‘মোৰ দন্ত অন্বেষণৰ কাহিনী’: উচ্চ শিক্ষাৰ আন্ধাৰ অৱলোকন কৰা ব্যংগ উপন্যাস
কুমাৰ নৱজ্যোতি
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক নীৰাজনা মহন্ত বেজবৰাৰ ব্যংগ উপন্যাস ‘মোৰ দন্ত অন্বেষণৰ কাহিনী’য়ে অসমীয়া ব্যংগ উপন্যাসৰ জগতখনত ৰসগ্ৰাহী, অনিসন্ধিৎসু পাঠকক এক নতুন আস্বাদনৰ সুযোগ প্ৰদান কৰিছে৷ ঔপন্যাসিকে মূলতঃ বিভিন্ন দিশৰ পৰা লাভ কৰা, বিশেষকৈ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক হিচাপে শিক্ষকতাৰ সুদীৰ্ঘ কালছোৱাত লাভ কৰা বিড়ম্বনাময় অভিজ্ঞতাক কল্পনাৰ ৰহণেৰে বোলাই উপন্যাসখনৰ কাহিনী মন্থন কৰিছে৷ ইয়াত উচ্চশিক্ষাৰ জগতখনৰ আন্ধাৰখিনি উদঙাই দিয়া হৈছে যদিও সংশ্লিষ্ট ক্ষেত্ৰখনৰ পৱিত্ৰতা যাতে অক্ষুণ্ণ থাকে, সেই লক্ষ্যৰে লিখি উলিওৱা উপন্যাসখনক ঔপন্যাসিকে একপ্ৰকাৰ আত্মসমালোচনাৰ প্ৰয়াস বুলিও অভিহিত কৰিছে৷ বিশেষকৈ উপন্যাসখনৰ যশস্যাৰাণীৰ চৰিত্ৰটোত আন ভালেকেইটা প্ৰসংগৰ লগতে সামান্য অংশ নিজৰ অভিজ্ঞতাৰো ৰহণ সনা বুলি ঔপন্যাসিকগৰাকীয়ে স্বীকাৰোক্তি দিছে৷
ঔপন্যাসিকে বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক গৱেষণা-কৰ্মৰ ৰূপত বৰ্ণনা কৰা উপন্যাসখনৰ কাহিনীটো ‘দাঁতে উঠা বনাম মাক্সৰ্বাদৰ শিক্ষা’; ‘হাতী দাঁতৰ ৰুৱা, ৰ’দ জিলিকে পুৱা’ আৰু ‘দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ খাওঁতে প্ৰাণ গ’ল’-- মূলতঃ এই তিনিটা অধ্যায়ত বৰ্ণিত হৈছে৷ উচ্ছশিক্ষাৰ জগতখনৰ বিভিন্ন বাহিৰে ৰংচং, ভিতৰে কোৱাভাতুৰি সদৃশ দিশবোৰ উদঙাই দেখুওৱাৰ স্বাৰ্থত ব্যতিক্ৰমী ধৰণেৰে লিখি উলিওৱাৰ প্ৰয়াস কৰা উপন্যাসখনক গৱেষণাকৰ্মৰ ৰূপত সজোৱা তথা সুনিৰ্দিষ্ট বক্তব্য প্ৰতিপাদনৰ স্বাৰ্থত ঔপন্যাসিকে মূল কাহিনীৰ প্ৰাৰম্ভ আৰু শেষত ক্ৰমে প্ৰস্তাৱনা আৰু উপসংহাৰ অংশৰো সংযোজন ঘটাইছে৷ প্ৰস্তাৱনা অংশত প্ৰসংক্ৰমে দাঁতৰ সৈতে জড়িত অসমীয়া জতুৱা-ঠাঁচ কিছুমানৰ সংযোজনে উপন্যাসখনৰ শৈক্ষিক মূল্য বঢ়াই তুলিছে৷ উপন্যাসখনৰ প্ৰাৰম্ভতে সংলগ্ন কৰা ‘কাহিনী’ৰ আঁতি-গুৰি’ অংশত উপন্যাসখনৰ কাহিনীটো ঔপন্যাসিকে তেওঁৰ প্ৰকাশভংগীৰে তেওঁৰেই এগৰাকী বান্ধৱী আৰু পূবর্তে এখন মহাবিদ্যালয়ত অধ্যাপনা কৰি পাছলৈ বিশ্ববিদ্যালয়ৰ ভাষা-সাহিত্যৰ বিভাগ এটাত অধ্যাপক হোৱা ড০ যশস্যা ৰাণী সৌকাধৰা, ডি. লিট.-ৰ ‘মহৎ জীৱন পৰিক্ৰমাৰ বিশাল অভিজ্ঞতা’ৰহে প্ৰকাশ বুলি উল্লেখ কৰি উপন্যাসখনৰ নায়িকা যশস্যা ৰাণী বুলি ইংগিত দিছে৷
উপন্যাসখনৰ মূল কাহিনীটো আৰম্ভ হৈছে দ্বিতীয় অধ্যায়ৰ পৰা৷ কলেজত পঢ়ি থকা কালতে যিকোনো উপায়েৰে পৰীক্ষাত ভাল মূল্যাংক অৰ্থাৎ ‘মাৰ্ক্স’ লাভৰ বাবে অধ্যাপক কুশল বৈৰাগীৰ ‘প্ৰিয়পাত্ৰ’ হোৱাৰ প্ৰয়াস কৰি সফল হোৱা অৰ্থাৎ ‘মাক্সৰ্বাদ’ত দীক্ষিত হোৱাৰ প্ৰসংগটো ‘দাঁতে উঠা বনাম মাৰ্ক্সবাদৰ শিক্ষা’ শীৰ্ষক অধ্যায়টোত নায়িকা যশস্যা ৰাণীৰ চৰিত্ৰটোৰ ক্ষেত্ৰত ঔপন্যাসিকে ব্যংগভাৱে উপস্থাপন কৰি উচ্চশিক্ষাৰ জগতখনত চলি থকা এটা কদৰ্য দিশ উদঙাই দিছে৷
উপন্যাসখনৰ তৃতীয় অধ্যায়ত নায়িকা যশস্যা ৰাণীয়ে আগৰ দৰে ‘মাক্সৰ্বাদ’ৰ সূত্ৰ ব্যৱহাৰ কৰিয়েই বিশ্ববিদ্যালয়ৰ জীৱনতো অধ্যাপক অনন্ত যোগীৰ সান্নিধ্যৰে ভাল ফলাফল লাভ কৰাৰ বাবে কৰা প্ৰয়াসৰ উল্লেখ আছে৷ লগতে মূল উদ্দেশ্যৰ একো উমান নেপোৱাকৈয়ে অবৈধ বাংলাদেশী বিতাড়নৰ নামত হোৱা আন্দোলনত যশস্যা ৰাণীৰ দৰে একাংশ বিদ্যার্থীয়ে আন্দোলনৰ নামত আন্দোলন কৰি ৰাতিটোৰ ভিতৰতে নায়ক-নায়িকা হৈ যোৱাৰ প্ৰসংগও ব্যংগ ৰূপত এই অধ্যায়ত বৰ্ণিত হৈছে৷ ‘হাতী দাঁতৰ ৰুৱা, ৰ’দ জিলিকে পুৱা’ শীৰ্ষক এই অধ্যায়টোত একাংশ বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠা, হোষ্টেল আদিত সততে ঘটি থকা কিছু ঘটনাকো হাস্য-ব্যংগ ৰূপত উপস্থাপন কৰা হৈছে৷ অধ্যায়টোত এগৰাকী মহিলা অধ্যাপকৰ মুখেৰে নিসৃত “তেনেকুৱা ক’লা, দাঁত উজলা ছোৱালী এজনী কেনেকৈ ফাষ্টৰ্ ক্লাচ ফাষ্টৰ্ হ’ব পাৰেহে?” কথাষাৰিৰ দৰে বিভিন্ন কথা-বতৰা, ঘটনা-প্ৰৱাহৰ মাধ্যমত একাংশ উচ্চশিক্ষাৰ অনুষ্ঠানত কৰ্মৰত একাংশ অধ্যাপকৰ মনৰ কদৰ্যতাৰ উমান পোৱা যায়৷
‘দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ খাওঁতে প্ৰাণ গ’ল’ শীৰ্ষক চতুৰ্থটো অধ্যায়ত নায়িকা যশস্যা ৰাণীৰ অধ্যাপনাৰ জীৱনত আলোকপাত কৰা হৈছে৷ মূল্যাংক বৃদ্ধিৰ ‘মাৰ্ক্সবাদ’ আৰু ‘সুবিধাবাদ’ৰ জোৰত নিজৰ কেৰিয়াৰ ভাল কৰাৰ সুবিধা পোৱা অথচ বিশেষ বাস্তৱজ্ঞান নথকা নায়িকাই এনে এখন মহাবিদ্যালয়ত অধ্যাপকৰ পদ লাভ কৰিছে, য’ত নায়িকাৰ অভিজ্ঞতাৰ দৰেই সবৰ্ত্ৰ বিভিন্ন সুযোগবাদৰে পয়োভৰ৷ স্বাভাৱিকতেই নায়িকাৰ একো অসুবিধা হোৱা নাই৷ অধ্যায়টোত সংশ্লিষ্ট মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী কিমান কৰ্তব্যনিষ্ঠ, তাৰ উদাহৰণসহ ব্যংগৰূপ প্ৰকাশ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাত ভাল মূল্যাংক লাভ কৰা নায়িকাৰ দয়নীয় বাস্তৱ জ্ঞানৰ ফোপোলা আৰু হাঁহি উঠা স্বৰূপো ঔপন্যাসিকগৰাকীয়ে অধ্যায়টোত ব্যক্ত কৰিছে৷ পূবর্তে ‘মাক্সৰ্বাদ’ৰ সূত্ৰে হোৱা বুজা-পৰাৰ আলমতে নায়িকাই অধ্যাপক অনন্ত যোগীৰ তত্ত্বাৱধানত সহজতে পি. এইচ. ডি. উপাধি লাভ কৰাৰ যাত্ৰাৰ কথাও কাহিনীটোত বৰ্ণিত হৈছে৷ গৱেষণাৰ কাম আৰম্ভ কৰাৰ সমান্তৰালভাৱে নায়িকাই তেওঁৰ গৱেষণা-গুৰুৱে পূবৰ্তে অধ্যয়ন কৰি যোৱা বিশ্ববিদ্যালয়খনতে অধ্যাপকৰ পদত যোগদান কৰাৰ কথাও অধ্যায়টোৱে সামৰি লৈছে৷ যশস্যা ৰাণীৰ বিবাহৰ প্ৰসংগও কাহিনীটোত আছে৷ উচ্চশিক্ষা প্ৰদানৰ সৈতে জড়িত তথা সমাজৰ দিক্ -নিৰ্দেশক বুলি সততে গণ্য কৰা একাংশ লোকৰ মাজত থকা হিংসা-দ্বেষৰ লগতে বিশেষভাৱে স্বজন-তোষণ, নীতিনিষ্ঠতাৰ অভাৱ, নিজৰ স্বাৰ্থ পূৰণত হেঙাৰ হ’লে সংখ্যাগৰিষ্ঠ সমৰ্থকৰ সুবিধাৰে সংশ্লিষ্টগৰাকীক ব্যক্তিগতভাৱে বিপদত পেলোৱাৰ তথা ‘ধ্বংস’ কৰাৰ প্ৰচেষ্টাৰ প্ৰাসংগিক কাহিনীও অধ্যায়টোৱে সামৰি লৈছে৷ গৱেষণা, চেমিনাৰ, বিভিন্ন পৰিদৰ্শন দলক প্ৰদৰ্শন কৰিবলগীয়া তথ্য আদিৰ ক্ষেত্ৰতো যে একাংশ লোকে নীতিনিষ্ঠতাক সদায়েই পদানত কৰাৰ প্ৰয়াস কৰে, তাৰ আভাস কাহিনীটোত পোৱা গৈছে৷ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত কৰ্মৰত একাংশ ব্যক্তিয়ে যে সুবিধাবাদৰ মাধ্যমত নিৰন্তৰ নিজৰ ‘প্ৰাপ্তি’ তথা ‘সাফল্য’ৰ সন্ধান কৰি থাকে, প্ৰয়োজনত আনৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰাচীৰ হৈও থিয় দিয়ে আৰু নিজৰ স্বাৰ্থৰ বাটত বাধা বুলি ভবা ব্যক্তিবিশেষৰ বিভিন্ন উপায়েৰে হানি কৰাৰ বাবে সময় আৰু পৰিস্থিতিবিশেষে নিজৰ বিষদাঁতৰো প্ৰয়োগ কৰে.... এনেবোৰ কথা অধ্যায়টোত প্ৰতিপাদনৰ প্ৰয়াস কৰা হৈছে৷ এনে তথাকথিত উচ্চশিক্ষিত ব্যক্তিসকলে সাধাৰণতে স্বকীয় সত্তা নথকা, স্তাৱকজাতীয় লোকৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকি ভাল পোৱা, সংশ্লিষ্টসকলৰ মংগল সাধনাৰ কামতো ব্ৰতী হোৱা তথা তেওঁলোকৰ কথাত উঠ-বহ নকৰা সৎ, ব্যক্তিত্বসম্পন্ন লোকসকলৰ কুৎসা-ৰটনা কৰা তথা অপকাৰ কৰাত ব্ৰতী হোৱাৰ কথাৰে অধ্যায়টো পৰিপূৰ্ণ হৈছে৷
কুশল বৈৰাগী, অনন্ত যোগী, নকুলৰঞ্জন ফুকন, ড০ নিগমানন্দ শৰ্মা, কংকনা মহন্ত, নিৰ্মালি চলিহা, প্ৰিয়ৰঞ্জনী ফুকন, মদন মোহন কলিতা, ন্যায়াধীশ মহেন্দ্ৰনাথ বৰুৱা আদি বিভিন্ন বৰ্ণাঢ্য চৰিত্ৰই কাহিনীৰ প্ৰয়োজনত উপন্যাসখনত ভিৰ কৰিছেহি৷
ঔপন্যাসিক নিজেই বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক হোৱাৰ সূত্ৰে উপন্যাসখনত উচ্চশিক্ষাৰ জগতখনৰ তমসাময় দিশসমূহৰ বৰ্ণনা বিশ্বসনীয়ভাৱে কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে, সাধাৰণ পাঠকে উপন্যাসখনৰ তৃতীয় আৰু চতুৰ্থ অধ্যায়ত বৰ্ণিত মূল কাহিনীৰ ব্যতিৰেকে গৱেষণা-কৰ্মৰ ঠাঁচত লিখা প্ৰথম অধ্যায়--প্ৰস্তাৱনা আৰু দ্বিতীয় অধ্যায়ৰ লগতে উপসংহাৰ অংশটোত সতকাই ৰস বিচাৰি নাপাব বুলি মই ভাবোঁ৷ ঔপন্যাসিকৰ লক্ষ্য যিহেতু উচ্চশিক্ষাৰ জগতখনৰ কিছুমান অন্ধকাৰ দিশ অৱলোকন কৰিব পৰাকৈ বক্তব্যৰ উপন্যাসোপম প্ৰকাশহে; সেই অৰ্থত উচ্চশিক্ষাৰ ক্ষেত্ৰখনৰে জড়িত যথাৰ্থ, সৎ শুভাকাংক্ষীসকলৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস হিচাপে উপন্যাসখন সফল হৈছে৷ সমাজ-জীৱনৰ বিভিন্ন ক্ষেত্ৰক নিকা কৰাৰ স্বাৰ্থত আমাৰ ভাষাত বিৰল গঠনমূলক সমালোচনাৰে ৰচনা কৰা এনে ব্যংগ উপন্যাসৰ আমাক অতি প্ৰয়োজন৷
মুঠ ৯৬ পৃষ্ঠাৰ গ্ৰন্থখনত উপন্যাসৰ কাহিনীটো ৯০টা পৃষ্ঠাত বিবৃত হৈছে৷ ‘নক্সা প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন’ৰ দ্বাৰা প্ৰকাশিত আৰু সচ্চিদানন্দ শইকীয়াৰ দ্বাৰা প্ৰচ্ছদ অংকিত উপন্যাসখনৰ দাম এশ টকা৷ বিশেষকৈ উচ্চশিক্ষাৰ জগতখনক কেন্দ্ৰ কৰি ৰচনা কৰা এই উপন্যাসখনে সংশ্লিষ্ট ক্ষেত্ৰখনত ঘটি থকা বিভিন্ন সুবিধাবাদ, স্বজন-তোষণ তথা হিংসা-দ্বেষমূলক অপ্ৰত্যাশিত ঘটনাৱলীৰ প্ৰতি বৌদ্ধিক চিন্তা-চৰ্চাৰে জড়িত সৎ ব্যক্তি সমষ্টিৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা কৰিছোঁ৷
No comments:
Post a Comment