ভাল খবৰঃ ভাৰতৰ শীৰ্ষ ১০০ প্ৰভাৱশালী ব্যক্তি-২০২১ ৰ তালিকাত একমাত্ৰ অসমীয়া ড° হিমন্ত বিশ্ব শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ভাৰতৰ শীৰ্ষ ১০০ প্ৰভাৱশালী ব্যক্তি-২০২১ ৰ তালিকাত একমাত্ৰ অসমীয়া ড° হিমন্ত বিশ্ব শৰ্মা

ভাল খবৰঃ ভাৰতৰ শীৰ্ষ ১০০ প্ৰভাৱশালী ব্যক্তি-২০২১ ৰ তালিকাত একমাত্ৰ অসমীয়া ড° হিমন্ত বিশ্ব শৰ্মা

Share This

INDIAN EXPRESS 2021 100 POWERFUL INFLUENCIAL PERSONS OF INDIA, ভাৰতৰ এশ প্ৰভাৱশালী ব্যক্তি, HIMANTA BISWA, হিমন্ত বিশ্ব

ভাৰতৰ শীৰ্ষ ১০০ প্ৰভাৱশালী ব্যক্তি-২০২১ ৰ তালিকাত একমাত্ৰ অসমীয়া ড° হিমন্ত বিশ্ব শৰ্মা

ভাৰতৰ অন্যতম সন্মানীয় ৰাষ্ট্ৰীয় কাকত  ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে 2021 বৰ্ষৰ বাবে ঘোষণা কৰিলে IE 100 2021: The List of Most Powerful Indians ৰ তালিকা। এই তালিকাত একমাত্ৰ  অসমীয়া হিচাবে ৬০তম স্থানত নাম জিলিকি উঠিছে অসম বিত্তমন্ত্ৰী তথা বিজেপিৰ উত্তৰ-পূৱৰ সমন্বয়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম। উল্লেখযোগ্য যে, উত্তৰ-পূৱৰ পৰা এই তালিকাত একমাত্ৰ তেখেতৰেই নামে স্থান পাইছে।

INDIAN EXPRESS 2021 100 POWERFUL INFLUENCIAL PERSONS OF INDIA, ভাৰতৰ এশ প্ৰভাৱশালী ব্যক্তি, HIMANTA BISWA, হিমন্ত বিশ্ব

এই বৰ্ষত কৰ'না মহামাৰীৰ বিপক্ষে হোৱা যুঁজত লোৱা ভূমিকাৰ বাবে স্বাস্থ্য খণ্ডৰ আমোলা, প্ৰতিষেধক প্ৰতিষ্ঠান আদিৰ নামো পোন প্ৰথম বাৰৰ বাবে বিবেচনালৈ অনা বুলি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে প্ৰকাশ কৰিছে। বহু ব্যক্তিৰেই  ৰেংকিং বিগত বৰ্ষতকৈ তললৈ নামিছে, বহুতৰ আকৌ স্থান উৰ্ধমুখীও হৈছে। শীৰ্ষ স্থান লভা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় স্থানত থকা গৃহমন্ত্ৰী অমিত শাহৰ ৰেংক একে আছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ স্থান পূৰ্বৰ চতুৰ্থৰ পৰা এইবাৰ তৃতীয় স্থানলৈ উন্নীত হৈছে। বিজেপিৰ সভাপতি জে.পি. নড্ডা বিগত বৰ্ষৰ দশম স্থানৰ পৰা এইবাৰ চতুৰ্থ স্থানলৈ আহিছে। তাৰ পাছতে স্থান লভা ৰিলায়েঞ্চৰ মুৰব্বী মুকেশ আম্বানীয়ে পঞ্চম স্থান অক্ষুন্ন ৰাখিছে। লক্ষণীয় যে তেওঁৰ ভাতৃ অনিল আম্বানীয়ে এই তালিকাত স্থানেই পোৱা নাই। 


প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ষষ্ঠ স্থান অক্ষুন্ন ৰাখিছে।  সপ্তম স্থানত আছে নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। অষ্টম স্থানত উপবিষ্ট হৈছে পথ পৰিবহ মন্ত্ৰী নিতিন গাদকাৰী। বিগত বৰ্ষৰ অষ্টমৰ পৰা নৱম স্থানলৈ অৱনমন ঘটিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ। তাৰ বিপৰীতে  উদ্যোগপতি গৌতম আদানীৰ স্থান ২৮তমৰ পৰা একেবাৰতে উন্নীত হৈ শীৰ্ষ দহৰ ভিতৰত দশম স্থানত উপবিষ্ট হবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ৰেংক ২০১৯ত ১৭তম আছিল যদিও এইবাৰ ৩৪ তম স্থানলৈ অৱনমিত হৈছে। 

এই তালিকাত স্থান লভা আন দহজন হৈছে স্থানাংক ক্ৰমে-

১১. ৰবিশংকৰ প্ৰসাদ, কেন্দ্ৰীয় আইন মন্ত্ৰী

১২. সুব্ৰমণিয়ম জয়শংকৰ, কেন্দ্ৰীয় বিদেশ মন্ত্ৰী

১৩. যোগী আদিত্য নাথ, মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশ

১৪. উদ্ধৱ থাকৰে, মুখ্যমন্ত্ৰী, মহাৰাষ্ট্ৰ
১৫. অমৰিন্দৰ সিং, মুখ্যমন্ত্ৰী, পাঞ্জাৱ

১৬. বি এল সন্তোষ. বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক।

১৭. পিয়ুষ গোৱেল, কেন্দ্ৰীয় ৰেল মন্ত্ৰী

১৮. শাৰদ পাৱাৰ, সভাপতি, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
১৯. জেনেৰেল এম এম নাৰাৱানে, ইণ্ডিয়ান আৰ্মী চীফ

২০. পি কে মিশ্ৰ, প্ৰধানমন্ত্ৰীৰ মুখ্য-সচিব।


নতুনকৈ মুখ্য-ন্যায়াধীশৰ দায়িত্ব লব লগা এন.ভি. ৰামানাই স্থান পাইছে ২১তম। কেৰেলাৰ মুখ্যমন্ত্ৰী বৰ্ষীয়ান পিনিয়েৰী বিজয়নে লা কৰিছে ২৪তম স্থান। অৰবিন্দ কেজৰীৱালৰ স্থান ৫১তমৰ পৰা উন্নীত হৈ এইবাৰ ২৭ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য-সচিব ৰাজেশ ভূষণক ৩৫ আৰু এইমচৰ মুৰব্বী ডাঃ ৰনদীপ গুলেৰীয়াক দিয়া হৈছে ৩৬তম স্থান। নিজৰ দলৰ মুখ্যমন্ত্ৰীতকৈ তলত স্থান লভিছে ৰাহুল গান্ধীয়ে, তেখেতৰ স্থান পূৰ্বৰ ২৫ৰ পৰা অৱনমন হৈ ৩৯ পাইছেগৈ। এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ নিৰ্দেশৰ সঞ্জয় মিশ্ৰক 'নতুন -চিবিআই' ৰ ৰূপ ধাৰণ কৰাৰ বাবে ৪০তম স্থান দিয়া হৈছে। প্ৰিয়ংকা গান্ধীয়ে লাভ কৰিছে ৪১ তম স্থান। 


উল্লেখযোগ্য যে অমিত শাহৰ পুত্ৰ তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ্ল বৰ্ডৰ সম্পাদক পদত আসীন জয় শাহক ইণ্ডিয়ান এক্সপ্ৰেছে চিনাক্ত কৰিছে দেশৰ ৫৯তম স্থানৰ প্ৰভাৱশালী ব্যক্তি স্বৰূপে। জয় শাহ এছিয়ান ক্ৰিকেট কাউন্সিলৰো সভাপতি। তেওঁৰ নেতৃত্বতে নৰেন্দ্ৰ মোদীৰ নামত আহমেদাবাদৰ মটেৰাত বিশ্বৰ সৰ্ব-বিশাল ক্ৰিকেট ষ্টেডিয়ামৰ নামাকৰণ কৰা হয়।

ভাৰতৰ এশ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকা সম্পূৰ্ণকৈ পাবৰ বাবে তলৰ এই সূত্ৰ ক্লিক কৰকঃ

 IE-100 2021 by INDIAN EXPRESS

তাৰ পাছতে একমাত্ৰ অসমীয়া ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্থান পাবলৈ সক্ষম নোহোৱা দেশৰ প্ৰথম ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত শৰ্মাৰ নাম অন্তভুৰ্ক্তিৰ কাৰণ হিচাবে উল্লেখ আছে যে, তেওঁ উত্তৰ পূৱত বিজেপিৰ 'সমস্যা-সমাধানকাৰী'। উত্তৰ-পূৱৰ সাতখন ৰাজ্যৰ ভিতৰত ছখন ৰাজ্যতে বিজেপি নেতৃত্বাধীন চৰকাৰ থকা অৱস্থানত উত্তৰ-পূৱৰ সমন্বয়কৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ সেয়ে সোনোৱালতকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টিত বেছি। তেখেতক অসম চৰকাৰৰ 'FACE' বুলিও উল্লেখ কৰাক লগতে কা-২০১৯ আৰু বৰ্তমানৰ বিধান সভাৰ নিৰ্বাচনত লোৱা নিৰ্ণায়ক (Crucial) ভূমিকাৰ কথাও উল্লেখ কৰিছে। যদি বিজেপি জিকে, তেন্তে এইবাৰ তেওঁক মুখ্যমন্ত্ৰী পাতেনে, নে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীৰ দায়িত্ব দিয়ে সেয়াও লক্ষণীয় হব বুলিও প্ৰকাশ পাইছে। লগতে 'মামা' নামেৰে চ'ছিয়েল মেডিয়া তথা মেমে, কাৰ্টুনত জনপ্ৰিয়তা লভাৰ বিষয়েও এই প্ৰতিবদেনতে প্ৰকাশ পাইছে। 
INDIAN EXPRESS 2021 100 POWERFUL INFLUENCIAL PERSONS OF INDIA, ভাৰতৰ এশ প্ৰভাৱশালী ব্যক্তি, HIMANTA BISWA, হিমন্ত বিশ্ব
ইণ্ডিয়ান এক্সপ্ৰেছত ডঃ হিমন্ত বিশ্ব শৰ্মা

No comments:

Post a Comment