ৰূপালী পৰ্দাঃ দেশে-বিদেশে চলচ্চিত্র মহােৎসৱত "বেলকনিত ভগৱান"ৰ জয়যাত্ৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ দেশে-বিদেশে চলচ্চিত্র মহােৎসৱত "বেলকনিত ভগৱান"ৰ জয়যাত্ৰা

ৰূপালী পৰ্দাঃ দেশে-বিদেশে চলচ্চিত্র মহােৎসৱত "বেলকনিত ভগৱান"ৰ জয়যাত্ৰা

Share This
দেশে-বিদেশে চলচ্চিত্র মহােৎসৱত "বেলকনিত ভগৱান"ৰ জয়যাত্ৰা
অসমীয়া ভাষাত নিৰ্মাণ হোৱা 'বেলকনিত ভগৱান' নামৰ চিনেমাখনে দেশে-বিদেশে চলচ্চিত্ৰ মহােৎসৱ সমূহত ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে বিভিন্ন শিতানত পুৰস্কৃত হোৱাৰ ভাল খবৰ লাভ কৰা হৈছে।শেহতীয়াকৈ ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত পৰিচালক বিশ্বজিৎ বৰাই ‘বেলকনিত ভগৱান’ চলচ্চিত্ৰখনৰ বাবেই "শ্রেষ্ঠ পৰিচালকৰ বঁটা" অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
বেলকনিত ভগৱান....
ৰাষ্ট্রীয় পর্যায়ত আন এক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰজত কমল প্রাপক প্রযােজক নুৰুল চুলতানে মাইনা প্রডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা চিনেমাখনে। অহা ১১ মাৰ্চৰ পৰা ১৮ মার্চলৈকে অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক পুনে আন্তঃৰাষ্টীয় চলচ্চিত্র মহােৎসৱত ‘বেলকনিত ভগৱানৰ দুটা প্রদর্শনী অনুষ্ঠিত হ’ব। 

একেখন আয়ােজক সমিতিয়ে অহা ২০ মার্চৰ পৰা ২৫ মার্চলৈ মুম্বাইত আয়ােজন কৰা ১১ সংখ্যক "যশােৱন্ত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱলৈও ‘বেলকনিত ভগৱান’-এ আমন্ত্রণ লভিছে। দেশ-বিদেশৰ কুৰিখনতকৈও অধিক মহােৎসৱলৈ আমন্ত্রণ লভা ছবিখন অহা ২১ৰ পৰা ২৪ মার্চলৈ যােধপুৰ আৰু জয়পুৰত অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱলৈও ‘বেলকনিত ভগৱান’ প্রতিযােগিতা শাখাত প্রদর্শনৰ বাবে নির্বাচিত হৈছে। তিনিওখন মহােৎসৱত পৰিচালক, প্রযােজকক উপস্থিত থাকিবলৈ নিমন্ত্রণ জনাইছে।
অফিচিয়েল পোষ্টাৰ
এই চিনেমাখনত হৰিশ খান্না, প্ৰণামী বা, পৰিনন্ধি জিমা চুলতানা, ৰাজীৱ ক্ৰ, অৰুণ হাজৰিকাকে ধৰি ভিন্ন কলা-কুশলীয়ে অভিনয় কৰিছে। উল্লেখযােগ্য যে ১৯ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় মহােৎসৱ আৰু ২৫ সংখ্যক কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহােৎসৱত দেশ-বিদেশৰ চিনে সমালােচক বিশেষ দৃষ্টি আকর্ষণ কৰা ছবিখন অহা মে’ মাহত স্পেইনৰ মাদ্রিদত প্রদর্শনৰ বাবেও আমন্ত্রিত হৈছে। অসমীয়া চিনেমাৰ এই ধ্বজ-বহন কৰি সফলতা লভা চিনেমাখনৰ প্ৰযোজক-পৰিচালক তথা সকলো কলা-কুশলীলৈ 'অসমীয়াৰ সুখ-দুখ'ৰ তৰফৰ পৰাও জ্ঞাপন কৰিছো আন্তৰিক অভিনন্দন।

চিনেমাখনৰ ট্ৰেইলাৰ তলৰ ভিডিঅ'ত চাব পাৰিবঃ 

No comments:

Post a Comment