প্ৰৱন্ধঃ জলবায়ুৰ পৰিবৰ্তন-গোলকীয় উষ্ণায়নঃ প্ৰকৃত নে কল্পকাহিনী ? :: কানাই গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ জলবায়ুৰ পৰিবৰ্তন-গোলকীয় উষ্ণায়নঃ প্ৰকৃত নে কল্পকাহিনী ? :: কানাই গগৈ

প্ৰৱন্ধঃ জলবায়ুৰ পৰিবৰ্তন-গোলকীয় উষ্ণায়নঃ প্ৰকৃত নে কল্পকাহিনী ? :: কানাই গগৈ

Share This
জলবায়ুৰ পৰিবৰ্তন-গোলকীয় উষ্ণায়নঃ প্ৰকৃত নে কল্পকাহিনী ?
কানাই গগৈ
(১)
গ্লৱেল ৱাৰ্মিং শব্দ-যুগল এতিয়া সকলোৰে চিনাকি। জলবায়ু পৰিবৰ্তনৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি বিশ্বৰে একক সমস্যা। পেৰিছ জলবায়ু চুক্তিক লৈ শেহতীয়াকৈ আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইদেনেও নতুন স্থিতি গ্ৰহণ কৰি এই চুক্তিৰ অংশীদাৰ আমেৰিকা হব বুলি ঘোষণা কৰিছে। গ্ৰেটা থুনবাৰ্গৰ দৰে কিশোৰী গ্লৱেল ৱাৰ্মিং আৰু জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত বিশ্বক সজাগ কৰাৰ ক্ষেত্ৰত বিখ্যাত হৈছে। সজাগতা সৃষ্টিৰ বাবে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ভিন্ন স্তৰৰ প্ৰচেষ্টাও চলি আছে। এই পটভূমিতে কিছু কথা আলোচনা কৰিবলৈ লোৱা হৈছে। 
(২)
২০০৯ চনত ব্ৰিটেইনৰ University of Anglia-ৰ অধীনৰ Climatic Research Unit-ৰ অধ্যক্ষই ইমেইলযোগে সহকৰ্মীসকলক গোপন নিৰ্দেশ দিছিল এনেদৰেঃ ‘... মই তালিকাখনৰ প্ৰতিটো শাৰীতে থকা তাপমাত্ৰাবোৰ বেছি বেছি কৰি দিছোঁ, আৰু এই কাম বিগত ২০ বছৰৰ বাবে কৰা হৈছে। আপোনালোকে প্ৰতিটো বছৰৰ জলবায়ুৰ তথ্যবোৰ এনেকৈ সলনি কৰক, যাতে গোলকীয় উষ্ণতাৰ বৃদ্ধি দেখুৱায় ...'। 

কিন্তু সেই ইমেইলটো পৰিছিলগৈ হেকাৰৰ হাতত। ইয়াৰ পিচত কেলেংকাৰিৰ উদ্ভৱ হোৱাৰ লগতে মানুহৰ মনত প্ৰশ্নৰো উদয় হৈছিলঃ বিজ্ঞানীসকলে আমাক ভয় খুৱাই থকা গোলকীয় উষ্ণায়ন নামৰ ধাৰণাটো প্ৰকৃত নে জলবায়ুৰ তথ্যত হেৰ-ফেৰ ঘটাই মানুহে সৃষ্টি কৰা কল্পকাহিনীহে ? 

সদ্যহতে সেই বিতৰ্কলৈ নগৈ ‘গোলকীয় উষ্ণায়ন' মানেনো কি, তাক চোৱা যাওক। এই ধাৰণাটো সমৰ্থন কৰা বিজ্ঞানীসকলৰ মতে মানুহে টনৰ পিচত টন কাৰ্বন-ডাই-অক্সাইড (CO2) বায়ুমণ্ডলত এৰি দি আছে, বায়ুমণ্ডলৰ বাবেই CO2 মহাকাশলৈ গুচি নগৈ পৃথিৱীৰ উপৰিভাগত ৰৈ গৈছে, সূৰ্য্যৰ ৰশ্মিয়ে তাক গৰম কৰিছে আৰু CO2-এ গৰম কৰিছে বায়ুমণ্ডলৰ লগতে পৃথিৱীখনক। অৰ্থাৎ বায়ুমণ্ডলত CO2-ৰ পৰিমাণ যিমানে বাঢ়িব, পৃথিৱীখন সিমানে বেছি গৰম হ'ব। এই উষ্ণতা বৃদ্ধিৰ বাবেই বতৰলৈও পৰিৱৰ্তন আহিছে আৰু ঘটিছে নানা প্ৰাকৃতিক দুৰ্যোগ। বিজ্ঞানীসকলে আনকি গোলকীয় উষ্ণায়নৰ বাবে ঘটিবলগীয়া কাণ্ড কিছুমানৰ ভৱিষ্যদ্বাণীও কৰিছে, যেনে –- সাগৰীয় জলপৃষ্ঠ ওপৰলৈ উঠিব আৰু তাৰ ফলত তল যাব জাপান, ইটালীৰ দক্ষিণ অংশ, আমেৰিকাৰ কালিফৰ্নিয়া চহৰৰ লগতে নিউ য়ৰ্কৰ বৃহদাংশ। ইত্যাদি। অৰ্থাৎ গোলকীয় উষ্ণায়নৰ বাবে দায়ী কেৱল মানুহ, কিয়নো পেট্ৰল-ডিজেল, প্ৰাকৃতিক গেছ, কয়লা আদি ইন্ধন জ্বলাই মানুহে বায়ুমণ্ডল অশুদ্ধ কৰি আছে আৰু এই প্ৰক্ৰিয়াৰে পৃথিৱীৰ তাপমাত্ৰাও বৃদ্ধি কৰি আছে।

গোলকীয় উষ্ণায়ন ধাৰণাটোৰ প্ৰথম জন্ম হৈছিল যোৱা শতিকাৰ ৭০ৰ দশকত The Club Rome নামৰ সংস্থাটোত। বিশ্ব ৰাজনীতি, বিত্ত তথা বিজ্ঞান ক্ষেত্ৰৰ উল্লেখনীয় ব্যক্তিসকলক এই সংস্থাটোৱে একত্ৰিত কৰি ৰাখিছিল। ১৯৭১ চনত প্ৰাকৃতিক পৰিঘটনা অধ্যয়ন কৰা বিজ্ঞানীসকললৈ সংস্থাটোৱে বৃহৎ অংকৰ অনুদান আগবঢ়াইছিল। আৰু এই বিজ্ঞানীসকলে সৃষ্টি কৰিছিল ‘সেউজীয়া অৰ্থনীতি' নামৰ ধাৰণাটোৰ। অৰ্থাৎ অ-পৰম্পৰাগত শক্তিৰ উৎসই পৰম্পৰাগতবোৰৰ স্থান ল'ব লাগে তথা যিমান খৰচী হ'লেও মানুহ এই পথেৰেহে আগবঢ়া উচিত। ইয়াৰ পিচত দৃশ্যপটত আবিৰ্ভাৱ ঘটিছিল গণমাধ্যমৰ। বিজ্ঞানী আৰু গণমাধ্যমৰ ধাৰাবাহিক প্ৰচাৰত বিশ্বৰ জনগণ The Club Rome সংস্থাটোৰ আঁচনিত পতিয়ন গৈছিল। 

১৯৭৫ চনৰ ৮ আগষ্টত ‘ছায়েন্স' আলোচনীত মাৰ্কিন পৰিৱেশবিদ Wallace S Broecker-ৰ ‘Climate Change : Are We on the Brink of a Profound Global Warming ?' নামৰ প্ৰবন্ধটো প্ৰকাশ হৈছিল। প্ৰবন্ধটোত তেওঁ উল্লেখ কৰিছিল যে পৃথিৱীৰ তাপমাত্ৰা প্ৰতি বছৰে বাঢ়ি আছে আৰু আমি দুৰ্যোগৰ দিশলৈ গতি কৰি আছোঁ। ইয়াৰ পিচত বিশ্বক ভয়-আশংকাই গ্ৰাস কৰি পেলাইছিল। আৰু ইয়াত ইন্ধন যোগাইছিল বাতৰি কাকত, দূৰদৰ্শন আদি গণমাধ্যমত প্ৰচাৰ হোৱা এই সন্দৰ্ভৰ বাতৰিবোৰে। 

ইয়াৰ পিচত দৃশ্যপটত আবিৰ্ভাৱ ঘটিছিল ৰাজনীতিকসকলৰ। ‘পৃথিৱীখনক দুৰ্যোগৰ পৰা বচাবৰ বাবে' প্ৰথমে আহ্বান জনাইছিল তদানীন্তন ব্ৰিটিশ্ব প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে। এটা বিশেষ তহবিল গঠন কৰি তেওঁ বিজ্ঞানীসকলৰ কামবোৰৰ পৃষ্ঠপোষকতা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু পিচত পোহৰলৈ আহিছিল যে নিজ দেশত উৎপন্ন হোৱা সংকট চম্ভালিবৰ বাবেহে তেওঁ তেনে কৰিছিল। লোকচানৰ অজুহাত দেখুৱাই সেই সময়ত তেওঁ দেশৰ শ শ কয়লা-খনি বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। ফলত কাম হেৰুউৱা হেজাৰ হেজাৰ কয়লা-শ্ৰমিক পথলৈ ওলাই আহিবলৈ বাধ্য হৈছিল। বিপ্লৱ সংঘটিত হ'ব পৰা এনে পৰিস্থিতিত তেওঁ নিজৰ পদ হেৰুউৱাৰো সম্ভাৱনা আছিল। সেয়ে ব্ৰিটেইনৰ জনতাক তেওঁ পতিয়ন নিয়াইছিল এই বুলি যে কয়লা-খনি বন্ধৰ নিৰ্দেশ সঠিক, কিয়নো কয়লাৰ ধোঁৱাৰ পৰাই গোলকীয় উষ্ণায়ন সংঘটিত হৈছে আৰু দেশখনক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবৰ বাবেহে তেনে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগে লগে গোলকীয় উষ্ণায়নৰ অধ্যয়ন তথা পৰিৱেশ সংৰক্ষণৰ বাবেও তেওঁ বৃহৎ পৰিমাণৰ ধন বাজেটত নিৰ্ধাৰণ কৰিছিল। থেচ্চাৰে বঢ়িয়াকৈ বুজি পাইছিল যে অ-পৰম্পৰাগত শক্তিৰ উৎসৰ বিকাশেহে কয়লা শ্ৰমিক সংগঠনবোৰৰ হাতোৰাৰ পৰা তেওঁক বচাই ৰাখিব।

আৰু দৃশ্যপটত আবিৰ্ভাৱৰ এইবাৰ পাল পৰিছিল ৰাষ্ট্ৰসংঘৰ। সংস্থাটোত জলবায়ুৰ পৰিৱৰ্তন অধ্যয়নৰ বাবে বিশেষজ্ঞসকলৰ এটা আন্তৰ্জাতিক গোট গঠন কৰা হৈছিল। গোটটোৱে প্ৰস্তুত কৰা প্ৰথমটো প্ৰতিৱেদনতে উল্লেখ কৰা হৈছিল যে ৫৫ শতাংশ সম্ভাৱনা আছে যে পৃথিৱীখন দুৰ্যোগৰ দিশত গতি কৰি থকাৰ বাবে দায়ী কেৱল মানুহ। আমোদজনকভাবে সেই সম্ভাৱনা এতিয়া আৰু ৫৫ শতাংশতে সীমিত হৈ থকা নাই –- প্ৰতি বছৰে তাৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ আছে আৰু বৰ্তমান সি ৯০ শতাংশৰ ওচৰ পাইছেহি !

এই বিশেষজ্ঞসকলৰ প্ৰতিৱেদনবোৰক ইমানেই গুৰুত্ব প্ৰদান কৰা হয় যে বিজ্ঞান জগতৰ কেবাটাও উচ্চ সম্মান ইবোৰে বুটলিবলৈ সক্ষম হৈছে। ২০০৭ চনত এনেকুৱা এটা প্ৰতিৱেদনে আনকি ন'বেল শান্তি বঁটাও লাভ কৰে। আৰু বঁটাপ্ৰাপক আছিল আমেৰিকাৰ তদানীন্তন উপ ৰাষ্ট্ৰপতি এলবাৰ্ট গৰ। ২০০৬ চনত তেওঁ নিৰ্মাণ কৰা ‘An Incovenient Truth' তথ্যচিত্ৰখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰি প্ৰায় ২০ মিলিয়ন ডলাৰ সংগ্ৰহ কৰা এই তথ্যচিত্ৰখনৰ মূল প্ৰতিপাদ্য হৈছে এনেকুৱাঃ গোলকীয় উষ্ণায়ন বাস্তৱ তথা সৰ্বনাশী, আৰু তাৰ বাবে দায়ী কেৱল মানুহ। তথ্যচিত্ৰখনত এই কথাও কোৱা হৈছে যে গোলকীয় উষ্ণায়নৰ বাবেই বিশ্বৰ জনগণ এখন ঠাইৰ পৰা আন এখনলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হ'ব। উদাহৰণস্বৰূপে সাগৰীয় জলপৃষ্ঠ বৃদ্ধিৰ ফলত আমেৰিকা, হলেণ্ড, জাপান, ৰাছিয়া আদিৰ উপকূলীয় অঞ্চলৰ লাখ লাখ মানুহ দেশবোৰৰ ভূখণ্ডৰ মধ্যাংশলৈ যাবলৈ বাধ্য হৈ পৰিব। একেদৰে ভাৰত আৰু বাংলাদেশৰ প্ৰায় ১৩ কোটি মানুহ ভূগৰ্ভস্থ পানীৰ পৰা বঞ্চিত হ'ব তথা নিজৰ দেশ এৰি আন দেশত শৰণ ল'বলৈ তেওঁলোক বাধ্য হ'ব। আমোদজনক কথা হ'লঃ তথ্যচিত্ৰখনৰ মতে এই আটাইবোৰ সংঘটিত হ'ব একৈছ শতিকাতে !

উল্লেখ্য যে তথ্যচিত্ৰখনৰ প্ৰচাৰে কিয়'ট' প্ৰট'কল সোনকালে স্বাক্ষৰিত হোৱাতো অৰিহণা যোগালে, আৰু ১৯২ খন দেশে ইয়াত স্বাক্ষৰ কৰিলে। জলবায়ুৰ সংকটেৰে আতংকিত এই দেশবোৰে বায়ুমণ্ডলত যথাসম্ভৱ কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য এৰি দিয়াৰ সিদ্ধান্ত ল'লে আৰু তাৰ বাবে বৃহৎ পৰিমাণৰ খৰচ বহণ কৰিবলৈ প্ৰস্তুত হ'ল। 

ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত সৃষ্ট কিয়'ট' প্ৰট'কলৰ কথাবোৰ দেশবোৰে এই কাৰণে বিশ্বাস কৰিছিল যে তাত বিজ্ঞানীসকলৰ অকাট্য তথ্য দিয়া হৈছিল। কিন্তু দুবছৰমানৰ পিচতে, অৰ্থাৎ ২০০৯ চনত পোহৰলৈ আহিছিল ব্ৰিটেইনৰ বিশ্ববিদ্যালয়খনত সংঘটিত হোৱা সেই কেলেংকাৰিটো ! অথচ এইখন বিশ্ববিদ্যালয়স্থিত পৰীক্ষাগাৰৰ পৰাই তথ্যবোৰ পোনে পোনে ৰাষ্ট্ৰসংঘলৈ যায়, আৰু তাত সিবোৰৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে অৱধাৰিতভাবেই প্ৰশ্ন উঠেঃ তথ্যবোৰ নিজেই যেতিয়া ভুৱা, তাৰমানে গোলকীয় উষ্ণায়ন মানৱ সৃষ্ট কল্পকাহিনীহে ?! 
(৩)
সিদ্ধান্ত লোৱাৰ আগেয়ে মাৰ্কিন প্ৰতিষ্ঠান এটাৰ কাহিনী উল্লেখ কৰা হওক। ১৯৮৫ চনত বিজ্ঞানীসকলে এন্টাৰ্কটিকাৰ ওপৰত অ'যন স্তৰত এটা ডাঙৰ বিন্ধা আৱিষ্কাৰ কৰিছিল। এনে বিন্ধাৰে সূৰ্যৰ অতি-বেঙুনীয়াকে ধৰি মাৰাত্মক ৰশ্মিবোৰ পাৰ হৈ আহি পৃথিৱীত পৰেহি। মাৰ্কিন বিশেষজ্ঞসকলে ঘোষণা কৰিছিল যে এনে বিপজ্জনক বিন্ধা উৎপন্ন হোৱাৰ বাবে মানুহেই দায়ী, কিয়নো ফ্ৰিজ, শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ আদিত ব্যৱহাৰ হৈ থকা CFC-য়েই বিন্ধাটোৰ সৃষ্টি কৰিছে। ১৯৮৭ চনত স্বাক্ষৰিত হৈছিল Montreal Protocol আৰু CFC-ৰ প্ৰয়োগত নিষেধাজ্ঞা জাৰী কৰা হৈছিল। এইখিনিতে দৃশ্যপটত আবিৰ্ভাৱ ঘটিছিল মাৰ্কিন প্ৰতিষ্ঠান Dupont-ৰ। প্ৰতিষ্ঠানটোৱে CFC-ৰ দৰে দ্ৰব্য এটাৰ পেটেন্ট কৰিছিল। এফালে নিষেধাজ্ঞা আৰু আনফালে অন্য দ্ৰব্যৰ অভাৱ, ফলত প্ৰতিখন দেশ Dupont-ৰ দ্ৰব্যটোকে কিনিবলৈ বাধ্য হৈছিল। এই প্ৰক্ৰিয়াত Dupont-এ কিমান মুনাফা লুটিছিল, তাক অনুমান কৰাটো নিশ্চয় কঠিন নহয় ! আনহাতেদি পিচত স্পষ্ট হৈছিল যে এন্টাৰ্কটিকাৰ ওপৰত অ'যন স্তৰত সেই বিন্ধাটো প্ৰতি বছৰে উৎপন্ন হয় তথা তাৰ সৃষ্টিত CFC-ৰ কোনো ভূমিকা নাই ! 

Dupont-ৰ ইতিহাসৰ লগত কিয়'ট' প্ৰট'কলৰ ইতিহাসৰ ভালেখিনি সাদৃশ্য আছে। এই প্ৰতিষ্ঠানটোৰ নেপথ্যত ৰাজনীতিক তথা বৃহৎ পুঁজিৰ পৃষ্ঠপোষকতা থকাৰ লগে লগে তাৰ কাম-কাজত ছলনা-প্ৰবঞ্চনা জড়িত হৈ আছে। কিয়'ট' প্ৰট'কলৰ নেপথ্যত তথা তাৰ কাম-কাজতো একেবোৰ পক্ষ আৰু উপাদান জড়িত হৈ আছে। প্ৰথমতে, বায়ুমণ্ডলৰ উষ্ণতা জোখাৰ স্বয়ং প্ৰক্ৰিয়াটোৱেই সন্দেহৰ আৱৰ্তত, কিয়নো ইয়াৰ বাবে পৃথিৱীৰ বিভিন্ন স্থানত স্থাপন কৰা ৯০ শতাংশ যন্ত্ৰ তাপ উৎপাদনৰ কৃত্ৰিম উৎসৰ ওচৰত আছে। ফলত এনেবোৰ যন্ত্ৰই পৃথিৱীৰ জলবায়ুৰ মানচিত্ৰখনকে বিকৃত কৰিছে। দ্বিতীয়তে, কিয়'ট' প্ৰট'কলত স্বাক্ষৰ কৰা ১৯২ খন দেশৰ মাজত ‘সৰ্বশক্তিমান' আমেৰিকা নাই ! গোটেই পৃথিৱীখনকে নিজৰ হাতৰ মুঠিত ৰাখিব খোজা দেশখন ‘আহিবলগীয়া প্ৰাকৃতিক দুৰ্যোগবোৰৰ' বাবে চিন্তিত নহ'ব –- সি ভাবিব নোৱাৰা কথা। তৃতীয়তে, কিয়'ট' প্ৰট'কলৰ সিদ্ধান্তসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে এতিয়ালৈকে সমগ্ৰ বিশ্বত প্ৰায় ৩০০ বিলিয়ন ডলাৰ খৰচ কৰা হ'ল, কিন্তু বায়ুমণ্ডলৰ পৰিস্থিতিলৈ কোনো পৰিৱৰ্তন নাহিল। চতুৰ্থতে, এই প্ৰট'কল অনুসৰি প্ৰতিখন দেশকে বায়ুমণ্ডলত এৰিব পৰা CO2-ৰ কোটা দিয়া হৈছে। কোনোবা এখন দেশৰ যদি এই কোটা শেষ হৈছে, তেন্তে দেশখনে উদ্যোগ বিকশিত নোহোৱা আন এখন দেশৰ পৰা কোটা ক্ৰয় কৰিব পাৰে। ধনৰ অভাৱত থকা দুখীয়া দেশবোৰে CO2-ৰ কোটা নিশ্চয় বিক্ৰি কৰিব। অৰ্থাৎ দুখীয়া দেশবোৰত উদ্যোগৰ বিকাশ নহ'ব। অৰ্থাৎ লেন-দেনত দুৰ্নীতি তথা ছলনা-প্ৰবঞ্চনা কৰাৰ সুযোগ-সুবিধা প্ৰট'কলটোৱে প্ৰদান কৰিছে ! পঞ্চমতে, কেলেংকাৰি পোহৰলৈ অহাৰ পিচতো ব্ৰিটেইনৰ বিশ্ববিদ্যালয়খনৰ জলবায়ুৰ গৱেষণা কৰা বিভাগটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ল।

Chicago Climate Exchange গঠন কৰি এলবাৰ্ট গৰে তেতিয়াৰ অল্পখ্যাত ছেনেটৰ বাৰাক অ'বামাক তাৰ সদস্য কৰিছিল। কেইবছৰমান পিচত আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ অ'বামাই Climate Action Plan গ্ৰহণ কৰি তাপবিদ্যুৎ কেন্দ্ৰবিলাকে বায়ুমণ্ডলত এৰিব পৰা ক্ষতিকৰ পদাৰ্থৰ সীমা নিৰ্ধাৰণ কৰি দিছিল তথা শক্তিৰ অ-পৰম্পৰাগত উৎসৰ উদ্ভাৱনৰ বাবে বিপুল প্ৰচাৰ চলাইছিল। আৰু কংগ্ৰেছেও তাৰ বাবে ৫ ট্ৰিলিয়ন ডলাৰ ধন বাজেটত নিৰ্ধাৰণ কৰিছিল। এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা এয়ে যে আঁচনিখন আমেৰিকাৰ বাবে লোৱা হৈছিল যদিও তাৰ এটা আন্তৰ্জাতিক ধাৰাও আছিল, অৰ্থাৎ তৃতীয় বিশ্বৰ দেশবিলাককো তাৰ আওতালৈ অনা হৈছিল। অৰ্থাৎ মূলতঃ তৃতীয় বিশ্বৰ দেশবিলাকত উদ্যোগৰ বিকাশত বাধাৰ সৃষ্টি কৰি সিবোৰক কেঁচামালৰ উৎসলৈ পৰিৱৰ্তিত কৰা হৈছিল। ফলত সেই আঁচনিৰ পৰা লাভৱান হৈছিল কেৱল আমেৰিকা আৰু তাৰ সাংগোপাংগ দেশবোৰহে।

বিজ্ঞানীৰ সহযোগ অবিহনে এই আঁচনিখন সফল হোৱাৰ সম্ভাৱনা কম আছিল, আৰু তাৰ বাবেই ব্ৰিটেইনৰ সেই বিশ্ববিদ্যালয়খনক হাত কৰা হৈছিল –- তাৰ আগলৈকে বিত্তীয় সংকটত ভুগি থকা বিশ্ববিদ্যালয়খনক বাজেটত নিৰ্ধাৰণ কৰাতকৈও ৫ গুণ বেছি ধন প্ৰদান কৰা হৈছিল। আৰু সেইবাবেই কেলেংকাৰিটো পোহৰলৈ অহাৰ পিচতো তাৰ জলবায়ু গৱেষণা কেন্দ্ৰটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। 
(৪)
এইখিনিতে প্ৰশ্ন উঠিব যে গোলকীয় উষ্ণায়ন যদি মানৱ সৃষ্ট কল্পকাহিনীহে, তেন্তে প্ৰাকৃতিক দুৰ্যোগবোৰ, যেনে –- অস্বাভাৱিক গৰম, প্ৰচণ্ড ধুমুহা, ঘূৰ্ণিবতাহ, হেৰিকেন আদি কিয় সংঘটিত হৈ আছে ? এচাম স্বাধীন-নিৰপেক্ষ বিজ্ঞানীয়ে ইয়াৰ উত্তৰ দিছে এনেদৰেঃ গোলকীয় উষ্ণায়ন সম্পূৰ্ণৰূপে ভৌতিক, কিন্তু অতি জটিল প্ৰক্ৰিয়া আৰু ই মূলতঃ নিৰ্ভৰ কৰে সৌৰশক্তিৰ ওপৰত। অৰ্থাৎ সূৰ্য্যৰ পৰা পৃথিৱীৰ দূৰত্ব তথা সূৰ্য্যত সংঘটিত হৈ থকা কাৰ্য্যকলাপৰ ওপৰত। যিহেতু সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সলনি হৈ থাকে তথা সূৰ্য্যত সংঘটিত কাৰ্য্যকলাপবোৰো পৰিৱৰ্তিত হৈ থাকে, সেয়ে প্ৰাকৃতিক দুৰ্যোগবোৰো ঘটি থাকে। আনহাতেদি এনে প্ৰাকৃতিক দুৰ্যোগ সকলো কালতে ঘটিছে, কিন্তু সিবোৰৰ বেছিভাগৰে নথি পাবলৈ নাই। উদাহৰণস্বৰূপে মধ্যযুগত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগবোৰ নথিভূক্ত নহয়। ইফালে মানুহেও দুৰ্যোগবোৰৰ কথা মনত নাৰাখে, কিয়নো প্ৰলয়ৰ কথা সোনকালে পাহৰি যোৱাটোকে তেওঁলোকে শ্ৰেয় বুলি বিবেচনা কৰে। 

এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা হ'ল এয়ে যে ওপৰত উল্লেখিত গোলকীয় উষ্ণায়নৰ কাৰকবোৰত প্ৰভাৱ পেলোৱাৰ ক্ষমতা মানুহৰ একেবাৰে নাই !

স্বাধীন-নিৰপেক্ষ বিজ্ঞানীসকলৰ মতে জলবায়ুত উষ্ণতাৰ পৰিৱৰ্তন এটা চক্ৰত ঘটে, –- এতিয়া উষ্ণায়ন ঘটি আছে, কিন্তু ১০ৰ পৰা ৪০ বছৰৰ পিচত ঘটিব শীতায়ন ! অৰ্থাৎ গৰমৰ পৰিৱৰ্তে ঠাণ্ডাইহে মানুহক তেতিয়া আমনি দিব।
ডনাল্ড ট্ৰাম্পৰ স্থিতিঃ বিবিচিৰ ৱেবচাইটৰ পৰা
উপসংহাৰঃ 
বায়ুমণ্ডলত এৰি দিয়া ক্ষতিকৰ পদাৰ্থবোৰে প্ৰদূষণ নিশ্চয় বঢ়াইছে, কিন্তু গোলকীয় উষ্ণতাৰ বৃদ্ধিত সিবোৰৰ ভূমিকা নাই, আৰু থাকিলেও সি নগণ্য। অথচ এই পদাৰ্থবোৰক সাৰথি কৰিয়েই বিশ্বৰ প্ৰভাৱশালী-ক্ষমতাশালী এটা চামে পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি আছে বুলি ধাৰাবাহিক প্ৰচাৰ চলাই আছে। সেয়ে ক'ব পাৰি যে গোলকীয় উষ্ণায়নক এই চামটোৱে ছলনা-প্ৰতাৰণাৰে ধন আহৰণৰ তথা শক্তিশালী ৰাষ্ট্ৰবোৰে দুৰ্বলবোৰক কাবু কৰি ৰখাৰ কৌশল হিচাবেহে বৰ্তমান ব্যৱহাৰ কৰি আছে। এইক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰবোৰৰ মূল উদ্দেশ্য হ'ল নিজক প্ৰতিযোগীবিহীন কৰা। অৰ্থাৎ ধনী-শক্তিশালী ৰাষ্ট্ৰবোৰ আৰু ধনী হ'ব তথা দুখীয়া-দুৰ্বল ৰাষ্ট্ৰবোৰ হ'ব আৰু বেছি দুখীয়া। 

ছলনা-প্ৰতাৰণাৰ এই কৌশল আগলৈকো চলি থাকিব। এই বছৰতে কিয়'ট' প্ৰট'কলৰ কাৰ্যকাৰিতা সমাপ্ত হ'ব, কিন্তু কাৰ্যকৰী হৈ উঠিব এই সন্দৰ্ভৰ পেৰিছ চুক্তি। ১৯২ খন দেশে এই চুক্তিত ইতিমধ্যে স্বাক্ষৰ কৰিছে। চুক্তিখনত আন্তৰ্জাতিক CO2 কৰ ধাৰ্য কৰা হৈছে –- পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰপ্তানি কৰা দেশবোৰে বায়ুমণ্ডলত এৰি দিয়া প্ৰতি টন CO2-ৰ বাবে প্ৰায় ১৫ ডলাৰকৈ কৰ বিশ্ববেংকত জমা দিব লাগিব। 

আৰু এই ধনৰ কিমানখিনি অবৈধভাবে কিমানৰ জেপত সোমাব, তাৰ সঠিক হিচাব হয়তো কেতিয়াও পোৱা নাযাব ! 
লেখক পেশাগত ভাৱে মাইনিং ক্ষেত্ৰৰ বিশেষজ্ঞ, পূৰ্বতে প্ৰৱন্ধটি জুলাই, ২০২০ সংখ্যা “গৰীয়সীত” প্ৰকাশ পাইছে। ইউনিকোড সংস্কৰণ লেখকৰ অনুমতি মৰ্মে সুখ-দুখত প্ৰকাশ কৰা হৈছে। লেখকৰ পূৰ্বে প্ৰকাশিত লেখাবোৰ পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ
https://www.xukhdukh.com/search/label/KANAI-GOGOI

No comments:

Post a Comment