তি অসমৰ নিৰ্বাচন সমূহৰ ফলাফলতে প্ৰকাশ পাইছে। জনসংখ্যা বৃদ্ধি আৰু সাম্প্ৰদায়িক ৰাজনীতিকৰণৰ সমান্তৰালকৈ সামাজিক স্বীকৃতি (প্ৰতিপত্তি?) প্ৰতিষ্ঠাৰ এক নিৰন্তৰ প্ৰয়াস ' মিঞা কবিতা', 'মিঞা মিউজিয়াম' আদি 'নেৰেটিভ' নিৰ্মাণৰ জৰিয়তে কৰা হৈছে। পৰিচয়(identity) নিৰ্মাণৰ তাত্বিক ধাৰণাৰ প্ৰায় সকলো দিশকে এই প্ৰক্ৰিয়াত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে । এই পৰিকল্পিত কৰ্ম-কাণ্ডই কাৰ ৰাজনীতিক পুষ্টি দিছে, সেয়াও ৰাইজে আলোচনা কৰা উচিত।


যি সময়ত বাংলাভাষী অসমীয়া মুছলমান সকলৰ বৰ্ধিত প্ৰভাৱৰ বাবে বহুপৰিমাণে শংকিত বোধ কৰিছে অসমীয়া ভাষা কোৱা খিলঞ্জীয়া মুছলমানসকলে। গৰীয়া,মৰীয়া,দেশী আদি নামেৰে জনাজাত এই সকল লোকে নিজৰ এক সুকীয়া পৰিচয় ৰাখিবৰ বাবেই অলপতে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ বেনাৰত এক ' মিনি এন আৰ চি' তৈয়াৰ কৰাৰ চেষ্টা কৰিছে। 


আশ্ৰাফুল হুছেইনৰ ৰাজনৈতিক বিজয়ক এক সাহিত্যিক বিজয় আখ্যা দিয়াৰ সময়ত অপূৰ্বানন্দদেৱৰ লেখাত উপৰোক্ত দিশ সমূহেও স্হানপোৱা উচিত আছিল। আশ্ৰাফুল হুছেইনৰ কবি পৰিচিতি এক ভাষিক সামাজিক পৰিচিতি,ৰাজনীতিৰে সংপৃক্ত নহয় আৰু যদি সংপৃক্ত হয় তেন্তে তেখেতৰ একমাত্ৰ পৰিচিতি হ'ব এটা সাম্প্ৰদায়িক মনোভাৱাপন্ন ৰাজনৈতিক দলৰ নিৰ্বাচিত প্ৰাৰ্থী। যদি হুছেইন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হ'লহেতেঁন,তেতিয়াও‌ তেওঁক নিপীড়িত বাংলা ভাষী অসমীয়া মুছলমানৰ প্ৰতিনিধি বুলি ভৱাৰ অৱকাশ আছিল,কিন্তু এআইউডিফৰ 'প্ৰদৰ্শনকামী ধনবল, জনবলৰ' ঢৌত নিৰ্বাচিত জন-প্ৰতিনিধি হিচাপে সেই একক সন্মানৰ পৰা তেখেত বঞ্চিত।


আশ্ৰাফুল হুছেইন আছিল প্ৰথমে কৃষক মুক্তিৰ ভগ্নী সংগঠনৰ সৈতেহে। এনআৰচিৰ সময়ত আছিল যথেষ্ট তৃণমূলত ৰাইজক সহায় কৰা ব্যক্তি। নিৰ্বাচনৰ সাংখ্যিক সম্ভাৱনীতাৰ অংক কৰি তেওঁ 'মিঞা কবিতা'ৰ সময়ৰ দল-সংগঠন ত্যাগ কৰি তেওঁ 'ধৰ্মীয় আৱেগৰ সংখ্যাবলৰ ৰাজনীতি কৰা' দলৰ শৰণাপন্ন হৈছিল। গতিকে এই ৰাজনৈতিক নিৰ্বাচনী জয় এতিয়াৰ 'প্ৰচলিত'  গণতন্ত্ৰ, গণতান্ত্ৰিক ব্যৱস্থাৰ সুৰুঙাবোৰ, সংখ্যাগৰিষ্ঠতাৰ বল, সাম্প্ৰদায়িকতাৰ চল আৰু ৰাজনৈতিক কূট-কৌশলৰ বিচক্ষণতাৰ জয়হে বুলিব পাৰি। মিঞা সাহিত্য বা কবিতাৰ বিজয় বা এয়া পয়েট্ৰিক ভিক্টৰি বুলি ৰঙ সনা প্ৰপাগাণ্ডাৰ সৈতে আমি একমত নহয়।



বিধায়ক হিচাবে এটা অঞ্চলৰ জনগণক প্ৰতিনিধিত্ব কৰিবলৈ পোৱা যুৱ বিধায়কলৈ আমাৰ অভিনন্দন আছে। তেওঁ এতিয়া কেৱল এটা ধৰ্মীয় সম্প্ৰদায়, ভাষিক গোষ্ঠী তথা মিঞা কবি গোটক প্ৰতিনিধিত্ব কৰা নাই। সমাজৰ সকলো স্তৰৰ লোকৰ দুখ-দুৰ্দশাক কেনেকৈ সমাধানৰ দিশে বিধায়ক ৰূপে সমাধানৰ দিশে নিয়াৰ বাবেহে তেওঁ চেষ্টা কৰিব লাগিব। আৰু তাৰ জৰিয়তেহে কেৱল 'গোষ্ঠীগত' পৰিচয়ৰ উৰ্ধত এক ৰাজনৈতিক ব্যক্তি হিচাবে তেওঁ প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, সেই কথাও কিন্তু নিশ্চিত।

পংকজ প্ৰতিমৰ সুখ-দুখত প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ 

আশ্ৰাফুল হুছেইনৰ সুখ-দুখত প্ৰকাশিত লেখা পঢ়িবৰ বাবে লিংকঃ

 https://www.xukhdukh.com/search/label/Ashraful-Hussain

লেখক, উপ সঞ্চালক,ৰাষ্ট্ৰপতি সচিবালয়,ৰাষ্ট্ৰপতি ভৱন,নতুন দিল্লীত কৰ্মৰত।ফোন নং- ৮৮০০৯৪৮৮০৮(মতামত ব্যক্তিগত, পদবীৰ লগত কোনো সংযোগ নাই)

No comments:

Post a Comment