নিৰ্বাচনী বতৰত শিল্পী জুবিন গাৰ্গ আজি নিমাত কিয়?
কল্যাণজ্যোতি চুতীয়া
“Every word has consequences. Every silence, too.”
Jean-Paul Sartre
এইকেইদিন বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতাই ৰাজনীতিৰ পথাৰত ভৰি দি ‘মই সাধাৰণ সাপ নহয়, মই কোব্ৰা’ বুলি কোৱা ফিল্মী বক্তৃতাই প্ৰচাৰ মাধ্যমত তোলপাৰ লগাই আছে। কোৱা বাহুল্য মাথো যে 'মিথুনদা' নামেৰে জনপ্ৰিয় অভিনেতা গৰাকীয়ে বামপন্থী আদৰ্শবাদৰ পৰা আৰম্ভ কৰি জীৱনৰ বিয়লি বেলা দেশৰ সোঁপন্থী আদৰ্শবাদৰ প্ৰবক্তা হৈ পৰাটোৱে স্বাভাৱিকতেই সাধাৰণ জনতাক কৌতুহলী আৰু বিভ্ৰান্ত কৰি তুলিছে।
অভিনয় কিম্বা সংগীত জগতৰ তাৰকা তথা হস্তী আহি ৰাজনৈতিক দিগদৰ্শক আৰু যুগদ্ৰষ্টা হৈ পৰা বহু ঘটনাৰ সাক্ষী হৈছে ভাৰতীয় ৰাজনীতিৰ ইতিহাস। সেয়া লাগিলে দক্ষিণৰ এম জি ৰামাচন্দ্ৰন কিম্বা জয়াললিতাই হওঁক অথবা হিন্দী চিনেমাৰ হেমা মালিনী, শত্ৰুঘ্ন সিনহা। আমাৰ অসমতো গণশিল্পী বিষ্ণু ৰাভাই সংগীত আৰু ৰাজনীতি একেলগে চলাই নিছিল। আজিৰ দিনৰ ৰাজনীতি পথাৰত দপদপাই থকা স্মৃতি ইৰানী , ৰাজ বাব্বৰ , বাবুল সুপ্ৰিয় আদি অলেখ উদাহৰণ শিল্পী-অভিনেতা-অভিনেত্ৰী আৰু আছে । স্বাভাৱিকতেই ব্যক্তি পূজনৰ মানসিকতা আমাৰ সমাজত আগৰ পৰাই চলি আহিছে আৰু আমিবোৰেও অভিনয় বা সংগীত জগতৰ সম্ৰাট সম্ৰাজ্ঞীসকলক অনুকৰণ কৰিয়েই চলা দেখা যায়। তেখেতলোকৰ ৰাজনৈতিক মত-অমতে তেখেতলোকৰ অগনণ অনুৰাগীক প্ৰভাৱিত কৰে। সেয়ে হয়তো প্ৰত্যক্ষ ৰাজনীতিত জড়িত নোহোৱাকৈয়ে তেওঁলোকে কিং মেকাৰ হৈ উঠাটোও অসম্ভৱ নহয়। বহু ক্ষেত্ৰত ক্ৰাউড পুলাৰ হিচাবেও নিৰ্বাচনী সভা আদিত শিল্পী-অভিনেতাৰ তাৰকাখচিত আয়োজন দেখা যায়।
অসমত এতিয়া ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ বতৰ। এইখিনিতে প্ৰাসংগিকতা আহি পৰে, মনত পৰে একালৰ 'সৰৱ শিল্পী' জুবিন গাৰ্গগৈ। বিগত দুটাকৈ দশক ধৰি অসমৰ ডেকা প্ৰজন্মৰ হিয়াৰ আমঠু জুবিনদাৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ আওৰাৰ প্ৰয়োজন নাই। কাঁ আন্দোলনৰ সময়ত তেখেতৰ সক্ৰিয় ভূমিকাই আন্দোলনটোক জীপাল কৰি তুলিছিল বুলি ক’লেও হয়তু অত্যুক্তি নহ’ব। অসমৰ ইমুৰৰ পৰা সিমুৰলৈ এজাক বনজুই হৈ বিয়পি পৰিছিল জুবিনদাৰ কথাবোৰ, আৰু মানুহে সঁহাৰিও দিছিল সেইমতে। ফেন ক্লাৱ, শিল্পী সমাজ আদি শব্দৰ ঢৌ, গীতৰ ঢৌৱে বিধৌত কৰি তুলিছিল অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ মজিয়া। কিন্তু এতিয়া কিছু শিল্পী নিৰৱ-নিতাল, কিছুৱে বতৰ চাই বিয়া পতাত ব্যস্ত!!
শেষত ইথিউপিয়াৰ এসময়ৰ সম্ৰাট সেইলে চেলাছি ( প্ৰথম)ৰ এটা উক্তিৰেই জুবিনদালৈ নিমাতী কইনাৰ ভূমিকা সামৰিবলৈ অনুৰুধ -
“Throughout history, it has been the inaction of those who could have acted, the indifference of those who should have known better, the silence of the voice of justice when it mattered most, that has made it possible for evil to triumph.”
বুৰঞ্জীয়ে পুনৰ কথাবোৰ সোঁৱৰাব, বিশ্লেষণ কৰিব জাতীয় জীৱনৰ সন্ধিক্ষণত শিল্পী সমাজ তথা 'বতৰ চাই' নেতৃত্ব দিয়া শিল্পীৰ এই নিৰৱতাবোৰ। বাদ-বিবাদ অথবা সুবিধাবাদক লৈও সময়ে তুলাচনী পাতিব। শিল্পী নে কেৱল কিছু আবেগত উতলা কৰিবলৈ অহা বতৰীয়া ভাৱৰীয়াহে সেই কথাও জাতিয়ে, জাতীয় জীৱনত যে ভৱিষ্যতে প্ৰশ্ন তুলিব, সেই কথাও কিন্তু নিশ্চিত।
লেখকৰ মোবাইল নম্বৰঃ ৭৮৯৬৯৬২৯৫০
No comments:
Post a Comment