ভাল খবৰঃ অসমীয়া জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ Undertow ই জিনিলে দেশৰ সন্মানীয় AutHer-২০২১ বঁটা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ অসমীয়া জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ Undertow ই জিনিলে দেশৰ সন্মানীয় AutHer-২০২১ বঁটা

ভাল খবৰঃ অসমীয়া জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ Undertow ই জিনিলে দেশৰ সন্মানীয় AutHer-২০২১ বঁটা

Share This
জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ Undertow ই জিনিলে দেশৰ সন্মানীয় AutHer-২০২১ বঁটা
Bengaluru-based Assamese writer Jahnavi Barua wins AutHer Awards-2021 জাহ্নৱী বৰুৱা
ভিন্ন ভাষাত কলম তুলি লোৱা অসমৰ লেখক সমাজলৈ আহিছে এটি সুখবৰ। বেংগলুৰু নিবাসী অসমীয়া জাহ্নৱী বৰুৱাই ইংৰাজী ভাষাত নিজৰ সৃষ্টিৰে ৰাষ্ট্ৰীয় স্তৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। 
Bengaluru-based Assamese writer Jahnavi Barua wins AutHer Awards-2021 জাহ্নৱী বৰুৱা
এই বৰ্ষৰ সন্মানীয় The AutHer Award-2021 ৰ ফিকচন শাখাৰ শ্ৰেষ্ঠতাৰ বঁটাৰ কঢ়িয়াই আনিছে জাহ্নৱী বৰুৱাৰ 'UNDERTOW' নামৰ গ্ৰন্থখনে। এই বঁটাৰে ভাৰতীয় লেখিকা সকলৰ সৃষ্টি কৰ্মক উদযাপন কৰাৰ লগতে স্বীকৃতি প্ৰদান কৰাৰ বাবে প্ৰৱৰ্তিত হৈছে। 
Viking | Penguin Random House India
Hardcover | Rs 499 | 256pp

এই বঁটা ফিকচন, নন-ফিচকচন, শিশু সাহিত্য আৰু নতুন লেখকৰ বাহিৰেও জীৱনজোৰা সাধনা বঁটাৰ শিতানত প্ৰদান কৰা হয়। লেখিকাৰ মূল ঘৰ গুৱাহাটীত যদিও কৰ্মসূত্ৰে বেংগেলুৰুত বিগত ২৮ বছৰধৰি বসবাস কৰি আছে। UNDERTOW নামৰৰ এই গ্ৰন্থখনৰ প্ৰকাশক পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া। এই গ্ৰন্থৰ কাহিনী ভাগৰ ভেটি গুৱাহাটী আৰু বেংগেলুৰু চহৰ কেন্দ্ৰিক জীৱনৰ আৰু সকলো ভাৰতীয়ই ইয়াৰ মাজত মানৱীয় জীয়া সম্পৰ্কৰ প্ৰতিচ্ছবি দেখিবলৈ পাব বুলিও বিভিন্ন সমালোচকে মন্তব্য কৰিছে। 

Bengaluru-based Assamese writer Jahnavi Barua wins AutHer Awards-2021

লেখিকা বৰুৱাই যদিও অনুষ্ঠানটোত কায়িক ভাৱে উপস্থিত থাকিব নোৱাৰিলে। তথাপি এটি ভিডিঅ' বাৰ্তাত তেওঁৰ বঁটা লাভৰ সুখামুভূতি শ্বেয়াৰ কৰি এই মন্তব্য কৰে- “I am very delighted, humbled and overwhelmed to be the winner of this year’s best fiction category. This award is special because it shines a light on the women writers of the country and I am more than happy to be a part of this solidarity of women writers.."

গ্ৰন্থখনৰ ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত ৰিভিউৰ সাৰাংশ এনেধৰণৰ-

‘A dazzling coming-of-age novel that is disquieting and heartening at once. Undertow is a powerful tale of love and loss, and Barua weaves magic with her spellbinding prose and splendid craft’ — ANEES SALIM

‘In Undertow, Jahnavi Barua explores the fine web of human lives with a deft touch. Though the story is set in Bengaluru and Guwahati, it is a tale every Indian will relate to. — The Hindu

‘Barua gives voice to a subaltern culture through her novel – one hidden in the banks of the Brahmaputra. Undertow, thus, is not merely a saga of family, loss and love, but also an attempt at reclaiming a world which is otherwise dominated by “mainlanders”.— Scroll

‘Jahnavi Barua’s latest novel is a coming-of-age story that resonates with our uncertain times’-Mint

উল্লেখযোগ্য যে জাহ্নৱী বৰুৱাই চাৰ্লচ ৱালেচ ট্ৰাষ্ট ফেল'শ্বিপ ফৰ ক্ৰিয়েটিভ ৰাইটিং লাভ কৰিবলৈ সক্ষম হৈছিল ২০০৬চনত। তেখেতৰ কিতাপ কেইবাখনো বিশ্ববিদ্যালয়ৰ চিলেবাচটো স্থান পাইছে আৰু তেখেতৰ চৰ্ট-ফিকচন বিভিন্ন সংকলনটো স্থান লভি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেখেতৰ এই সফলতাৰ বাবে অসমীয়াৰ সুখ-দুখ xukhdukh.com ৰ ফালৰ পৰাও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

লেখিকাৰ এই গ্ৰন্থখনৰ যদিও দামঃ 499/- টকা, কিন্তু অনলাইন যোগে আমাজনৰ পৰা কিনিব বিচাৰিলে ৰেহাই মূল্যত তলৰ সূত্ৰৰ পৰা কিনিব পাৰিবঃ 

লেখিকাৰ আন আন প্ৰকাশিত কিতাপৰ তালিকা আৰু লিংকঃ
জাহ্নৱী বৰুৱাৰ প্ৰথমখন চৰ্ট-ফিকচন সংকলন NEXT DOOR প্ৰকাশ পাইছিল পেংগুইন ইণ্ডিয়াৰ পৰা ২০০৮চনত আৰু ৰাষ্ট্ৰীয় গণ-মাধ্যমৰ পৰা যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। 
গ্ৰন্থখন কিনিব বিচাৰিলে আমাজন.ইনৰ পৰা তলৰ লিংকত ক্লিক কৰি কিনিব পাৰিব।
জাহ্নৱী বৰুৱাৰ দ্বিতীয়খন উপন্যাস REBIRTH প্ৰকাশ পাইছিল ২০১০ চনত আৰু Man Asian Literary Prize আৰু the Commonwealth Book Prize ৰ বাবেও বিবেচনাৰ তালিকালৈ মনোনীত হৈছিল। গ্ৰন্থখন কিনিব বিচাৰিলে তলৰ সূত্ৰৰ পৰা আমাজন.ইনৰ পৰা কিনিব পাৰিব।

No comments:

Post a Comment