সমাগত নিৰ্বাচনত অসমীয়াৰ আচল শতৰুঃ কৌশল বনাম সংশয়
ৰক্তিম শৰ্মা
(১)
সঠিক সময়ত সঠিক ৰণকৌশল অবিহনে যুদ্ধ জয় কৰা সম্ভৱ নহয়। আঞ্চলিক জাতীয়তাবাদী শিবিৰৰ ৰাজনৈতিক শত্ৰু তিনিটা। ১) বিজেপি ২)কংগ্ৰেছ ৩) এইউডিএফ ৷ তিনিওটা অতি শক্তিশালী ৰাজনৈতিক প্ৰতিপক্ষ। এক কথাত সীমিত শক্তিৰে তিনিওটা বৃহৎ দলক পৰাভূত কৰি অকলে ক্ষমতা দখল সদ্যহতে সম্ভৱ নহয় ।
আমি যিমানদূৰ ধাৰণা কৰিছোঁ, আঞ্চলিক শিবিৰে এটা সংগ্ৰামী স্বতন্ত্ৰ জাতীয়তাবাদী ৰাজনৈতিক লাইন থিয় কৰাব বিচাৰিছে যাৰবাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰিব বিচৰা নাই। আমিও বিচাৰোঁ যে ৰাজনৈতিক ধুমুহাত উটি ভাহি নোযোৱা এক আঞ্চলিক জাতীয়তাবাদী শক্তিৰ উত্থান অতীৱ প্ৰয়োজনীয়। সংসদীয় ৰাজনীতিৰ সীমাবদ্ধতাক মানি লৈও কব লাগিব যে, ৰাইজৰ দল আৰু অজাপৰ মিত্ৰতাই এক সম্ভাৱনাপূৰ্ণ ৰাজনৈতিক লাইনৰ জন্ম দিছে আৰু অসমৰ জনগণৰ বাবে ইয়াৰ কোনো বিকল্প নাই ।
সংসদীয় ৰাজনীতি মানেই ক্ষমতাৰ অংক ৷ কংগ্ৰেছ-বিজেপি আদি সোপন্থী দলবোৰৰ এই কেৰিকেঁচাৰ বৰ ভালদৰে জ্ঞাত ৷ বাওঁপন্থী দলবোৰে এই কেৰিকেঁচাৰত সিদ্ধহস্ত নহয় বাবে ক্ষমতা লাভৰ বাবে কঠিন আৰু দীৰ্ঘকালৰ বাট বুলিব লগা হৈছে ৷ অসমৰ দৰে ৰাজ্যতো সাধাৰণ জনগণৰ বিভিন্ন ইচ্যুত আন্দোলন কৰা দলবোৰৰ ভিতৰত বাওঁদলসমূহ সক্ৰিয় ৷ কিন্তু নিৰ্বাচনত তেওঁলোকক ৰাইজে ভোট নিদিয়ে ৷ গণআন্দোলনৰ মাজেৰে ক্ষমতা দখল ইমান সহজ নহয়। অগপই পাৰিছিল কিয়নো অসম আন্দোলনৰ এক ব্যাপক গণজাগৰণ আছিল। তেনে গণজাগৰণ আজি অসমত নাই। কা-বিৰোধী আন্দোলনৰ জুইকুৰাও নাই । এতিয়াও অসমত হিন্দুভোট (বিড়ম্বনা এয়াই যে আজিও ভোট আহিলে হিন্দু-মুছলমান অমুক তমুক আদিবোৰৰ পৰা পৰিত্ৰাণ নাই!)ৰ সৰহভাগ বিজেপিৰ কব্জাত। নৱপ্ৰজন্মৰ মাজত জাতীয়তাবাদী চিন্তাধাৰাৰ সৃষ্টি হৈছে যদিও ই সমগ্ৰ সমাজখনক প্ৰভাৱিত কৰিব পৰাকৈ হোৱা নাই। সমস্ত হিতাধিকাৰীৰ সা-সুবিধাৰ উপৰিও কেন্দ্ৰত এতিয়াও আৰু চাৰিবছৰ বিজেপি আছে আৰু প্ৰপাগাণ্ডা তুংগত আছে ৷
বিজেপিৰ অপশাসনক বা কংগ্ৰেছৰ দৰে এটা খিলঞ্জীয়াৰ প্ৰতি দৰদহীন বুলি অভিযোগ থকা ৰাষ্ট্ৰীয় দলৰ উদ্দেশ্যক বুজা ভোটাৰ কিমান আছে ? অন্ততঃ ২৫% ভোটাৰে নাজানে ভোটটো ক’ত দিব লাগে। তথাপি বিজেপিৰ আসন যদি কমে তাৰ কাৰণ এটাই হব সেয়া কং-এইউডিএফ-বিপিএফৰ মিত্ৰতা৷ এতিয়া বিজেপিৰ বাবে এটাই বাট খোলা আছে সেয়া হ’ল বিজেপি বিৰোধী ভোট বিভাজনেৰে ক্ষমতা দখল ৷
অখিল গগৈ কাৰাগাৰৰ পৰা ওলালে নিসন্দেহে এটা ৰাজনৈতিক বতাহ আঞ্চলিক শিবিৰলৈ বোৱাবলৈ সক্ষম হ’লহেতেন ৷ ৰাইজৰ দল আৰু অজাপৰ মিত্ৰতাই বহুত সময় লৈ ল’লে ৷ ইমানদিনে যৌথ বুথ কমিটি আদি গঠন কৰি পথসভা-গাওঁসভা আদিৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হব লাগিছিল ৷ প্ৰাৰ্থী সমূহ নিৰ্ধাৰিত হব লাগিছিল । কিন্তু এইবোৰ নহওতেই নিৰ্বাচন দিন আৰু কোড অৱ কনডাক্ট আৰম্ভ হ’ল ৷ আজি অখিল গগৈ-লুৰিনৰ আলোচনাই নিশ্চয় এক ইতিবাচক দিশ মুকলি হব । কিন্তু যদি এনেদৰেই থাকে তেনেহ’লে আঞ্চলিক শিবিৰে ৫-৭ খনৰ অধিক আসন পালে সেয়া মিৰালক হব ৷ যিহেতু আঞ্চলিক শিবিৰে মিত্ৰজোঁটৰ অংশীদাৰ নহয়, এতিয়া একমাত্ৰ প্ৰাৰ্থী প্ৰক্ষেপকৰণত বিচক্ষণ ৰণকৌশল গ্ৰহণৰ দ্বাৰাহে এক সন্মানজনক স্থিতিলৈ নিজকে পৰ্যবশিত কৰিব পাৰিব ৷
উল্লেখযোগ্য যে কংগ্ৰেছে ইতিমধ্যেই আঞ্চলিক শিবিৰ বিজেপিৰ বি-টিম বুলি প্ৰচাৰ কৰিবলৈ লৈছে ৷ ইয়াৰ দ্বাৰা আঞ্চলিক শিবিৰে মুছলমান ভোট হেৰোৱাৰ সম্ভাৱনা প্ৰচুৰ ৷ আমি বিচাৰো আঞ্চলিক শিবিৰৰ পৰা বচা বচা অন্ততঃ কিছু শক্তিশালী বিধায়ক নিৰ্বাচিত হৈ বিধানসভালৈ যাওক ৷ আদৰ্শগত মিত্ৰতা বা মিত্ৰজোটৰ অংশীদাৰ হিচাপে নহয়, কংগ্ৰেছ মিত্ৰজোটক খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ দাবী কৰি অন্ততঃ কিছু আসনত যাতে আঞ্চলিক শিবিৰৰ প্ৰাৰ্থীৰ বিপক্ষে তেওঁলোকে প্ৰাৰ্থীত্ব নিদিয়ে তাৰবাবে দাবী উত্থাপন কৰক ৷ বলটো তেওঁলোকৰ ফালে ঠেলি দিয়ক। ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াৰ সাংবাদিকৰ প্ৰশ্নত দিয়া এটা মন্তব্য এইক্ষেত্ৰত উল্লেখযোগ্য - “ দিচপুৰত কা-বিৰোধী চৰকাৰ এখন হব লাগিব । "
(২)
ধৰ্মীয় পৰিচয়কেন্দ্ৰিক ৰাজনীতিক উৎসাহিত কৰা আৰু প্ৰতিষ্ঠা কৰাটোই সাম্প্ৰদায়িকতাৰ অন্য এক নাম। প্ৰকাশ্যে ঘৃণাৰ বৰ্ষণ নহব পাৰে। আজমল চাহাব নিজেই জামিয়তৰ নেতা, পোছাক-পৰিচ্ছদত/ ভাষণত ইছলামিক আদব কায়দা, ইনচাহল্লাহ, খোদা হাফেজ, বোৰ্খা, আল্লাহ, মুছলমান আদি শব্দক কৌশলপূৰ্ণ ৰাজনৈতিক ব্যৱহাৰেৰে তেখেতে ইছলামিক ধৰ্মগুৰুসকলক বা ধৰ্মপ্ৰাণ মুছলমানসকলক ৰাজনৈতিক ক্ষেত্ৰত তৃণমূল পৰ্যায়লৈকে যিদৰে প্ৰভাৱিত কৰিছে, সেইবোৰে বিজেপিৰ বাবে নিৰ্মল অক্সিজেন ৰূপে প্ৰমাণিত হৈ আহিছে ৷
বিজ্ঞাপন... coming soon |
আমি আগতেও কৈছোঁ, আজমল চাহাবৰ ব্যক্তিগত সাম্প্ৰদায়িক ঘৃণা নাথাকিব পাৰে কিন্তু তেখেতৰ ষ্টাইল ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে সঠিক নহয়। ড° হীৰেন গোঁহাই চাৰৰ দৰে ব্যক্তিয়েও এয়া উপলব্ধি নকৰাটো দুৰ্ভাগ্যজনক। অৱশ্যে গোঁহাই চাৰৰ স্থিতিত আচৰিত নহও। জাতীয়তাবাদ আৰু ভাৰতীয় বাওঁপন্থাৰ দুই বাকধাৰাৰ মাজত তেখেতৰ গতি/স্থিতিত পূৰ্বতেও বহুত খোকোজা দেখিছোঁ ৷ দীৰ্ঘকালজুৰি অসমৰ খিলঞ্জীয়া মানুহৰ শংকাক , যি শংকাই প্ৰাক স্বাধীনোত্তৰ সময়ৰ পৰাই অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহি অৱশেষত উগ্ৰ হিন্দুত্ববাদৰ দলিচা পাৰি দিছে তাক বুজিব লাগিব। মুছলমান পৰিচয়কেন্দ্ৰীক ৰাজনীতিক সমালোচনা মানে মুছলমান বিদ্বেষ নহয় ৷ সৌ সিদিনা এচামে অখিলুদ্দিন নাম দিয়া আৰু আজি অখিলক বিজেপিৰ বি টিম বুলি কোৱাসকলৰ চৰিত্ৰ একেই নহয় জানো ?
হিন্দুত্ববাদৰ বিৰূদ্ধে যুঁজাৰ সমান্তৰালভাৱে মুছলমান পৰিচয়কেন্দ্ৰিক ৰাজনীতিৰো নাকি লগাবই লাগিব। কেৱল ক্ষমতাৰ গণিতেৰে নিৰ্বাচনৰ জখলা বগাবলৈ খোঁজা সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে এইবোৰ বুজিবলৈ অক্ষম। আমি ফেঁচীবাদী শক্তিক সাময়িকভাবে ৰোধ কৰিব বিচাৰোঁ নে সমুলঞ্চে বিনাশ কৰিব খোজো? ফেঁচীবাদক ৰোধ কৰি গণতন্ত্ৰক প্ৰতিষ্ঠা কৰিবই লাগিব কিন্তু তাৰবাবে সেই ফেঁচীবাদী শক্তিৰ প্ৰাণ লুকাই থকা জিউলাওটোক বুকুত সাবটি ভৱিষ্যতে তাক (ফেচীবাদী শক্তিক ) অম্লজান যোগান ধৰাৰ বাবে ৰাখি থৈ দিয়া উচিত নে ? যদি অনুচিত তেনেহ’লে ৰাজনৈতিক দলবোৰে নতুনকৈ চিন্তা কৰা উচিত। কেৱল ৰাইজৰ দল/অজাপলৈ বলটো ঠেলি কোনেও দায় সাৰিব নোৱাৰে ৷ এয়া আমাৰ মত ৷
No comments:
Post a Comment