বিশ্লেষণঃ ৰাজনৈতিক ক’কটেইল খাওক, সুখত থাকক! ::সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰাজনৈতিক ক’কটেইল খাওক, সুখত থাকক!  ::সঞ্জীত কুমাৰ বৰদলৈ

বিশ্লেষণঃ ৰাজনৈতিক ক’কটেইল খাওক, সুখত থাকক! ::সঞ্জীত কুমাৰ বৰদলৈ

Share This
ৰাজনৈতিক ক’কটেইল খাওক, সুখত থাকক! 
সঞ্জীত কুমাৰ বৰদলৈ
চিৰিয়াছ নহয়,লঘু ৰচনাহে এইবাৰ লিখিম৷ শিৰোনামাই তাৰেই ইংগিত বহন কৰিছে৷ তাৰ বাবে আগতীয়াকৈ ক্ষমাপ্ৰাৰ্থী৷ নিৰ্বাচনী প্ৰেক্ষাপট বেচ জমি উঠিছে৷ আমাৰ দৰে মানুহবোৰ মুঠেই চিৰিয়াছ নহয়৷ সেয়ে টী২০-২০ আইপি এলৰ দৰে নিৰ্বাচনী খেলখন উপভোগ কৰি বেচ আমোদ পাইছোঁ!
দৰাচলতে চিৰিয়াছ তেতিয়াহে হ’ব পাৰি যেতিয়া সমুখত চিৰিয়াছ মানুহ থাকে৷ কিন্তু পৰিতাপৰ কথা সমুখৰ বেছি ভাগেই দেখাত খুব চিৰিয়াছ কিন্ত চালচলন, কথাবতৰা মুঠেই চিৰিয়াছ নহয়৷ ঢাল তৰোৱালহীন নিধিৰাম চৰ্দাৰ হৈ এচামে শূন্যত গদা ঘুৰাই আস্ফালন কৰে৷নিজকে বিৰাট বুদ্ধিজীৱী বুলি ভবা এচামে নিজৰ পুতৌজনক ৰাজনৈতিক অপৰিপক্বতাৰে আকাশত চাং পাতে৷ এনে পৰিমণ্ডলত চিৰিয়াছ হৈ কি লাভ? ক’বলৈ পাই দুখিতঃ-নিৰ্বাচন কেন্দ্ৰিক গোটেই কাৰবাৰটো কিবা কপিল শৰ্মাৰ কমেডি শ্ব’ৰ দৰে লাগি গৈছে! ড° হীৰেণ গোহাঁই ছাৰে ৰাইজৰ দলৰ উপদেষ্টা পদ ত্যাগ কৰিলে৷ এফালৰ পৰা চাবলৈ গ’লে ড°গোহাঁই ছাৰে নিজৰ স্থানত ঠিকেই কৰিছে৷দ লৰ নেতৃত্বই যদি উপদেষ্টাৰ পৰামৰ্শ নুশুনে,বিপৰীত মেৰুত অৱস্থান কৰে তেন্তে উপদেষ্টা হৈ থকাৰ অৰ্থ ক’ত? গতিকে ড°গোহাঁই ছাৰে ঠিকেই কৰিছে৷ তাৰোপৰি ড°গোহাঁই ছাৰৰ যুক্তি অমুলক বুলি নিশ্চয় ক’ব নোৱাৰি৷ ৰাজনীতিত কোনো অস্পৃশ্য হ’ব নোৱাৰে৷ উমৈহতীয়া শক্ৰক পৰাস্ত কৰাই যদি প্ৰথম অগ্ৰাধিকাৰ তেন্তে আদৰ্শগত কথাবোৰ সাময়িক ভাবে হলেও নিলগাই ৰখা উচিত৷ এই সাধাৰণ কথাটো বুজিবলৈ বৰ বেছি মস্তিস্কৰ কছৰৎ কৰাৰ প্ৰয়োজন নাই,সাধাৰণ জ্ঞানৰ কথা(Common sense)৷

কিন্তু ড°গোহাঁই ছাৰে "ৰাইজৰ দল"ৰ পৰা মাত্ৰাধিক আশা প্ৰত্যাশা কৰিছে যাৰ কোনো ভিত্তি নাই৷ "ৰাইজৰ দল"বা "অসম জাতীয় পৰিসদ"সৌ সিদিনা জন্ম হৈছে৷ সাংগঠনিক ভেটি বুলিবলৈ নাই, আটাইকেইখন জিলাত দলৰ শাখা-সদস্যই কিজানি নাই৷ নাই নেতা,নাই টকা পইছা৷ দল দুটাৰ প্ৰধান নেতা দুগৰাকী নিৰ্বাচনত জয়ী হ’ব পাৰিবনে সন্দেহ আছে৷ তেনেস্থলত এই দল দুটাই দিছপুৰ কঁপাব বুলি আশা কৰাটো আকাশত চাং পতাৰ দৰে তথা "মুংগৰি লালকী হাছিন স্বপ্নে" ৰ দৰে অলিক,অবাস্তৱ নহয়নে?

বিশেষকৈ ড°গোহাঁই ছাৰ বা তেওঁৰ কট্টৰ অনুৰাগী এচামে (সৌ সিদিনালৈ যি সকলে অখিল গগৈক সপোনৰ সদাগৰ বুলি ভাবিছিল আৰু ড°গোহাঁই ছাৰৰ শেহতীয়া স্থিতিৰ পিচ মুহুৰ্ততে সেইসকলে অখিলক বিজেপিৰ বি টীম বুলি ক’বলৈ ধৰিছে!)এ ই নতুন দল দুটিৰ প্ৰতি কৰা মাত্ৰাধিক আশাই কেৱল ৰাজনৈতিক অপৰিপক্কতাকে প্ৰমাণ কৰা নাই বৰঞ্চ তেওঁলোকৰ মনৰ অস্থিৰতাৰ কথাও প্ৰমাণ কৰে৷ পানীত ডুবিব ধৰা লোকে খেৰসুঁতা পালেও খামুচি ধৰাৰ দৰে আমাৰ এচাম বুদ্ধিজীৱীয়ে নতুন দল দুটিক নিজে আউজিব পৰা খুঁটা বুলি ধৰি লৈছে৷ তাকে কৰি নতুন শিশু স্বৰূপ দল দুটাক মাত্ৰাধিক বৌদ্ধিক চাপ দি আৰম্ভণিতে দুৰ্বল কৰিব খুজিছে৷ 

মহাজোঁটত সেইবোৰ দলহে থকা উচিত যাৰ নিজস্ব ভেটি আছে৷ ঢাল তৰোৱাল হীন নিধিৰাম চৰ্দাৰ হৈ মহাজোঁটত চামিল হৈ কি লাভ? দল দুটাই নিৰ্বাচনত এখনো আসনত জয়ী হ’ব নোৱাৰিলে সকলোৰে সমুখত হাঁহিয়াতৰ পাত্ৰ নহ’বনে? কেইখনমান আসনত যদি জয়ী হয় যথা সময়ত উমৈহতীয়া শক্ৰক প্ৰতিহত কৰাৰ স্বাৰ্থত পৰিস্থিতিয়ে দাবী কৰিলে নিশ্চয় উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব৷ সেইখিনি বিশ্বাস নতুন দল দুটাৰ প্ৰতি কিয় পোষণ কৰিব পৰা নাই? সদ্যোজাত দল দুটিয়ে নিজৰ বাটত অকলে বাট বুলিব খুজিছে তাত আপত্তি কৰিব লগীয়া কি আছে? প্ৰথম খোজকেইটা নিজৰ মতেই দিয়কচোন,তাৰ পাচত দেখা যাব৷ কিন্তু আমাৰ এচামে তেওঁলোকক উশাহ ল’বলৈকে দিয়া নাই৷ শিশু কৃষ্ণই কংস বধ কৰিছিল বুলিয়েই শিশু দল দুটাই উপজিয়ে ৰাজনৈতিক দৃশ্যপট সলনি কৰিব বুলি কিয় এচামে ভাবিছে? আমাৰ বৌদ্ধিক সমাজৰ এচামৰ এনে একপক্ষীয়, অদূৰদৰ্শী আৰু অবাস্তৱ মনোবৃত্তিৰ বাবেই আমাৰ ৰাজ্যত সুস্থ আৰু শক্তিশালী ৰূপত আঞ্চলিক শক্তি গঢ়ি উঠা নাই,উপযুক্ত বিৰোধী শক্তি নাই৷ এনে পৰিস্থিতিৰ অৱধাৰিত পৰিণতি কি হ’ব পাৰে সেই কথা নিশ্চয় ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷

শক্তিশালী বিৰোধী বা বিকল্প নহলে শাসক গোষ্ঠীৰ দম্ভ-অহংকাৰ, মইমতালি বৃদ্ধি পাব৷ সম্প্ৰতি বিজেপি দলক বিৰোধিতা কৰাৰ নামতে আমাৰ বৌদ্ধিক-সামাজিক জীৱন বহুধাবিভক্ত হৈ পৰিছে৷ অখিল গগৈ, লূৰিণজ্যোতি গগৈ,অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, অদীপ ফুকন আদিকে ধৰি বহুজনে নিজে আকি লোৱা সীমাৰেখাৰ ভিতৰত থিয় হৈ শূন্যত গদা ঘুৰাই থকা দেখা গৈছে৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত থকা ঐক্য কিমান দিনলৈ অটুত থাকিব তাতো সন্দেহ আছে৷ ইতিমধ্যে যোৰহাটৰ অসন খনক লৈ দুই দলৰ মাজত মতানৈক্য সৃষ্টি হৈছে৷এ ইদৰে সাতেপাঁচে মিলি দেখা যায় বিৰোধী শিবিৰ সবল শক্তিশালী হোৱাৰ কোনো লক্ষণ চকুত পৰা নাই৷ সন্দেহ নাই ই অতি দুৰ্ভাগ্যজনক কথা৷মন কৰিবলগীয়া কথাটো হৈছে বিৰোধী শিবিৰ বহুধাবিভক্ত আৰু দুৰ্বল যদিও শাসকীয় দল সম্পূৰ্ণ আস্বস্ত হ’ব পৰা নাই৷ তলে তলে যেন তেওঁলোকো কিছুপৰিমাণে হলেও নাৰ্ভাছ হৈ আছে৷

কিন্তু এইটো ঠিক শেষ হাহিঁ শাসকীয় দলেই হয়তো মাৰিব৷ দিছপুৰত পুনৰ বিজেপিৰ নেতৃত্বতে চৰকাৰ হোৱাৰ সম্ভাৱনা প্ৰবল তথা তেওঁলোক এডভানটেজ স্থানত আছে৷ কিন্তু এই যে শাসকীয় দল কিছুপৰিমাণে হলেও নাৰ্ভাছ হৈছে বা হ’ব লগীয়া হৈছে সেই কথা অনাগত দিনত তেওঁলোকে প্ৰতিমুহূৰ্ততে মনত ৰাখিব লাগিব৷ তেতিয়াহে ৰাজ্যখন উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি লগতে শাসকীয় দলটোৰো স্থিতি অধিক মজবুত হ’ব৷ বিৰোধী শক্তি সমূহেও নিজক পৰ্যালোচনা কৰা উচিত৷ সেই সুযোগ সমাগত নিৰ্বাচনে নিশ্চয় দিব৷কেবল বেলট বক্সৰ যুদ্ধেই একমাত্ৰ সত্য হ’ব নোৱাৰে৷ শাসকীয় দলৰ দোষ, দুৰ্বলতাবোৰ তথ্য সহকাৰে উদঙাই দি সৰ্বসাধাৰণ ৰাইজক সচেতন কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰিব লাগিব৷ কেৱল ভাষন, শ্লো’গান তথা আস্ফালনেৰে কামত নাহিব৷সাহস আৰু কৌশলেৰে আপোচবিহীন ভাবে শাসকীয় দলৰ দুৰ্বল স্থানত আঘাত কৰিব পাৰিব লাগিব৷শেষত ইয়াকে কওঁ,ব্যক্তিগত ভাবে বিগত চাৰিটা দশকৰ বিভিন্ন ঘটনা প্ৰবাহক নীৰিক্ষণ কৰি এই কথা উপলব্ধি কৰিছোঁ যে যেতিয়ালৈকে আমাৰ সমাজখন উন্নত নহ’ব তেতিয়ালৈ উপযুক্ত নেতাৰ সৃষ্টি হ’ব বুলি আশা কৰিব নোৱাৰি৷ ৰাজনৈতিক নেতা সকল আপুনি মই বাস কৰা সমাজৰেই বাসিন্দা,আন গ্ৰহৰ পৰা অহা এলিয়েন নহয়৷ চেমুৱেল স্মাইলছে ঠিক এই কথাকে কৈছিল৷ যেনে প্ৰজা,তেনে শাসক৷আমি যদি ভাল,উপযুক্ত শাসক বিচাৰোঁ,তেন্তে আমি সমাজৰ বাসিন্দা সকল সৎ, চৰিত্ৰবান আৰু দক্ষ হ’ব লাগিব৷ সকলো দায়িত্ব কেবল ৰাজনীতিক সকলৰ ওপৰত ন্যস্ত কৰিয়ে আমি নিজৰ দায়িত্ব শেষ বুলি ভাবিলে নহ’ব৷ বিগত সময়চোৱাত আমি তথাকথিত ধৰ্মনিৰপেক্ষ ৰাজনীতি দেখিলো, জাতীয়তাবাদী ৰাজনীতি দেখিলো,হিন্দুত্ববাদী বা ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি দেখি আছোঁ৷ বিশেষ কিবা পাৰ্থক্য আছে জানো?সকলো প্ৰায় একেই৷ নিজকে বেলেগ বুলি বুজাবলৈ ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী আদি টেগ লগাই লয়৷ দৰাচলতে সকলো প্ৰায় একেই৷ক্ষমতা দখলহে আচল কথা৷মদ একেই খিনি,বটলহে সলনি হয়৷গতিকে চিৰিয়াছ নোহোৱাই ভাল৷ ধৰ্মনিৰপেক্ষতা, জাতীয়তাবাদ, ৰাষ্ট্ৰীয়তাবাদ.. সকলো মিহলি ৰাজনৈতিক ক’কটেইল ভৰা গ্লাছত চুমুক দিয়ক আৰু বিন্দাছ হৈ থাকক! 
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৮৫৪৬০৪৩৬, তেখেতৰ প্ৰকাশিত লেখাৰ একত্ৰ সংকলনৰ লিংকঃ https://www.xukhdukh.com/search/label/SANJIT-KR-BORDOLOI

No comments:

Post a Comment