চিন্তনঃ পৃথিৱীৰ উদাৰচিতীয়া গণতান্ত্ৰিক চিন্তা এতিয়া দিশহাৰা নেকি? :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ পৃথিৱীৰ উদাৰচিতীয়া গণতান্ত্ৰিক চিন্তা  এতিয়া দিশহাৰা নেকি? :: সঞ্জীত কুমাৰ বৰদলৈ

চিন্তনঃ পৃথিৱীৰ উদাৰচিতীয়া গণতান্ত্ৰিক চিন্তা এতিয়া দিশহাৰা নেকি? :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
পৃথিৱীৰ উদাৰচিতীয়া গণতান্ত্ৰিক চিন্তা এতিয়া দিশহাৰা নেকি?
সঞ্জীত কুমাৰ বৰদলৈ
কিছুদিনৰ আগতে এখন কাকতত প্ৰকাশ পোৱা ময়ূৰ বৰাদেৱৰ "উদাৰচিতীয়া গণতান্ত্ৰিক মতাদৰ্শৰ লোক সকল কোনদিশে" শীৰ্ষক লেখাটোৱে যথেষ্ট সকাহ আৰু চিন্তাৰ খোৰাক দিলে৷ একেই মতাদৰ্শত বিশ্বাসী এজন হিচাপে বৰাদেৱে উল্লেখ কৰা কথাখিনি আমাৰ মনতো দীৰ্ঘদিন ধৰি খু-দুৱাই আছিল৷ তেওঁৰ উপলব্ধি আমাৰ বিভিন্ন লেখাৰ মাজটো কম-বেছি পৰিমাণে প্ৰতিফলিত হৈ আহিছে যদিও, উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী সকলৰ সমুখলৈ অহা প্ৰত্যাহ্বানৰ কথা মুকলিকৈ,স্পষ্টতাৰে কোৱা হোৱা নাছিল৷ সেয়ে ময়ূৰ বৰাৰ লেখাটোৱে সকাহ দিলে বুলি উল্লেখ কৰি কিছু কথা আলোচনা কৰিব বিচাৰিছো।
কঠিয়া পৰাৰ সময়ত পথাৰৰ মাটিডৰাত যেতিয়া আবদ্ধ পানী বেছি হৈ অসুবিধাত পেলায় তেতিয়া খেতিয়কে কিছুসময়ৰ বাবে আলি কাটি দিয়াৰ পৰম্পৰা আছে, যাতে অপ্ৰয়োজনীয় পানীবোৰ ওলাই যায়৷ একেদৰেই আবদ্ধ আৰু প্ৰায় কামত নহা, একঘেয়ামী চিন্তাৰে সমাজত যেতিয়া ক্ষতিকাৰক পৰিস্থিতিৰ (suffocation) সৃষ্টি হয়, তেতিয়াই সমাজ এখনৰ চিন্তা-নায়ক সকলে নতুন চিন্তাৰ বাট কাটিব পাৰিব লাগিব৷ চিন্তাশীল আৰু সংবেদনশীল ময়ূৰ বৰাই সেই কামটো কৰিব পাৰিছে বুলি অনুভৱ কৰিছো৷ তাৰ অন্যতম উপযুক্ত প্ৰমান ইতিপূৰ্বে উল্লেখ কৰা সেই বিশেষ লেখাটো৷

সংবেদনশীলতা প্ৰখৰ নহ'লে আৰু নিজস্ব চিন্তা-চেতনাক বাস্তৱ উপলব্ধি আৰু নিৰ্মোহ আত্ম-সমালোচনাৰে প্ৰয়োজনত নিজক আপগ্ৰেড কৰিব নোৱাৰিলে নতুন চিন্তাৰ বাট কাটিব নোৱাৰি৷ইয়াৰ বাবে সৎ-সাহসো লাগিব৷ এই বিশ্বত মানৱ সৃষ্ট কোনো কথাই চৰম সত্য তথা স্থিৰ হ’ব নোৱাৰে৷ ছমাৰ ছেট ম’মে তেওঁৰ বিখ্যাত "দ্য ৰেজ’ৰচ এডজ" উপন্যাসত এই কথা সুন্দৰকৈ লিখিছে-“Nothing in this world is permanent, and we are foolish when we ask anything to last, but surely we are still more foolish not to take delight in it while we have it. If change is of the essence of existence one would have thought it only sensible to make it the premise of our philosophy.” সি যি হওক,ময়ূৰ বৰাৰ লেখাৰ আঁত ধৰি মই কিছু কথা চমুকৈ কোৱাৰ প্ৰয়োজনবোধ কৰিলোঁ৷

সদ্যসমাপ্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে আমাক বহু কথাৰ ইংগিত দিছে৷ ৰিপ্লাবিকান ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে যদিও ২০১৬ চনৰ নিৰ্বাচনত কৈ তেওঁ বেছি ভোট পাইছে৷ ২০১৬ চনত ট্ৰাম্পে ৬৩নিযুত ভোট লাভ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল৷ শেহতীয়া নিৰ্বাচনত ট্ৰাম্পে প্ৰায় ৭০.৬নিযুত ভোট পাবলৈ সক্ষম হৈছে৷ অৰ্থাৎ পূৰ্বৰ নিৰ্বাচনতকৈ বেছি ভোট পাইও ট্ৰাম্প এইবাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰিলে! ইয়াৰ অন্যতম কাৰন হৈছে এইবাৰ আমেৰিকাত অভিলেখ সংখ্যক (৬৬.৯%) ভোটাৰে ভোটদান কৰিছে৷ ট্ৰাম্পে পূৰ্বতকৈ বেছি ভোট পোৱাটোৱে প্ৰমাণ কৰে ভোটৰ অংকত ৰাষ্ট্ৰপতি হ’ব নোৱাৰিলেও ট্ৰাম্পৰ জনপ্ৰিয় ’America First” নীতি তথা ট্ৰাম্পবাদৰ জয় হৈছে৷ ময়ূৰ বৰাই সঠিককৈয়ে কৈছে-“জ’ বাইডেনৰ জয়ৰ বিষয়টো উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰেই জয় বুলি ক’ব পাৰি৷ কিন্তু জয়লাভৰ যিটো হাৰ বা মাত্ৰা, তাক দেখি সমগ্ৰ বিশ্বৰ Liberal-Democrat সকলে আত্মসন্তুষ্টি লভিব নোৱাৰে৷ লগতে আনটো শক্তিৰ মূল প্ৰতীক ডোনাল্ড ট্ৰাম্পৰ দপদপনিয়ে প্ৰমান কৰে আমেৰিকাৰ দৰে উন্নত দেশতো সেইটো শক্তি ইতিমধ্যে বৰঘৰত বহিল৷

মূল প্ৰসংগৰ বাহিৰৰ বাবে নিশ্চয় ময়ূৰ বৰাই আমেৰিকাত গঢ়ি উঠা অস্থিৰতা তথা ট্ৰাম্পবাদৰ প্ৰসংগত একো উল্লেখ নকৰিলে৷ আমেৰিকা এতিয়া সেই আগৰ দৰে "সপোনৰ দেশ" হৈ থকা নাই৷ সেই দেশৰ বাহিৰে ভিতৰে বহু প্ৰত্যাহ্বান আহি পৰিছে৷ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি চীনে আমেৰিকালৈ তীব্ৰ প্ৰত্যাহ্বান আনিছে। যিদৰে এসময়ত ৰাচিয়া আমেৰিকাৰ বাবে ডিপ্ৰেছনৰ কাৰন হৈ পৰিছিল৷ প্ৰৱজনে দেশখনক বিপদত পেলাইছে, বিশেষকৈ মেস্কিকোৰ স’তে আমেৰিকাৰ সম্পৰ্ক জটিল আৰু স্পৰ্শকাতৰ হৈ পৰিছে৷ একে সময়তে আমেৰিকাৰ আৰ্থিক অসমতা উদ্বেগজনক ভাবে বৃদ্ধি পাব ধৰিছে৷ ১৯৭০চনত আমেৰিকাৰ ১%ধনী লোকৰ হাতত দেশৰ ১০%সম্পদ আছিল৷ কিন্তু আজি ১% ধনীয়ে আমেৰিকাৰ ২৫%সম্পদ আহৰণ কৰিছে৷ আজিৰ তাৰিখত জ্যফ বেজচ, বিল গেটছ্ আৰু ৱাৰেন বাফেট, আমেৰিকাৰ মাত্ৰ এই তিনি গৰাকী পুঁজিপতিয়ে আমেৰিকাৰ ১৩০নিযুত দুখীয়াৰ সমান সম্পদ আহৰণ কৰিছে৷ জাৰেড ডাইমণ্ডে তেওঁৰ শেহতীয়া গ্ৰন্থত স্পষ্ট ভাবে লিখিছে যে যদি এই হাৰত আৰ্থিক অসমতা বৃদ্ধি হৈ থাকে তেন্তে অতি সোনকালে আমেৰিকাত ’Urban riots'হ’ব৷ ইয়াৰ অৱধাৰিত পৰিণতিত ৰাজনৈতিক নেতা সকলে বহুক্ষেত্ৰত আপোচ কৰে বা কৰিব লগা হয়৷ইয়াৰ উপৰিও আমেৰিকাত বহু সামাজিক সমস্যাৰ সৃষ্টি হৈছে৷ সেই দেশৰ বেছিভাগ লোকেই গড় হিচাপত প্ৰতি চাৰি মিনিটত মোবাইল চায়, দিনে ৬-১০ ঘন্টা সময় মোবাইল- কম্পিউটাৰত খৰছ কৰে! এনে বহু কাৰকে আমেৰিকাৰ সমাজক প্ৰভাৱিত কৰিছে৷ ৰাজনৈতিক ক্ষেত্ৰত মেৰুবিভাজন হ’ব ধৰিছে যিয়ে সেই দেশৰ সচেতন মহলক চিন্তাত পেলাইছে৷ জেৰড ডাইমণ্ডে যথাৰ্থতে লিখিছে-““There is no way that China or Mexico can destroy the U.S. Only we Americans can destroy ourselves.” আজিৰ গোলকীয় বিশ্বত আমি বিচ্ছিন্ন হৈ থাকিব নোৱাৰোঁ৷ তাৰোপৰি আমেৰিকাৰ বহু প্ৰসংগ আমাৰ দেশৰ স’তেও যথেষ্ট মিল আছে৷ গতিকে সেই দেশৰ গতিবিধিৰ পৰা আমি শিক্ষা আহৰণ কৰিব পাৰোঁ৷

উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰ লোক সকলে প্ৰধানকৈ তিনিটা শক্তিৰ প্ৰতি নিৰন্তৰ দৃষ্টি ৰাখিব লগা হয় যি তিনিটা শক্তিৰ স’তে সময়ে সময়ে দ্বন্দ্ব বা বিৰোধ হয়৷ সেই তিনিটা শক্তি হৈছে-ফেচীবাদ, কৰ্তৃত্বশীল পক্ষ (Authoritarian regime) আৰু জনপ্ৰিয় আন্দোলন (Populist movement)৷ আমাৰ একাংশ বুদ্ধিজীৱীয়ে পোষণ কৰা উদাৰচিতীয়া গণতান্ত্ৰিক মতাদৰ্শৰ প্ৰতি থকা মাত্ৰাধিক একপক্ষীয় আত্মবিশ্বাস আৰু বহু সময়ত কিছুমান অবাস্তৱ, অদূৰদৰ্শী মনোভাবেৰে পক্ষপাতিত্ব মুলক স্থিতি গ্ৰহণ কৰা বাবে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ পৰা শ্ৰদ্ধা আৰু বিশ্বাসযোগ্যতা হেৰুৱাব লগা হৈছে৷ অসম আন্দোলনৰ আঁৰৰ কাৰনবোৰ অস্বীকাৰ নকৰিও ক’ব লাগিব মুহূৰ্ততে সেই আন্দোলনে জনপ্ৰিয় ৰূপ লৈছিল৷ সশস্ত্ৰ আলফাৰ প্ৰথম সময়চোৱাৰ ক্ষেত্ৰতো এই কথা ক’ব পাৰি৷আনকি শেহতীয়া কা-বিৰোধী আন্দোলনো "Populist movement”লৈ পৰ্যবসিত হৈছিল৷ এই তথাকথিত জনপ্ৰিয় আন্দোলনবোৰৰ পৰা আমি বিশেষ একো নাপালোঁ৷ কিন্তু সেইবোৰে আমাৰ জাতীয় জীৱনত বহুক্ষেত্ৰত ক্ষয়-ক্ষতি কৰিলে৷

এগৰাকী সমাজ বিজ্ঞানীয়ে এঠাইত লিখিছে-“When populists distinguish between the 'people' and the 'elite', they depict each of this groups as homogeneous. The people have one set of interests and values, the elite has another, and these two sets are not only different but fundamentally opposite.' বিশেষ প্ৰসংগত আৰ্নল্ড টয়নবীয়ে একেই কথাকে কৈছিল৷তেওঁ এঠাইত কৈছে-“It is a symptoms of social ill health when a society is divided into an intelligentsia and masses and when each of these two sections of the society feels that the other section is alien. সম্প্ৰতি আমাৰ বৌদ্ধিক জগতখনত সৃষ্টি হোৱা ভেকুৱাম সদৃশ পৰিস্থিতিৰ প্ৰেক্ষাপটত টয়নবীৰ কথাষাৰ গুৰুত্বপুৰ্ণ৷

আজি কালি এচামে "মানৱ অধিকাৰ","মৌলিক অধিকাৰ", "ধৰ্মনিৰপেক্ষতা" আদিৰ দৰে সংবিধান প্ৰদত্ত কিছুমান শব্দ ভাটৌৰ দৰে উচ্চাৰণ কৰি নিজৰ গোষ্ঠীগত বা সংকীৰ্ণ স্বাৰ্থ পূৰণ কৰাৰ প্ৰৱণতা দেখা যায়৷ সেই সকলে মনত ৰখা ভাল গণতান্ত্ৰিক মুল্যবোধ কেবল সংবিধানত থকা বিশেষ কিছুমান শব্দ বা অনুচ্ছেদ নহয়৷ প্ৰকৃততে গণতান্ত্ৰিক মানসিকতাৰ অধিকাৰী হ’বলৈ হ’লে লাগিব গভীৰ অন্তদৃষ্টি, উদাৰতা আৰু বিজ্ঞানমনস্কতা৷ পৰিবৰ্তিত সময়ৰ প্ৰেক্ষাপটত উদাৰচিতীয়া গণতান্ত্ৰিক লোকসকলে প্ৰয়োজনত কিছুমান পূৰ্ব-নিৰ্ধাৰিত,একঘেয়া ধ্যানধাৰণাৰ পৰা মুক্ত হ’ব পাৰিব লাগিব আৰু ময়ূৰ বৰাই উল্লেখ কৰাৰ দৰে আত্ম-সমালোচনাও কৰিব লাগিব৷ কেৱল সমালোচনাত্মক দৃষ্টিভংগীৰে কাম নিসিজিব৷ সমান্তৰালভাৱে বাস্তৱতাক অনুধাৱন কৰিব পাৰিব লাগিব৷ এনেবোৰ প্ৰসংগত বহু কথাই ক’ব পাৰি কিন্ত বাহুল্য নকৰি ইমানতে সামৰিলোঁ৷ এনেবোৰ কথা চিন্তা কৰিবলৈ ময়ূৰ বৰাই বাধ্য কৰোৱা বাবে তেওঁলৈ ধন্যবাদ জনালোঁ৷

No comments:

Post a Comment