অসমীয়াই বৌদ্ধিক আন্দোলন কিদৰে কৰিব?
শোণিত কুমাৰ গোস্বামী
অসমীয়া লোকে কেৱল আন্দোলন কৰি থাকে বুলি এটা বদনাম আছে। প্ৰতিটো কথা, বিষয়ৰ বাবে অসমীয়া লোকে আন্দোলন কৰি আহিব লগীয়া হৈছে। কিন্তু আন্দোলনবোৰে আমাৰ জাতিটোক সহায় কৰিছে যদিও কেতিয়াবা বিপদো মাতিছে। বিদেশী খেদাৰ নামত কৰা আন্দোলনে কিদৰে আমাৰ জাতিটোক পাছুৱাই নিছে সেয়া ভূক্তভোগীসকলে ভালদৰে উপলব্ধি কৰিব পাৰে। অসমীয়া জাতিৰ ইমানেই দুৰ্ভাগ্য যে নিজৰ ভাষাটোৰ বাবেও আন্দোলন কৰিবলগীয়া হৈছিল। এতিয়াও ভাষাৰ দুৰ্ভাগ্য আঁতৰা নাই। নিজৰ সম্পদ ৰক্ষাৰ বাবে, এই সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত অসমীয়া জাতিৰ লোকে সদায় আন্দোলন কৰি আহিছে। গতিকে বদনাম থাকিলেও অসমীয়াই আন্দোলন কৰি গৈছে আৰু কিজানি আগলৈও এইদৰে আন্দোলন কৰি যাব। কিন্তু এইখিনিতে এটা আন্দোলনৰ কথা উল্লেখ কৰিব বিছাৰিছোঁ যি আন্দোলন কৰিলে অসমীয়াই অন্য আন্দোলনবোৰ কৰি থাকিব নালাগিব। এই আন্দোলনটো হৈছে বৌদ্ধিক আন্দোলন। বিশ্বৰ প্ৰমুখ জাতিবোৰে এই আন্দোলন কৰিয়েই শক্তিশালী হৈছে। বৌদ্ধিক বিকাশৰে ইউৰোপৰ জাতিসমূহৰ উন্নয়ন বিশেষত ইংৰাজ জাতিটোৰ কথা আমাৰ অসমীয়াই নিশ্চয় জানে। বেছি দূৰলৈ যাবলৈ প্ৰয়োজনেই নাই। অসমৰ চুবুৰীয়া বাঙালীৰ বৌদ্ধিক আন্দোলনৰ নিদৰ্শন আপোনালোক সকলোৱে ভালদৰে বুজি পায়। কিন্তু অসমীয়াই বৌদ্ধিক আন্দোলন কিদৰে কৰিব।
এই প্ৰশ্নটোৰ উত্তৰ নিশ্চিতভাৱেই আমাৰ সকলোৰে মাজত নীহিত হৈ আছে। বৌদ্ধিক বিকাশ কি হয় সেয়া বুজাই কোৱাৰ প্ৰয়োজনীয়তা নাই কিন্তু এই বৌদ্ধিক বিকাশ কিদৰে আনিব সেয়া আমি উপলব্ধি কৰাটো প্ৰয়োজনীয়। বিহাৰীসকলৰ এশাৰী কথা বিশেষ জনপ্ৰিয়। তেওঁলোকে কয় যে এটা বিহাৰী পৰিয়ালত এজন আইএএছ (ভাৰতীয় প্ৰশাসনিক বিষয়া), এজন পুলিচ বিষয়া আৰু এজন ৰাজনীতিক থাকে। এই কথাষাৰৰ কায়িক অৰ্থত সত্যতা প্ৰতিষ্ঠা কৰাটো সহজ নহ’ব কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনত আৰু চৰকাৰী চাকৰি লোৱাৰ ক্ষেত্ৰত বিহাৰী সম্প্ৰদায়ৰ লোকৰ যি ধাউতি সেয়া প্ৰত্যক্ষ কৰিয়েই এই কথাষাৰ উচ্চাৰিত হয়। ভাৰতীয় প্ৰশাসনিক সেৱাত সৰ্বাধিক সংখ্যক বিহাৰী সম্প্ৰদায়ৰ লোক আছে। এই কাৰণটোৰ বাবেই বিহাৰী লবীৰ সবলীকৰণ মন কৰিবলগীয়া। ঠিক তেনেদৰে দক্ষিণ ভাৰতীয় সমাজতো ভাৰতীয় প্ৰশাসনিক সেৱাৰ কদৰ মন কৰিবলগীয়া। বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনত তেওঁলোকৰ আধিপত্য আছে যদিও চৰকাৰী চাকৰিবোৰ আৰু বিশেষত ভাৰতীয় প্ৰশাসনিক সেৱাত তেওঁলোকৰ দখল মন কৰিবলগীয়া। একেদৰে বাঙালীৰো প্ৰভাৱ আমি দেখিবলৈ পাওঁ। এইখিনি কথা উল্লেখ কৰাৰ মূল উদ্দেশ্য এয়াই যে অসমীয়া সমাজৰ শিক্ষাৰ্থীসকলে আৰু লগতে তেওঁলোকৰ অভিভাৱকসকলে ভাৰতীয় প্ৰশাসনিক সেৱাক মুখ্য উদ্দেশ্য হিচাপে ল’ব লাগে। যিসকল শিক্ষাৰ্থীৰ পঢ়াশুনাৰ প্ৰতি আসক্তি অত্যাধিক তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এনে নহয় যে অসমীয়া লোক ভাৰতীয় প্ৰশাসনিক সেৱাত নাই, শেহতীয়াকৈ ভাৰতীয় প্ৰশাসনিক সেৱাত অন্তৰ্ভক্ত হোৱা অসমীয়া লোকৰ সংখ্যাও বৃদ্ধি পাইছে। কিন্তু এই ধাৰাটো সাৰ্বজনীন হোৱা নাই। সেয়েহে এই ক্ষেত্ৰত জনমতৰ প্ৰয়োজনীয়তা আছে। বৃহৎ পৰিসৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া ব্যৱস্থাটো শক্তিশালী আৰু সুগম-সহজলভ্য কৰিব পাৰিলে আমাৰ শিক্ষাৰ্থীসকলে ভাৰতীয় প্ৰশাসনিক সেৱাত যাবলৈ ইচ্ছা ব্যক্ত কৰিব। এই ক্ষেত্ৰত ব্যক্তিগতখণ্ড আৰু চৰকাৰী দুয়োপক্ষৰ সঁহাৰি গুৰুত্বপূৰ্ণ। অসমীয়াই বৌদ্ধিক আন্দোলন কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ লোৱাটো অতীৱ প্ৰয়োজনীয়।
প্ৰশাসনিক সেৱা অত্যাধিক অসমীয়া লোক সোমাই পৰিলে চৰকাৰী নীতি-নিৰ্দেশনাবোৰৰ ক্ষেত্ৰত অসমীয়াকেন্দ্ৰিক সিদ্ধান্ত ক্ষীপ্ৰ হ’ব। বিনয়া পি এছ কেৰেলাৰ নিবাসী। পেছাত এগৰাকী সাংবাদিক বিনয়াই উল্লেখ কৰে যে কেন্দ্ৰীয় সেৱাত উত্তৰ ভাৰতীয় লোকৰ প্ৰাধান্যতা থকাৰ লগতে দক্ষিণৰ ৰাজ্যকেইখনৰ লোকসকলৰ সংখ্যা অধিক। এনে হোৱাৰ কাৰণ তেওঁলোকৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ প্ৰতি শিক্ষাৰ্থীসকলক অষ্টম শ্ৰেণীৰ পৰা সজাগ কৰি তোলা হয়। এই সজাগতাৰ বাবেই শিক্ষাৰ্থীয়ে নিজৰ মন বান্ধি লয়। একেই কথা বিহাৰৰ শ্ৰৱণ কুমাৰৰ। পেছাত এগৰাকী সাংবাদিক অভিজ্ঞালব্ধ শ্ৰৱণে জনোৱা মতে বিহাৰত প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানবোৰত আইআইটি অথবা আইএএছৰ বাবে শিক্ষাৰ্থীক প্ৰৰণা দিয়া হয়। সেয়েহে বিহাৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীয়েও ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়ে জ্ঞাত আৰু উপযুক্ত সময়ত তেওঁলোকে এই প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত সফলতাৰে উত্তীৰ্ণ হৈ কেন্দ্ৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হয়।
অসমীয়া জাতিয়ে সৰ্বাঙ্গীন ভাৱে এই মনোভাৱটো পোষণ কৰা ভাল যে আমাৰ শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ চাকৰিসমূহ হস্তগত কৰিব লাগে। আৰু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰাটো কিমান প্ৰয়োজনীয় তাৰ বাবেও উপযুক্ত পৰিৱেশ গঢ় দিব লাগে।
(২)
অসমীয়া জাতিটোৰ আত্মভিমানী চৰিত্ৰটোৰ বাবেই আমি আন্দোলনপ্ৰিয়, প্ৰতিবাদী। অসমীয়া জাতিৰ উপৰাষ্ট্ৰবাদ (জাতীয়বাদৰ অন্য এটা অনুৰূপ-সৰ্বগ্ৰহণযোগ্য শব্দ) ৰক্ষাৰ স্বাৰ্থত যদিহে কোনো চৰকাৰী সিদ্ধান্তই হস্তক্ষেপ কৰিছে তেন্তে আমি আন্দোলনৰ ক্ষেত্ৰখনত নামি পৰিছোঁ, প্ৰাণ আহুতি দিছোঁ। শেহতীয়া কা আন্দোলন তেনে এটা উদাহৰণ। ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি অহাৰ অনুমান পোৱাৰ বাবে ৰাইজ নাগৰিক সংশোধনী আইনৰ (চমুকৈ কা) প্ৰতিবাদত ৰাজপথলৈ আহি প্ৰশাসন-ৰাষ্ট্ৰৰ বিৰুদ্ধে নামি পৰিছিল। অসমীয়া মানুহৰ অভিমান আছে বাবেই আবেগো আছে সেয়েহে উচিত কথাৰ বাবে আন্দোলন কৰে। কিন্তু এই প্ৰতিবাদ আন্দোলনবোৰ সদায় সফল হৈছে বুলি আমি ক’ব নোৱাৰো। কিয়নো আমাৰ মাজতেই ভুল আছে। আমাৰ নেতৃত্বৰ স্বাৰ্থ, অপৰিপক্কতাৰ বাবে আমি আন্দোলন কৰা বিষয়বোৰ বেলেগফালে ঢাল খাই আন্দোলনবোৰে দিক-বিদিক হেৰুৱাই পেলায়। এই কাৰণটোৰ বাবেই জাতিটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ৰাজপথত আন্দোলন কৰাৰ সলনি আমি কিছুমানে সুপ্ত আন্দোলন চলাই যাব লাগে। এই সুপ্ত বৌদ্ধিক আন্দোলনবোৰ যিবোৰত অধ্যৱসায় জৰিত হৈ থাকে, তেনে আন্দোলনে অমসীয়াক বিশ্বৰ উন্নত জাতিসমূহৰ এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰিব। অসমীয়াৰ পৰিচয় শক্তিশালী কৰিব পৰা তেনে এটা সুপ্ত বৌদ্ধিক আন্দোলন হৈছে সাংস্কৃতিক আন্দোলন।
অসমীয়া জাতিটোৱে নিজৰ জাতীয়তাবাদী চৰিত্ৰ জীয়াই ৰাখি ৰাষ্ট্ৰবাদ প্ৰতিষ্ঠা কৰিবলৈ হ’লে সাংস্কৃতিক আন্দোলনত গুৰুত্ব দিব লাগিব। এই আন্দোলন যিমানেই সুপ্ত ভাৱে শক্তিশালী ই সিমানেই তীব্ৰ গতিত অসমীয়া সত্বাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব। সাংস্কৃতিক আন্দোলন বুলি ক’লে সংস্কৃতিৰ কেইবাটাও বিভাগ যেনে সংগীতৰ সাধনা পৰা আৰম্ভ কৰি চিনেমা-নৃত্যলৈ থকা একাধিক দিশ ইয়াত অন্তৰ্নিহীত হৈ থাকে। অসমত সাংস্কৃতিক আন্দোলন হৈছে নে নাই সেই সম্পৰ্কত প্ৰশ্নটো মনলৈ আহিলে এটা নামৰ উল্লেখে উপস্থাপন কৰিব বিচৰা সাংস্কৃতিক আন্দোলনৰ ধাৰণাটো সকলোৰে বুজাত সুবিধা কৰি দিব। এই নামটো হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ। সুধাকণ্ঠই নিজৰ সৃষ্টিশীলতাৰে বিশ্ব দৰবাৰত ভাৰতক আগবঢ়াই নিয়াৰ লগতে অসমীয়াৰ পৰিচয় প্ৰতিষ্ঠা কৰিছে। সংগীতৰ যাদু ইমানেই তীব্ৰ যে সেয়া অগ্নিৰ লেলিহান শিখাৰ দৰে বিয়পি পৰে। এতিয়াও অসমৰ চাৰিসীমাৰ বাহিৰত যদিহে অসমীয়াৰ পৰিচয় কোনো এজন সাধাৰণ ভাৰতীয় জানে তেন্তে সেয়া ভূপেন হাজৰিকাৰ নামটোৰে জানে। ভূপেন হাজৰিকাৰ সংগীতৰ বিস্তৃতি বিশাল। আমি শিশু অৱস্থাৰ পৰা যদিহে কোনো এটা বস্তু প্ৰথমতেই ভাল পাইছোঁ তেন্তে সেয়া সংগীতৰ বাদে অন্য একো নহয়। আমি যদি বব ডিলানৰ পৰা পশ্চিমীয়া জীৱন দৰ্শনৰ আভাস পাইছোঁ তেন্তে বব মাৰ্লীৰ পৰা আফ্ৰিকীয় (কৃষ্ণাংগ লোকৰ) লোকৰ দুৰ্দশাৰ কথা বুজিব পাৰিছোঁ। পশ্চিমীয়া সংগীতত এনে অনেক নাম আছে যিসকলৰ সংগীত শুনি আমি ইংৰাজী জীৱনৰ প্ৰতি আকৰ্ষিত হৈছোঁ। একেদৰে হিন্দী চলচিত্ৰ জনপ্ৰিয় গীতবোৰে আমাক হিন্দী ছৱি চাবলৈ বাধ্য কৰিছে আৰু তাৰ জৰিয়তে আমি হিন্দী জনজীৱন সম্পৰ্কত জ্ঞাত হৈছোঁ। গতিকে আপোনালোকে নিশ্চয় অনুধাৱন কৰিবলৈ পাৰিছে যে সাংস্কৃতিক আন্দোলনে কিমান বেছি আগ্ৰাসী স্থিতি ল’ব পাৰে। সাংস্কৃতিক দিশটোত অধ্যৱসায়ৰ গুৰুত্ব দি যদিহে এটি সুপ্ত আন্দোলন অব্যাহত ৰখা যায় তেন্তে অসমীয়া উপৰাষ্ট্ৰবাদ ক্ষীপ্ৰতাৰে বৃদ্ধি পাব। ডঃ ভূপেন হাজৰিকাই নিজৰ প্ৰতিভাৰে অসম-অসমীয়াক বিশ্ববাসীৰ মাজত দি যোৱা পৰিচয় যেন ক’ৰবাত স্তিমিত হৈ ৰৈছে।
অসমীয়াই সাংস্কৃতিক আন্দোলন গুৰুত্ব দিয়াটো সময়ৰ আহ্বান। প্ৰশ্ন হ’ব পাৰে যে অসমীয়া সংগীত ইমান জনপ্ৰিয়, অসমীয়া বিহু ইমান জনপ্ৰিয় তেন্তে আমি নতুনকৈ আকৌ সাংস্কৃতিক অন্দোলন কৰাৰ কি প্ৰয়োজন। সেইটোৱেই আচল কথা। নিজৰ ভৌগলিক পৰিসীমাৰ ভিতৰত থাকি কোনো এটা বস্তু সঠিক অনুমান কৰাটো ভুল। অসমীয়া সংগীত জগতত নিতৌ গান প্ৰস্তুত হয়, নিতৌ সংগীতকাৰৰ আবিৰ্ভাৱ হয়, তেন্তে অভাৱ কিহৰ। আপোনালোকে নিজক প্ৰশ্ন কৰক আৰু ভাবক যে যিখন ৰাজ্যত ইমান সংখ্যক গীত তৈয়াৰ হয়, ইমানখিনি সাংস্কৃতিক কাম হয় তেন্তে সেইখন অসমত আকৌ কিহৰ সাংস্কৃতিক আন্দোলন। প্ৰয়োজন আছে! আমাক সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজনীয়তা আছে। আমাক এনে সংগীত শিল্পী লাগে যিয়ে অনা-অসমীয়া সংগীতজ্ঞক জ্ঞানেৰে পৰাজিত কৰিব পাৰে, আমাক এনে শিল্পী লাগে যিয়ে অনা-অসমীয়া শিল্পীক নিজৰ প্ৰজ্ঞাৰে পৰাভূত কৰিব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মাজত তেনে এজন এতিয়া নাই। ৰাইজে হয়তো জুবিনা গাৰ্গ বা পাপনৰ কথা মনলৈ আনিব পাৰে কিন্তু অসমীয়া সত্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰাকৈ এই শিল্পীসকলে কৰা কামবোৰ এতিয়াও পৰ্যাপ্ত হোৱা নাই। সেয়েহে আমাক সাংস্কৃতিক আন্দোলন কৰিবলৈ যোদ্ধা লাগে। অধ্যৱসায় কৰিব পৰা শিল্পী লাগে। তৰল-সস্তীয়া জনপ্ৰিয়তাত ভোল যোৱা দুৰ্বল শিল্পী নহয়, নিজৰ স্থিতপ্ৰজ্ঞ চৰিত্ৰৰে ঘাত-প্ৰতিঘাত নেওচি অসমীয়াৰ পৰিচয়ক বিশ্বত প্ৰতিষ্ঠা কৰিব পৰা সাংস্কৃতিক কৰ্মী লাগে। এয়া সম্ভৱনে? চিন্তা হয়!!!
(৩)
আন্দোলন শব্দটো শুনাৰ লগে লগে অসমীয়াৰ মনলৈ ৰাজপথত জয় আই অসম ধ্বনিৰে উত্তাল হৈ থকা পৰিৱেশটোৱেই মনলৈ আহে। অসমত জন্ম লোৱা প্ৰতিগৰাকী অসমীয়াই প্ৰত্যক্ষভাৱে নতুবা পৰোক্ষভাৱে আন্দোলনৰ নামটো শুনিছে বা ইয়াত প্ৰত্যক্ষভাৱে অংশ লৈছে। ইয়াৰ পৰা কোনো যেন সাৰি যাব পৰা নাই। বিষয় সৰ্বোচ্ছ এই জাতিটোৰ বাবে প্ৰতিবাদৰ অৰ্থে যিকোনো এটা বিষয় হাতত থাকেই। উদাহৰণস্বৰূপে এতিয়াৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ দিন চলি থকাৰ মাজতো লাইকা-দধিয়াবাসীয়ে আন্দোলন কাৰ্যসূচী হাতত লৈ থাকিবলগীয়া হৈছে। অন্য জাগ্ৰত আন্দোলনবোৰ যি এতিয়া সুপ্ত অৱস্থাত আছে সেয়া কিজানি নিৰ্বাচনী কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত পুনঃ উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত মুখ্যত নাগৰিক সংশোধনী আইন বিষয়ক আন্দোলনৰ কথা এইখিনিতে উল্লেখ কৰি থোৱা হ’ল। সেয়া বাৰু যি হওক, আমাৰ এই লেখাৰ উদ্দেশ্য অন্যহে! ধৰাবাহিকতাৰে ইয়াত এই কথা উল্লেখ কৰি অহা হৈছে যে আন্দোলনবোৰ ৰাজপথত কৰাৰ সলনি বৌদ্ধিক স্তৰত কৰাটো প্ৰয়োজনীয়। অসমীয়াই বৌদ্ধিক আন্দোলন ক্ষীপ্ৰতৰ কৰি তুলিলে অন্য আন্দোলন কৰাৰ প্ৰয়োজনীয়তা কেতিয়াও আহিব নোৱাৰে। এই বৌদ্ধিক আন্দোলনৰ অংশ স্বৰূপে অসমীয়া শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ শীৰ্ষ বিষয়া হিচাপে অসমীয়া জাতিৰ স্বাৰ্থত চৰকাৰী নীতি-সিদ্ধান্ত লোৱাৰ পৰা আৰম্ভ কৰি শিল্প-সাহিত্য-সংগীতত সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া লোকে পাৰদৰ্শিতা দেখুৱাই সাংস্কৃতিকভাৱে অসমীয়া লবী সৃষ্টি কৰাটো সময়ৰ আহ্বান।
অসমীয়াৰ বৌদ্ধিক আন্দোলনৰ গতিক সফলতা দিবৰ বাবে শুদ্ধ অৰ্থত অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজনীয়তা আছে। অসমীয়া জাতিৰ উপ-ৰাষ্ট্ৰবাদক বৌদ্ধিক আন্দোলনটোৰ জড়িয়তে শক্তিশালী কৰাৰ বাবে ধনৰ যোগান মুখ্য উপাদান। প্ৰশ্ন উঠিব পাৰে যে বৌদ্ধিক আন্দোলনৰ আলোচনা চলি থকাৰ মাজতেই অৰ্থনীতিৰ কথা বা অৰ্থনৈতিক আন্দোলনৰ কথা কেনেকৈ আহিব পাৰে। সাধাৰণ দৃষ্টিত অৰ্থনৈতিক আন্দোলন হৈছে এটা বেলেগ দিশ আৰু এই দিশটোৰ সৈতে অৰ্থনৈতিক বিকাশ, ঘৰুৱা উৎপাদনৰ হাৰ আদি বিষয়বোৰ জড়িত হৈ থাকে। গতিকে এনে পৰিপ্ৰেক্ষিটত ই কেনেকৈ বৌদ্ধিক আন্দোলনৰ বাবে পৰিপূৰক হ’ব পাৰে? এই প্ৰশ্নৰ উত্তৰটোৰ বাবে বিল গেটছ ফাউণ্ডেশ্বনৰ কথা উল্লেখ কৰিব পাৰোঁ কিয়নো কম্পিউটাৰ জগতত বিল গেটছে কৰা ব্যৱসায়ৰ জড়িয়তে হোৱা লাভাংশৰে তেওঁ স্থাপন কৰা ন্যাসে সমগ্ৰ বিশ্বত শিক্ষাখণ্ডৰ বিকাশৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰিছে। টাটা ন্যাসে কৰি থকা কামবোৰো একেই। সেয়া হৈছে সামগ্ৰিক কথা কিন্তু অসমীয়া জাতিয়ে সমস্যাবোৰৰ সৈত ৰণ কৰি থকাৰ একমাত্ৰ উপায় হিচাপে বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তা আছে আৰু এই আন্দোলনক সফল কৰি তোলাৰ বাবে আমাৰ জাতীয়তাবাদী অৰ্থনীতিৰ দিশটোত স্বাৱলম্বীতা অৰ্জন কৰাটো অতীৱ প্ৰয়োজনীয়।
ইউৰোপৰ জাতিসত্বাৰ দিশটোৰ সৈতে আপোনালোকৰ পৰিচয় নিশ্চয় আছে। কম মাটিকালিৰ এই দেশবোৰক ভাৰতৰ বৃহৎ মাটিকালিৰ ৰাজ্যবোৰে কিজানি গিলি পেলাব পাৰে কিন্তু অৰ্থনীতি আৰু বৌদ্ধিক দিশৰ অতি শক্তিশালীকৰণৰ বাবে আজিও ভাৰত একত্ৰিত হৈ এইক্ষেত্ৰত সফল হ’ব পৰা নাই। চেক গণৰাজ্যৰ নাম আপোনালোকে নিশ্চয় শুনিছে। ইউৰোপৰ এখন অতিকৈ সৰু দেশৰ নাম। এই দেশৰ মাটিকালিৰ পৰিমাণ ৭৮,৮৬৬ বৰ্গ কিঃমিঃ (অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিঃমিঃতকৈ অলপ বেছি)। কিন্তু এই দেশৰ একাধিক উৎপাদকৰ নামৰ ভিতৰত এটা নাম আপোনালোক সকলোৱে শুনিছে দেখিছে। সেই উৎপাদক হৈছে স্ক’ডা মটৰ গাড়ী। সমগ্ৰ বিশ্বলৈ ৰপ্তানি হোৱা স্ক’ডা গাড়ীয়ে চেক গণৰাজ্য দেশৰ অৰ্থনীতি শক্তিশালী কৰাই নহয়, বিশ্বৰ অন্যতম ধনী দেশলৈ ইয়াক পৰিণত কৰিছে। এই দেশৰ গণতান্ত্ৰিক ব্যৱস্থা, নাগৰিকৰ জীৱন ধাৰণৰ মান, শান্তি-সম্প্ৰীতিৰ ক্ষেত্ৰত দেখুওৱা নিদৰ্শনে এই দেশক বিশ্বৰ নাগৰিকৰ প্ৰিয় দেশলৈ পৰিণত কৰিছে। এয়া মাথো এখন দেশৰহে উদাহৰণ, নিজৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত দেখুওৱা স্পীহা আৰু নিজৰ জাতিসত্বাৰ আগ্ৰাসনৰ বাবে প্ৰদৰ্শন কৰা বৌদ্ধিক উত্তৰণে বিশ্বৰ এনে দেশবোৰক, জাতিসত্বাবোৰক জাকত জ্বিলিকা কৰি তুলিছে।
শেহতীয়াকৈ ভাৰতবৰ্ষত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ শাসনভাৰ হাতত লোৱাৰ পাছত বাৰে বাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা উল্লেখ কৰি আহিছে, লগতে সঘনে চৰ্চিত হৈছে ৰাষ্টবাদৰ বিষয়টো। এই ৰাষ্ট্ৰবাদৰ কথাটো আলোচিত হোৱাৰ মুখ্য উদ্দেশ্যটোৱেই হৈছে দেশৰ সম্ভাৱনাক উচিত ব্যৱহাৰৰ জড়িয়তে স্বনিৰ্ভৰশীল ভাৰত হিচাপে গঢ় দিয়া। দেশত বৰ্তমান এই উদ্দেশ্যটো আগত ৰাখিয়েই কাম কৰি থকা হৈছে। একেদৰে এই ভাৰতীয় ৰাষ্ট্ৰবাদৰ আলমত অসমীয়া উপৰাষ্ট্ৰবাদক উদগনি দিয়াৰ বাবে কাম কৰি যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। আৰু ইয়াৰ বাবে প্ৰয়োজন বৌদ্ধিক আন্দোলনৰ। অসমীয়া জাতিসত্বাক উৎসাহিত কৰাৰ লগতে অসমীয়া জাতিৰ স্বনিৰ্ভৰশীলতাৰ দিশটো শক্তিশালী কৰাৰ বাবে অসমৰ ভূমিত গঢ় লৈ উঠা প্ৰতিটো স্থানীয় উদ্য়োগ আৰু সম্ভাৱনাক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ ফলত অসমীয়া ব্যৱসায়ী অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব। অসমীয়া ব্যৱসায়ী কেৱল বিহু কমিটীৰ পৃষ্ঠপোষক হোৱাৰ ধাৰা সলনি কৰি এই ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ৰ লাভাংশৰ ধন বৌদ্ধিক কামকাজত খৰচ কৰিবলৈ প্ৰয়োজন হোৱা মনস্তত্ব সৃষ্টি কৰাটো সময়ৰ আহ্বান। অসমীয়া ব্যৱসায়ীয়ে যদিহে অসমীয়া জাতিৰ বিকাশৰ বাবে সাহিত্য-ভাষা-সংস্কৃতি আদি দিশবোৰত প্ৰয়োজন হোৱা উন্নয়নমূলক কামকাজবোৰত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে তেন্তে অসমত বৌদ্ধিক আন্দোলন শক্তিশালী দিশ আগবাঢ়িব। পৰ্যটন, চাহ উদ্যোগ, কৃষিখণ্ড, খনিজ সম্পদ উদ্যোগ, হস্ত-জৈৱিক উদ্যোগ, উৎপাদন উদ্যোগ আদি একাধিক খণ্ডত ব্যৱসায় কৰিব পৰা খণ্ডবোৰত অসমীয়া উদ্যোগী আগবাঢ়ি যাব লাগে। অসমীয়া উদ্যোগীৰ বিকাশৰ সমান্তৰালকৈ বৰ্ধিত হোৱা বৌদ্ধিক মনোভাৱৰ সামগ্ৰিক আন্দোলনে (সুপ্ত আন্দোলন) যি পৰিৱৰ্তন আনিব পাৰিব সেয়া অসমীয়া জাতিসত্বাৰ শক্তিশালীকৰণৰ দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব। এয়াই আমাৰ সকলোৰে কামনা।
লেখক দিল্লীস্থ জ্যেষ্ঠ সাংবাদিক তথা পৰামৰ্শদাতা ভাষা সম্পাদক,
নিউ ইণ্ডিয়া সমাচাৰ নতুন দিল্লী। ফোনঃ ৯৮৯৯৬৬০৫৮২
No comments:
Post a Comment