কোন দিশে দেশৰ ভৱিষ্যতঃ নীতি বনাম বৰ্ধিত শংকা
ড° নগেন শইকীয়া
সাম্প্রতিক ৰাজনৈতিক ঘটনাৱলীয়ে মনত ক্রিয়া কৰি থাকে। নির্বাচনৰ যুঁজৰ সময়ত (বি টি চিৰ নির্বাচনৰ) দেখা গ'ল ক্ষমতাৰ লােভে মানুহৰ মুখৰ ভাষা আৰু শাৰীৰিক আচৰণক কিমান তললৈ নিব পাৰে। বিধানসভাৰ নিৰ্বাচনৰ সময়ত কোনটো স্তৰলৈ নামি যায় নিশ্চয়তা নাই। ক্ষমতাৰ লােভে মানুহৰ মনুষ্যত্বকে হত্যা কৰে, সভ্যতা-সংস্কৃতি দূৰতে থাকক। কি অশ্রাব্য ভাষাৰে কৰা আক্ৰমণ আৰু শাৰীৰিক ভাৱে প্রদান কৰা মনােভাবে এইসকল যুঁজাৰু যে মানুহৰ আদিম স্তৰতে আছে সেই কথাকে প্রতিপন্ন কৰিছে। নির্বাচনী যুঁজ হ'ব লাগে তত্ত্ব, তথ্য আৰু যুক্তিৰ যুঁজ। প্রতিপক্ষ নির্বাচনী ইস্তাহাৰত থকা বিষয় ক্ষুৰধাৰ যুক্তিৰে ভদ্রতা ৰক্ষা কৰি সভ্য মানুহৰ দৰে কাটক, জনসাধাৰণৰ সন্মুখত নিজৰ নীতি আৰু স্থিতি সবলভাৱে দাঙি ধৰক। কিন্তু সম্প্রতি আক্রমণ-প্রতি আক্রমণ যিটো স্তৰলৈ গৈছে, সেই স্তৰে শালীনতাৰ স্তৰ পাৰ হৈ গৈছে।
যেতিয়া কোনাে নেতাকর্মীসহ দলৰ কোনাে মহৎ আদর্শ নাথাকে, তেওঁবিলাকৰ কথা আৰু কামত মহত্ব ফুটি উঠিব কেনেকৈ? মানৱীয় মহত্ত্বৰ বার্তাবাহক শেষৰজন আমাৰ দেশৰ ‘দূত’আছিল গান্ধীজী। গান্ধীজীৰ আদৰ্শৰ অনুগামী আমাৰ ৰাজ্যত শেহৰজন মানুহ আছিল শৰৎ চন্দ্র সিংহ। এতিয়া তেনে মানুহ বিজেপিততাে থকাৰ প্রশ্নই নুঠে, কংগ্রেছতাে নাই। নেহৰুৰ মাজত আছিল গান্ধীজীৰ অনুগামী হৈ থাকি আমাৰ দেশ ভাৰতক এই দেশৰ প্রাচীন ঐতিহ্যৰ পৰা আধুনিক কাললৈকে জনা আৰু বুজা এটি অসামান্য ক্ষমতা। তদুপৰি আছিল এটা সর্বাধুনিকমন। কিন্তু গান্ধীজী আছিল সকলােৰেও পৰত দেৱদূত স্বৰূপ। আমাৰ দেশৰ পৰা অস্পৃশ্যতা দূৰ কৰাত লােৱাৰ নিদর্শন হৰিজন’ শব্দটোৱে ধৰি ৰাখিছে। গান্ধীজীক নেদেখিলোঁ, নেহৰুক দেখিছিলোঁ ১৯৫৮ খ্রীষ্টাব্দত জানুৱাৰীত হােৱা ভাৰতীয় কংগ্ৰেছৰ বিশাল অধিৱেশনত মঞ্চৰ কিছুওচৰৰ পৰা। মই তেতিয়া আইএ দ্বিতীয় বার্ষিকৰ ছাত্র আছিলোঁ। আমি তিনিজন কংগ্ৰেছ চাবলৈকে ফৰকাটিঙত ৰে’লত উঠি গুৱাহাটী পাইছিলোঁগৈ। তেতিয়া দিনৰ বাছেই গুৱাহাটীলৈ নাছিল, ৰাতিৰ বাছ দূৰৰ কথা। ইউ এন ধেবৰ আছিল সেই অধিৱেশনৰ সভাপতি।
যি হওক, সেইবোৰ পাৰ হৈ যােৱা দিনৰ কথা। কিন্তু তথাপি বাৰে বাৰে ইন্দিৰা গান্ধী প্রধান মন্ত্রী হােৱাৰ আগলৈকে ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক ইতিহাস আছিল তাত কলুষিতা আজিৰ তুলনাত তেনেই কম আছিল। কিন্তু ইন্দিৰাৰ ৰাজত্বই ভাৰতীয় ৰাজনীতিক দলীয় ক্ষমতা লাভৰ বাবে অকতৰ্ব্য কৰাৰ ৰাজনীতিৰ স্তৰলৈ নমাই আনিবলৈ ধৰিলে। অৱশ্যে তেওঁৰ পিছত ১৯৮৪ খ্রীষ্টাব্দত যেতিয়া ৰাজীৱ গান্ধী প্রধান মন্ত্রী হ’ল, তেওঁৰ মাতৃয়ে এৰি থৈ যােৱা সুঁতিটোৰ পৰা তেওঁ সম্পূর্ণ আঁতৰি অহা সম্ভৱপৰ হােৱা নাছিল যদিও ৰাজীৱ গান্ধীৰ মাজত বহুখিনি সততা আৰু সৰলতা থকা বুলি অনুভৱ কৰিছিলোঁ। মই তেতিয়া ৰাজ্যসভাৰ সদস্য আছিলোঁ। কিন্তু ইন্দিৰা গান্ধীয়ে কৰা ভুলৰ বাবে তেওঁ যিদৰে নিজৰ গা-ৰখীয়াৰ হাততে নিহত হ'ল, মাকে কৰি যােৱা ভুলৰ বাবেই ৰাজীৱ গান্ধীয়েও তামিল উগ্রবাদীৰ হাতত অকালতে প্রাণ হেৰুৱাবলগীয়া হ'ল।
বিজেপিৰ প্রথম অভ্যুত্থানৰ সময়ত নেতৃত্বত আছিল শ্ৰীঅটল বিহাৰী বাজপেয়ীৰ দৰে সামাজিক আৰু মানৱীয় মূল্যবােধ থকা এগৰাকী ব্যক্তি। তেওঁ এগৰাকী কবিও আছিল। আনকি ডেকা বয়সতে সাংসদ হৈ অহা বাজপেয়ীক নেহৰুৱে ভাৰতৰ ভৱিষ্যতৰ প্রধান মন্ত্রী বুলি কৈছিল। নেহৰুৰ ভৱিষ্যদ্বাণী আখৰে আখৰে ফলিয়াইছিল। তেওঁ সংসদত দিয়া ভাষণ আৰু টীকা-টিপ্পনী শুনি আনকি কংগ্ৰেছৰ সদস্যয়াে হাঁহিৰে টেবুল ঢকিয়াইছিল।
তেহিনাে দিৱসা গতা। পি ভি নৰসিংহৰাওৰ সময়লৈকে কংগ্ৰেছৰ তুলনামূলকভাৱে ভাল দিনেই আছিল। আনকি, যদিও ডঃ মনমোহন সিং যথার্থতে ৰাজনৈতিক মানুহতকৈ এজন বিদ্যায়তনিক মানুহহে আছিল, তথাপি গান্ধী পৰিয়ালৰ সমর্থন আৰু দলীয় সমর্থনৰ বাবে তেওঁ কিছু সুকলমেই দিন যাপন কৰি গ'ল। তাৰ পিছতেই কংগ্ৰেছৰ প্রতি মানুহৰ আস্থা হেৰাবলৈ ধৰিলে। ছােনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীৰ দিনত কংগ্ৰেছৰ অৱস্থা ঠেৰু ছিগা অৱস্থালৈ যাবলৈ ধৰিলে। ফলত বিজেপিৰ অভ্যুত্থান ঘটিল। যিজন নৰেন্দ্ৰ মােদীৰ মুখ্য-মন্ত্রিত্বৰ দিনত গুজৰাটত ‘গােধৰা কাণ্ড'ত, বিবদমান বাবৰি-মছজিদ ও ৰাম-জনমভূমি অযোধ্যাৰ পৰা ৰেলগাড়ীত আহি থকা কৰসেৱকক মুছলমান দুৰ্বৃত্তই জ্বলাই দিয়া ঘটনাৰ পাছত, হিন্দুত্ববাদী গুজৰাট ৰায়তৰ সৃষ্টি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্মমভাৱে দোষী-নিৰ্দোষী নোচোৱাকৈ মুছলমান নাগৰিকৰ হত্যালীলা চলাওঁতে, নিস্পৃহ ভূমিকা লৈ আততায়ীক ফ্ৰি-হেণ্ড দিয়াৰ বাবে জগৰীয়া কৰি তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্রধান মন্ত্রী বাজপায়ীয়ে তেওঁক খঙেৰে ৰাজধর্ম পালন কৰিবলৈ নির্দেশ দি মুখ্যমন্ত্রিত্বৰ পৰা নমাব খুজিছিল। সেই মােদীৰ, আদৱানিৰ জহত অৱশেষত মুখ্যমন্ত্রিত্ব ৰ'ল। ২০১৪ খ্রীষ্টাব্দত নৰেন্দ্র মােদীৰ উদাত্ত-ভাষণ, অজস্র প্রতিশ্রুতি, অভূতপূর্ব নির্বাচনী কৌশলে আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ পৃষ্ঠপােষকতাই সংসদত বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দান কৰিলে। গুজৰাটত মুখ্যমন্ত্রিত্বৰ পৰা আহি তেওঁ ভাৰতৰ প্ৰধানমন্ত্রী হ'লহি, অজস্র প্রতিশ্রুতিৰে মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিলে। মানুহে নতুন ভালদিনৰ আশাত বিজেপি ক্ষমতালৈ আনিলে। জনসাধাৰণে মােদীক বিশ্বাসত লৈ কি শুধৰাব নােৱৰা ভুল কৰিলে তাৰ ফল ভুগিবলৈ আৰম্ভ কৰিলে প্রথম ‘বিমুদ্ৰাকৰণৰ যােগেদি। ইটোৰ পিছত সিটোকৈ সিদ্ধান্ত জনসাধাৰণৰ ওপৰত জাপি দি কৰ্প'ৰেট হাউছক সমগ্ৰ দেশৰ সকলাে সম্পত্তি গতাই দি দেশৰ সমাজবাদী অর্থনীতিৰ শিৰচ্ছেদ কৰিলে। এতিয়া ভাৰতবৰ্ষত মােদীয়ে স্বৈৰতন্ত্র আৰু পুঁজিবাদৰ বৰভেটি বান্ধি সর্বসাধাৰণৰ বাবে সর্বহাৰা হােৱাৰ পথ উলিয়াই দিছে।তথাপি দেশৰ এচাম শিক্ষা-দীক্ষা থকা মানুহেও অন্ধভাৱে বিজেপিক সমর্থন কৰি জনসাধাৰণক বিভ্রান্ত কৰিছে নিজৰ আৰ্থ-ৰাজনৈতিক স্বার্থত। দেশৰ সংবিধান দেইগৈ মােদীয়ে যি দ্বৈৰতান্ত্রিকভাৱে পুঁজিবাদী অর্থনীতিৰ ভেটি বান্ধিছে, ইয়াৰ কুফল দেশে বহুদিনলৈ ভুগি থাকিব লাগিব।
ভাৰত এতিয়া ৰাষ্ট্ৰপতিৰ সাংবিধানিক আৰু সামাজিক মর্যাদাকো প্রধান মন্ত্রীৰ মর্যাদাতকৈ কম কৰাৰ প্রয়াস চলিছে। গুজৰাটত ১ লাখতকৈ অধিক দর্শক বহিব পৰা যিখন ষ্টেডিয়াম নির্মাণ কৰিলে সেই ষ্টেডিয়ামৰ নাম দিলে নৰেন্দ্র মােদীৰ নামত আৰু সেই ষ্টেডিয়াম উদ্বোধন কৰিলে ৰাষ্ট্রপতিয়ে। এজন মানুহৰ মৃত্যুৰ পিছত ৰাষ্ট্রপতিয়ে উদ্বোধন কৰা আৰু জীয়াই থকা মানুহৰনামত সজা ষ্টেডিয়াম বা আন কোনাে বিষয় এটা উদ্বোধন কৰা একে স্তৰৰ কাম কেনেকৈ হ'ব? ৰাষ্ট্ৰপতিৰ আসনৰ মর্যাদা ৰক্ষা কৰা হ'লনে?
দেশত বিজেপিয়ে এহাতে সাধাৰণ মানুহৰ মনত ‘আশা’ আৰু লােভ’ সৃষ্টি কৰিছে আৰু আনহাতে দেশৰ অর্থনৈতিক ভেটি ভাঙি পেলাইছে। বিজেপিৰ এই অভিসন্ধি যদি আমাৰ দেশৰ মংগলাকাংক্ষী অর্থনীতিবিদ, ৰাজনীতি কৰা বা নকৰা প্রকৃত ৰাজনীতিবিদ, সাংবাদিক, বুদ্ধিজীৱীসকলে নির্ভীক-চিত্তে তথ্যসহ দাঙি নধৰে, ইতিহাসে তেওঁবিলাককো ক্ষমা নকৰিব।
দেশত এতিয়া এনে অৱস্থা পাইছেগৈ যে মানুহে নিজে উৎপাদন কৰা সামগ্ৰীৰ ওপৰতাে নিজৰ অধিকাৰ হেৰুৱাব। সেই স্তৰলৈ দেশ নামি গৈ আছে। বিজেপিয়ে বুজা নাই যে সকলাে হেৰুওৱাৰ পিছত মানুহৰ যেতিয়া একো হেৰুৱাবলৈ নাথাকিব তেতিয়া ক্ষুব্ধ হৈ উঠা জনতাই কোনাে আইন-কানুন, অস্ত্র-শস্ত্ৰলৈ ভয় নকৰা হব। দেশৰ সেই অৱস্থা যে কাৰাে বাবেই সুখবৰ আৰু বাঞ্ছনীয় নহব, সেই কথাও কিন্তু নিশ্চিত।
(লেখাটি অসম আদিত্য কাকতত পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতিক্ৰমে গ্ৰহণ কৰা ইউনিকোডীয় সংক্ষৰণৰ অংশ ৰূপে সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে।)
No comments:
Post a Comment