ভালখবৰঃ চিলি দেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অসমীয়া চিনেমা 'লাইফ ইন এ পাপেট’লৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভালখবৰঃ চিলি দেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অসমীয়া চিনেমা 'লাইফ ইন এ পাপেট’লৈ

ভালখবৰঃ চিলি দেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অসমীয়া চিনেমা 'লাইফ ইন এ পাপেট’লৈ

Share This

চিলি দেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অসমীয়া চিনেমা 'লাইফ ইন এ পাপেট’লৈ 

তৰালী শৰ্মা শ্ৰেষ্ঠ সংগীত পৰিচালক, ৰাজেন দাসলৈ শ্ৰেষ্ঠ কাহিনী-চিত্ৰনাট্যৰ বঁটা

চিলি দেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অসমীয়া চিনেমা 'লাইফ ইন এ পাপেট’লৈ , LIFE IN A PUPPET ASSAMESE CINEMA, অসমীয়া চিনেমা

এইবাৰ দক্ষিণ আমেৰিকাৰ দেশ চিলিৰ পৰা আহিছে অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ খবৰ। চাউথ ফিল্ম এণ্ড আটৰ্ছ একাডেমিয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্রেষ্ঠ ছবি ৰূপে পৰিগণিত হৈছে অসম সন্তান ৰাজেন দাস পৰিচালিত অসমীয়া  চলচ্চিত্র 'লাইফ ইন এ পাপেট’য়ে।  তথ্য-কাহিনীমূলক পূর্ণদৈর্ঘ্য চলচ্চিত্র শাখাত অর্জন কৰিছে শ্রেষ্ঠ ছবিৰ সন্মান। শ্রেষ্ঠ ছবিৰ লগতে পৰিচালক ৰাজেন দাসে লাভ কৰিছে শ্রেষ্ঠ কাহিনী-চিত্রনাট্যৰ বঁটাও। 

চিলি দেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অসমীয়া চিনেমা 'লাইফ ইন এ পাপেট’লৈ , LIFE IN A PUPPET ASSAMESE CINEMA, অসমীয়া চিনেমা

তাৰোপৰি, অসমৰ বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই "লাইফ ইন এ পাপেট"ত কৰা সংগীত পৰিচালনাৰ বাবে এই মহােৎসৱত লাভ কৰিবলৈ সক্ষম হৈছে "শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা"। চিলিত অনুষ্ঠিত এই চতুর্থ বার্ষিক আগশাৰীৰ SFAAF আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত ‘লাইফ ইন এ পাপেট’-এ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰি অসমলৈ কঢ়িয়াই অনা এই সংবাদ আজি মহােৎসৱৰ অফিচিয়েল ৱেৱছাইটত প্ৰকাশ হােৱাত লাইফ ইন এ পাপেট’ পৰিয়ালৰ লগতে অসমৰ বিলুপ্তপ্রায় পুতলা নাচৰ শিল্পীসকলৰ মাজত আনন্দমুখৰ পৰিৱেশ সৃষ্টি . হৈছে। 

'লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসক SFAAF আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱৰ মুখ্য কাৰ্যবাহী বিষয়া গুষ্টভাে এলফৱে এক মেইল বার্তাযােগে এই শুভসংবাদ প্ৰেৰণ কৰাৰ লগতে সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে চিলিত অনুষ্ঠিত এই আন্তঃৰাষ্ট্রীয় মহােৎসৱত অসমৰ লাইফ ইন এ পাপেট’-এ দেশ-বিদেশৰ বহুসংখ্যক ছবিৰ মাজৰ পৰা জুৰীৰ বাছনিত প্ৰদৰ্শনীৰ বাবে মনােনীত হােৱাৰ খবৰ অসমৰ সংবাদ-পত্ৰত প্রকাশ পাইছিল যােৱা ৬ মার্চত। প্রায় এপষেক ধৰি জুৰীৰ কঠিন নিৰীক্ষণৰ অন্তত অৱশেষত আজি মহােৎসৱ কর্তৃপক্ষই আনুষ্ঠানিক ফলাফল ঘােষণা কৰে, য'ত ফিচাৰ ফিল্ম শাখাত শ্রেষ্ঠ তথ্য-কাহিনীমূলক চলচ্চিত্র শিতানত ভাৰতক প্রতিনিধিত্ব কৰা অসমীয়া চলচ্চিত্র 'লাইফ ইন এ পাপেট’-য়ে লাভ কৰে শ্ৰেষ্ঠ ছবিৰ সন্মান। চলচ্চিত্ৰখনৰ মূল অভিকেন্দ্র পৰিচালক ৰাজেন দাসৰ ওপজা গাঁও ভালুকীত এই সাফল্যৰ সংবাদ অহাৰ লগে লগেই এক আবতৰীয়া দীপাৱলীৰ পৰিৱেশ সৃষ্টি হৈছে।

মহােৎসৱৰ আন তিনিটা শাখাত শ্রেষ্ঠ নির্বাচিত হয় আমেৰিকা যুক্তৰাষ্ট্রৰ Colors Never Lie, অষ্ট্রিয়াৰ In Just. A Few Minutes, গ্রেট ব্রিটেইনৰ Paris's Apple নামৰ ছবি তিনিখনে। ভাৰতৰ 'লাইফ ইন এ পাপেট’ৰ লগতে মহােৎসৱৰ পূর্ণদৈর্ঘ্য আৰু চুটি ছবি বিভাগৰ বিভিন্ন শাখাত ইটালী, ব্রাজিল, কানাডা, চীন, স্পেইন, বুলগেৰিয়া, অষ্ট্রেলিয়া আদি ২৫খন ৰাষ্ট্রৰ ছবিয়েও বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে। '

লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই স্বীকৃতি অসমৰ চলচ্চিত্র জগতৰ বাবে অত্যন্ত আশাপ্রদ খবৰ। অসমৰ বিলুপ্তপ্রায় পুতলা নাচক উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত পুতলা নাচক আদৰি লােৱা কথাটো যথেষ্ট তাৎপর্যপূর্ণ কথা বুলিও পৰিচালক ৰাজেন দাসে মন্তব্য আগবঢ়ায়। সংগীত পৰিচালক তৰালি শর্মায়ো এই বঁটা প্ৰাপ্তিৰ বাবে যথেষ্ট আনন্দিত হোৱাৰ কথা প্ৰকাশ কৰিছে। পুতলা নাচৰ দৰে বিলুপ্তপ্রায় লােকশিল্পই চলচ্চিত্ৰৰ মাধ্যমত অসমক পুনৰ এবাৰ বিশ্ব প্রেক্ষাপটত গৌৰৱান্বিত কৰিলে বুলি মত প্রকাশ কৰে বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে।

পৰিচালক-প্ৰযোজক ৰাজেন দাসৰ এটি সাক্ষাতকাৰ এই লিংকত উপভোগ কৰিব পাৰিবঃ 

(29) LIFE IN A PUPPET আৰু ৰাজেন দাস… - YouTube

উল্লেখ্য যে আশা বৰদলৈ, দীপান্বিতা দাস, পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা অভিনীত আৰু মীনাক্ষি দাসৰ সহঃ প্রযােজনাত নির্মাণ কৰা ৰাজেন দাস প্রযােজিত পৰিচালিত 'লাইফ ইন এ পাপেটৰ বিশ্বমুখী যাত্রাৰ সফলতাত xukhdukh.com অসমীয়াৰ সুখ-দুখৰ ফালৰ পৰাও অভিনন্দন আৰু শুভকামনা জনাইছো। 

No comments:

Post a Comment